Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Adstera Social bar

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

🔴E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

ৰূপান্তৰিত নাৰী কি ? এক ধাৰণা, সংগ্ৰাম আৰু সামাজিক স্বীকৃতি



ৰূপান্তৰিত নাৰী কি ? এক ধাৰণা, সংগ্ৰাম আৰু সামাজিক স্বীকৃতি

( Apurba Das)

আমাৰ সমাজত সচৰাচৰ লিংগ বিভাজন বুলি ক’লে পুৰুষ আৰু নাৰী— এই দুই সত্তাৰ কথাই পোনতে মনলৈ আহে। কিন্তু মানৱ সমাজৰ এই দ্বিমেৰু বিভাজনৰ বাহিৰেও এক বৃহৎ জনগোষ্ঠী আছে, যিসকলৰ লিংগ পৰিচয় তেওঁলোকৰ জন্মগত শৰীৰৰ সৈতে নিমিলে। তাৰেই এক গুৰুত্বপূৰ্ণ অংশ হ’ল 'ৰূপান্তৰিত নাৰী' (Transgender Woman)।

👉 মনত ৰাখিব: ৰূপান্তৰিত নাৰী সকল হিজ্ৰা নহয়। ৰূপান্তৰিত নাৰী সকলৰ শৰীৰ যদিও পুৰুষৰ, কিন্তু তেওঁলোক প্ৰকৃততে নাৰীয়েই হ'য়।


সহজ ভাষাত ক’বলৈ গ’লে, ৰূপান্তৰিত নাৰী হ’ল সেইগৰাকী ব্যক্তি, যাৰ জন্মৰ সময়ত শৰীৰৰ গঠন চাই চিকিৎসক বা সমাজে ‘পুৰুষ’ বুলি চিনাক্ত কৰিছিল, কিন্তু তেওঁ ডাঙৰ হোৱাৰ লগে লগে অনুভৱ কৰে যে তেওঁ মানসিক আৰু আত্মিকভাৱে এগৰাকী নাৰী। 

অৰ্থাৎ, তেওঁৰ শৰীৰটো পুৰুষৰ হ’লেও, তেওঁৰ অন্তৰাত্মা আৰু লিংগ পৰিচয় (Gender Identity) হৈছে নাৰীৰ।


◽লিংগ পৰিচয় আৰু জৈৱিক লিংগৰ পাৰ্থক্য

ৰূপান্তৰিত নাৰীৰ ধাৰণাটো বুজিবলৈ হ’লে আমি প্ৰথমে ‘জৈৱিক লিংগ’ (Sex) আৰু ‘লিংগ পৰিচয়’ (Gender Identity)-ৰ মাজৰ পাৰ্থক্য বুজি পোৱা প্ৰয়োজন।



টাইৰা ভট্টাচাৰ্য আৰু বিক্ৰম : অসমৰ প্ৰথম ৰূপান্তৰিত নাৰী যি এজন পুৰুষে বিয়া কৰায়।


• জৈৱিক লিংগ: জন্মৰ সময়ত শিশুৰ যৌনাংগ চাই নিৰ্ধাৰণ কৰা হয়।
 
• লিংগ পৰিচয়: এয়া মানুহৰ মগজু আৰু মনৰ এক অনুভৱ। এজন ব্যক্তিৰ নিজকে পুৰুষ, মহিলা বা অন্য লিংগৰ বুলি ভবাৰ যি আভ্যন্তৰীণ অনুভৱ, সেয়াই লিংগ পৰিচয়।
এগৰাকী ৰূপান্তৰিত নাৰীৰ ক্ষেত্ৰত, তেওঁৰ মগজুৱে সংকেত দিয়ে যে তেওঁ এগৰাকী মহিলা, যদিও সমাজ আৰু পৰিয়ালে তেওঁক ল’ৰা বা পুৰুষ হিচাপে আচৰণ কৰিবলৈ কয়। এই মানসিক সংঘাতক মনোবিজ্ঞানৰ ভাষাত ‘জেণ্ডাৰ ডিছফ’ৰিয়া’ (Gender Dysphoria) বুলি কোৱা হয়, যিটো তেওঁলোকৰ বাবে অত্যন্ত কষ্টকৰ হ’ব পাৰে।

◽ৰূপান্তৰ প্ৰক্ৰিয়া (Transition)

নিজৰ প্ৰকৃত সত্তাক বিচাৰি পাবলৈ বহুতো ৰূপান্তৰিত নাৰীয়ে ‘ৰূপান্তৰ’ বা ‘ট্ৰঞ্জিচন’ প্ৰক্ৰিয়াৰ মাজেৰে গতি কৰে। এই প্ৰক্ৰিয়াটো প্ৰতিজন ব্যক্তিৰ বাবে বেলেগ বেলেগ হ’ব পাৰে:

