Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Adstera Social bar

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

তিল পিঠা আৰু তিলৰ লাডু: অসমীয়া পৰম্পৰাগত ৰেচিপি (মাঘ বিহু/ভোগালী বিহুৰ বাবে)



তিল পিঠা আৰু তিলৰ লাডু: অসমীয়া পৰম্পৰাগত ৰেচিপি (মাঘ বিহু/ভোগালী বিহুৰ বাবে)

( অনুৰাধা দাস )

ভোগালী বিহু নামেৰেও পৰিচিত মাঘ বিহু অসমৰ আটাইতকৈ বিশিষ্ট শস্য চপোৱা উৎসৱ। এই উৎসৱটো নতুন শস্যৰ আনন্দ, সামূহিক ভোজ, পৰম্পৰাগত খাদ্যৰ বাবে জনাজাত। এই উপলক্ষে তিলৰ পৰা তৈয়াৰী মিঠাইৰ বিশেষ তাৎপৰ্য আছে। প্ৰতি ঘৰতে মৰম আৰু শ্ৰদ্ধাৰে প্ৰস্তুত কৰা ভোগালী বিহুৰ আটাইতকৈ জনপ্ৰিয় আৰু পৰম্পৰাগত ৰেচিপি তিল পিঠা আৰু তিলৰ লাডু।



◽নতুন ধৰণেৰে তিল পিঠা ৰেচিপি

সামগ্ৰীসমূহ:

পিঠা গুড়ি– ২ কাপ

ক’লা তিল – ১ কাপ

গুড় – ১ কাপ

পানী – প্ৰয়োজন অনুসৰি

নিমখ – এচিকুট

বেকিং চোডা – এচিকুট

ভাজি লৈ গুড়ি কৰা বাদাম - ১ কাপ

পদ্ধতি:

প্ৰথমে ক’লা তিলখিনি পৰিষ্কাৰ কৰি কম জুইত ভাজি লওক। ভজাৰ পিছত ঠাণ্ডা কৰি মোটাকৈ গুড়ি কৰি লওক। এতিয়া, কেৰাহীত গুৰ দি কম জুইত গলিব দিব । গুড় সম্পূৰ্ণ গলিলে গুড়ি কৰা তিল আৰু বাদাম দি ভালদৰে মিহলাই লওক। এই মিশ্ৰণক তিল পিঠাৰ ভিতৰত ভৰাবলৈ ব্যৱহাৰ কৰা হয়। 

এতিয়া এখন কাহীত পিঠা গুড়ি লৈ এচিকুট নিমখ আৰু এচিকুট বেকিং চোডা দি কুহুমীয়া পানী দি কোমলকৈ পিঠাগুৰি খিনি আটা নিচিনাকৈ মাৰি ল'ব ।

পিঠাগুৰিৰ পৰা সৰু সৰু বল বনাওক। প্ৰতিটো বল হাতৰ তলুৱাত ঘূৰনীয়া চেপেটা কৰি তিল-গুড়ৰ ষ্টাফিংখিনি মাজত দিব আৰু ভাঁজ কৰি সুন্দৰ আকৃতি দিব।


এতিয়া, কেৰাহীত তেল গৰম কৰক। কম জুইত পিঠা ভাজিব। নতুবা ভাপত দিও সিজাব পাৰে। ভজা পিঠাৰ ৰং সোণালী হৈ সুস্বাদু গোন্ধ ওলালে উলিয়াই থব। এনে পিঠা খাবলৈ সুস্বাদু।




◽তিলৰ লাডু ৰেচিপি

সামগ্ৰীসমূহ:

ক’লা তিল – ২ কাপ

গুড় – ১.৫ কাপ

ঘিউ – ১ চামুচ 

পদ্ধতি:

ক’লা তিলখিনি কম জুইত লাহে লাহে ভাজিব যেতিয়ালৈকে ই ফুটিবলৈ আৰম্ভ নকৰে। ইয়াৰ পিছত ঠাণ্ডা হ’বলৈ দি মোটাকৈ পিহি লওক। ইফালে গুৰখিনি কেৰাহীত দি কম জুইত গলিবলৈ দিব। পানী ব্যৱহাৰ নকৰিব।‌ অলপ ঘিউ দিব; ইয়াৰ ফলত লাড়ুৰ সোৱাদ দুগুণ বৃদ্ধি হ'ব। 

গুড় সম্পূর্ণ গলি গ'লে পিহি লোৱা তিলখিনি দি ভালদৰে মিহলাই ল’ব। ইয়াত বাদামৰ গুড়িও দিব পাৰে। জুই নুমুৱাই মিশ্ৰণটো অলপ ঠাণ্ডা হ’বলৈ দিব। যেতিয়া মিশ্ৰণটো সাধাৰণ ডাঠ হ’ব, তেতিয়া হাতৰ তলুৱাত ঘিউ সানি সৰু সৰু লাড়ু তৈয়াৰ কৰক।

তিলৰ পিঠা আৰু তিলৰ লাড়ু কেৱল সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম, আইৰণ, শক্তি থাকে- যাৰ ফলত শীতকালত শৰীৰ গৰম আৰু নিৰোগী হৈ থাকে। মাঘ বিহু উপলক্ষে এই ৰেচিপি সমৃদ্ধি, মধুৰতা, আৰু পাৰিবাৰিক একতাৰ প্ৰতীক।

ভোগালী বিহুৰ আনন্দ উদযাপন কৰিবলৈ তিল পিঠা আৰু তিল লাড়ু বনাই অসমীয়া পৰম্পৰা উদযাপন কৰক।





Bottom Post Ad