ডাইনী - ভূতৰ গল্প
(লিখক : অপূৰ্ব দাস)
অন্ধকাৰে আৱৰি ধৰা এখন অতি সাধাৰণ আৰু ভিতৰুৱা গাওঁ। গাওঁখনৰ নাম আছিল শান্তিপুৰ। কিন্তু নামটোৰ বিপৰীতে গাওঁখনত বিগত কেইটামান বছৰ ধৰি কোনো ধৰণৰ শান্তি নাছিল। গোটেই গাওঁখনতে কেৱল এক অনামী ভয়, আতংক আৰু ফুচফুচনিৰ ম্লান পৰিৱেশ বিৰাজ কৰিছিল।
সূৰ্য্য অস্ত যোৱাৰ লগে লগে গাওঁখনৰ মানুহে নিজৰ ঘৰৰ দুৱাৰ-খিৰিকী কটকটীয়াকৈ বন্ধ কৰি লৈছিল। কোনেও সাহস কৰা নাছিল ৰাতিৰ অন্ধকাৰত ঘৰৰ চোতাললৈ ওলাই আহিবলৈ। এই সকলোবোৰ ভয় আৰু আতংকৰ একমাত্ৰ কাৰণ আছিল গাওঁৰেই এজনী সাধাৰণ ছোৱালী, যাৰ নাম আছিল মিনতি। গাওঁৰ প্ৰতিজন মানুহৰ মনত দৃঢ় বিশ্বাস আছিল যে মিনতি কোনো সাধাৰণ মানুহ নহয়, তাই এজনী ভয়ংকৰ ডাইনী। তাইৰ নাম শুনিলেই সৰু ল'ৰা-ছোৱালীয়ে ভয়ত মাকৰ আঁচলৰ তলত লুকাইছিল আৰু বয়সীয়াল মানুহে ভগৱানৰ নাম লৈছিল। কিন্তু আটাইতকৈ আচৰিত কথাটো আছিল যে মিনতিয়ে নিজে এই সকলোবোৰ কথাৰ বিন্দু মাত্ৰও গম পোৱা নাছিল।
দিনৰ পোহৰত মিনতিক দেখিলে কোনেও কল্পনাও কৰিব নোৱাৰিব যে এইজনী ছোৱালীক লৈ গাওঁত ইমান আতংক। তাই দেখিবলৈ বৰ ধুনীয়া, শান্ত, অমায়িক আৰু মৰমিয়াল আছিল। গোটেই দিনটো তাই ঘৰৰ কাম-বন কৰে, মাক-দেউতাকক সহায় কৰে, হাঁহি-মাতি কথা পাতে। তাইৰ চকু দুটাত আছিল এক গভীৰ নিৰাপত্তাহীনতা আৰু সৰলতা। তাইৰ মাতটো আছিল বৰ মিঠা। দিনৰ ভাগত তাইৰ ব্যৱহাৰত কোনো ধৰণৰ অস্বাভাৱিকতা কোনেও কেতিয়াও ধৰিব পৰা নাছিল। তাই নিজে আচৰিত হৈছিল যেতিয়া গাওঁৰ মানুহে তাইক দেখিলে আঁতৰি গৈছিল, তাইৰ লগত কথা পাতিবলৈ সংকোচ কৰিছিল বা দূৰৰ পৰাই তাইলৈ ভয় আৰু ঘৃণাৰ দৃষ্টিৰে চাইছিল। তাই নিৰলে কান্দিছিল আৰু নিজৰ ভাগ্যক ধিয়াইছিল, কিয় মানুহে তাইক ইমান বেয়া পায় সেয়া ভাবি তাইৰ কোমল মনটোৱে কোনো উত্তৰ বিচাৰি পোৱা নাছিল।
কিন্তু দিনৰ পোহৰ শেষ হৈ যেতিয়া ৰাতিৰ গভীৰ অন্ধকাৰ নামি আহে, তেতিয়া মিনতিৰ জীৱনলৈ নামি আহে এক ভয়ংকৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ বিষয়ে তাইৰ নিজৰেই কোনো ধাৰণা নাছিল। নিশা যেতিয়া গোটেই পৃথিৱী গভীৰ নিদ্ৰাত মগ্ন হয়, মিনতিও নিজৰ বিচনাত শুই পৰে। কিন্তু মাজৰাতি হঠাৎ তাইৰ নিদ্ৰামগ্ন শৰীৰত এক অস্বাভাৱিক প্ৰতিক্ৰিয়া আৰম্ভ হয়। প্ৰথমতে তাইৰ শৰীৰটোৱে প্ৰচণ্ডভাৱে কঁপিবলৈ ধৰে, তাৰ পিছত তাইৰ চকু দুটা লাহে লাহে খোল খায়। কিন্তু সেই চকু দুটা মিনতিৰ সাধাৰণ চকু হৈ নাথাকে। চকুৰ মণি দুটা সম্পূৰ্ণ বগা হৈ পৰে আৰু তাৰ পৰা এক ভয়ংকৰ, ক্ৰুৰ দৃষ্টি নিগৰি আহে। প্ৰকৃততে সেই সময়ত তাইৰ শৰীৰত এটা অদৃশ্য, অশুভ প্ৰেতাত্মাই প্ৰৱেশ কৰে।
