ছাইনাছ ৰোগ কি? ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়।
( অপূৰ্ব দাস )
ছাইনাছ ৰোগ, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ছাইনাছাইটিছ (Sinusitis) বুলি কোৱা হয়, বৰ্তমান সময়ত এক অতি সাধাৰণ অথচ কষ্টকৰ স্বাস্থ্যজনিত সমস্যা হিচাপে পৰিগণিত হৈছে। আমাৰ মুখমণ্ডল আৰু মূৰৰ হাড়ৰ ভিতৰত কিছুমান বতাহ চলাচল কৰিব পৰা সৰু সৰু খালী ঠাই থাকে। এই খালী ঠাইবোৰক ছাইনাছ বোলে। মানৱ শৰীৰত প্ৰধানকৈ চাৰি প্ৰকাৰৰ ছাইনাছ থাকে, সেয়া হ'ল- ফ্ৰণ্টেল ছাইনাছ (কপালৰ অংশত), মেক্সিলাৰী ছাইনাছ (গালৰ হাড়ৰ ভিতৰত), ইথমইড ছাইনাছ (চকুৰ মাজত) আৰু স্ফেনইড ছাইনাছ (নাকৰ একেবাৰে পিছফালে)।
সাধাৰণতে এই ছাইনাছবোৰৰ ভিতৰত পাতল শ্লেষ্মা বা বিজলুৱা পদাৰ্থৰ আৱৰণ থাকে যিয়ে আমাৰ নাকৰ ভিতৰভাগ সেমেকা কৰি ৰখাত আৰু বীজাণু ধ্বংস কৰাত সহায় কৰে। কিন্তু যেতিয়া কোনো কাৰণত এই ছাইনাছবোৰত প্ৰদাহ বা ইনফেকচন হয়, তেতিয়া ভিতৰৰ আৱৰণ ফুলি উঠে আৰু শ্লেষ্মা আৱদ্ধ হৈ পৰে। শ্লেষ্মাবোৰ স্বাভাৱিকভাৱে নাকৰে ওলাই আহিব নোৱাৰাৰ ফলতেই তাত বেক্টেৰিয়াৰ সৃষ্টি হয় আৰু ছাইনাছ ৰোগৰ সূত্ৰপাত ঘটে।
🔴 ছাইনাছ ৰোগৰ প্ৰধান লক্ষণসমূহ
ছাইনাছ ৰোগত আক্ৰান্ত হ'লে ৰোগীৰ শৰীৰত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে। সেইবোৰ তলত উল্লেখ কৰা হ'ল:
🟢 সঘনাই মূৰৰ বিষ হোৱা, বিশেষকৈ পুৱাৰ ভাগত আৰু মূৰটো তললৈ কৰিলে বা হালিলে বিষৰ মাত্ৰা বৃদ্ধি পোৱা।
🟢 নাক বন্ধ হৈ থকা আৰু স্বাভাৱিকভাৱে উশাহ-নিশাহ লোৱাত যথেষ্ট কষ্ট অনুভৱ কৰা।
🟢 নাকৰ পৰা ডাঠ আৰু হালধীয়া বা সেউজীয়া ৰঙৰ শ্লেষ্মা (কফ) নিৰ্গত হোৱা। কেতিয়াবা এই শ্লেষ্মা ডিঙিৰ পিছফালেও সৰি পৰে।
🟢 মুখমণ্ডলত, বিশেষকৈ গালৰ হাড়, কপাল আৰু চকুৰ চাৰিওফালে তীব্ৰ বিষ বা হেঁচা মাৰি ধৰা অনুভৱ হোৱা।
🟢 কোনো বস্তুৰ গোন্ধ আৰু খাদ্যৰ সোৱাদ পোৱা ক্ষমতা লাহে লাহে হ্ৰাস পোৱা।
🟢 দাঁতৰ গুৰিত, বিশেষকৈ ওপৰৰ পাৰিৰ দাঁতত বিষ হোৱা আৰু কাণ বন্ধ হৈ থকা যেন লগা।
🟢 শৰীৰত ভাগৰ লগা, সামান্য জ্বৰ উঠা, কাহ আৰু ডিঙিৰ বিষ হোৱা।
🔴 ছাইনাছ ৰোগ কিয় হয়?
