তোমাৰ অপেক্ষাত...
( কবিতা: অপূৰ্ব দাস )
পশ্চিমৰ আকাশত বেলি ডুবিবৰে হ'ল
তথাপিও নাই কোনো তোমাৰ সহাৰি,
শীতৰ কুঁৱলীয়ে ঢাকি ধৰা গধূলিত
আছো অকলশৰে বহি দুচকুৰ চকুলো মোহাৰি।
এটা ফোনকলৰ অপেক্ষাত থাকো প্ৰতিদিনে
প্ৰিয়জনৰ সৈতে তুমি চাগৈ আছা বহুত সুখত,
মোৰ হৃদয়ৰ কোহে কোহে বৈ আছা তুমি নিৰবে
লাহে লাহে নামি অহা এন্ধাৰ মাথো সংগী মোৰ দুখত।
তোমাৰ ফটোখনকে বুকুত ৰাখি পাৰ কৰো সময়
তোমাৰ সেই মিঠা মিঠা কথাকেই থাকো সুঁৱৰি,
কেতিয়া বুজিবা তুমি মোৰ হৃদয়ৰ বেথা
এতিয়াচোন চকুলোৰে তিতি আছে মোৰ চোতালৰ দুৱৰি।
সেইদিনা তুমি আবিবা বুলি সজাইছিলো মোৰ দেহ
পিন্ধিছিলো কাপোৰ আকাশী নীলা,
নিমিষতে হেৰাই গৈছিল সকলো দুখ
কিয় বাৰু তুমি মোক মিছাকৈ আশা দিলা?
ৰাস মহোৎসৱে আজিও সোঁৱৰাই দিয়ে তোমাক দেখা
সেই প্ৰথমটো দিনৰ কথা,
এতিয়া মাথো তোমাৰ অপেক্ষাত এই জীৱন
কেতিয়া বুজিবা তুমি মোৰ বুকুৰ বেথা ?
যিদিনা মোৰ মৃত্যু হ'ব
আহিবানে মোৰ কাষলে তুমি?
কিজানিবা আহিছাই বুলি সকলো কাম এৰি থৈ
পদূলি মুখলৈ বাৰে বাৰে চাও মই জুমি।