১. সামাজিক ৰূপান্তৰ: নাম সলনি কৰা, মহিলাৰ দৰে সাজ-পাৰ পিন্ধা, চুলি দীঘল কৰা আৰু সমাজত এগৰাকী নাৰী হিচাপে পৰিচয় দিয়া।

২. চিকিৎসীয় ৰূপান্তৰ: বহুতৰে ক্ষেত্ৰত হৰম’ন থেৰাপী (Hormone Therapy) গ্ৰহণ কৰি শৰীৰত স্তনৰ বিকাশ বা ছাল কোমল কৰা আদি পৰিৱৰ্তন অনা হয়। কিছুমানে শৰীৰৰ গঠন সলনি কৰিবলৈ লিংগ পুনৰ্নিৰ্মাণ অস্ত্ৰোপচাৰো (Surgery) কৰায়।

👉 উল্লেখযোগ্য যে, সকলো ৰূপান্তৰিত নাৰীয়েই যে অস্ত্ৰোপচাৰ কৰাব লাগিব বা কৰায়, তেনে নহয়। অস্ত্ৰোপচাৰ নকৰালেও এগৰাকী ব্যক্তি ৰূপান্তৰিত নাৰী হ’ব পাৰে, যদিহে তেওঁৰ আত্মপৰিচয় নাৰী হয়।

◽সামাজিক প্ৰত্যাহ্বান আৰু সংগ্ৰাম

ভাৰতীয় সমাজ ব্যৱস্থাত এগৰাকী ৰূপান্তৰিত নাৰীৰ জীৱন সংগ্ৰাম অত্যন্ত জটিল। শৈশৱৰ পৰাই তেওঁলোকে নিজৰ পৰিয়াল, বিদ্যালয় আৰু সমাজৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ’ব লগা হয়।

 • পৰিয়ালৰ বৰ্জন: বেছিভাগ ক্ষেত্ৰতে ল’ৰা এজনে যেতিয়া ছোৱালীৰ দৰে আচৰণ কৰিবলৈ লয়, পৰিয়ালে তাক বাধা দিয়ে বা মানসিকভাৱে হাৰাশাস্তি কৰে। ফলত বহুতে কম বয়সতে ঘৰ এৰিবলৈ বাধ্য হয়।
 
• শিক্ষা আৰু সংস্থাপন: বিদ্যালয়ত সহপাঠীৰ ইতিকিং আৰু বৈষম্যৰ বাবে বহু ৰূপান্তৰিত নাৰীয়ে শিক্ষা আধাতে এৰিবলগীয়া হয়। শিক্ষাৰ অভাৱ আৰু সামাজিক অস্পৃশ্যতাৰ বাবে তেওঁলোকে চৰকাৰী বা বেচৰকাৰী খণ্ডত সহজে চাকৰি নাপায়।

• জীৱিকাৰ সংকট: উপায়হীন হৈ বহুতে ভিক্ষাবৃত্তি বা যৌনবৃত্তিক জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হয়।


• আইনী স্বীকৃতি আৰু বৰ্তমানৰ স্থিতি

সুখৰ খবৰ যে, ২০১৪ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিখ্যাত ‘নালছা ৰায়দান’ৰ (NALSA Judgement) জৰিয়তে ৰূপান্তৰিত নাৰী সকলক দ্বিতীয় লিংগ ( নাৰী ) বা ‘তৃতীয় লিংগ’ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ২০১৯ চনত চৰকাৰে ‘ৰূপান্তৰিত ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন’ প্ৰণয়ন কৰিছে। এই আইনসমূহে তেওঁলোকক শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বৈষম্যৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। বৰ্তমান অসমতো বহু ৰূপান্তৰিত নাৰীয়ে নিজৰ দক্ষতাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত, যেনে— ফেশ্বন, সাহিত্য, ন্যায়পালিকা আৰু সমাজসেৱাত নাম উজলাইছে।


◽ৰূপান্তৰিত নাৰী কোনো অস্বাভাৱিক প্ৰাণী নহয়; তেওঁলোকো তেজ-মঙহৰ মানুহ। প্ৰকৃতিৰ বিচিত্ৰতাত তেওঁলোক এক অনন্য সৃষ্টি। সাজ-পাৰ বা শৰীৰতকৈ মানুহৰ ডাঙৰ পৰিচয় হ’ল তেওঁৰ মন আৰু ব্যক্তিত্ব। 

এখন সুস্থ আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ হ’লে আমি ৰূপান্তৰিত নাৰীক অৱহেলা বা ইতিকিং কৰাৰ সলনি তেওঁলোকক সন্মান, মৰম আৰু সম-অধিকাৰ দিয়াটো একান্তই প্ৰয়োজনীয়। যেতিয়া সমাজৰ দৃষ্টিভংগী সলনি হ’ব, তেতিয়াহে তেওঁলোকে নিজৰ প্ৰাপ্য মৰ্যাদাৰে জীয়াই থাকিবলৈ সক্ষম হ’ব।