বাৰ সপ্তাহ ধৰি চলোৱা এক অধ্যয়নঃ নিয়মীয়াকৈ পুদিনাৰ হাৰ্বেল চাহ খোৱা লোকসকলৰ টেষ্টোষ্টেৰণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায়।
( অপূৰ্ব দাস )
পুৰুষৰ শৰীৰত টেষ্টোষ্টেৰণ হৰমনৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়। এই হৰমনে পুৰুষৰ পেশী গঠন, হাড়ৰ শক্তি, শাৰীৰিক শক্তি আৰু বিশেষকৈ কাম ইচ্ছা বা যৌন শক্তি নিয়ন্ত্ৰণ কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শৰীৰত টেষ্টোষ্টেৰণৰ মাত্ৰা কমি গ'লে মেদবহুলতা, টাইপ-২ ডায়েবেটিছ, মেটাবলিক চিণ্ড্ৰম, হৃদৰোগ আৰু অষ্টিওপৰোচিছৰ দৰে ভয়াবহ সমস্যাৰ আশংকা বৃদ্ধি পাব পাৰে। বৰ্তমান সময়ত আমাৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে বহুতো পুৰুষৰ শৰীৰত এই গুৰুত্বপূৰ্ণ হৰমনবিধৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে। যদিও বয়স, জীৱনশৈলী আৰু স্বাস্থ্য সম্পৰ্কীয় বহুতো কাৰকে টেষ্টোষ্টেৰণক প্ৰভাৱিত কৰে, তথাপিও কিছুমান এনে খাদ্য আছে যাৰ অত্যধিক সেৱনে এই হৰমনৰ মাত্ৰাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আমি প্ৰতিদিনে গম নোপোৱাকৈয়ে এনে কিছুমান বস্তু খাওঁ, যিবোৰে আমাৰ শৰীৰৰ এই হৰমনৰ মাত্ৰা কমাই দিয়ে। যদি আপুনিও নিজৰ স্বাস্থ্যক লৈ সচেতন, তেন্তে আজিৰ পৰাই তলত উল্লেখ কৰা খাদ্যসমূহ গ্ৰহণ কৰা এৰি দিয়ক বা ইয়াৰ পৰিমাণ একেবাৰে কমাই দিয়ক।
🔴 পুদিনা আৰু ইয়াৰ পৰা তৈয়াৰী সামগ্ৰী
◽ স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটৰ বিশেষজ্ঞসকলৰ মতে, পুদিনাৰ পৰা বনোৱা কিছুমান সামগ্ৰীয়ে টেষ্টোষ্টেৰণৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
◽ বাৰ সপ্তাহ ধৰি চলোৱা এক অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ পুদিনাৰ হাৰ্বেল চাহ খোৱা লোকসকলৰ টেষ্টোষ্টেৰণৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে।
◽ অৱশ্যে বিশেষজ্ঞসকলে কয় যে এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে, তথাপিও সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী।
🔴 যষ্ঠিমধুৰ শিপা বা মুলেঠী
◽ পুদিনাৰ দৰে যষ্ঠিমধুৰ শিপাক লৈয়ো বহুতো অধ্যয়ন পোহৰলৈ আহিছে।
◽ দুই হাজাৰ তিনি চনৰ এক অধ্যয়নত পঁচিশজন পুৰুষক প্ৰতিদিনে সাত গ্ৰামকৈ যষ্ঠিমধুৰ শিপা খাবলৈ দিয়া হৈছিল।
◽ ইয়াৰ পিছত কেৱল এসপ্তাহৰ ভিতৰতে তেওঁলোকৰ টেষ্টোষ্টেৰণৰ মাত্ৰা প্ৰায় ছাব্বিশ শতাংশ হ্ৰাস পোৱা দেখা গৈছিল, যিটো সঁচাকৈয়ে এক চিন্তনীয় বিষয়।
🔴 তীচি বা অলসীৰ গুটি
◽ তীচিৰ গুতিক সাধাৰণতে স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় আৰু বহুতে ইয়াক নিয়মীয়াকৈ খায়।
◽ কিন্তু কিছুমান গৱেষণাত এই কথাৰো ইংগিত পোৱা গৈছে যে ইয়াত থকা লিগ্নান নামৰ উপাদানবিধৰ বাবে টেষ্টোষ্টেৰণ শৰীৰৰ পৰা বাহিৰ হোৱাৰ প্ৰক্ৰিয়া দ্ৰুত হ'ব পাৰে।
◽ প্ৰষ্টেট কৰ্কট ৰোগৰ সৈতে জড়িত এক অধ্যয়নতো ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে দেখা গৈছিল, সেয়েহে সাৱধান হোৱাটো দৰকাৰ।
🔴 প্ৰচেছড ফুড আৰু জাংক ফুড
◽ প্ৰচেছড ফুড বা পেকেটজাত খাদ্যত পোৱা ট্ৰেন্স ফেট পুৰুষৰ স্বাস্থ্যৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।
◽ দুশ ন জন পুৰুষৰ ওপৰত কৰা এক গৱেষণাত দেখা গৈছিল যে যিসকল লোকে আটাইতকৈ বেছি ট্ৰেন্স ফেট খাইছিল, তেওঁলোকৰ টেষ্টোষ্টেৰণৰ মাত্ৰা আন লোকৰ তুলনাত প্ৰায় পোন্ধৰ শতাংশ কম আছিল।
