Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

আজি তুলসী পূজা দিৱসঃ তুলসী পূজা কৰিলে কি কি লাভ হয় জানিবলৈ পঢ়িব।




আজি তুলসী পূজা দিৱসঃ তুলসী পূজা কৰিলে কি কি লাভ হয় জানিবলৈ পঢ়িব।

( অপূৰ্ব দাস )

হিন্দু ধৰ্মত তুলসী কেৱল এবিধ উদ্ভিদ নহয়, ইয়াক লক্ষ্মী দেৱীৰ এক ৰূপ আৰু ভগৱান বিষ্ণুৰ প্ৰিয়া বুলি গণ্য কৰা হয়। শাস্ত্ৰত তুলসীক "হৰি-প্ৰিয়া" বুলি কোৱা হৈছে। তুলসী পূজা দিৱসত তুলসী মাতাক পূজা কৰিলে সকলো স্তৰতে উপকাৰ পোৱা যায় – ধৰ্মীয়, মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক। তুলসী পূজাৰ মূল উপকাৰিতাৰ বিষয়ে জানিবলৈ পঢ়িব -

(১) ধৰ্মীয় আৰু আধ্যাত্মিক লাভ

তুলসী পূজা কৰিলে ঘৰলৈ ইতিবাচক শক্তি আহে। নিতৌ তুলসী পূজা কৰা ঘৰত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা তুলসীক পানী আগবঢ়োৱাৰ লগতে বন্তি দান কৰিলে পাপ নাশ কৰাত সহায় কৰে আৰু সৌভাগ্য কঢ়িয়াই আনে। গধূলিৰ সময়ত পানী বা গাখীৰ আগবঢ়াব পাৰে কিন্তু গছৰ গুৰিত ঢালি নিদিব।

তুলসীৰ ওচৰত বহি "ওঁম নমো ভগৱতে বাসুদেৱায় নমঃ" বা "শ্ৰী শ্ৰী মাতা লক্ষ্মীয়ে নমঃ ' মন্ত্ৰ জপ কৰিলে মন শান্ত হয় আৰু আধ্যাত্মিক প্ৰগতিৰ প্ৰসাৰ ঘটে লগতে জীৱনলৈ সুখ আহে।




(২) ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি

তুলসী উপাসনাই ঘৰৰ পৰা অসঙ্গতি, নেতিবাচকতা আৰু মানসিক চাপ আঁতৰাই পেলায়। বাস্তু শাস্ত্ৰৰ মতে তুলসী উদ্ভিদে ঘৰুৱা পৰিৱেশ বিশুদ্ধ কৰি সুখ আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটায়। নিয়মীয়াকৈ তুলসী পূজা কৰিলে আৰ্থিক সমস্যা হ্ৰাস পায় আৰু আৰ্থিক স্থিতিশীলতা আনে বুলি বিশ্বাস কৰা হয়।

(৩) মানসিক শান্তি আৰু মানসিক চাপ হ্ৰাস

আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত মানসিক চাপ এটা ভয়ংকৰ সমস্যা। তুলসী পূজা কৰি মনে মনে বহি কিছু মুহূৰ্ত ধ্যান কৰিলে মনলৈ শান্তি আহে। তুলসীৰ সুগন্ধি আৰু ইয়াৰ চাৰিওফালে থকা ইতিবাচক শক্তিয়ে উদ্বেগ, হতাশা, নেতিবাচক চিন্তা হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত।

(৪) স্বাস্থ্য উপকাৰীতা

আয়ুৰ্বেদত তুলসীক ঔষধৰ ৰাণী বুলি কোৱা হয়। তুলসী পূজা কৰাৰ লগতে তুলসী সেৱন কৰিলে স্বাস্থ্যৰ অসংখ্য উপকাৰ পোৱা যায়, যেনে-

• ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

• চৰ্দি, কাহ, জ্বৰৰ বাবে উপকাৰী

• পাচনতন্ত্ৰ শক্তিশালী কৰে

• শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে

তুলসী পূজা কৰিলে সুস্থ জীৱন সুখৰ হ'য় বুলি বিশ্বাস কৰা হয়।

(৫) পৰিৱেশ বিশুদ্ধকৰণ

তুলসী উদ্ভিদে চাৰিওফালৰ বায়ু বিশুদ্ধ কৰে। বৈজ্ঞানিকভাৱে প্ৰমাণিত যে তুলসীয়ে পৰিৱেশৰ ক্ষতিকাৰক বেক্টেৰিয়া কমোৱাতো সহায় কৰে। তুলসী পূজাৰ সময়ত বন্তি আৰু ধূপ জ্বলালে পৰিৱেশ আৰু অধিক শুদ্ধ কৰে।

(৬) পাৰিবাৰিক সুখ আৰু বৈবাহিক জীৱনৰ বাবে উপকাৰী 

তুলসী মাতাক সৌভাগ্যৰ দেৱী বুলি গণ্য কৰা হয়। বিশেষকৈ মহিলাৰ বাবে তুলসী পূজা অতি উপকাৰী বুলি গণ্য কৰা হয়।

• বিবাহিত জীৱনলৈ মধুৰতা কঢ়িয়াই আনে

• স্বামীক দীৰ্ঘায়ু জীৱন প্ৰদান কৰে 

• পৰিয়ালত প্ৰেম আৰু ঐক্য বজাই ৰাখে

এই কাৰণেই তুলসী বিবাহৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে।




(৭) গ্ৰহৰ দোষ আৰু নেতিবাচক প্ৰভাৱ হ্ৰাস কৰে

জ্যোতিষৰ মতে তুলসী পূজা কৰিলে গ্ৰহৰ দোষ, বিশেষকৈ চন্দ্ৰ আৰু শুক্ৰৰ লগত জড়িত দোষৰ প্ৰভাৱ কমি যায়। প্ৰতিদিনে তুলসীৰ সন্মুখত বন্তি জ্বলালেও ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ কমি যায়।

(৮) শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে উপকাৰ

তুলসী উপাসনাই শিশুৰ ভাল মূল্যবোধ, একাগ্ৰতা আৰু অনুশাসন বৃদ্ধি কৰে। সিহঁতে পঢ়া-শুনাত গুৰুত্ব দিয়ে আৰু নেতিবাচক অভ্যাসৰ পৰা আঁতৰি থাকে।

যুৱক-যুৱতীসকলৰ বাবে তুলসী পূজাৰ দ্বাৰা আত্মবিশ্বাস আৰু ইতিবাচক চিন্তা-চৰ্চা মজবুত হয়।

• মাক-দেউতাকে তুলসী পূজাৰ শুদ্ধ পদ্ধতি জনোৱা উচিত 

• ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব

• বন্তি আৰু ধূপ জ্বলোৱা উচিত

• তুলসীক পানী আগবঢ়াওক আৰু তুলসীৰ গুৰিত পানী প্ৰদান কৰিব। ইয়াৰ পিছত ১০৮ বাৰ বা ২১ বাৰ" ওঁম বাসুদেৱায় নমঃ" বুলি প্ৰমাণ কৰিব।

• তুলসীক কেঁচা গাখীৰ বা গংগা পানী আগবঢ়াব পাৰে। অৱশ্যে সূৰ্যাস্তৰ পিছত তুলসীক পানী, গাখীৰ বা আন কোনো পানী আগবঢ়াব নালাগে।

• পৱিত্ৰ হৈ অন্তৰেৰে পূজা কৰিব আৰু বিশ্বাস ৰখা উচিত।


📌 তুলসীৰ আয়ুৰ্বেদিক গুণ

আয়ুৰ্বেদত তুলসীক "ঔষধৰ ৰাণী" বুলি কোৱা হয়। তুলসীৰ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল, এন্টিঅক্সিডেন্ট, আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। সঠিক পৰিমাণত আৰু সঠিকভাৱে সেৱন কৰিলে তুলসীয়ে বহু ৰোগৰ প্ৰাকৃতিক প্ৰতিকাৰ হিচাপে কাম কৰে।

(১) চৰ্দি আৰু কাহ

• উপকাৰ: কফ দূৰ কৰে আৰু ডিঙিৰ বিষ কমায়।
• মাত্ৰা: ৫–৭ টা সতেজ তুলসী পাত ল'ব ।
• তুলসীৰ পাত ১ কাপ পানীত উতলাই ল'ব। ইচ্ছা কৰিলে অলপ আদা আৰু মৌ দিব। দিনটোত ১–২ বাৰ সেৱন কৰিব লাগে।