প্ৰেতাত্মাটোৱে তাইৰ নিৰীহ শৰীৰটো নিজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ লৈ যায়। তাইৰ মুখমণ্ডলৰ আকৃতিত এক নিষ্ঠুৰ আৰু ভয়ংকৰ ভাৱ ফুটি উঠে, যিটো দেখিলে যিকোনো মানুহৰ বুকু কঁপি উঠিব।
প্ৰেতাত্মাৰ নিয়ন্ত্ৰণত থকা মিনতিয়ে বিচনাৰ পৰা উঠি যন্ত্ৰচালিত মানুহৰ দৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰে। তাইৰ খোজত কোনো শব্দ নহয়। ঘৰৰ দৰ্জা খুলি তাই বাহিৰলৈ ওলাই আহে আৰু পোনে পোনে গাওঁৰ সিপাৰে থকা ডাঠ, অন্ধকাৰ জংগলখনৰ ফালে খোজ লয়। সেই জংগলখন ইমানেই ডাঠ আৰু ভয়ংকৰ আছিল যে দিনৰ পোহৰতো তালৈ যাবলৈ মানুহে ভয় কৰিছিল। কিন্তু নিশাৰ সেই অন্ধকাৰত মিনতিয়ে কোনো ভয় নোহোৱাকৈ, কোনো বাধা নোহোৱাকৈ জংগলৰ গভীৰলৈ সোমাই যায়। জংগলৰ ঠিক মাজভাগত এটা বহু পুৰণি, জৰাজীৰ্ণ আৰু পৰিত্যক্ত কালি মন্দিৰ আছিল। মন্দিৰটো গছ-লতাৰে আৱৰি আছিল আৰু তাৰ পৰিৱেশ আছিল অত্যন্ত গধুৰ আৰু ভয়লগা। প্ৰতিদিনে ৰাতি মিনতি খোজ কাঢ়ি গৈ সেই মন্দিৰটোত উপস্থিত হয়।
মন্দিৰৰ বেদীৰ সন্মুখত গৈ তাই থিয় হয় আৰু তাৰ পিছত এক অদ্ভুত, অমানৱীয় মাতেৰে কিবা অবোধ্য মন্ত্ৰ জপ কৰিবলৈ আৰম্ভ কৰে। তাইৰ মাতটো ইমানেই কৰ্কশ আৰু ভয়ংকৰ হৈ পৰে যে সেয়া শুনিলে গছৰ পাতো সৰি পৰিব যেন লাগে। তাইৰ মন্ত্ৰোচ্চাৰণৰ লগে লগে মন্দিৰৰ চৌপাশৰ পৰিৱেশ অধিক ভয়ংকৰ হৈ পৰে, বতাহৰ সোঁ সোঁ শব্দ বাঢ়ি যায় আৰু জংগলৰ জীৱ-জন্তুবোৰেও ভয়ত চিঞৰিবলৈ পাহৰি যায়। এই সময়খিনিত মিনতিৰ কোনো মানৱীয় অনুভূতি নাথাকে, তাই কেৱল এক ধ্বংসাত্মক আৰু অশুভ শক্তিৰ আধাৰ হৈ পৰে।
গাওঁৰ মানুহৰ মাজত লাহে লাহে এই কথা বিয়পি পৰিছিল যে মিনতি ৰাতি ৰাতি জংগললৈ যায়। প্ৰথম অৱস্থাত কিছুমান মানুহে এই কথাবোৰ বিশ্বাস কৰা নাছিল। তেওঁলোকে ভাবিছিল এয়া কেৱল উৰাবাতৰি। সেয়েহে এদিন গাওঁৰ কেইজনমান সাহসী আৰু কৌতূহলী ডেকাই সিদ্ধান্ত ল'লে যে সিহঁতে ৰাতি মিনতিৰ পিছে পিছে যাব আৰু আচল সত্যটো নিজ চকুৰে চাব। নিৰ্ধাৰিত নিশা তেওঁলোকে মিনতিৰ ঘৰৰ ওচৰত লুকাই থাকিল। মাজৰাতি যেতিয়া মিনতি ওলাই আহিল, তেওঁলোকেও সন্তৰ্পণে তাইৰ পিছে পিছে খোজ ল'লে। জংগলৰ গভীৰতাত সোমাই যোৱা মিনতিক দেখি সিহঁতৰ বুকুতো ভয়ৰ সঞ্চাৰ হৈছিল, কিন্তু কৌতূহলৰ তাড়নাত সিহঁতে তাইক অনুসৰণ কৰি কালি মন্দিৰটো পালেগৈ।