ছাইনাছ ৰোগ সৃষ্টি হোৱাৰ আঁৰত বহুতো কাৰণ নিহিত হৈ থাকিব পাৰে। এই ৰোগৰ প্ৰধান কাৰণসমূহ তলত বিতংভাৱে আলোচনা কৰা হ'ল:
🟢 সংক্ৰমণ বা ইনফেকচন: ছাইনাছ ৰোগৰ অন্যতম প্ৰধান কাৰণ হৈছে ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ। সাধাৰণতে চৰ্দি বা ফ্লুৰ দৰে ভাইৰেল ইনফেকচনৰ ফলত নাকৰ ভিতৰৰ আৱৰণ ফুলি উঠে, যাৰ ফলত ছাইনাছৰ বাট বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তাত বেক্টেৰিয়াৰ দ্ৰুত বৃদ্ধি ঘটি ছাইনাছাইটিছৰ সৃষ্টি কৰে।
🟢 এলাৰ্জীৰ সমস্যা: যিসকল লোকৰ ধূলি, ধোঁৱা, ফুলৰ ৰেণু, পোহনীয়া জন্তুৰ নোম, বা বিশেষ কোনো খাদ্যৰ প্ৰতি এলাৰ্জী আছে, তেওঁলোকৰ ছাইনাছ ৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি। এলাৰ্জীৰ ফলত নাকৰ ভিতৰত অহৰহ প্ৰদাহৰ সৃষ্টি হয় আৰু ছাইনাছৰ পথ সংকুচিত হৈ শ্লেষ্মা জমা হ'বলৈ ধৰে।
🟢 নাকৰ গঠনৰ বিজুতি: বহুতৰ জন্মগতভাৱে বা কোনো দুৰ্ঘটনাৰ ফলত আঘাত পোৱাৰ বাবে নাকৰ মাজৰ হাড়ডাল (Nasal septum) বেঁকা হ'ব পাৰে। এনে অৱস্থাত ছাইনাছৰ পৰা শ্লেষ্মা স্বাভাৱিকভাৱে ওলাই আহিবলৈ বাধা পায়। তদুপৰি, নাকৰ ভিতৰত মঙহ বঢ়া বা 'নেজেল পলিভছ' (Nasal polyps) হ'লেও ছাইনাছৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ এই ৰোগৰ সৃষ্টি হয়।
🟢 প্ৰদূষিত পৰিৱেশ: বৰ্তমান সময়ৰ অত্যাধিক বায়ু প্ৰদূষণ, যান-বাহনৰ ধোঁৱা, কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত গেছ আদিয়ে আমাৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰত ব্যাঘাত জন্মায়। এনে প্ৰদূষিত বায়ুত উশাহ ল'লে নাকৰ ভিতৰত উত্তেজনাৰ সৃষ্টি হয়, যি পিছলৈ দীৰ্ঘদিনীয়া ছাইনাছ ৰোগলৈ ৰূপান্তৰিত হ'ব পাৰে।
🟢 ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ আৰু অন্যান্য কাৰণ: যিসকল লোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে দুৰ্বল, তেওঁলোক অতি সহজেই বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। ইয়াৰ উপৰিও দাঁতৰ গুৰিত হোৱা সংক্ৰমণ মেক্সিলাৰী ছাইনাছলৈ বিয়পি পৰিলেও এই ৰোগ হ'ব পাৰে।
🟢 ছাইনাছ ৰোগ নিৰাময়ৰ বন দৰৱ আৰু ঘৰুৱা চিকিৎসা
প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত বিভিন্ন ৰোগৰ উপশমৰ বাবে বন দৰৱ বা ঘৰুৱা চিকিৎসাৰ বহুল প্ৰচলন আছে। ছাইনাছ ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো আমাৰ চৌপাশে থকা বিভিন্ন উদ্ভিদ আৰু ঘৰুৱা সামগ্ৰীয়ে যাদুকৰী কাম কৰিব পাৰে।
