Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

ঘৰত পঞ্চমুখী হনুমানৰ ছবিখন এই দিশত ৰাখিলে ঘৰৰ সকলো কূ প্ৰভাৱ আঁতৰ হ'য় আৰু সুখ আৰু শান্তি আহে




ঘৰত পঞ্চমুখী হনুমানৰ ছবিখন এই দিশত ৰাখিলে ঘৰৰ সকলো কূ প্ৰভাৱ আঁতৰ হ'য় আৰু সুখ আৰু শান্তি আহে।



( অপূৰ্ব দাস )

ঘৰত পঞ্চমুখী হনুমানৰ ছবি ৰখাৰ বিশেষ তাৎপৰ্য আছে। কিন্তু বাস্তু শাস্ত্ৰত ইয়াক স্থাপনৰ সঠিক দিশৰ কথা উল্লেখ কৰা হৈছে, যিটো বহুত গুৰুত্বপূৰ্ণ। যদি এইটো কৰা নহয় তেন্তে ইয়াৰ ফলত ঘৰ আৰু জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত পঞ্চমুখী হনুমানৰ ছবি স্থাপনৰ সঠিক দিশ আৰু ইয়াৰ শুভ ফলাফলৰ বিষয়ে বিতংভাৱে জানিবলৈ পঢ়িব।



হিন্দু ধৰ্মত ঘৰত দেৱ-দেৱীৰ ছবি ৰখাৰ বিশেষ গুৰুত্ব আছে। এনে ক্ষেত্ৰত বহুতে পঞ্চমুখী হনুমানৰ ছবিখন নিজৰ ঘৰত থৈ দিয়ে। কোৱা হয় হনুমানৰ ছবি এখন স্থাপন কৰিলে কূ প্ৰভাৱ ঘৰৰ পৰা আঁতৰাই ৰাখে। কিন্তু বহু সময়ত মানুহে জানি বা অজানিতে পঞ্চমুখী হনুমানৰ ছবিখন ঘৰৰ ভুল দিশত ৰাখে, যাৰ ফলত ব্যক্তিজনৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বাস্তু শাস্ত্ৰত দেৱ-দেৱীৰ ফটো বা মূৰ্তি ৰখাৰ সঠিক নিৰ্দেশনা উল্লেখ কৰা হৈছে, যিবোৰৰ গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এই দিশবোৰত গুৰুত্ব নোলোৱাটোৱে ব্যক্তিজনৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। এনে ক্ষেত্ৰত যদি আপুনি পঞ্চমুখী হনুমানৰ ছবি এখন ঘৰত ৰাখিম বুলি ভাবিছে, তেন্তে বাস্তু শাস্ত্ৰত উল্লেখ কৰা ইয়াৰ শুদ্ধ দিশ কি আৰু ইয়াৰ কি উপকাৰিতা আছে জানিবলৈ পঢ়িব -






• পঞ্চমুখী হনুমানৰ ছবি থোৱাৰ সঠিক দিশ

ঘৰত পঞ্চমুখী হনুমানৰ ছবি থোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু ইয়াৰ শুদ্ধ দিশ জনাটো গুৰুত্বপূৰ্ণ। বাস্তু শাস্ত্ৰৰ মতে পঞ্চমুখী হনুমানৰ ছবিখন দক্ষিণ দিশত ৰখাটোৱেই উত্তম বুলি বিবেচিত হৈছে। ইয়াৰ আঁৰৰ কাৰণ হ’ল দক্ষিণ দিশক যমৰ দিশ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত পঞ্চমুখী হনুমানৰ এখন ছবি এই দিশত ৰাখিলে ভয় দূৰ হয় আৰু লগতে নেতিবাচকতাক ঘৰৰ পৰা আঁতৰাই ৰাখে। লগতে ইয়াৰ বাবে ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ বাহিৰেও দক্ষিণ-পশ্চিম কোণত পঞ্চমুখী হনুমানৰ ছবিখন স্থাপন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।