মন্দিৰৰ চৌহদত লুকাই থাকি সিহঁতে দেখিলে সেই ভয়ংকৰ দৃশ্য। মিনতিয়ে মন্ত্ৰ জপ কৰি আছে আৰু তাইৰ চেহেৰা সম্পূৰ্ণ সলনি হৈ গৈছে। হঠাৎ মিনতিয়ে মন্ত্ৰ জপ কৰা বন্ধ কৰিলে। তাইৰ ভিতৰত থকা প্ৰেতাত্মাটোৱে কোনো মানুহৰ উপস্থিতিৰ গোন্ধ পাইছিল। তাই ঘূৰি চালে আৰু আন্ধাৰৰ মাজতো লুকাই থকা ডেকাসকলক স্পষ্টকৈ দেখা পালে।
তাইৰ মুখত এক পিশাচৰ হাঁহি বিৰিঙি উঠিল। ডেকাসকলে ভয়ত পলাবলৈ চেষ্টা কৰাৰ আগতেই এক অতি আচৰিত আৰু লোমহৰ্ষক ঘটনা ঘটিল। মিনতিয়ে নিজৰ হাত দুখন সিহঁতৰ ফালে আগবঢ়াই দিলে আৰু চকুৰ পলকতে তাইৰ হাত দুখন অস্বাভাৱিকভাৱে দীঘল হ'বলৈ ধৰিলে। এডাল দীঘল ৰছীৰ দৰে তাইৰ হাত দুখনে গৈ পলাবলৈ চেষ্টা কৰা ডেকাসকলক মেৰিয়াই ধৰিলে।
তাইৰ নখবোৰ তীক্ষ্ণ আৰু বৰশীৰ দৰে বেঁকা হৈ পৰিছিল। সেই নখবোৰ ডেকাসকলৰ মাংসত সোমাই গ'ল। সিহঁতে যন্ত্ৰণাত চিঞৰিবলৈ ধৰিলে, কিন্তু সেই নিৰ্জন জংগলত সিহঁতৰ চিঞৰ কোনেও শুনিবলৈ নাপালে। মিনতিয়ে হাত দুখন কোঁচাই আনি সিহঁতক নিজৰ ওচৰলৈ টানি আনিলে। তাৰ পিছত কোনো ক্ৰুৰ জন্তুৰ দৰে তাই সিহঁতৰ ডিঙিত কামোৰ বহুৱাই দিলে আৰু তেজ পান কৰিবলৈ আৰম্ভ কৰিলে। সিহঁতৰ জীৱন বায়ু নিমিষতে শেষ হৈ গ'ল। তেজ পান কৰাৰ পিছত মিনতিয়ে মৃতদেহবোৰ জংগলৰ মাজলৈ দলিয়াই দিলে। এই ঘটনাৰ পিছত যেতিয়া ডেকাসকলৰ মৃতদেহ উদ্ধাৰ হ'ল, তেতিয়াৰ পৰা গাওঁৰ মানুহৰ সন্দেহ বিশ্বাসলৈ ৰূপান্তৰিত হ'ল। সকলোৱে নিশ্চিত হ'ল যে মিনতি এজনী ৰক্তপিপাসু ডাইনী। তাৰ পিছৰ পৰা কোনেও তাইৰ ওচৰলৈ যোৱাৰ সাহস নকৰা হ'ল।
এনেদৰেই সময় বাগৰি গৈ থাকিল। মিনতিৰ বয়স বাঢ়ি আহিল আৰু তাই এজনী পূৰ্ণ গাভৰুত পৰিণত হ'ল। তাইৰ সৌন্দৰ্য্য আছিল অনন্য, কিন্তু তাইৰ লগত সাঙোৰ খাই থকা কলংকৰ বাবে কোনো ল'ৰাই তাইক বিয়া কৰাবলৈ আগবাঢ়ি অহা নাছিল। অৱশ্যে, প্ৰতিটো অন্ধকাৰৰ মাজতো যেনেকৈ পোহৰৰ ৰেঙনি থাকে, তেনেকৈ মিনতিৰ জীৱনলৈকো এজন মানুহ আহিল। তেওঁৰ নাম আছিল ৰঞ্জন। ৰঞ্জন আছিল ওচৰৰ গাওঁৰ এজন সুঠাম আৰু সাহসী যুৱক। ৰঞ্জনে মিনতিক দিনৰ ভাগত দেখিছিল আৰু তাইৰ সৰলতা আৰু সৌন্দৰ্য্যত মোহিত হৈছিল। গাওঁৰ মানুহে ৰঞ্জনক মিনতিৰ বিষয়ে সকলো ভয়ংকৰ কথা কৈছিল, তাইক ডাইনী বুলি সতৰ্ক কৰি দিছিল। কিন্তু ৰঞ্জনে সেইবোৰ কথাত গুৰুত্ব নিদিলে। তেওঁৰ মনত দৃঢ় বিশ্বাস আছিল যে ইমান নিৰীহ আৰু শান্ত ছোৱালী এজনী কেতিয়াও ডাইনী হ'ব নোৱাৰে। ৰঞ্জনে ভাবিছিল এয়া কেৱল গাওঁৰ মানুহৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ।
