পিকনিক খাবলৈ কলৈ যাব? নতুন বছৰত পিকনিক খাবলৈ যাওঁক অসমৰ এইকেইখন বিখ্যাত স্থানলৈ।
(অপূৰ্ব দাস )
নতুন বছৰ আহিলেই আমাৰ মনলৈ আহে পিকনিক খাবলৈ যোৱাৰ হেঁপাহ। প্ৰতি বছৰে আমি ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ লগতে বনভোজ খোৱাৰো পৰিকল্পনা কৰোঁ। কোনখন ঠাইলৈ যাম, কি খাম ইত্যাদি চিন্তা আমাৰ মনত আহিবলৈ ধৰে। সেয়েহে এই লিখনিৰ জৰিয়তে অসমৰ বিখ্যাত কেইখনমান উল্লেখযোগ্য স্থানৰ নাম তলত উল্লেখ কৰিছোঁ। এই স্থানসমূহলৈ গৈ আপুনি মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে নতুন বছৰত এসাঁজ জুতিলগা খাদ্য উপভোগ কৰিব পাৰিব।
(১) লক্ষীমপুৰৰ কাকৈ বনভোজ স্থলী
অসম অৰুণাচল সীমান্তৰ কাকৈ বনভোজ স্থলীত বনভোজ প্ৰেমী ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আপুনিও এই স্থানলৈ গৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে আপোনাৰ প্ৰিয় এসাঁজ জুতিলগা খাদ্য উপভোগ কৰি বছৰৰ প্ৰথম দিনত আনন্দ লাভ কৰিব পাৰিব।
(২) বগা মাটি
প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে নতুন ৰূপ আৰু সৌন্দৰ্য্যৰে পৰ্যটকক আদৰিবলৈ সাজু হয় প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বগামাটি। এই স্থান ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ আৰু ওদালগুৰি জিলাৰ মাজমজিয়াত অৱস্থিত।
পৰ্যটনস্থলীৰ বাবে এতিয়া বিখ্যাত হৈ পৰিছে বগা মাটি। শীতৰ আগমনৰ লগে লগে যেন বগামাটিয়ে হাত বাউল দি মাতে পৰ্যটকক। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আপুনিও নতুন বছৰত তালৈ যাব পাৰে। বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত হৈ পৰে।
(3) অৰুনাচল সীমান্তৰ চিজোচাৰ বৰদিকৰাই নদীৰ পাৰ
আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে অৰুনাচল সীমান্তৰ চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বনভোজপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হৈছে৷ সৌন্দৰ্য্যৰাণী চিজোচাৰ মনোমোহা দৃশ্য উপভোগৰ বাবে আগমন ঘটিছে বহু বনভোজ প্ৰেমী ৰাইজৰ ৷
(৪) চানডুবি বিল
এতিয়া সকলোৱে নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলাইছে।মনতে ভাবিছে বিভিন্ন ঠাইত গৈ এসাঁজ জুতিলগা খাদ্য উপভোগ কৰিম।
পলাশবাৰী সমষ্টিৰ অন্তৰ্গত চানডুবি বিলৰ নগৰ বাকৰিত পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ষষ্ঠদশ চানডুবি উৎসৱ।
অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বিল হৈছে চানডুবি বিল । অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী হৈ পৰিছে চানডুবি বিল। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ প্ৰতি বছৰে পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হয় ।
ইয়াত অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱ আছে । আপুনিও এই স্থানলৈ গৈ পদুম ফুলৰ মাজে মাজে নাওঁৰে বিলৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। বনভোজ খাবলৈ নৱেম্বৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে বছৰৰ বহু লোকৰ সমাগম হয়।
(৫) বগীবিল
ব্ৰহ্মপুত্ৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু ইয়াত বনভোজ খাবলৈ অতি সুখদায়ক স্থান হৈছে বগীবিল।
লগতে আপুনি ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেলৰ দলং দলং চাব পাৰিব । বগীবিল দলঙৰ নাম হৈছে বীৰাংগনা সতী সাধনী সেঁতু!
