New Style Homemade Burfi বনোৱাৰ এটা সহজ আৰু সুস্বাদু ৰেচিপি
( অনুৰাধা দাস )
আজিকালি মানুহে ঘৰতে বনোৱা মিঠাইক ক্ৰমান্বয়ে বেছি পছন্দ কৰিছে কাৰণ ই বিশুদ্ধৰ লগতে ইয়াৰ সোৱাদও অতি উত্তম। এই প্ৰসংগত আজি মই নিউ ষ্টাইল বাৰ্ফি বনোৱাৰ এটা সহজ আৰু অনন্য ৰেচিপি শ্বেয়াৰ কৰিছো, যিটো আপুনি নূন্যতম উপাদানৰে সুন্দৰকৈ প্ৰস্তুত কৰিব পাৰে।
◽প্ৰয়োজনীয় উপাদান
গাখীৰ – ১.৫ লিটাৰ
ভিনেগাৰ – ৩-৪ চামুচ
পেকেট গাখীৰৰ গুড়ি – ১/২ কাপৰ পৰা ১ কাপ
মিহিকৈ গুড়ি কৰা চেনি – ১/২ কাপৰ পৰা ১ কাপ
ইলাচিৰ গুড়ি – ১/২ চামুচ
এৱা গাখীৰ – ৩-৪ চামুচ
কেশৰ – অলপ
• মাখন লোগোৱা কাগজ বা ঘিউৰ আৱৰণযুক্ত কাগজ
◽প্ৰস্তুতিৰ পদ্ধতি
প্ৰথমে ১.৫ লিটাৰ গাখীৰ এটা চচপেনত ঢালি মধ্যমীয়া জুইত উতলিবলৈ দিব। গাখীৰ উতলিবলৈ আৰম্ভ কৰিলে জুই কমাই লাহে লাহে ৩ বা ৪ চামুচ ভিনেগাৰ দিব। ভিনেগাৰ মিহলোৱাৰ লগে লগে গাখীৰ ফাটি যাব আৰু পানী পৃথক হ’ব। ১-২ মিনিট লৰাই থাকিব।
এতিয়া চেনা খিনি পৰিষ্কাৰ কপাহী কাপোৰেৰে চেকি লওক। চেনাখিনি ঠাণ্ডা পানীৰে ভালদৰে ধুই লওক যাতে ভিনেগাৰৰ টেঙা লগাটো আঁতৰি যায়। তাৰ পিছত একেখন কাপোৰেৰে মেৰিয়াই এঘণ্টামান ওলোমাই থ’ব যাতে অতিৰিক্ত পানী সকলো আঁতৰি যায়।
চেনাখিনি ভালদৰে শুকান হ’লে মিক্সাৰ গ্ৰাইণ্ডাৰত থৈ দিব। এতিয়া তাত পেকেট গাখীৰৰ গুড়ি (আধা বা একাপ), চেনি গুড়ি, ইলাচিৰ গুড়ি, আৰু ডাঙৰ চামুচেৰে ৩-৪ চামুচ গাখীৰ দিব। এই সকলোবোৰ উপাদান মিক্সাৰত ভালদৰে পিহি মিহি আৰু ডাঠ পেষ্ট এটা বনাব। যদি যথেষ্ট ডাঠ নহয় তেন্তে আৰু গাখীৰ দি মিক্সাৰ গ্ৰাইণ্ডাৰত পিহি লওক।
এতিয়া এটা মাউল্ড বা ট্ৰে লʼব। তাৰ ভিতৰৰ তলি আৰু বেৰত বাটাৰ পেপাৰ লগাওক যাতে মাউল্ডত লাগি নধৰে । আৰু বৰফিবোৰ সহজে আঁতৰাই উলিয়াই আনিব পাৰি। প্ৰস্তুত কৰা মিশ্ৰণটো মাউল্ডত ঢালি ওপৰত সমানে বিয়পাই দিব। বৰফি আৰু আকৰ্ষণীয় কৰি তুলিবলৈ ওপৰত কেশৰ দিব।
ইয়াৰ পিছত কেৰাহীত অলপ পানী উতলিবলৈ দিব। ওপৰত ষ্টেণ্ড বা প্লেট এখন ৰাখি ওপৰত বৰফিৰ মাউল্ডটো ৰাখক। ঢাকোন দি ২০ৰ পৰা ৩০ মিনিট ভাপত সিজিবলৈ দিব। ইয়াৰ ফলত বৰফী ভালদৰে চেট হ’ব।
সময় শেষ হ’লে মাউল্ডটো আঁতৰাই সম্পূৰ্ণ ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে বৰফিখিনি নিজৰ পচন্দৰ আকৃতিত কাটি লওক।
◽ পৰিৱেশন পদ্ধতি
এই নতুন শৈলীৰ বৰফি - চাহৰ লগত, উৎসৱ, পূজা, বা বিশেষ অতিথিৰ বাবে অতি উত্তম। কোমল, সুগন্ধি, আৰু দেখিবলৈ ধুনীয়া এই বৰফিবোৰ খাই নিশ্চয় সকলোৱে ভাল পাব।
ইচ্ছা কৰিলে ইয়াত শুকান ফলো দিব পাৰে। এনেদৰে ঘৰতে বনোৱা মিঠাই বিশুদ্ধ, সুস্বাদু আৰু স্বাস্থ্যকৰ ।