ৰঞ্জনে মিনতিৰ মাক-দেউতাকৰ ওচৰত বিয়াৰ প্ৰস্তাৱ দিলে। মাক-দেউতাকে কান্দি কান্দি ৰঞ্জনক বাধা দিলে, নিজৰ ছোৱালীৰ দুৰ্ভাগ্যৰ কথা ক'লে, কিন্তু ৰঞ্জন আছিল নিজৰ সিদ্ধান্তত অটল। অৱশেষত সমাজৰ সকলো বাধা আৰু ককৰ্থনা নেওচি ৰঞ্জনে মিনতিক বিয়া কৰাই নিজৰ ঘৰলৈ লৈ গ'ল। বিয়াৰ পিছৰ প্ৰথম কেইদিনমান মিনতিৰ জীৱনলৈ যেন স্বৰ্গ নামি আহিল। ৰঞ্জনৰ অপাৰ মৰম আৰু আদৰে তাইৰ মনৰ পৰা সকলো দুখ পাহৰাই পেলাইছিল। তাই ভাবিছিল অৱশেষত তাই এখন নিজৰ সংসাৰ পালে, য'ত তাইক কোনেও ভয় বা ঘৃণা নকৰে। দিনৰ ভাগত তেওঁলোকৰ সংসাৰখন আছিল সুখৰ আধাৰ। মিনতিয়ে ৰঞ্জনৰ প্ৰতিটো কথাৰ যত্ন লৈছিল আৰু ৰঞ্জনেও তাইক প্ৰাণভৰি ভাল পাইছিল।
কিন্তু এই সুখ বেছি দিনলৈ স্থায়ী নহ'ল। বিয়াৰ এসপ্তাহমান পিছৰ কথা। এদিন ৰাতি হঠাৎ ৰঞ্জনে সাৰ পালে। তেওঁ হাতখন বঢ়াই দিলে মিনতিক সাৱটি ধৰিবলৈ, কিন্তু বিচনাখন খালী আছিল। ৰঞ্জন আচৰিত হ'ল। ইমান ৰাতি তাই কলৈ যাব পাৰে! তেওঁ ভাবিলে হয়তো প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ গৈছে। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো যেতিয়া মিনতি ঘূৰি নাহিল, ৰঞ্জনৰ মনত এক অচিন ভয়ে বাহ ল'লে। তেওঁৰ মনলৈ গাওঁৰ মানুহে কোৱা কথাবোৰ ঘূৰি আহিবলৈ ধৰিলে। ৰঞ্জনে লগে লগে বিচনাৰ পৰা উঠি হাতত এটা টৰ্চলাইট লৈ বাহিৰলৈ ওলাই আহিল। বাহিৰত তেতিয়া নিস্তব্ধ নিশা। তেওঁ চোতালত মিনতিক নেদেখিলে। ঘৰৰ মূল গেটখন খোলা আছিল। ৰঞ্জনে গেটৰ বাহিৰলৈ ওলাই আহি মাটিত কিছুমান সতেজ খোজৰ চিন দেখা পালে, যিবোৰ জংগলৰ ফালে গৈছিল।
ৰঞ্জনৰ বুকুখন চিৰিংকৈ গ'ল। তেওঁ কোনোমতে সাহস গোটাই খোজৰ চিনবোৰ অনুসৰণ কৰি জংগলৰ ফালে আগবাঢ়িল। জংগলৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে পৰিৱেশটো গধুৰ হৈ পৰিছিল। কিছুদূৰ যোৱাৰ পিছত তেওঁ জংগলৰ মাজৰ সেই পুৰণি কালি মন্দিৰটো দেখা পালে। মন্দিৰৰ বেদীৰ সন্মুখত থিয় হৈ আছিল তেওঁৰ মৰমৰ পত্নী মিনতি। কিন্তু এইজনী যেন তেওঁৰ মিনতি নাছিল। তাইৰ চুলিবোৰ অবিন্যস্তভাৱে উৰি আছিল, মুখমণ্ডলত আছিল এক ভয়ংকৰ আৰু অচিনাকি ক্ৰূৰতা, আৰু তাই অদ্ভুত মাতেৰে মন্ত্ৰ জপ কৰি আছিল। ৰঞ্জনে গছ এডালৰ আঁৰত লুকাই এই সমগ্ৰ দৃশ্য নিৰ্বাক হৈ চাই থাকিল। তেওঁৰ নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। গাওঁৰ মানুহৰ কথাবোৰ তেন্তে সঁচা আছিল! তেওঁৰ মৰমৰ পত্নীৰ শৰীৰত এইটো কিহৰ বাস! ৰঞ্জনে বুজি পালে যে মিনতি নিজে একো নাজানে, তাইৰ শৰীৰটো কোনো অশুভ শক্তিয়ে ব্যৱহাৰ কৰি আছে। সেইদিনা ৰাতি ৰঞ্জনে মনে মনে ঘৰলৈ ঘূৰি আহিল, কিন্তু গোটেই ৰাতি তেওঁৰ চকুৰ পতা এক নহ'ল।
