Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Adstera Social bar

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

যকৃতৰ বাবে আশীৰ্বাদ: হোমিঅ’পেথিকৰ দ্বাৰা প্ৰতিকাৰ (চেলিডনিয়াম মেজুছ কিউ আৰু কাৰ্ডুছ মাৰিয়ানাছ কিউ)


যকৃতৰ বাবে আশীৰ্বাদ: হোমিঅ’পেথিকৰ দ্বাৰা প্ৰতিকাৰ (চেলিডনিয়াম মেজুছ কিউ আৰু কাৰ্ডুছ মাৰিয়ানাছ কিউ)

(অপূৰ্ব দাস)

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই হজম কৰা, বিষমুক্তকৰণ, তেজ বিশুদ্ধকৰণ, চৰ্বিৰ বিপাকীয় ক্ৰিয়াত মূল ভূমিকা পালন কৰে। আধুনিক জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মদ্যপান, অত্যধিক ঔষধ ব্যৱহাৰ, মানসিক চাপৰ বাবে যকৃতৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। হোমিঅ’পেথিক চিকিৎসাত যকৃতৰ ৰোগৰ বাবে নিৰ্দিষ্ট প্ৰতিকাৰ নিৰ্ধাৰণ কৰা হয়, ইয়াৰ ভিতৰত চেলিডনিয়াম মেজুছ আৰু কাৰ্ডুছ মাৰিয়ানাছে বিশেষ স্থান লাভ কৰে।




(১) চেলিডনিয়াম মেজুছ Q

◽হোমিঅ'পেথিক গ্ৰন্থ অনুসৰি

হোমিঅ’পেথিক মেটেৰিয়া মেডিকাৰ মতে, চেলিডনিয়াম মেজুছে মূলতঃ যকৃত আৰু পিত্তথলীত প্ৰভাৱ পেলায়। বিশেষকৈ যকৃত লেহেমীয়া হ’লে, পিত্তৰ সোঁতত বাধাৰ সৃষ্টি হ’লে, সোঁফালে বিষ হ’লে এই ঔষধ উপযোগী।

◽ব্যৱহাৰৰ বাবে মূল লক্ষণ :

• যকৃত ফুলা বা বৃদ্ধি হোৱা

• সোঁফালৰ পেটত বিষ

• জণ্ডিচ

• বমি

• ভোক কমি যোৱা

• হালধীয়া বা বগা ৰঙৰ মল

• জিভাত হালধীয়া ৰঙৰ আৱৰণ

হোমিঅ’পেথিক গ্ৰন্থত কোৱা হৈছে যে বিষ সোঁ কান্ধ বা পিঠিলৈ বিয়পি গ'লে চেলিডনিয়াম বিশেষভাৱে উপকাৰী হ’ব পাৰে।

◽ মাত্ৰা (সাধাৰণ নিৰ্দেশনা)

• প্ৰাপ্তবয়স্ক (১৮ বছৰৰ ওপৰৰ): আধা কাপ পানীত ১০–১৫ টোপাল, দিনটোত দুবাৰকৈ খাব লাগে।

• ১২–১৮ বছৰ: ৮–১০ টোপাল আধা কাপ পানীত, দিনটোত ১–২ বাৰ।

• ৫–১২ বছৰ: ৫–৭ টোপাল আধা কাপ পানীত, দিনটোত ১ বাৰ।

• খাদ্য খোৱাৰ ৩০ মিনিট আগতে বা পিছত খালে ভাল।

(২) কাৰ্ডুছ মাৰিয়ানাছ Q

◽ হোমিঅ’পেথিক গ্ৰন্থ অনুসৰি,

হোমিঅ’পেথীত Carduus Marianusক লিভাৰ টনিক বুলি গণ্য কৰা হয়। বিশেষকৈ চৰ্বিযুক্ত যকৃত, মদ্যপান কৰা যকৃতৰ ৰোগ, যকৃতৰ চিৰ’ছিছ, আৰু শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ কূ প্ৰভাৱত এই ঔষধ উপযোগী।

◽মূল ব্যৱহাৰ

• চৰ্বিযুক্ত যকৃত

• মদ্যপানৰ ফলত যকৃতৰ ক্ষতি

• যকৃতত গধুৰতা

• বমি বমি ভাব আৰু বমি হোৱা

• পেটৰ সোঁফালৰ বিষ

• কোষ্ঠকাঠিন্য বা ডায়েৰিয়া

• যকৃতৰ এনজাইমৰ খেলিমেলি।

গ্ৰন্থত উল্লেখ কৰিছে যে এই প্ৰতিকাৰে যকৃতৰ কোষ পুনৰ উৎপাদন কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।

• মাত্ৰা (সাধাৰণ নিৰ্দেশনা)।

• প্ৰাপ্তবয়স্ক: ১৫–২০ টোপাল আধা কাপ পানীত, দিনটোত দুবাৰকৈ খাব লাগে।

• ১২–১৮ বছৰ: ১০–১২ টোপাল আধা কাপ পানীত, দিনটোত ১–২ বাৰ।

• ৫–১২ বছৰ: ৫–৮ টোপাল আধা কাপ পানীত, দিনটোত ১ বাৰ।

• এই ঔষধবোৰ ৰাতিপুৱা আৰু গধূলি খালী পেটত সেৱন কৰাটো বেছিকৈ দেখা যায়।

(৩) এই ঔষধ কোনে খাব নালাগে?

হোমিঅ’পেথিক ঔষধ সাধাৰণতে নিৰাপদ বুলি গণ্য কৰা হয়, অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়:

• গৰ্ভৱতী মহিলা (চিকিৎসকৰ পৰামৰ্শ অবিহনে নাখাব)।

• স্তনদান কৰা মহিলা।

• যকৃতৰ গুৰুতৰ বিকলতা থকা ৰোগী।

• অন্যান্য ৰোগ থকা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

• মদ্যপানৰ ওপৰত নিৰ্ভৰশীল ব্যক্তি ।

• ৫ বছৰৰ তলৰ শিশু: কোনো বিশেষ হোমিঅ’পেথিক ঔষধৰ প্ৰতি এলাৰ্জি থকা বা ইতিমধ্যে এলোপেথিক ঔষধ গ্ৰহণ কৰাসকলে একেলগে ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

(৪) গুৰুত্বপূৰ্ণ সাৱধানতা

• এই ঔষধ গ্ৰহণ কৰাৰ সময়ত মদ, ধঁপাত, ভজা খাদ্য পৰিহাৰ কৰক।

• উচ্চ চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰক।

• দিনটোত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

• নিয়মীয়াকৈ LFT ( Liver Function Yest ) চেকআপ লওক।

• নিজে কেতিয়াও ঔষধ কিনি নাখাব।

হোমিঅ’পেথিক গ্ৰন্থ অনুসৰি চেলিডনিয়াম মেজুছ কিউ আৰু কাৰ্ডুছ মাৰিয়ানাছ কিউক যকৃতৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। চেলিডনিয়ামে পিত্ত আৰু সোঁ যকৃতৰ বিষত সহায় কৰে, আনহাতে কাৰ্ডুছ মাৰিয়ানাছক চৰ্বিযুক্ত যকৃত আৰু বিষাক্ত প্ৰভাৱ আঁতৰ কৰাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। সঠিক মাত্ৰাত, সঠিক সময়ত আৰু যোগ্য চিকিৎসাৰ নিৰ্দেশনাত ব্যৱহাৰ কৰিলে যকৃতৰ স্বাস্থ্য উন্নত কৰাত সহায়ক হ’ব পাৰে।

⚠️ বি:দ্ৰ: এই লেখাটো কেৱল শৈক্ষিক তথ্যৰ বাবে। যিকোনো ঔষধ খোৱাৰ আগতে এজন যোগ্য হোমিঅ’পেথিক চিকিৎসকৰ পৰামৰ্শ লওক।




Bottom Post Ad