Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Live tv

Adstera Social bar

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

🔴E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

আপেল আৰু চুজিৰ হালৱা





আপেল আৰু চুজিৰ হালৱা

( অনুৰাধা দাস )

প্ৰয়োজনীয় সামগ্ৰী:

(১) আপেল: ৩-৪ টা (বাকলি গুচাই মিহিকৈ ৰুকি লোৱা বা পেষ্ট কৰা)
(২) চুজি: ২-৩ কাপ (বা জোখ মতে)
(৩) গাখীৰ: ২-৩ কাপ (গৰম কৰি থোৱা)
(৪) চেনি: সোৱাদ অনুসৰি
(৫) ৰিফাইন তেল: ৪-৫ চামুচ (চুজি ভাজিবলৈ)
(৬) ইচ্ছা কৰিলে ইলাচী গুৰি আৰু ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰে।




প্ৰস্তুত প্ৰণালী:

১. প্ৰথমে এখন কেৰাহীত ৰিফাইন তেলখিনি গৰম কৰক।

২. তেল গৰম হ'লে তাত চুজিখিনি দি মধ্যম জুইত ৰঙচুৱা হোৱালৈকে ভাজক। ভজাৰ সময়ত অনবৰতে লৰাই থাকিব যাতে লাগি নধৰে।

৩. চুজিখিনি ভজা হলে তাত আগতে প্ৰস্তুত কৰি থোৱা আপেলৰ পেষ্টখিনি দিয়ক। আপেল আৰু চুজিখিনি কিছু সময় ভাজক।

৪. এতিয়া মিশ্ৰণটোত গৰম কৰি থোৱা গাখীৰখিনি লাহে লাহে ঢালি দিয়ক আৰু লৰাই থাকক। যাতে চুজিখিনি গোটা নাবান্ধে। পানীও ওলপ দিব পাৰে।

৫. মিশ্ৰণটো অলপ ডাঠ হৈ আহিলে সোৱাদ অনুসৰি চেনি দিয়ক।

৬. চেনিখিনি গলি যোৱালৈকে আৰু হালৱা আপোনাৰ পছন্দৰ দৰে ডাঠ নোহোৱালৈকে কম জুইত ৰান্ধক।

৭. হালৱাটো সাজু হ'লে ইয়াৰ ওপৰত ইলাচি পাউডাৰ আৰু ড্ৰাই ফ্ৰুটছ দিব।

(৮) জুইৰ পৰা নমাই গৰমে গৰমে পৰিৱেশন কৰক।

এইদৰে আপুনি সহজেই এই সুস্বাদু জলপান বিধ প্ৰস্তুত কৰিব পাৰিব।