পিছদিনা ৰাতিপুৱা মিনতিয়ে একো নজনাৰ দৰে সাধাৰণভাৱে কাম-বন কৰি আছিল। ৰঞ্জনে তাইক একো নুসুধিলে, কাৰণ তেওঁ বুজিছিল যে তাই সঁচাকৈয়ে একো নাজানে। ৰঞ্জনে সিদ্ধান্ত ল'লে যে তেওঁ মিনতিক এই অভিশাপৰ পৰা মুক্ত কৰিবই লাগিব। তেওঁ বহুত ভাবি-চিন্তি ওচৰৰ পাহাৰত থকা এজন প্ৰসিদ্ধ আৰু শক্তিশালী তান্ত্ৰিকৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। এই তান্ত্ৰিকজন তেওঁৰ অলৌকিক শক্তি আৰু ভূত-প্ৰেত খেদোৱাৰ ক্ষমতাৰ বাবে গোটেই অঞ্চলটোতে জনাজাত আছিল। ৰঞ্জনে লগে লগে পাহাৰলৈ যাত্ৰা কৰিলে আৰু তান্ত্ৰিকৰ আশ্ৰমত উপস্থিত হ'ল। আশ্ৰমৰ পৰিৱেশটোৱেই আছিল ৰহস্যময়। তান্ত্ৰিকজনে চকু মুদি ধ্যান কৰি আছিল। ৰঞ্জনে গৈ তেওঁৰ ভৰিত পৰি কান্দি কান্দি মিনতিৰ সমগ্ৰ বৰ্ণনা দিলে আৰু তাইক ৰক্ষা কৰিবলৈ অনুৰোধ কৰিলে।
তান্ত্ৰিকজনে ধ্যান ভাঙি চকু মেলিলে। তেওঁৰ চকু দুটাত আছিল এক গভীৰ প্ৰশান্তি আৰু তীক্ষ্ণ দৃষ্টি। তেওঁ ৰঞ্জনৰ সকলো কথা মনোযোগেৰে শুনিলে আৰু কিছু সময় নীৰৱে কিবা হিচাপ কৰিলে। তাৰ পিছত তেওঁ গম্ভীৰ মাতেৰে ক'লে, "তোমাৰ পত্নী ডাইনী নহয়। তাইৰ শৰীৰত এটা অতি পুৰণি আৰু শক্তিশালী প্ৰেতাত্মাই আশ্ৰয় লৈছে। এই প্ৰেতাত্মাটোৱে তাইৰ নিৰীহতাৰ সুযোগ লৈ তাইৰ জৰিয়তে নিজৰ অপূৰ্ণ বাসনা আৰু ৰক্তপিপাসা চৰিতাৰ্থ কৰি আছে। ইয়াক শৰীৰৰ পৰা উলিয়াই পেলোৱাটো ইমান সহজ নহ'ব, কিন্তু মই চেষ্টা কৰিম। তুমি ভয় নকৰিবা।" এই বুলি কৈ তান্ত্ৰিকজনে নিজৰ জোলোঙাৰ পৰা এটা বিশেষভাৱে প্ৰস্তুত কৰা মন্ত্ৰপূত তাবিজ উলিয়াই ৰঞ্জনৰ হাতত দিলে। "এই তাবিজটো তুমি পিন্ধি ল'বা। ই তোমাক প্ৰেতাত্মাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। আজি ৰাতি মই তোমাৰ লগত সেই কালি মন্দিৰলৈ যাম। তাত যি ঘটিব, তুমি কেৱল চাই থাকিবা, কোনো কাৰণতে ভয় নাখাবা।"
ৰঞ্জনৰ মনত কিছু আশাৰ সঞ্চাৰ হ'ল। তেওঁ তাবিজটো ডিঙিত পিন্ধি ল'লে। সেইদিনা ৰাতি আছিল এক ভয়ংকৰ অমাৱস্যাৰ নিশা। চাৰিওফালে ডাঠ অন্ধকাৰ। পৰিকল্পনা অনুসৰি মাজৰাতি ৰঞ্জন আৰু তান্ত্ৰিক গৈ জংগলৰ সেই কালি মন্দিৰৰ ওচৰত উপস্থিত হ'ল আৰু এডাল ডাঙৰ গছৰ আঁৰত লুকাই থাকিল। কিছু সময়ৰ পিছতেই নিৰৱতা ফালি মিনতিৰ আগমন ঘটিল। তাইৰ খোজবোৰ আছিল যন্ত্ৰচালিত। তাই বেদীৰ ওচৰলৈ গৈ আগৰ দৰেই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আৰু মন্ত্ৰ জপ কৰিবলৈ ধৰিলে। তাইৰ চকুৰ পৰা যেন জুইৰ ফিৰিঙতিহে ওলাইছিল।
তান্ত্ৰিকে বুজি পালে যে এয়াই সঠিক সময়। তেওঁ গছৰ আঁৰৰ পৰা ওলাই আহি পোনপটীয়াকৈ মিনতিৰ সন্মুখত থিয় হ'ল। ৰঞ্জনো তেওঁৰ পিছে পিছে ওলাই আহিল। হঠাৎ মানুহৰ উপস্থিতি দেখি মিনতিৰ মন্ত্ৰপাঠ বন্ধ হ'ল। তাইৰ ভিতৰত থকা প্ৰেতাত্মাটোৱে তান্ত্ৰিক আৰু ৰঞ্জনক দেখি ক্ৰোধত উন্মত্ত হৈ পৰিল। তাইৰ মুখৰ পৰা এক ভয়ংকৰ গৰ্জন ওলাই আহিল, যিটো গৰ্জনত গোটেই জংগলখন কঁপি উঠিল। তাইৰ চকু দুটা তেজৰ দৰে ৰঙা হৈ পৰিল আৰু তাই আক্ৰমণ কৰিবলৈ নিজৰ নখ দীঘল হাত দুখন তান্ত্ৰিক আৰু ৰঞ্জনৰ ফালে আগবঢ়াই দিলে। তাইৰ হাত দুখন পুনৰ অস্বাভাৱিকভাৱে দীঘল হৈ সাপৰ দৰে তেওঁলোকৰ ফালে আগুৱাই আহিল।
মিনতিৰ সেই ভয়ংকৰ গৰ্জন আৰু চিঞৰ গাওঁৰ মানুহৰ কাণতো পৰিছিল। ইমান দিনে ভয়ত সোমাই থকা গাওঁবাসীৰ আজি ধৈৰ্য্যৰ বান্ধ ছিগি গ'ল। তেওঁলোকে হাতত জোঁৰ, লাঠী আৰু দা লৈ জংগলৰ ফালে দৌৰি আহিল। তেওঁলোকে মন্দিৰৰ ওচৰ পাই দেখিলে যে মিনতিয়ে তাইৰ দীঘল হাতৰে তান্ত্ৰিক আৰু ৰঞ্জনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে। এই দৃশ্য দেখি গাওঁবাসীৰ মনত ভয়ৰ সলনি প্ৰচণ্ড খং উঠি আহিল। তেওঁলোকে চিঞৰিবলৈ ধৰিলে, "মাৰ ইয়াক! এই ডাইনীজনীক আজি জীয়াই থাকিবলৈ দিব নোৱাৰি! ই আমাৰ গাওঁখন ধ্বংস কৰিছে!" গাওঁবাসীয়ে মিনতিক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিল।
কিন্তু তান্ত্ৰিকজন আছিল অটল আৰু নিৰ্ভীক। তেওঁ লগে লগে নিজৰ মোনাৰ পৰা এডাল ৰঙা ৰছী উলিয়ালে। সেই ৰছীডাল সাধাৰণ ৰছী নাছিল, সেয়া আছিল তান্ত্ৰিকৰ টান মন্ত্ৰ যুক্ত ৰছী। মিনতিৰ দীঘল হাত দুখন তেওঁলোকৰ ওচৰ পোৱাৰ ঠিক আগমুহূৰ্ততে তান্ত্ৰিকে এক বিকট শব্দৰে মন্ত্ৰ উচ্চাৰণ কৰি ৰছীডাল মিনতিৰ ফালে দলিয়াই দিলে। ৰছীডাল শূন্যতে উৰি গৈ জীৱন্ত সাপৰ দৰে মিনতিৰ গোটেই শৰীৰটো মেৰিয়াই ধৰিলে আৰু তাইক টানি নি মন্দিৰৰ কাষতে থকা এচটা বিশাল শিলত কটকটীয়াকৈ বান্ধি পেলালে। মিনতিয়ে মুকলি হ'বলৈ প্ৰচণ্ড সংগ্ৰাম কৰিলে, তাইৰ মুখৰ পৰা লেলাউতি বৈ আহিল আৰু প্ৰেতাত্মাটোৱে ভয়ংকৰভাৱে চিঞৰিবলৈ ধৰিলে, কিন্তু মন্ত্ৰযুক্ত ৰছীৰ বান্ধোন খোলাটো অসম্ভৱ আছিল।
গাওঁৰ মানুহে এই সুযোগতে হাতত থকা অস্ত্ৰৰে তাইক প্ৰহাৰ কৰিবলৈ দৌৰি আহিল। কিন্তু তান্ত্ৰিকে দুই হাত দাঙি গম্ভীৰ মাতেৰে বাধা প্ৰদান কৰি ক'লে, "ৰৈ যোৱা! কোনেও তাইৰ গাত হাত নিদিবা। তাই কোনো ডাইনী নহয়, তাই সম্পূৰ্ণ নিৰ্দোষী। তাই নিজৰ ইচ্ছাত একো কৰা নাই।"
গাওঁৰ মানুহ আচৰিত হৈ ৰৈ গ'ল। এজন মুখীয়াল মানুহে সুধিলে, "তেনেহ'লে এইবোৰ কি? তাই মানুহৰ তেজ কিয় খায়?"
তান্ত্ৰিকে শান্তভাৱে সমবেত ৰাইজক বুজাবলৈ ধৰিলে, "মই মোৰ ধ্যানৰ যোগেদি সকলো দেখিছোঁ। তাইৰ শৰীৰত এটা অতি নিষ্ঠুৰ প্ৰেত আত্মা সোমাই আছে। আজিৰ পৰা কেইবা বছৰৰ আগৰ কথা। এদিন দিনৰ ভাগত তাই এই জংগলত অকলে বগৰী বুটলিবলৈ আহিছিল। তাইৰ যৌৱন আৰু সৰলতাই জংগলত ঘূৰি ফুৰা এই প্ৰেত আত্মাটোক আকৰ্ষিত কৰিছিল। বগৰী বুটলি থকা সময়তে এই প্ৰেত আত্মাটোৱে তাইক লক্ষ্য কৰে। সেইদিনা ৰাতি প্ৰেতাত্মাটোৱে তাইৰ শৰীৰৰ গোন্ধ শুঙি শুঙি তাইৰ ঘৰৰ ওচৰলৈ যায়। তাই গভীৰ টোপনিত থকাৰ সুযোগ লৈ সি তাইৰ শৰীৰত প্ৰৱেশ কৰে আৰু তাইৰ নিৰীহ শৰীৰটো ৰাতি হ'লে এনেদৰে নিজৰ কদৰ্য্য কামৰ বাবে অধিকাৰ কৰি লয়। তাই যিবোৰ হত্যা কৰিছে, সেয়া তাই কৰা নাই, এই আত্মাটোৱেহে কৰিছে। আজি মই এই প্ৰেত আত্মাটোক চিৰদিনৰ বাবে ভস্ম কৰিম আৰু তাইক মুক্ত কৰিম।"
এই কথা শুনি গাওঁবাসীৰ মাজত এক নীৰৱতা বিৰাজ কৰিলে। তেওঁলোকে ইমান দিনে কৰা ভুল ধাৰণাৰ বাবে মনতে লজ্জিত অনুভৱ কৰিলে। ৰঞ্জনেও উচুপি উচুপি কান্দিবলৈ ধৰিলে।
তান্ত্ৰিকে তেতিয়া নিজৰ কাম আৰম্ভ কৰিলে। তেওঁ কমণ্ডলুৰ পৰা পবিত্ৰ জল হাতত লৈ চকু মুদি তীক্ষ্ণ স্বৰত অতি শক্তিশালী মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ধৰিলে। মন্ত্ৰৰ প্ৰতিটো শব্দৰ লগে লগে জংগলৰ পৰিৱেশ সলনি হ'বলৈ ধৰিলে। গছৰ পাতবোৰ জোৰেৰে লৰিবলৈ ধৰিলে। মন্ত্ৰ পাঠ শেষ কৰি তান্ত্ৰিকে পবিত্ৰ পানীখিনি মিনতিৰ গাত জোৰেৰে চটিয়াই দিলে। পানী পৰাৰ লগে লগে মিনতিৰ শৰীৰত যেন জুইহে জ্বলি উঠিল। তাইৰ মুখৰ পৰা এক অতি কৰুণ আৰু ভয়ংকৰ চিঞৰ ওলাই আহিল। সেই চিঞৰ মিনতিৰ নাছিল, সেয়া আছিল যন্ত্ৰণাত ছটফটাই থকা প্ৰেতাত্মাটোৰ চিঞৰ।
তাৰ পিছত তান্ত্ৰিকে নিজৰ হাতত থকা এটা বিশেষ মন্ত্ৰপূত তাবিজ মন্ত্ৰ উচ্চাৰণ কৰি গৈ মিনতিৰ ডিঙিত পিন্ধাই দিলে। তাবিজটো ডিঙিত পৰাৰ লগে লগে এক অদ্ভুত ঘটনা ঘটিল। মিনতিৰ সমগ্ৰ শৰীৰৰ পৰা এক প্ৰচণ্ড উজ্জ্বল বগা পোহৰ ওলাই আহিবলৈ ধৰিলে। সেই পোহৰৰ তীব্ৰতাত উপস্থিত সকলোৱে চকু মুদি দিবলৈ বাধ্য হ'ল। পোহৰৰ লগতে এটা ক'লা, ধোঁৱাৰ দৰে ভয়ংকৰ আকৃতিৰ প্ৰেতাত্মা মিনতিৰ শৰীৰৰ পৰা চিঞৰি চিঞৰি বাহিৰলৈ ওলাই আহিল।
