Scrolling text

Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

BMF

🟢 মাজত দেখা পোৱা বিজ্ঞাপন

🟢 Only Facebook Full Screen Ads

অনুগ্ৰহ কৰি ৮ ছেকেণ্ড অপেক্ষা কৰক...
8

📂 menu and search by Hide

🌍 Flash Screen

Welcome Logo

🌍 মেইন মেনু ছাৰ্চ বাৰ

🧲 স্লাইডাৰ ব্ৰেকিং

🟢🤞 মাজে মাজে দেখা পোৱা বিজ্ঞাপন

🔴 Text Copy off

ওপৰৰ logo ঘূৰি থকা

👉Slider Menu

👉Slider Menu

🔴 Ad blocker Detective

Ad Blocker Detected!
Ad Blocker ধৰা পৰিছে!

Please turn off your Ad blocker to view the website.

ৱেবছাইটটো চাবলৈ অনুগ্ৰহ কৰি আপোনাৰ Ad blocker বন্ধ কৰক।

🔴E-Magazine Old

আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি || Today is the sacred birth anniversary (Aavirbhaav Tithi) of Mahapurush Srimanta Madhavdev.




আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি।

Today is the sacred birth anniversary (Aavirbhaav Tithi) of Mahapurush Srimanta Madhavdev.

( Apurba Das )


অসমীয়া জাতীয় জীৱন, সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিক জগতলৈ তেখেতে যি অনবদ্য অৱদান আগবঢ়াই গৈছে, সেয়া চিৰস্মৰণীয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱ আছিল অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম ধাৰক আৰু বাহক। তেওঁৰ জীৱন, দৰ্শন আৰু সাহিত্যৰাজিয়ে অসমীয়া সমাজক আজিও একত্ৰিত কৰি ৰাখিছে।


◽ শংকৰ-মাধৱৰ সাক্ষাৎ আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ


মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ খ্ৰীষ্টাব্দত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকুপুখুৰী নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। সৰুকালৰে পৰা মাধৱদেৱ অত্যন্ত মেধাৱী আছিল। ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি তেওঁ শাস্ত্ৰ, ব্যৱকৰণ, তৰ্কবিদ্যা আদিত সুপণ্ডিত হৈ পৰিছিল। প্ৰথম অৱস্থাত মাধৱদেৱ আছিল ঘোৰ শাক্ত ধৰ্মৰ উপাসক। তেওঁ দেৱীৰ আগত জীৱ-জন্তু বলি দিয়া প্ৰখাত গভীৰভাৱে বিশ্বাস কৰিছিল আৰু হিন্দু ধৰ্মৰ প্ৰবৃত্তি মাৰ্গৰ (কৰ্মকাণ্ড) পক্ষপাতী আছিল। আনহাতে, সেই সময়ত শ্ৰীমন্ত শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম বা নিবৃত্তি মাৰ্গৰ (ভক্তি) প্ৰচাৰ কৰিছিল।








◽ শংকৰদেৱ আৰু মাধৱদেৱৰ এই ঐতিহাসিক সাক্ষাতৰ
 আঁৰত আছিল এক বিশেষ ঘটনা। এদিন মাধৱদেৱৰ মাতৃ মনোৰমা আইৰ টান অসুখ হোৱাত, মাতৃৰ আৰোগ্য কামনা কৰি তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি মানস কৰিছিল। সেই উদ্দেশ্যে তেওঁ ভিনিয়েক ৰামদাসক ছাগলী আনিবলৈ পঠিয়াইছিল। কিন্তু ৰামদাসে ছাগলী নানি শংকৰদেৱৰ ওচৰলৈ গৈ বৈষ্ণৱ ধৰ্মৰ শৰণ লয় আৰু নাম-কীৰ্তনত মগ্ন হৈ পৰে। এই কথাত মাধৱদেৱ অত্যন্ত ক্ৰোধান্বিত হয় আৰু ভিনিয়েকক ককৰ্থনা কৰে। তেতিয়া ৰামদাসে তেওঁক শান্ত কৰি বুজাই-বঢ়াই ধুৱাহাট বেলগুৰিত থকা শংকৰদেৱৰ ওচৰলৈ লৈ যায়। উদ্দেশ্য আছিল শংকৰদেৱৰ সৈতে তৰ্ক কৰা।





◽ ধুৱাহাট বেলগুৰিত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত এক সুদীৰ্ঘ আৰু তীব্ৰ তৰ্কযুদ্ধ আৰম্ভ হয়। মাধৱদেৱে শাক্ত ধৰ্ম আৰু বলিবিধানৰ সপক্ষে বিভিন্ন যুক্তি প্ৰদৰ্শন কৰে। আনহাতে, শংকৰদেৱে অহিংসা আৰু একশৰণ নাম ধৰ্মৰ সপক্ষে যুক্তি আগবঢ়ায়। এই তৰ্কযুদ্ধ প্ৰায় ন ঘণ্টা ধৰি চলিছিল। অৱশেষত শংকৰদেৱে শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি শ্লোক উচ্চাৰণ কৰে—

"যথা তৰোৰ্মূল নিষেচনেন
তৃপ্যন্তি তৎস্কন্ধভুজোপশাখাঃ।
প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং
তথা সৰ্বাচৰনমচ্যুতেজ্যা॥"

📌 অৰ্থাৎ, গছৰ গুৰিত পানী দিলে যেনেকৈ গছৰ ডাল, পাত, ফুল, ফল সকলোৱে পুষ্টি লাভ কৰে, আৰু প্ৰাণক (শৰীৰক) আহাৰ দিলে যেনেকৈ সকলো ইন্দ্ৰিয়ই সন্তুষ্টি লাভ কৰে, ঠিক তেনেকৈ পৰমপুৰুষ শ্ৰীকৃষ্ণক অৰ্চনা কৰিলে আন সকলো দেৱ-দেৱীৰ পূজা আপোনা-আপুনি সম্পন্ন হয়। ইয়াৰ বাবে বেলেগকৈ আন দেৱতাক পূজা কৰা বা বলি দিয়াৰ প্ৰয়োজন নাই।


এই অমূল্য শ্লোকফাঁকিয়ে মাধৱদেৱৰ অন্তৰত গভীৰ ৰেখাপাত কৰে। তেওঁৰ মনৰ সকলো অহংকাৰ আৰু ভ্ৰান্তি নিমিষতে দূৰ হয়। লগে লগে তেওঁ শংকৰদেৱৰ চৰণত নিগাজী আশ্ৰয় লয় আৰু একশৰণ নাম ধৰ্ম গ্ৰহণ কৰে। অসমৰ ইতিহাসত এই মহামিলনক "মণি-কাঞ্চন সংযোগ" বুলি কোৱা হয়। ইয়াৰ পিছৰ পৰাই মাধৱদেৱে নিজৰ সমগ্ৰ জীৱন গুৰুৰ সেৱা আৰু ধৰ্ম প্ৰচাৰৰ নামত উৎসৰ্গা কৰে আৰু আজীৱন ব্ৰহ্মচাৰী হৈ ৰয়।

📌 মহাপুৰুষ মাধৱদেৱৰ অৱদানসমূহ

অসমীয়া সাহিত্য, সমাজ আৰু সংস্কৃতিলৈ মাধৱদেৱৰ অৱদান অপৰিসীম। তেখেতৰ বহুমূলীয়া সৃষ্টিৰাজিয়ে অসমীয়া সমাজক আজিও এক সুদৃঢ় ভেটি প্ৰদান কৰিছে। তেখেতৰ প্ৰধান অৱদানসমূহ তলত উল্লেখ কৰা হ'ল—