• এনে স্থানত পঞ্চমুখী হনুমানৰ ছবি নাৰাখিব। 


পঞ্চমুখী হনুমানৰ ফটো ৰাখোতে মনত ৰাখিব যে ফটোখনত তেওঁৰ মুখখন স্পষ্টকৈ দেখা পোৱা উচিত। 

লগতে ভগৱানৰ ছবিখন কেতিয়াও মলি আৰু ধূলি থকা ঠাইত স্থাপন কৰা উচিত নহয়। এনে কৰিলে ব্যক্তিজনৰ জীৱন আৰু ঘৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। 

মূল প্ৰৱেশ দুৱাৰ মুখৰ বাহিৰৰ ফালে পঞ্চমুখী হনুমানৰ ছবি এখন ৰাখিব পাৰে। প্ৰথমে ফটোখন গংগা পানী ছটিয়াই পূজা অৰ্চনা কৰক। ইয়াৰ পিছত দুৱাৰ মুখৰ ওপৰৰ স্থানত গংগা পানী ছটিয়াই দিব। এতিয়া প্ৰভু হনুমানৰ ছবিখন স্থাপন কৰিব।

বাস্তু শাস্ত্ৰৰ মতে পঞ্চমুখী হনুমানৰ ছবিখন শৌচাগাৰ- প্ৰস্ৰাৱ গাৰৰ সন্মুখত বা শোৱা কোঠাত ৰাখিব নালাগে। এনে কৰাটো একেবাৰে শুভ বুলি গণ্য কৰা নহয়। লগতে ফটোখন ৰখা ঠাইখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু সদায় ধূপ-দ্বীপেৰ দিনত এবাৰ বা দুবাৰ পূজা-অৰ্চনা কৰা উচিত।


• পঞ্চমুখী হনুমানৰ ছবি স্থাপন কৰাৰ উপকাৰ 

বাস্তু শাস্ত্ৰৰ নিয়ম মানি চলি যদি পঞ্চমুখী হনুমানৰ ছবি এখন আপোনাৰ ঘৰত বা মূল প্ৰৱেশদ্বাৰত ৰাখে তেন্তে ই ঋণাত্মক শক্তি ধ্বংস কৰে আৰু ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ আৰম্ভ হয়।

পঞ্চমুখী হনুমানৰ ছবিখন ঘৰত সঠিক দিশত ৰাখিলে পৰিয়ালৰ লোকে মানসিক চাপৰ পৰা সকাহ পাব পাৰে বুলি বিশ্বাস কৰা হয়। লগতে ভয় দূৰ কৰে আৰু ৰাতি বেয়া সপোন দেখাৰ পৰা ৰক্ষা কৰে।

বাস্তু শাস্ত্ৰৰ মতে, ঘৰত পঞ্চমুখী হনুমানৰ ছবি ৰাখিলে অশুভ শক্তি ঘৰৰ পৰা আঁতৰি থাকে আৰু বাস্তুৰ দোষৰ পৰাও মুক্তি পাব পাৰি। ইয়াৰ ফলত ঘৰত কাৰো কূ প্ৰভাৱ প্ৰভাৱত নপৰে। শনি-ৰাহু-কেতুৰ দশা দূৰ কৰে।

পঞ্চমুখী হনুমানৰ ছবি ঘৰত ৰাখিলে মানুহৰ আত্মবিশ্বাসো বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। লগতে ঘৰখনত সদায় সুখ, শান্তি আৰু সমৃদ্ধি থকাটো নিশ্চিত কৰে আৰু জীৱনত সমৃদ্ধি কঢ়িয়াই আনে। 

বিশেষকৈ দক্ষিণ মুৱা ঘৰত পঞ্চমুখী হনুমান প্ৰভুৰ ফটো বা মূৰ্তি ৰখা অতি দৰকাৰ । কাৰণ দক্ষিণ মুৱা ঘৰত কূ-প্ৰভাৱ বেছিকৈ দেখা যায়।


Bottom Post Ad