◽ ভাপ লোৱা প্ৰক্ৰিয়া বা ষ্টিম থেৰাপী: ছাইনাছৰ বাবে আটাইতকৈ ফলপ্ৰসূ ঘৰুৱা উপায় হৈছে গৰম পানীৰ ভাপ লোৱা। পানী উতলাই তাত কেইটোপালমান ইউকেলিপটাছ তেল (Eucalyptus oil) বা পদিনাৰ পাত দি মূৰটো ডাঙৰ টাৱেল এখনেৰে ঢাকি ভাপ ল'লে বন্ধ নাক লগে লগে মুকলি হয় আৰু মূৰৰ বিষ কমে।
◽ আদা আৰু মৌজোল: আদা হৈছে এক অতি উত্তম প্ৰাকৃতিক প্ৰদাহ নিবাৰক (Anti-inflammatory)। ছাইনাছৰ ফলত হোৱা মূৰৰ বিষ আৰু কফৰ সমস্যা দূৰ কৰিবলৈ আদাৰ ৰসৰ লগত পৰিমাণ অনুসৰি খাঁটি মৌজোল মিহলাই দিনে দুবাৰকৈ খাব লাগে। আদাৰ চাহ কৰি খালেও যথেষ্ট সুফল পোৱা যায়।
◽ তুলসী আৰু জালুকৰ ব্যৱহাৰ: তুলসী পাতত এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভাইৰেল গুণ প্ৰচুৰ পৰিমাণে থাকে। দহ-বাৰখিলা সতেজ তুলসী পাত আৰু ৫-৬ টা জালুক একেলগে পিহি তাৰ ৰস উলিয়াই দিনে দুবাৰ খালে ছাইনাছৰ সংক্ৰমণ দ্ৰুতগতিত হ্ৰাস পায়। ই শৰীৰত জমা হোৱা ডাঠ কফ তৰল কৰি বাহিৰলৈ ওলাই যোৱাত সহায় কৰে।
◽ নহৰুৰ ঔষধী গুণ: নহৰুত থকা 'এলিচিন' নামৰ উপাদানবিধ বেক্টেৰিয়া আৰু ভেঁকুৰ ধ্বংস কৰাত অতি কাৰ্যকৰী। কেইফুটামান নহৰু থেতেলিয়াই গৰম পানীত দি তাৰ ভাপ ল'ব পাৰে। তদুপৰি, সৰিয়হ তেলত দুফুটা নহৰু গৰম কৰি সেই তেল সামান্য কুহুমীয়া অৱস্থাত নাকৰ ফুটাৰ বাহিৰত সানিলেও আৰাম পোৱা যায়।
◽ হালধি আৰু গৰম গাখীৰ: হালধি এবিধ শক্তিশালী প্ৰাকৃতিক এণ্টিবায়টিক হিচাপে কাম কৰে। ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ গৰম গাখীৰত আধা চামুচ শুদ্ধ হালধি গুড়ি মিহলাই খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ছাইনাছৰ প্ৰদাহ মূলৰ পৰা নিৰাময় হয়।
◽ ক'লা জীৰাৰ ব্যৱহাৰ: ক'লা জীৰা ছাইনাছ আৰু চৰ্দিজনিত ৰোগৰ বাবে অতি উপকাৰী। পৰিষ্কাৰ সুঁতি কাপোৰ এখনত সামান্য পৰিমাণৰ ক'লা জীৰা মেৰিয়াই লৈ ঘনে ঘনে তাৰ ঘ্ৰাণ ল'লে নাকৰ বন্ধ অৱস্থা তৎক্ষণাত মুকলি হয়।
◽ দোৰোণ বনৰ ৰস ব্যৱহাৰ: দোৰোণ বনৰ ৰস ২-৩ টোপাল দিনত দুবাৰকৈ কিছুদিন দিলেও এই সমস্যা নাইকিয়া হয়। দোৰোণ বনৰ ৰস দিলে কিন্তু খুব ধৰে, সেয়েহে ধৰিলেও ভয় খাব নালাগে।
⬜ ছাইনাছ ৰোগৰ হোমিওপেথিক চিকিৎসা
হোমিওপেথিক চিকিৎসাত ৰোগৰ বাহ্যিক লক্ষণ আৰু ৰোগীৰ সামগ্ৰিক শাৰীৰিক-মানসিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ঔষধ প্ৰদান কৰা হয়। ছাইনাছ ৰোগ নিৰাময়ৰ বাবে হোমিওপেথিত বহুতো কাৰ্যকৰী ঔষধ উপলব্ধ আছে।
🟢 কেলি বিক্ৰমিকাম (Kali Bichromicum): ছাইনাছৰ ফলত নাকৰ পৰা ডাঠ, আঠাজাতীয় আৰু হালধীয়া বা সেউজীয়া ৰঙৰ বিজলুৱা পদাৰ্থ ওলালে এই ঔষধ প্ৰয়োগ কৰা হয়। বিশেষকৈ নাকৰ গুৰিত বা কপালত অত্যাধিক চাপ বা বিষ অনুভৱ হ'লে ই অতি কাৰ্যকৰী।
🟢 বেলেডোনা (Belladonna): যদি ছাইনাছৰ ফলত মূৰৰ বিষ হঠাৎ অতি তীব্ৰৰূপত আৰম্ভ হয়, মুখমণ্ডল ৰঙা পৰে আৰু চকুৰ চাৰিওফালে ধপধপনিৰ দৰে বিষ অনুভৱ হয়, তেন্তে বেলেডোনা প্ৰয়োগ কৰিলে লগে লগে আৰাম পোৱা যায়।
🟢 পালচেটিলা (Pulsatilla): এই ঔষধবিধ বিশেষকৈ সেইসকল ৰোগীৰ বাবে উপযুক্ত যিসকলৰ নাক ৰাতি বন্ধ হৈ থাকে কিন্তু মুকলি বতাহত ওলালে নাক মুকলি হৈ পৰে। ৰোগীৰ পানী পিয়াহ একেবাৰে নাথাকিলে আৰু নাকৰ পৰা ডাঠ হালধীয়া পদাৰ্থ ওলালে পালচেটিলা দিয়া হয়।
🟢 চাইলিচিয়া (Silicea): পুৰণি বা দীৰ্ঘদিনীয়া ছাইনাছ ৰোগৰ (Chronic Sinusitis) বাবে চাইলিচিয়া এবিধ উৎকৃষ্ট ঔষধ। ৰোগীয়ে ঠাণ্ডা বতাহ একেবাৰে সহ্য কৰিব নোৱাৰিলে আৰু মূৰটো গৰম কাপোৰেৰে ঢাকি ৰাখিলে বিষৰ পৰা আৰাম পালে এই ঔষধ প্ৰয়োগ কৰা হয়।
🟢 হেপাৰ ছালফ (Hepar Sulph): যেতিয়া সামান্য ঠাণ্ডা বতাহ লাগিলেই ৰোগীৰ অহৰহ হাচ্চি আহে আৰু নাক বন্ধ হৈ মূৰৰ বিষ আৰম্ভ হয়, তেতিয়া হেপাৰ ছালফ ব্যৱহাৰ কৰা হয়। ছাইনাছৰ সংক্ৰমণ বেছি হৈ পকি যোৱাৰ উপক্ৰম হ'লেও ই ভাল কাম কৰে।
ছাইনাছ ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিবলৈ কেৱল ঔষধ সেৱন কৰাই যথেষ্ট নহয়, ইয়াৰ লগতে কিছুমান স্বাস্থ্যসন্মত নীতি-নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। যিকোনো ধৰণৰ ধূলি, বালি, ধোঁৱা আৰু প্ৰদূষণৰ পৰা নিজক বচাই ৰাখিব লাগে। অত্যাধিক ঠাণ্ডা পানী বা ফ্ৰীজত ৰখা শীতল বস্তু খোৱাৰ পৰা বিৰত থকা উচিত। নিয়মীয়াকৈ যোগাভ্যাস আৰু প্ৰাণায়াম কৰিলে শ্বাস-প্ৰশ্বাস তন্ত্ৰ সবল হয় আৰু ছাইনাছৰ দৰে ৰোগ সহজে আক্ৰমণ কৰিব নোৱাৰে। সঠিক খাদ্যাভ্যাস গ্ৰহণ, পৰ্যাপ্ত পৰিমাণৰ গৰম পানী সেৱন আৰু সময়মতে লোৱা চিকিৎসায়েই এই আমনিদায়ক ৰোগৰ পৰা চিৰদিনৰ বাবে মুক্তি পোৱাৰ একমাত্ৰ উপায়।