এইবাৰ বনভোজৰ বাবে আপুনি বগীবিললৈ যাব পাৰে। এতিয়া বনভোজ খোৱাৰ বাবে গীবিল হৈ পৰে অতি জনপ্ৰিয় ঠাই । এই সময়ত প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আৰু এসাঁজ জুতিলগা খাদ্য উপভোগ কৰিবলৈ বহু লোকৰ সমাগম ঘটে।
(৬) উকিয়ামৰ ত্ৰিবেণী সংগম
অসম-মেঘালয় সীমাঞ্চলৰ উকিয়ামত প্ৰকৃতিৰ নিবিড় পৰিৱেশৰ উকিয়ামত বনোভোজ খাবলৈ সমাগম ঘটে বহু বনভোজ প্ৰেমী আৰু ভ্ৰমণকাৰীৰ । অসম - মেঘালয় সীমান্তৱৰ্তী উকিয়ামৰ ত্ৰিবেণী সংগমত বনভোজকাৰী দলৰ সমাগম প্ৰতি বছৰে দেখা যায়।
অসম - মেঘালয় সীমান্তৱৰ্তী উকিয়ামৰ ত্ৰিবেণী সংগমত ( কুলশী হৈ বৈ অহা শ্ৰী, ঘোগা আৰু দ্ৰোণ নদীৰ পাৰত ) শীতৰ এই সময়ত প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিবলৈ বিভিন্ন স্থানৰ পৰা বনভোজকাৰীৰ দল অহা দেখা যায়। লগতে দৰ্শনাৰ্থী সকলো আহি উপস্থিত হয়।
এই তিনি নদীৰ সংযোগত দৰ্শনাৰ্থীয়ে নৌকা আদিত উঠি এই তিনিখন নদী পৰিদৰ্শন কৰাৰ লগতে অসম মেঘালয়ৰ দুয়ো পাৰ সংযোগ কৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে খোজ কাঢ়ি আনন্দ উপভোগ কৰে।
(৭) দিল্লী ঘাট
নাম শুনিলে এনেকুৱা লাগে যে দিল্লীৰ স্থান। কিন্তু এই দিল্লী ঘাট আমাৰ অসমতে আছে। এই ঠাইখন ডিব্ৰুগড়ৰৰ নামৰূপত আছে। দিল্লী ঘাটৰ দিচাং নদী আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই বনভোজ প্ৰেমীসকলক প্ৰতি বছৰে আকৰ্ষিত কৰে। আপুনিও যদি ডিব্ৰুগড়ৰ দিল্লীৰ ঘাটলৈ যায় তেন্তে মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ঠাইখন উপভোগ কৰিব পাৰিব আৰু ইয়াত বনভোজ খাই নতুন বছৰত আনন্দ উপভোগ কৰিব পাৰিব।
(৮) দিচাংমুখ
যদিহে আপুনি পিকনিকৰ বাবে শিৱসাগৰলৈ যাব বিচাৰে তেন্তে দিচাংমুখ হৈছে এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা সুখৰ ঠাই। ইয়াত প্ৰতি বছৰে বনভোজ প্ৰেমী সকলে বনভোজ খাবলৈ আহে।
প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ শিৱসাগৰত অৱস্থিত এই ঠাইখনলৈ প্ৰতি বছৰে ডিচেম্বৰৰ পৰা জানুৱাৰী মাহলৈ বনভোজ প্ৰেমীৰ আগমন ঘটে। ইয়াত মিছিং সকলৰ পম্পৰাগত খাদ্য পোৱা যায় যি বনভোজপ্ৰেমী সকলক অতিকৈ আকৰ্ষণ কৰে ।
ডিচেম্বৰ আৰু জানুৱাৰী মাহত দিচাংমুখত দিচাং মেলাও আয়োজন কৰে। ইয়াৰ ফলত পৰ্য্যটক আৰু বনভোজ প্ৰেমী সকলক আগমন ঘটে । যদিহে আপুনিও এই মেলালৈ যায় তেন্তে মিছিং সকলৰ পৰম্পৰাগত পোৰা গাহৰি আৰু আপং আদিৰ সোৱাদো ল'ব পাৰিব। দিচাং আৰু ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজ খোৱাৰ হেঁপাহ যদি আছে তেন্তে আজিয়েই এই স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
