ইণ্টাৰনেট অবিহনেই চলিব কৃত্ৰিম বুদ্ধিমত্তা: আহি আছে কম্পিউটাৰৰ নতুন যুগ 'এআই পিচি'
( অপূৰ্ব দাস )
আগন্তুক সময়ত কম্পিউটিং জগতখন সম্পূৰ্ণৰূপে সলনি হ’বলৈ গৈ আছে। এবাৰ ভাবি চাওক, আপুনি আপোনাৰ কম্পিউটাৰত বহি আছে, ইণ্টাৰনেটৰ বন্ধ আছে আৰু ৱাই ফাই একেবাৰে বন্ধ হৈ আছে, অৰ্থাৎ আপোনাৰ কম্পিউটাৰটো বাহিৰা পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ঠিক সেই সময়তে আপুনি আপোনাৰ কম্পিউটাৰটোক নিৰ্দেশ দিয়ে যে দুঘণ্টাৰ এটা দীঘলীয়া ভিডিঅ’ সম্পাদনা কৰি দিয়া, তাৰ পৰা অপ্ৰয়োজনীয় অংশবোৰ কাটি আঁতৰাই দিয়া আৰু লগত এটা সুন্দৰ থাম্বনেইল বনাই দিয়া। আপুনি হয়তো আচৰিত হ’ব যে আপোনাৰ কম্পিউটাৰে কোনো ইণ্টাৰনেটৰ সংযোগ নোহোৱাকৈয়ে চকুৰ পলকতে এই সকলোবোৰ কাম সুকলমে সম্পূৰ্ণ কৰি পেলাব। ইয়াৰ বাবে আপুনি কোনো ৱেবছাইট খুলিব নালাগে বা কোনো ক্লাউড চাৰ্ভাৰৰ সহায় ল’ব নালাগে। এই সকলোবোৰ কথা শুনি আপোনাৰ এনে লাগিব পাৰে যেন মই কোনো এখন হলিউডৰ চলচ্চিত্ৰৰ কাহিনী কৈ আছোঁ বা এনেকুৱা কিবা কথা কৈছোঁ যিটো কেতিয়াও বাস্তৱত সম্ভৱ হ’ব নোৱাৰে।
আপোনালোকৰ মাজৰ বহুতে হয়তো ভাবিব পাৰে যে যিহেতু এতিয়া কৃত্ৰিম বুদ্ধিমত্তা বা এআই আহি গৈছে, গতিকে এইবোৰ সম্ভৱ হ’ব পাৰে। কিন্তু বৰ্তমান সময়ত এআই ব্যৱহাৰ কৰিবলৈকো ইণ্টাৰনেটৰ প্ৰয়োজন হয়। পিছে ভৱিষ্যতে এতিয়া এআই আপোনাৰ কম্পিউটাৰৰ প্ৰচেছৰৰ ভিতৰতে উপলব্ধ হ’ব, আৰু ইয়াক কোৱা হয় এআই পিচি।
কম্পিউটাৰৰ জগতত যোৱা ত্ৰিশ বছৰত ইমান ডাঙৰ পৰিৱৰ্তন কেতিয়াও হোৱা নাই। আজিৰ এই বিশেষ লিখনিত আমি কম্পিউটাৰৰ এক নতুন যুগৰ ভ্ৰমণ কৰিবলৈ ওলাইছোঁ, এতিয়ালৈকে কিতাপত যি পঢ়োৱা হৈছে সেইবোৰতকৈ আচৰিত এক নতুন প্ৰজন্মৰ কম্পিউটাৰ আহিবলৈ ওলাইছে। যদি আপুনি কম্পিউটাৰৰ ছাত্ৰ হয় অথবা প্ৰযুক্তিত আগ্ৰহ ৰাখে, তেন্তে এই লিখনিয়ে আপোনাৰ কেৰিয়াৰক এক নতুন দিশ প্ৰদান কৰিব। বৰ্তমান আমি ব্যৱহাৰ কৰা কম্পিউটাৰবোৰত সাধাৰণতে দুটা মূল অংশ থাকে।
🟢 প্ৰথমটো হৈছে চিপিইউ, যিয়ে সকলো গাণিতিক কাম কৰে, যেনে এক্সেলত ডাটাৰ হিচাপ কৰে।
🟢 দ্বিতীয়টো হৈছে জিপিইউ, ইয়াৰ সহায়ত গেমিং, ভিডিঅ’ ৰেণ্ডাৰিং, থ্ৰি ডি আৰু গ্ৰাফিক্সৰ গধুৰ কামবোৰ কৰে।
কিন্তু বৰ্তমান যেতিয়া আপুনি এআইৰ কোনো কাম কৰে, যেনে চেট জিপিটিৰ পৰা কিবা লিখোৱা বা জেমিনাইৰ জৰিয়তে ক’ডিং কৰোৱা, তেতিয়া আপোনাৰ কম্পিউটাৰে নিজে একো নকৰে। ই ইণ্টাৰনেটৰ জৰিয়তে আমেৰিকা বা ইউৰোপৰ কোনো চুপাৰ কম্পিউটাৰলৈ প্ৰশ্নটো পঠায় আৰু তাৰ পৰা উত্তৰ আহে। আপুনি জানেনে যে এআইৰ জৰিয়তে এখন ফটো বনাওতে আপোনাৰ স্মাৰ্টফোনটো দিনটো চাৰ্জ কৰোঁতে যিমান বিদ্যুত খৰচ হয়, ঠিক সিমানেই বিদ্যুত খৰচ হয়!
এতিয়া কম্পিউটাৰত তৃতীয় এটা অংশ যোগ হৈছে, এনপিইউ অৰ্থাৎ নিউৰেল প্ৰচেছিং ইউনিট, যিয়ে মানুহৰ মগজুৰ নিউৰনৰ দৰে কাম কৰে। এতিয়া এআইয়ে চাৰ্ভাৰৰ সলনি আপোনাৰ কম্পিউটাৰৰ ভিতৰতে কাম কৰিব। ইয়াৰ ফলত চাৰিটা ডাঙৰ পৰিৱৰ্তন আহিব।
◽ প্ৰথমটো হৈছে শূন্য লেটেন্সি। ফিলম’ৰা বা প্ৰিমিয়াৰ প্ৰ’ৰ দৰে ছফ্টৱেৰত এআই অডিঅ’ ক্লিয়াৰৰ দৰে কামবোৰ ইণ্টাৰনেট নোহোৱাকৈ এশ ভাগৰ এভাগ সময়ত সম্পূৰ্ণ হ’ব।
◽ দ্বিতীয়টো হৈছে সম্পূৰ্ণ গোপনীয়তা। আপোনাৰ সকলো ডাটা কেৱল আপোনাৰ কম্পিউটাৰতে সুৰক্ষিত হৈ থাকিব।
◽ তৃতীয়টো হৈছে বেটাৰীৰ দীৰ্ঘায়ু। নতুন এআই প্ৰচেছৰৰ সহায়ত লেপটপৰ বেটাৰী বিশৰ পৰা চব্বিশ ঘণ্টালৈকে চলিব পাৰিব।
◽ চতুৰ্থটো হৈছে অন ডিভাইচ ক’পাইলট। ই কম্পিউটাৰৰ ভিতৰৰ হাজাৰ হাজাৰ ফাইলৰ পৰা মুহূৰ্ততে প্ৰয়োজনীয় তথ্য বিচাৰি উলিয়াব পাৰিব, যেনে কাৰোবাৰ এক্সেল ডাটা।
এনভিডিয়াই উইণ্ড’জ লেপটপৰ বাবে এটা নতুন ছুপাৰ চিপ মুকলি কৰিছে যাৰ নাম এনভিডিয়া আৰটিএক্স স্পাৰ্ক। ইয়াত বিছ ক’ৰৰ চিপিইউ আৰু ব্লেকৱেল আৰ্কিটেকচাৰৰ জিপিইউ আছে। ই এক চেকেণ্ডৰ মাজৰ সময় হিচাপ কৰিব পাৰে। ইয়াৰ জৰিয়তে 12k ৰিজ’লিউচনৰ ভিডিঅ’ স্মুথলি এডিট কৰিব পাৰি আৰু গেমাৰসকলৰ বাবেও ই অতি উপযোগী।
যিদৰে মানুহে কিপেড ফোন এৰি স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ ল’লে আৰু বহুতে ফোনৰ জৰিয়তে নিজৰ ব্যৱসায় চলাই আছে, ঠিক একেদৰে আপুনিও নতুন এআই কম্পিউটাৰৰ প্ৰযুক্তি আয়ত্ত কৰিব লাগিব। প্ৰম্পট ইঞ্জিনিয়াৰিং আৰু লোকেল এআই মডেল চলাবলৈ শিকিব লাগিব। ই আপোনাৰ কামৰ গতি দহগুণলৈকে বৃদ্ধি কৰিব পাৰে।