(২) জ্বৰ (ভাইৰেল বা ঋতুভিত্তিক)

• উপকাৰ: শৰীৰৰ উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

• মাত্ৰা: ৮–১০ টা পাত ল'ব ।
• তুলসীৰ পাতত ২–৩ টা ক’লা জালুকৰ গুটি গুড়ি কৰি পানীত দি কিছু সময় উতলাব । দিনটোত এবাৰ খাব লাগে।

(৩) ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'লে 

• উপকাৰ: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
• মাত্ৰা: দৈনিক ২–৩ টা পাত ল'ব।
• তুলসীৰ পাত ৰাতিপুৱা খালী পেটত চোবাই খাব লাগে বা কুহুমীয়া পানীৰ লগত খাব লাগে।

(৪) পাচনতন্ত্ৰৰ সমস্যা আৰু গেছ

• উপকাৰ: বদহজম, গেছ, পেটৰ বিষৰ পৰা উপশম পোৱা যায়।
• মাত্ৰা: ৪–৫ টা পাত ল'ব 
• তুলসীৰ পাত পানীত সিজাই খাদ্য খোৱাৰ পিছত পান কৰক বা পাত চোবাই খাব লাগে।

(৫) ডায়েবেটিছ

• উপকাৰ: তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।
• মাত্ৰা: ৫–৬ টা পাত ল'ব।
• তুলসী পাতৰ ৰস খাব লাগে বা ৰাতিপুৱা খালী পেটত চোবাই খাব লাগে। (যদি ঔষধ খাই আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।)

(৬) শ্বাস-প্ৰশ্বাসজনিত ৰোগ (হাঁপানী, ব্ৰংকাইটিছ)

• উপকাৰ: হাওঁফাওঁ শক্তিশালী কৰে, উশাহ-নিশাহৰ ৰোগৰ পৰা পৰা উপশম দিয়ে।
• মাত্ৰা: ৬–৮ টা পাত ল'ব 
• এক-দুই কাপ তুলসী উতলোৱা পানীত মৌৰ দি দিনে এবাৰ খাব লাগে।

(৭) মানসিক চাপ আৰু অনিদ্ৰা

• উপকাৰ: মন শান্ত কৰে, টোপনি ভাল কৰে।
• মাত্ৰা: ৩–৪ টা পাত ল'ব।
• ৰাতি মৃদু তুলসীৰ পাত দিয়া চাহ খাব লাগে। চাহ পাত ব্যৱহাৰ নকৰিব। চেনিৰ সলনি মৌ এচামুচ ল'ব।

◽ সাৱধানতা

• গৰ্ভৱতী মহিলাই প্ৰচুৰ পৰিমাণে সেৱন কৰিব নালাগে।

• খালী পেটত অত্যধিক সেৱন পৰিহাৰ কৰক।

• দৈনিক ৫–১০ টাতকৈ বেছি পাত খাব নালাগে।

তুলসী সঠিক পৰিমাণত আৰু সঠিক পদ্ধতিৰে সেৱন কৰিলে বহু বেমাৰৰ ঔষধ হ'য় । কিন্তু যদি আপোনাৰ কোনো গুৰুতৰ ৰোগ আছে বা ঔষধ সেৱন কৰি আছে তেন্তে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

তুলসী পূজা দিৱস কেৱল ধৰ্মীয় পৰম্পৰা নহয়, সুষম, সুস্থ, ইতিবাচক জীৱন সৃষ্টিৰ মাধ্যম। নিয়মিতভাৱে তুলসী মাতাৰ পূজা কৰিলে জীৱনৰ চাৰিটা লক্ষ্য- ধৰ্ম, অৰ্থ, কাম, আৰু মোক্ষ লাভৰ বাট মুকলি হয়।

প্ৰতিদিনে কম সময়ৰ বাবে হ'লেও যদি আমি তুলসী পূজাক আমাৰ জীৱনৰ অংগ কৰি লওঁ, তেন্তে আমি নিশ্চয় সুখ, শান্তি, সমৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিম।





Bottom Post Ad