◽ পিজ্জা, বাৰ্গাৰ আদি জাংক ফুডে কেৱল হৰমনৰ মাত্ৰাই কমোৱা নহয়, বৰঞ্চ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি কৰি যৌন শক্তিও হ্ৰাস কৰে।
🔴 ছয়া আৰু ছয়াযুক্ত সামগ্ৰী
◽ ছয়াবিন, ছয়া গাখীৰ আৰু টফু আদিত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে যদিও পুৰুষৰ বাবে ইয়াৰ অত্যধিক ব্যৱহাৰ অতি ক্ষতিকাৰক।
◽ ছয়া সামগ্ৰীসমূহত ফাইটোইষ্ট্ৰজেন নামৰ এবিধ উপাদান থাকে যিয়ে শৰীৰত মহিলাৰ হৰমন ইষ্ট্ৰজেনৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে।
◽ যেতিয়া পুৰুষৰ শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া স্বাভাৱিকভাৱেই টেষ্টোষ্টেৰণৰ মাত্ৰা হ্ৰাস পাবলৈ ধৰে আৰু শুক্ৰাণুৰ পৰিমাণো কমি যায়।
🔴 অত্যধিক চেনি আৰু মিঠাইজাতীয় খাদ্য
◽ যেতিয়া আপুনি অত্যধিক চেনি বা মিঠাই খায়, তেতিয়া আপোনাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা অতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে।
◽ ইনচুলিন বাঢ়ি গ'লে শৰীৰৰ টেষ্টোষ্টেৰণৰ উৎপাদন প্ৰক্ৰিয়া বেয়াকৈ বাধাপ্ৰাপ্ত হয় আৰু মেদবহুলতা বৃদ্ধি পায়।
◽ শৰীৰত চৰ্বি বাঢ়িলে চৰ্বি কোষে ইষ্ট্ৰজেন হৰমন সৃষ্টি কৰে, যি টেষ্টোষ্টেৰণৰ ডাঙৰ শত্ৰু, সেয়েহে চকলেট আৰু শীতল পানীয় খোৱা পৰিহাৰ কৰিব লাগে।
🔴 মদ্যপান আৰু ধূমপান
◽ নিয়মীয়া মদ্যপানে যকৃতৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায় আৰু শৰীৰৰ হৰমনৰ ভাৰসাম্য সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়।
◽ সুৰাপান কৰাৰ মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে শৰীৰত টেষ্টোষ্টেৰণৰ মাত্ৰা কমি যাব পাৰে বুলি গৱেষণাত প্ৰমাণিত হৈছে।
◽ একেদৰে অত্যধিক ধূমপানে ৰক্তবাহী নলীবোৰ সংকুচিত কৰি শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ চলাচল বাধাগ্ৰস্ত কৰে আৰু পুৰুষৰ শাৰীৰিক সক্ষমতা কমাই দিয়ে।
🔴 ৰিফাইন কৰা কাৰ্বোহাইড্ৰেট আৰু উদ্ভিদজাত তেল
◽ বগা ব্ৰেড, পাস্তা আৰু ময়দাৰে তৈয়াৰী খাদ্যসামগ্ৰীসমূহত আঁহ একেবাৰে নাথাকে আৰু এইবোৰে তেজত চেনিৰ মাত্ৰা বঢ়াই দিয়ে।
◽ আনহাতে ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা সস্তীয়া উদ্ভিদজাত তেল যেনে সূৰ্যমুখী তেল আদিত ওমেগা ছয় ফেটি এচিডৰ পৰিমাণ বেছি থাকে।
◽ এই উপাদানে শৰীৰৰ ভিতৰত প্ৰদাহৰ সৃষ্টি কৰে আৰু টেষ্টোষ্টেৰণ উৎপাদন প্ৰক্ৰিয়াত বাধা জন্মায়, সেয়েহে ঘিউ বা সৰিয়হৰ তেলহে খাব লাগে।
🔴 মানসিক চাপ নিয়ন্ত্ৰণ আৰু স্বাস্থ্যকৰ জীৱনশৈলী
◽ আজিৰ ব্যস্ত জীৱনত মানসিক চাপ হৈছে টেষ্টোষ্টেৰণ হ্ৰাস পোৱাৰ এক অন্যতম প্ৰধান কাৰণ বুলি জনা যায়।
◽ মানসিক চাপত থাকিলে শৰীৰত কৰ্টিছল নামৰ হৰমন বাঢ়ি যায় যিয়ে টেষ্টোষ্টেৰণৰ মাত্ৰা একেবাৰে কমাই দিয়ে।
◽ সেয়েহে নিয়মীয়াকৈ যোগাভ্যাস কৰিব লাগে আৰু দৈনিক সাতৰ পৰা আঠ ঘণ্টাৰ ভাল টোপনি মৰাটো অত্যন্ত আৱশ্যক।
◽ খাদ্যত জিংক আৰু ভিটামিন ডি যুক্ত আহাৰ যেনে কণী, গাখীৰ, সেউজীয়া শাক পাচলি আদি অন্তৰ্ভুক্ত কৰক।
◽ নিয়মীয়াকৈ ব্যায়াম কৰিলে আৰু এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিলে আপুনি এই সকলোবোৰ সমস্যাৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰিব আৰু লগতে আপোনাৰ শৰীৰত টেষ্টোষ্টেৰণ হৰমনৰ স্তৰ সদায় সঠিক হৈ থাকিব বুলি আশা কৰিব পাৰি, সেয়েহে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক।