আজি ভোগালী বিহুঃ অসমীয়া মানুহৰ বাবে আনন্দ আৰু ভোগৰ উৎসৱ।
(অপূৰ্ব দাস)
আজি ভোগালী বিহু উদযাপনৰ বাবে অসমৰ মাটি আনন্দৰে, সোৱাদেৰে, পৰম্পৰাৰে ভৰি পৰিছে। ইয়াক মাঘ বিহু বুলিও কোৱা হয়। এই উৎসৱক অসমীয়া সমাজৰ আটাইতকৈ আনন্দদায়ক উৎসৱ বুলি গণ্য কৰা হয়, কিয়নো ইয়াত কঠোৰ পৰিশ্ৰমৰ ফল আৰু জীৱনৰ সমৃদ্ধিৰ উদযাপন কৰা হয়। ভোগালী বিহু কেৱল উৎসৱ নহয়, অসমৰ সাংস্কৃতিক আত্মা, মানুহক ইজনে সিজনৰ লগত সংযোগ কৰা এক উৎসৱ।
◽ভোগালী বিহুৰ অৰ্থ আৰু তাৎপৰ্য
"ভোগালী" শব্দটো "ভোগ"ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ আনন্দ, খাদ্য আৰু সুখ। কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অসমীয়া সমাজৰ বাবে এই উৎসৱ অতি বিশেষ, কাৰণ শস্য চপোৱাৰ পিছত ঘৰবোৰ শস্যৰে ভৰি পৰে। এবছৰৰ কষ্টৰ অন্তত যেতিয়া খাদ্য ভৰ্তি হৈ থাকে তেতিয়া মানুহে ভগৱানক ধন্যবাদ জনায় আৰু জীৱনৰ আনন্দ উপভোগ কৰে। এই কাৰণেই ভোগালী বিহুক আনন্দ উদযাপনৰ উৎসৱ বুলি কোৱা হয়।
◽মাঘ মাহ আৰু প্ৰকৃতিৰ মাজৰ সংযোগ
প্ৰতি বছৰে মাঘ মাহত ভোগালী বিহু পালন কৰা হয়। এই সময়ত ঠাণ্ডা শিখৰত উপনীত হয় যদিও হৃদয়বোৰ উষ্ণতা আৰু আনন্দৰে ভৰি পৰে। পথাৰৰ পৰা শস্য চপাই ভঁৰালত ৰখা হয় আৰু খেতিয়কসকলে স্বস্তিৰ উশাহ ল'য়। প্ৰকৃতি আৰু মানৱ জীৱনৰ এই মিশ্ৰণে অসমীয়া সংস্কৃতিৰ আটাইতকৈ সুন্দৰ আভাস প্ৰদৰ্শন কৰে।
◽উৰুকা উদযাপনৰ নিশা
ভোগালী বিহুৰ আগৰ নিশাক উৰুকা বোলে। এই নিশাটো অসমীয়া মানুহৰ বাবে অতি বিশেষ। এই দিনটোত নদীৰ পাৰত, পথাৰত বা মুকলি পথাৰত মানুহে ভেলাঘৰ নামৰ অস্থায়ী জুপুৰি সাজি লয়। ইয়াক ‘নৰা'ৰ দ্বাৰা সজোৱা হয়। অসমীয়াত "নৰা" শব্দটোৱে মূলতঃ ধান চপোৱাৰ পাছত পথাৰত ৰৈ যোৱা ধান গছৰ গা-গছৰ কিছু অংশক বুজায়।
গ্ৰামাঞ্চলত নৰাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ ভোগালী বিহুৰ সময়ত মেজি আৰু ভেলাঘৰ প্ৰস্তুত কৰাত ইয়াক ব্যৱহাৰ কৰা হয়। বহু ঠাইত নৰাক জীৱ-জন্তুৰ খাদ্য হিচাপে বা সাৰ প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়।
উৰুকাৰ নিশা ভেলাঘৰত সামূহিকভাৱে খাদ্য ৰান্ধি, গোটেই ৰাতিটো গান গাই, হাঁহি-ধেমালি, জ্বলাই লোৱা জুইৰ আশে-পাশে বহি পাৰ কৰা হয়।
উৰুকাৰ নিশা ভোগালী বিহুৰ আটাইতকৈ হাস্যৰসময়ী নিশা হৈ পৰে, কাৰণ এই নিশা বন্ধু-বান্ধৱী, যুৱক-যুৱতী আৰু গাঁৱৰ মানুহে চঞ্চলভাৱে সৰু-সুৰা "চুৰি" কৰে, যেনে কাৰোবাৰ চোতালৰ পৰা কাঠ, বাটৰ পুৰণি জপনা বা বাৰীৰ শাক-পাচলি ইত্যাদি। জপনা , বাঁহ আদি চুৰি কৰি আনি মেজি জ্বলোৱাত বা সামূহিক খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াক প্ৰকৃত চুৰি বুলি গণ্য কৰা নহয়, বৰঞ্চ পৰম্পৰাগত এক ধেমালি বুলি গণ্য কৰা হয়। কিন্তু ৰাতিপুৱা একেখিনি মানুহেই ক্ষমা খুজি, আন্তৰিক সম্পৰ্ক বজাই ৰাখে, হাঁহি হাঁহি সকলো সমাধান কৰা হ'য়।