(৯ ) কাকচাং জলপ্ৰপাত
স্থানীয়ভাৱে কেইফোলাংছ' জলপ্ৰপাত নামেৰে জনাজাত কাকোচাং জলপ্ৰপাত অসমৰ গোলাঘাট জিলাৰ বোকাখাতৰ ওচৰৰ এটা ধুনীয়া জলপ্ৰপাত।
কাকোচাং জলপ্ৰপাত এটা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ আৰু পৰ্যটন স্থলী। সেউজীয়া অৰণ্য আৰু পাহাৰেৰে আগুৰি থকা এই জলপ্ৰপাতটোৰ পৰা বিস্তৃত চাহ বাগিচা আৰু পাহাৰৰ দৃশ্যৰ মনোমোহা দৃশ্য দেখা যায়। বাৰিষাত ইয়াৰ পানীৰ প্ৰবাহ শক্তিশালী আৰু মনোমোহা হয়। প্ৰকৃতিপ্ৰেমী আৰু ফটোগ্ৰাফী অনুৰাগীৰ বাবে এই ঠাইখন প্ৰিয়। এনে নিস্তব্ধ পৰিৱেশত বনভোজ খাবলৈ বহুলোকে তালৈ যায়। আপুনি এই নতুন বছৰত তালৈ গৈ আনন্দ উপভোগ কৰিব পাৰে।
(১০) দীপৰ বিল
অসমৰ গুৱাহাটীৰ দক্ষিণ-পশ্চিমে অৱস্থিত এটা প্ৰধান মিঠা পানীৰ হ্ৰদ। ই আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত বিল । দীপৰ বিলক চৰাই অভয়াৰণ্য আৰু গুৰুত্বপূৰ্ণ চৰাই এলেকা হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ভাৰত আৰু বিদেশৰ পৰা প্ৰতি বছৰে শ শ পৰিভ্ৰমী চৰাই ইয়াত দেখা যায়, যাৰ বাবে ই চৰাই চোৱা আৰু গৱেষকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ স্থান।
এই হ্ৰদটোত চৰাই, মাছ, অন্যান্য জলজ জীৱকে ধৰি বহুতো বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী আছে। প্ৰাকৃতিক সৌন্দৰ্য্য আৰু পৰিৱেশগত তাৎপৰ্যৰ বাবে দীপৰ বিলক অসমৰ এক মূল্যৱান ঐতিহ্য হিচাপে গণ্য কৰা হয়।
এই স্থানত প্ৰতি বছৰে পৰ্যটকৰ আৰু বনভোজ প্ৰেমী সকলৰ আগমন ঘটে। আপুনিও এই স্থানলৈ গৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে বিভিন্ন পৰিভ্ৰমী চৰাই উপভোগ কৰিব পাৰে।
(১১) আকাশীগঙ্গা
আকাশী গংগা ভাৰতৰ অসমৰ ডবোকাৰ সমীপত অৱস্থিত এক মনোমোহা পৰ্যটনস্থলী। এই পিকনিক স্থানখনি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিখ্যাত, য'ত আছে সেউজীয়া গছ-গছনি , ওখ পাহাৰ আৰু নিস্তব্ধ আকাশী গংগা জলপ্ৰপাত। মানুহে বিশ্বাস কৰে যে জলপ্ৰপাতটো অতি পবিত্ৰ আৰু ইয়াৰ পানীত গা ধুলে পাপ নাশ হয় বুলি বিশ্বাস কৰে।
এই অঞ্চলটো হিন্দু পৌৰাণিক কাহিনীৰে ভৰি আছে, জলপ্ৰপাতটোক সতী আৰু ভগৱান শিৱৰ কাহিনীৰ সৈতে সংযোগ কৰা কিংবদন্তি আছে । বিশ্বাস কৰা হয় যে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই অসুৰ ৰজা শিশুপালৰ মূৰ কাটি চুলি ধুইছিল তেতিয়া তেওঁৰ চুলিৰ পৰা সৰি পৰা পানীৰ টোপালবোৰে আকাশী গংগা জলপ্ৰপাত সৃষ্টি কৰিছিল। কালিকা পুৰাণৰ শক্তি পূজাৰ লগতো এই স্থানৰ সম্পৰ্ক আছে। বনভোজ প্ৰেমী সকলে এই নতুন বছৰত ইয়ালৈ গৈ পিকনিক উপভোগ কৰিব পাৰে।
(১২) চৰাইদেউ মৈদাম
শিৱসাগৰৰ পৰা ২৮ কিলোমিটাৰ নিলগত অৱস্থিত অসমৰ এখন ঐতিহাসিক চহৰ হৈছে চৰাইদেউ। আহোম ৰাজ্যৰ আদিম ৰাজধানী হোৱাৰ বাবে আৰু মৈদাম নামৰ আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰৰ বাবে ই আটাইতকৈ বিখ্যাত। চৰাইদেউ নামৰ অৰ্থ টাই আহোম ভাষাত "পাহাৰৰ শিখৰত অৱস্থিত এখন উজ্জ্বল নগৰ"। বৰ্তমান ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আহোম ৰজা-ৰাণীসকলৰ শেষ বিশ্ৰাম স্থান ( সমাধি ) হিচাপে বিবেচিত চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰিছে।
ঐতিহাসিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বাবে প্ৰতি বছৰে চৰাইদেউ মৈদামত যথেষ্ট সংখ্যক বনভোজকাৰীৰ আগমন ঘটে।
(১৩) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
হিমালয়ৰ পাদদেশত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন হৈছে মন্ত্ৰমুগ্ধকৰ হ্ৰদ আৰু অন্যান্য জলভাগৰ গৌৰৱ কৰা এক আকৰ্ষণীয় ঠাই ।
গছ, জীৱ জন্তু, হাতী , ঘাঁহনি আৰু ৰঙীন ফুলৰ উদ্ভিদৰ দৰে মনোমোহা গছ-গছনিৰ মাজত প্ৰকৃতি প্ৰেমীসকলে কেইঘণ্টামান শান্তিত কটাব পাৰে। পৰ্যটকক সম্ভাষণ জনাবলৈ ইয়াত নাহৰফুটুকী, বাঘ, গঁড়, হৰ্ণবিল, হাতী, হাঁহ আৰু ষ্টৰ্ক আদি বহু সংখ্যক বন্য প্ৰজাতিৰ প্ৰাণী আছে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈ নতুন বছৰত পিকনিক খাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
(১৪) মানাহ ৰাষ্ট্ৰীয় উদ্যান
ই জনপ্ৰিয় বন্যপ্ৰাণী প্ৰাকৃতিক অভয়াৰণ্য, ইয়াক ইউনেস্কোৰ দ্বাৰা ঐতিহ্য ক্ষেত্ৰৰ খ্যাতি প্ৰদান কৰা হৈছে।
ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। উত্তৰে মানস নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে।
হাতী সংৰক্ষিত বনাঞ্চল, বাঘ সংৰক্ষিত বনাঞ্চল, উদ্ভিদ আৰু বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ অন্যতম শ্ৰেষ্ঠ শীতকালীন ভ্ৰমণৰ স্থান।
নতুন বছৰৰ আৰম্ভণিতে এই স্থানত যাওক আৰু বনভোজ খাই আনন্দ উপভোগ কৰক।
গুড অসমৰ প্ৰতিজন পঢ়ুৱৈলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটি সকলোৰে মংগল হওঁক।