তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকৰ বৃহৎ সফলতাঃ
ৰক্ত পৰীক্ষাই পিত্তথলীৰ কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে
( অনুৰাধা দাস )
তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ বৰা আৰু গৱেষক ড০ চিন্ময়ী বৰুৱাৰ নেতৃত্বত এক অতি তাৎপৰ্যপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী বৈজ্ঞানিক অধ্যয়ন সফলতাৰে সম্পন্ন হৈছে। এই অধ্যয়নত বিজ্ঞানীসকলে মানুহৰ তেজত থকা মেটাবলাইট নামৰ নিৰ্দিষ্ট ৰাসায়নিক যৌগ চিনাক্ত কৰিছে। এই বিপাকীয় পদাৰ্থবোৰে পিত্তথলীৰ কৰ্কট ৰোগ আগতীয়াকৈ, সহজ আৰু তুলনামূলকভাৱে কম খৰচীভাৱে ধৰা পেলোৱাত সহায় কৰিব পাৰে।
গৱেষকসকলে কয় যে এই আৱিষ্কাৰে পিত্তথলীৰ কৰ্কট ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। এতিয়ালৈকে এই কেন্সাৰটো প্ৰায়ে ধৰা পৰিছিল যেতিয়া এই ৰোগ ইতিমধ্যে আগবাঢ়ি গৈছিল। অৱশ্যে এই নতুন প্ৰযুক্তিয়ে কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলাব পৰাকৈ সক্ষম হ’ব, যাৰ ফলত সময়মতে চিকিৎসা সম্ভৱ হ’ব আৰু ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব।
এই গৱেষণাৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ইয়াৰ দ্বাৰা পিত্তপাথৰৰ লগত জড়িত কেন্সাৰ আৰু পিত্তপাথৰ নথকা কৰ্কট ৰোগৰ মাজত স্পষ্ট পাৰ্থক্য নিৰ্ণয় কৰিব পৰা যায়। এইটো অতি গুৰুত্বপূৰ্ণ কাৰণ অসম আৰু উত্তৰ-পূব ভাৰতৰ পিত্তপাথৰ কৰ্কট ৰোগৰ আৰ্হি বিশ্বৰ আন আন প্ৰান্তৰ তুলনাত একেবাৰে পৃথক বুলি ধৰা পৰিছে। ইয়াত বৃহৎ সংখ্যক ৰোগীৰ পিত্তৰ পাথৰ নাথাকিলেও এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
চিকিৎসা বিশেষজ্ঞসকলৰ মতে পিত্তপাথৰৰ কৰ্কট ৰোগ এক অতি বিপজ্জনক আৰু "নিৰৱ" ঘাটক ৰোগ। দীৰ্ঘদিন ধৰি শৰীৰত কোনো ধৰণৰ স্পষ্ট লক্ষণ নোহোৱাকৈ বাঢ়ি থাকে। ৰোগীয়ে কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ সময়লৈকে সাধাৰণতে কেন্সাৰটো ইতিমধ্যে উন্নত পৰ্যায় পায়গৈ । এই কাৰণেই এই কেন্সাৰৰ মৃত্যুৰ হাৰ যথেষ্ট বেছি বুলি ধৰা হয়।
অসম তথা উত্তৰ-পূব ভাৰতত জনস্বাস্থ্যৰ ভয়াৱহ সমস্যা হিচাপে আত্মপ্ৰকাশ কৰিছে পিত্তপাথৰ কৰ্কট ৰোগ। বিশ্বৰ তথ্য অনুসৰি পিত্তথলীৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত ভাৰতে চিলি আৰু বলিভিয়াৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে। ভাৰতৰ ভিতৰত অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক। এই পৰিস্থিতি ৰাজ্যখনৰ স্বাস্থ্যসেৱা ব্যৱস্থা আৰু বৈজ্ঞানিক সমাজ দুয়োটাৰে বাবে চিন্তাৰ বিষয় হৈয়েই আছে।
সাধাৰণতে বিশ্বজুৰি পিত্তৰ পাথৰক এই কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ বিপদজনক কাৰক হিচাপে গণ্য কৰা হয়। দীৰ্ঘদিন ধৰি পাথৰৰ উপস্থিতিয়ে পিত্তথলীৰ বেৰত প্ৰদাহ আৰু কোষীয় পৰিৱৰ্তন ঘটাব পাৰে, যাৰ ফলত অৱশেষত কেন্সাৰ হ’ব পাৰে। অৱশ্যে অসমৰ পৰিস্থিতি একেবাৰে বেলেগ। ইয়াৰ ৭০ শতাংশতকৈ অধিক ৰোগী পিত্তৰ পাথৰ নোহোৱা দেখা গৈছে, তথাপিও তেওঁলোকৰ এই কেন্সাৰ হয়। এই পৰিঘটনাটো বিজ্ঞানীসকলৰ বাবে দীৰ্ঘদিন ধৰি এক ৰহস্যৰ আৱৰ্তত হৈ আহিছে।
এই কাৰণেই তেজপুৰ বিশ্ববিদ্যালয়ৰ এই গৱেষণাৰ বিশেষ গুৰুত্ব আছে। তেজত উপস্থিত বিপাকীয় পদাৰ্থৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি কৰ্কট ৰোগ পিত্তৰ পাথৰৰ সৈতে জড়িত নে বিকশিত হৈছে সেয়া বুজিব পাৰিব। ইয়াৰ দ্বাৰা ৰোগ নিৰ্ণয়ৰ সুবিধা হোৱাই নহয়, ভৱিষ্যতে ইয়াৰ কাৰণসমূহ বুজি পোৱাৰ লগতে লক্ষ্য নিৰ্ধাৰিত চিকিৎসা বিকশিত কৰাত সহায়ক হ’ব।
বিশ্বৰ বহু ঠাইত পিত্তথলীৰ কৰ্কট ৰোগ তুলনামূলকভাৱে বিৰল বুলি গণ্য কৰা হৈছে যদিও অসম আৰু উত্তৰ-পূব ভাৰতত ই তৃতীয় সৰ্বাধিক ভয়ংকৰ কৰ্কট ৰোগত পৰিণত হৈছে। ইয়াত এই ৰোগ বিশেষভাৱে আক্ৰমণাত্মক আৰু দ্ৰুত বিয়পি পৰাৰ প্ৰৱণতা পোৱা গৈছে। পৰিৱেশৰ কাৰক, খাদ্যাভ্যাস, পানী প্ৰদূষণ, জিনীয় কাৰক, জীৱনশৈলীকে ধৰি কেইবাটাও সম্ভাৱ্য কাৰণ বিবেচনা কৰা হৈছে, যিবোৰৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন।
সাধাৰণতে কোনো নিৰ্দিষ্ট লক্ষণ নোহোৱাকৈয়ে পিত্তথলীৰ কৰ্কট ৰোগ আৰম্ভ হয়। প্ৰাৰম্ভিক অৱস্থাত কেতিয়াবা মৃদু পেটৰ বিষ, বদহজম, বমি বা দুৰ্বলতা দেখা দিব পাৰে, যিবোৰ প্ৰায়ে অৱজ্ঞা কৰা হয়। ৰোগ আগবাঢ়ি যোৱাৰ লগে লগে জণ্ডিচ, তীব্ৰ বিষ, দ্ৰুত ওজন কমি যোৱা, ভোক কমি যোৱা আদি অধিক গুৰুতৰ লক্ষণ দেখা দিব পাৰে।
দুৰ্ভাগ্যজনকভাৱে বেছিভাগ ক্ষেত্ৰতে ৰোগীয়ে অন্যান্য সমস্যা যেনে পিত্তৰ পাথৰ বা জণ্ডিচৰ বাবে চিকিৎসকৰ কাষ চাপে। পৰীক্ষাৰ সময়তহে কেন্সাৰৰ উপস্থিতি ধৰা পৰে। সেই সময়লৈকে প্ৰায়ে কেন্সাৰ ইমানেই বিয়পি পৰি যে পিত্তথলীৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰোৱাটো অত্যন্ত কঠিন বা অসম্ভৱ হৈ পৰিছে।
এনে পৰিস্থিতিত চিকিৎসকৰ চিকিৎসাৰ বিকল্প সীমিত। কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপীয়ে কম সময়ৰ বাবে ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে যদিও এই অতি আক্ৰমণাত্মক কৰ্কট ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো চিকিৎসা বিজ্ঞানৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈয়েই আছে।
এই পটভূমিত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ এই আৱিষ্কাৰক আশাৰ নতুন ৰশ্মি হিচাপে দেখা গৈছে। যদিহে তেজৰ পৰীক্ষাৰ জৰিয়তে পিত্তথলীৰ কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পৰে তেন্তে অস্ত্ৰোপচাৰ আৰু অন্যান্য চিকিৎসা অধিক ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ ফলত ৰোগীৰ আয়ুস বৃদ্ধিয়েই নহয় তেওঁলোকৰ জীৱনৰ মানো উন্নত হ’ব।
এই গৱেষণা কেৱল অসম আৰু উত্তৰ-পূব ভাৰতৰ বাবেই নহয়, সমগ্ৰ দেশ আৰু বিশ্বৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যদিহে ভৱিষ্যতে এই কৌশল বৃহৎ পৰিসৰত গ্ৰহণ কৰা হয় আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ অংশ কৰা হয়, তেন্তে পিত্তথলীৰ কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ বহু পৰিমাণে হ্ৰাস পাব পাৰে। এই আৱিষ্কাৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক বৃহৎ সফলতা হিচাপে প্ৰমাণিত হ’ব পাৰে।