উৰুকাৰ নিশা পৰিয়াল, বন্ধু-বান্ধৱী, গাঁৱৰ মানুহবোৰ একত্ৰিত হয়। এই সমাৱেশ অসমীয়া সমাজৰ ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰতীক।
◽ভোগালী বিহুৰ পুৱা আৰু মেজি দহন
ভোগালী বিহুৰ পুৱাটো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ৰাতিপুৱাই মানুহে গা ধুই পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। তাৰ পিছত মেজিত জুই জ্বলোৱা হয়, যিটো বাঁহ, কাঠ আৰু নৰাৰে তৈয়াৰ কৰা হয়। মেজি জ্বলোৱাৰ সময়ত মানুহে অগ্নিদেৱতাক নৈবেদ্য ( পিঠা, লাড়ু, মা-কৰাই, পানী, ফল-ফুল , বন্তি ) আগবঢ়ায় আৰু সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। মেজি জ্বলোৱাটো কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, অতীতৰ দুখ আৰু নেতিবাচকতাক জ্বলাই নতুন জীৱনৰ আৰম্ভণিৰো প্ৰতীক।
দোমাহীৰ দিনা অসমীয়া সমাজত বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোত কনিষ্ঠ সকলে নিজৰ বয়োজ্যেষ্ঠসকলক প্ৰণাম কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰে। বয়োজ্যেষ্ঠসকলে মৰমেৰে কনিষ্ঠসকলক, বিশেষকৈ শিশু আৰু যুৱক-যুৱতীসকলক আশীৰ্বাদ দিয়ে, যিটো অনুশাসন, সুৰক্ষা আৰু শুভ ভৱিষ্যতৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
ইয়াৰ পিছত প্ৰতিখন ঘৰতে মৰম-শ্ৰদ্বা স্পষ্ট হৈ পৰে। বয়োজ্যেষ্ঠসকলক বা বন্ধু-বান্ধৱী সকলোকে নিজৰ ঘৰলৈ জলপান কৰিবলৈ নিমন্ত্ৰণ কৰে। এই উপলক্ষে কোনো বৈষম্য নাই— পৰিয়াল, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱী সকলোৱে একেলগে বহি পিঠা, লাড়ু,মা-কৰাই খায়। শান্তিপূৰ্ণ ভাৱে সকলোৱে মিলা-প্ৰীতিৰে থকাৰ পৰিৱেশে বিৰাজ কৰে, য’ত হাঁহি, ভাল কথা-বতৰা আৰু আপোন বুলি ভবা অনুভৱে উৎসৱৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰে।
ইয়াৰ পিছত মাহৰ প্ৰথম দিনা অৰ্থাৎ এক তাৰিখৰ দিনা মানুহে ৰাতিপুৱা সোনকালে শুই উঠি গা-পা ধুই নতুন কাপোৰ পিন্ধি মন্দিৰলৈ যায়, ভগৱানক দৰ্শন কৰে আৰু আগন্তুক বছৰটো যাতে সুখ, শান্তিপূৰ্ণ, সমৃদ্ধিশালী হ'য় তাৰ বাবে ভক্তিৰে প্ৰাৰ্থনা কৰে। মানুহে নিজৰ পৰিয়াল, সমাজ আৰু সমগ্ৰ অঞ্চলটোৰ মংগলৰ বাবেও প্ৰাৰ্থনা কৰে।
◽ভোগালী বিহুৰ পৰম্পৰাগত খাদ্য