তান্ত্ৰিকে পুনৰ মন্ত্ৰ মাতি হাতৰ মুঠি জোৰেৰে বন্ধ কৰি দিলে। লগে লগে সেই ভয়ংকৰ প্ৰেতাত্মাটো কিছু দূৰত শূন্যতে জুই জ্বলি উঠাৰ দৰে জ্বলি উঠিল আৰু নিমিষতে ভস্মীভূত হৈ ছাঁই হৈ বতাহত মিলি গ'ল। জংগলখনৰ পৰা এক গধুৰ বোজা যেন আঁতৰি গ'ল। পৰিৱেশটো লগে লগে শান্ত আৰু নিৰ্মল হৈ পৰিল।
প্ৰেতাত্মাটো শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে মিনতিয়ে নিজৰ সকলো শক্তি হেৰুৱাই পেলালে। তাইৰ শৰীৰৰ পৰা বান্ধোনবোৰ খোল খাই গ'ল আৰু তাই অচেতন হৈ মাটিত ঢলি পৰি আছিল। ৰঞ্জন দৌৰি গৈ তাইৰ ওচৰ পালেগৈ। তান্ত্ৰিকে শান্তভাৱে গৈ পুনৰ কমণ্ডলুৰ পৰা অলপ পানী লৈ মন্ত্ৰ উচ্চাৰণ কৰি তাইৰ মুখত আৰু গাত চটিয়াই দিলে। পানীৰ স্পৰ্শ পাই মিনতিৰ শৰীৰত লাহে লাহে প্ৰাণ ঘূৰি আহিল। তাইৰ চকুৰ পতা লৰিবলৈ ধৰিলে আৰু লাহে লাহে তাই চকু মেলি চালে। এইবাৰ তাইৰ চকু দুটা আছিল সম্পূৰ্ণ স্বাভাৱিক, আগৰ দৰেই শান্ত আৰু নিৰ্মল।
তাই নিজকে জংগলৰ মাজত, মাজৰাতি ইমানবোৰ মানুহৰ মাজত দেখি সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈ পৰিল। নিজৰ স্বামীয়ে কান্দি কান্দি তাইক সাৱটি ধৰিলে। ৰঞ্জনৰ চকুত আছিল আনন্দৰ অশ্ৰু। মিনতিয়ে দুৰ্বল মাতেৰে সুধিব ধৰিলে, "কি হৈছে মোৰ? আমি ইয়াত কিয় আছোঁ? ইমান মানুহ কিয় গোট খাইছে?" তাইৰ কি হৈছে তাই নিজেই গম নাপাই বাৰে বাৰে একেটা কথাই সুধিবলৈ ধৰিলে।
গাওঁৰ মানুহে লাহে লাহে তাইৰ ওচৰলৈ আহি তাইক ভালদৰে লক্ষ্য কৰিলে। তেওঁলোকে দেখিলে যে মিনতিৰ মুখত এতিয়া কোনো ক্ৰূৰতা নাই, কেৱল এজনী সৰল, ভয়াতুৰ আৰু নিৰীহ ছোৱালীৰ প্ৰতিচ্ছবিহে তাত ফুটি উঠিছে। গাওঁবাসীয়ে বুজি পালে যে তেওঁলোকে ইমান দিনে কিমান ডাঙৰ ভুল কৰি আছিল। এজনী নিৰ্দোষী ছোৱালীক তেওঁলোকে ঘৃণা আৰু অৱজ্ঞা কৰিছিল। মুখীয়ালজনে আগবাঢ়ি আহি মিনতিৰ মূৰত হাত থৈ মৰমেৰে ক'লে, "একো হোৱা নাই আইজনী, এতিয়া সকলো ঠিক হৈ গৈছে। তুমি এতিয়া সম্পূৰ্ণ সুৰক্ষিত।" সেই নিশাৰ পৰা শান্তিপুৰ গাওঁৰ পৰা আতংকৰ ক'লা ডাৱৰ চিৰদিনৰ বাবে আঁতৰি গ'ল আৰু মিনতিয়ে নিজৰ স্বামীৰ লগত এখন নতুন, ভয়মুক্ত জীৱনৰ পাতনি মেলিলে।