শুকুৰবাৰে কোনবোৰ শাক-পাচলি বৈদিক শাস্ত্ৰ মতে খাব নালাগে?
( অনুৰাধা দাস : সম্পাদক )
বৈদিক শাস্ত্ৰত খাদ্যক কেৱল পেট ভৰোৱাৰ মাধ্যম নহয়, মন, বুদ্ধি আৰু আত্মাক প্ৰভাৱিত কৰা উপাদান বুলিও গণ্য কৰা হয়। মনুস্মৃতি, ভাগৱত, আয়ুৰ্বেদিক গ্ৰন্থসমূহে খাদ্যক তিনিটা গুণত বিভক্ত কৰিছে: সাত্বিক, ৰজ আৰু তম। শুক্ৰবাৰ শুক্ৰ গ্ৰহ আৰু লক্ষ্মী দেৱীৰ নামত উচৰ্গা কৰা হয়। শুক্ৰ গ্ৰহ সাত্বিক, সৌন্দৰ্য্য, কোমলতা, প্ৰেম আৰু বৈবাহিক আনন্দৰ প্ৰতীক। গতিকে এই দিনটোত তামসিক বা অতি ৰাজসিক প্ৰভাৱ থকা খাদ্য পৰিহাৰ কৰাটো বাঞ্ছনীয়।
তলত বৈদিক শাস্ত্ৰ অনুসৰি শুকুৰবাৰে কি কি শাক-পাচলিখোৱা উচিত নহয় উল্লেখ কৰা হ’ল:
(১) পিঁয়াজ
বৈদিক খাদ্য বিজ্ঞানত পিঁয়াজক ৰাজস-তামসিক শ্ৰেণীত স্থান দিয়া হৈছে। ই অস্থিৰতা, কামুক চিন্তা, খং বৃদ্ধি কৰে। শুকুৰবাৰে পিঁয়াজ খালে মানসিক শান্তি বিঘ্নিত হোৱাৰ লগতে লক্ষ্মী উপাদান দুৰ্বল হৈ পৰে। ধৰ্মীয়ভাৱে পূজা কৰাসকলকো এই দিনটোত পিয়াঁজ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
(২) নহৰু
নহৰুও তামাসিক খাদ্য । ই যৌন প্ৰৱণতাও বৃদ্ধি কৰে বুলি ধৰা হয়। আয়ুৰ্বেদৰ মতে ই শৰীৰত উত্তেজনা আৰু তাপ সৃষ্টি কৰে। বৈদিক বিশ্বাস অনুসৰি শুকুৰবাৰে নহৰু খোৱাৰ ফলত শুক্ৰৰ প্ৰেম শক্তিত প্ৰভাৱ পৰে, যাৰ ফলত প্ৰেম- বৈবাহিক জীৱনত ভাৰসাম্যহীনতা আহিব পাৰে।
(৩) মূলা
মূলা হৈছে ৰাজসিক, ই গৰম । বৈদিক বিশ্বাস অনুসৰি ই ৰাজসিক প্ৰভাৱ বৃদ্ধি কৰে। শুকুৰবাৰে মূলা খালে মানসিক অশান্তি আৰু অপ্ৰয়োজনীয় তৰ্কৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে এই দিনটোত মূলা পৰিহাৰ কৰাটোৱেই উত্তম বুলি বিবেচিত হয়।
(৪) বেঙেনা
বহু বৈদিক পৰম্পৰাত বেঙেনাক তামসিক পাচলি বুলি গণ্য কৰা হয়। কিছুমান শাস্ত্ৰত কোৱা হৈছে যে ই ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। লক্ষ্মীৰ লগত জড়িত দিন যেনে শুকুৰবাৰে বেঙেনা খোৱাটোৱে ধন-সম্পত্তি আৰু সুখত বাধাৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
(৫) তিতা কেৰেলা
তিতা কেৰেলা অত্যন্ত তিতা। তিতা সোৱাদ আয়ুৰ্বেদত বাত আৰু শনিৰ মৌলৰ লগত জড়িত। শুক্ৰ বাৰে তিতা কেৰেলা খালে জীৱনত দুখ, মানসিক চাপ আৰু অসন্তুষ্টি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
(৬) অত্যধিক জলকীয়া
অত্যধিক জলকীয়া খাদ্য শুকুৰবাৰে খাব নালাগে। এইবোৰে মনক অস্থিৰ কৰি পেলায় আৰু কামনা আৰু ক্ৰোধৰ দৰে বিকাৰ বৃদ্ধি কৰে, যিবোৰ শুক্ৰৰ সাত্বিক স্বভাৱৰ বিপৰীত।
◽শুকুৰবাৰে কোনবোৰ পাচলিক শুভ বুলি গণ্য কৰা হয়?
বৈদিক শাস্ত্ৰ অনুসৰি শুকুৰবাৰে লাউ, জিকা, বিলাহী, সেউজীয়া শাক, কোমোৰা,পটল, Indian Squash, গাজৰ, মিঠা আলু আদি মৃদু, মিঠা আৰু সাত্বিক পাচলি খোৱাটো শুভ বুলি গণ্য কৰা হয়।
বৈদিক শাস্ত্ৰ অনুসৰি তামসিক আৰু অতি ৰাজসিক শাক-পাচলি পৰিহাৰ কৰি শুকুৰবাৰে সাত্বিক খাদ্য গ্ৰহণ কৰিলে মন শান্ত হয় আৰু শুক্ৰ আৰু মাতা লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় । ইয়াৰ দ্বাৰা জীৱনত সুখ, শান্তি, প্ৰেম আৰু সমৃদ্ধি আহে।