ভোগালী বিহুৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে ইয়াৰ খাদ্য। এই দিনটোত বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। তিলৰ পিঠা, নাৰিকলৰ পিঠা, তেল পিঠা , নাৰিকল আৰু তিলৰ লাড়ু, গুড়, চাউলৰ বিভিন্ন খাদ্য, দৈ গাখীৰ আদি প্ৰস্তুত কৰি আপোন জনক খাবলৈ মাতে আৰু নিজেও খায়। মাছ আৰু মাংসৰ দ্বাৰা প্ৰস্তুত বিভিন্ন ব্যঞ্জনো মাঘ বিহুত খোৱা হয় । এইবোৰেই হৈছে ভোগালী বিহুৰ মুখ্য আকৰ্ষণ। এই বিহুত কেৱল খাদ্য খাই পেট ভৰোৱাৰ মাধ্যম হিচাপে ভবা নহয়, ইয়াক একতাৰ উদযাপনৰ কেন্দ্ৰবিন্দু বুলিও গণ্য কৰা হয়।
◽ক্রীড়া আৰু মনোৰঞ্জন
ভোগালী বিহুৰ সময়তো পৰম্পৰাগত ক্ৰীড়াৰ আয়োজন কৰা হয়। ম'হৰ যুঁজ, মুৰ্গী যুঁজ, ধনুৰ্বিদ আৰু অন্যান্য গ্ৰাম্য খেলে অসমৰ লোকসংস্কৃতিক সজীৱ কৰি তোলে। কিন্তু আধুনিক যুগত পশু কল্যাণৰ কথা মনত ৰাখি এই খেলবোৰ চৰকাৰে বন্ধ কৰিছে ।
◽সামাজিক ঐক্যৰ এক উৎসৱ
ভোগালী বিহু অসমীয়া সমাজক একত্ৰিত কৰা এক উৎসৱ। ধনী-দুখীয়া, জাতি-ধৰ্মৰ পাৰ্থক্য পাহৰি সকলোৱে একেলগে খায়, পান কৰে, উদযাপন কৰে। এই উৎসৱে শিকায় যে সামূহিক আনন্দই হৈছে জীৱনৰ প্ৰকৃত ধন।
◽ বৰ্তমান আধুনিক সময়ত ভোগালী বিহু
আজি চহৰ অঞ্চলতো অতি উৎসাহেৰে ভোগালী বিহু উদযাপন কৰা হয়। জীৱনশৈলী সলনি হ’লেও পৰম্পৰাৰ গুৰুত্ব অটুট আছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে মানুহে শুভেচ্ছা আদান-প্ৰদান কৰে আৰু পৰিয়াল আৰু আপোনজনৰ সৈতে খাদ্য ভাগ-বতৰা কৰাৰ পৰম্পৰা জীয়াই আছে। কিন্তু ঢেঁকী আৰু উৰালৰ ব্যৱহাৰ বহুখিনি কমিছে। ইয়াৰ ঠাইত আধুনিক যন্ত্ৰ মিক্সাৰ গ্ৰেইণ্ডাৰ ব্যৱহাৰ কৰা দেখা গৈছে। কাঠ বা বাঁহৰ জুইৰ চৌকাৰ সলনি গেছৰ ব্যৱহাৰ কৰা হৈছে। তথাপিও পৰম্পৰা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়, কাৰণ এটা পৰম্পৰাইহে জাতি এটাৰ পৰিচয় দাঙি ধৰে। সেয়েহে পৰম্পৰা ৰক্ষা কৰাটো সকলো অসমীয়াৰে দায়িত্ব।
ভোগালী বিহু অসমীয়া মানুহৰ বাবে আনন্দ, কষ্টৰ ফল লাভ কৰা আৰু আমাৰ পৰম্পৰাৰ উদযাপন। এই উৎসৱে আমাক শিকায় যে কঠোৰ পৰিশ্ৰমৰ পিছত যি পোৱা যায় তাতেই প্ৰকৃত সুখ নিহিত হৈ থাকে। ভোগালী বিহু কেৱল খোৱা-বোৱাৰ উৎসৱ নহয়, প্ৰকৃতি, সমাজ, সংস্কৃতিৰ লগত সমন্বয়ৰ প্ৰতীক। আজি সমগ্ৰ অসমে ভোগালী বিহু উদযাপন কৰাৰ লগে লগে প্ৰতিখন হৃদয়ত একে আৱেগেই প্ৰতিধ্বনিত হৈছে। সকলোৱে একেলগে আনন্দৰ ভাগ বতৰা কৰক, একেলগে মিৰা-প্ৰীতিৰে বসবাস কৰক, জীৱন উদযাপন কৰক।
🙏 সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ!