Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

সন্ধিয়াৰ সময়ত খোৱা বুট-পাপড়ৰ এবিধ সুস্বাদু ৰেচিপি



সন্ধিয়াৰ সময়ত খোৱা বুট-পাপড়ৰ এবিধ সুস্বাদু ৰেচিপি

(অনুৰাধা দাস)

সন্ধিয়াৰ সময়ত সকলোৱে জলকীয়া, টেঙা সোৱাদযুক্ত আৰু সোনকালে প্ৰস্তুত হোৱা কিবা এবিধ খাবলৈ মনে হাহাকাৰ কৰে। এই বুট পাপড়ৰ ৰেচিপি সেই সময়ৰ বাবে এটা উত্তম বিকল্প। ই কেৱল সুস্বাদুই নহয় পুষ্টিকৰো। বুট-মগু, পিয়াঁজ, ধনীয়া পাত আৰু পাপড়ৰ মিশ্ৰণে ইয়াক বিশেষ কৰি তোলে। চাহৰ লগত বা জলপান হিচাপে সহজেই উপভোগ কৰিব পাৰি।

এই ৰেচিপিটো অতি কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰিব পাৰি আৰু ইয়াৰ বাবে বিশেষ কষ্ট বা ব্যয়বহুল উপাদানৰ প্ৰয়োজন নহয়। সহজলভ্য সামগ্ৰীৰে তৈয়াৰী এই খাদ্য শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে খাই উপভোগ কৰে।




সামগ্ৰীসমূহ:

• ১ বাটি সিজোৱা বুট আৰু মগু

• ৪ ৰ পৰা ৫ টা খন পাপড়

• ১-২ টা কেঁচা জলকীয়া (মিহিকৈ কাটি লোৱা) ৷

• অলপ ধনীয়া (মিহিকৈ কটা) ৷

• ১ টা মধ্যমীয়া আকাৰৰ পিঁয়াজ (মিহিকৈ কাটি লোৱা) ৷

• সোৱাদ অনুসৰি নিমখ

• অলপ সৰিয়হৰ তেল

• ৰুচি অনুসৰি চাট মছলা

পদ্ধতি:

প্ৰথমে বুট আৰু মগু ভালদৰে ধুই উতলাই সিজাই লওক। নিশ্চিত হওক যে বুট আৰু মগু যাতে অতিমাত্ৰা সিজি নাযায়, মাত্ৰ কোমল হোৱাকৈ সিজাব। সিজোৱাৰ পিছত অতিৰিক্ত পানীখিনি উলিয়াই ঠাণ্ডা হ’বলৈ দিব।

এতিয়া কেৰাহীত তেল গৰম কৰি পাপড় ভাজিব। পাপাদবোৰ কিছু ঠাণ্ডা হ’লে হাতেৰে সৰু সৰু টুকুৰা কৰি ভাঙিব লাগে।

এটা ডাঙৰ পাত্ৰত সিজোৱা বুট-মগু খিনি থৈ দিব। মিহিকৈ কটা পিঁয়াজ, কেঁচা জলকীয়া, ধনীয়া পাত দি ভালদৰে মিহলাই লওক। ৰুচি অনুসৰি নিমখ আৰু চাট মছলা দিব। ওপৰত অলপ অনুপম সৰিয়হৰ তেল দিব পাৰে , যাৰ ফলত ইয়াৰ সোৱাদ আৰু সুগন্ধি দুয়োটা বৃদ্ধি পায়।

শেষত পাপড়ৰ টুকুৰা খিনি ওপৰতে দি লাহে লাহে সকলোবোৰ একেলগে মিহলাই লব। সাৱধান হওক যে ইয়াক যোগ কৰাৰ পিছত বেছি সময় থৈ নিদিয়ে, কাৰণ পাপড় কোমল হ’ব পাৰে।





পৰিবেশন পদ্ধতি:

বুট পাপড় তৎক্ষণাত পৰিবেশন কৰক যাতে খৰখৰীয়া হৈ থাকে। ইচ্ছা কৰিলে ওপৰত নেমুৰ ৰস অলপ টোপাল টোপালকৈ দিব পাৰে। সন্ধিয়াৰ জলপানৰ বাবে এইবিধ ৰেচিপি বহু সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ বিকল্প।

বিশেষকৈ যিসকলে বাহিৰৰ পৰা ভজা খাদ্য পৰিহাৰ কৰিব বিচাৰে, কিন্তু সোৱাদৰ লগত আপোচ কৰিব নিবিচাৰে। তেওঁলোকৰ বাবে এই ৰেচিপিটো অতি প্ৰিয় হৈ পৰে।




Bottom Post Ad