◽ নামঘোষা: মাধৱদেৱৰ শ্ৰেষ্ঠ সাহিত্যিক আৰু দাৰ্শনিক কৃতি হৈছে 'নামঘোষা'। ইয়াক 'হেজাৰী ঘোষা' বুলিও জনা যায় কাৰণ ইয়াত প্ৰায় এহেজাৰটা ঘোষা সন্নিৱিষ্ট আছে। নামঘোষা হৈছে ভক্তি ৰসৰ এক অতুলনীয় গ্ৰন্থ, য'ত বেদ, উপনিষদ আৰু ভাগৱতৰ মূল তত্ত্ব অতি সৰল অসমীয়া ভাষাত প্ৰকাশ কৰা হৈছে। এই গ্ৰন্থখনে ভক্তি মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে আৰু মানৱ জীৱনৰ গভীৰ তত্ত্ববোৰ ফঁহিয়াই দেখুৱায়।


◽ বৰগীত: শংকৰদেৱৰ নিৰ্দেশক্ৰমে মাধৱদেৱে বহুসংখ্যক বৰগীত ৰচনা কৰিছিল। বৰ্তমান পোৱা বৰগীতসমূহৰ ভিতৰত সৰ্বাধিক গীত মাধৱদেৱৰ ৰচনা। তেওঁৰ বৰগীতবোৰত ঘাইকৈ শিশু কৃষ্ণৰ লীলা, মাতৃ যশোদাৰ বাৎসল্য প্ৰেম, বিৰহ আৰু বৈৰাগ্যৰ ভাৱ সুন্দৰকৈ ফুটি উঠিছে। ব্ৰজাৱলী ভাষাত ৰচিত এই গীতসমূহে অসমীয়া ধ্ৰুপদী সংগীতৰ ভঁৰাল বিশ্ব দৰবাৰত জিলিকাই তুলিছে।



◽ নাট আৰু ঝুমুৰা: শংকৰদেৱে অংকীয়া নাট ৰচনা কৰাৰ দৰে, মাধৱদেৱেও কেইবাখনো নাট আৰু ঝুমুৰা ৰচনা কৰিছিল। তেওঁৰ ৰচিত নাটসমূহৰ ভিতৰত 'অৰ্জুন ভঞ্জন' (বা দধিমথন), 'চোৰ ধৰা', 'পিম্পৰা গুচোৱা', 'ভূমি লেটোৱা', 'ভোজন বিহাৰ' আৰু 'কোটোৰা খেলা' আদি প্ৰধান। এই নাটসমূহত শিশু কৃষ্ণৰ দুষ্টামি আৰু শিশুসুলভ স্বভাৱ অতি মনোমোগাকৈ উপস্থাপন কৰা হৈছে যিয়ে সাধাৰণ মানুহৰ মন মুহিবলৈ সক্ষম হৈছিল।


◽ ভক্তি ৰত্নাৱলীৰ অনুবাদ: বিষ্ণুপুৰী সন্ন্যাসীৰ সংস্কৃত গ্ৰন্থ 'ভক্তি ৰত্নাৱলী'ক মাধৱদেৱে অতি নিপুণতাৰে অসমীয়ালৈ অনুবাদ কৰে। অসমৰ বৈষ্ণৱ সমাজত এই গ্ৰন্থখনৰ গুৰুত্ব অপৰিসীম আৰু ইয়াক অসমীয়া সমাজৰ চাৰি পুথিৰ (কীৰ্তন, দশম, নামঘোষা, ভক্তি ৰত্নাৱলী) অন্যতম হিচাপে সৰ্বোচ্চ সন্মান জনোৱা হয়।


◽সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা: নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মাধৱদেৱে অসমৰ বিভিন্ন স্থানত সত্ৰ আৰু নামঘৰ স্থাপন কৰিছিল। তাৰ ভিতৰত বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, ভেলাদঙা সত্ৰ আদি উল্লেখযোগ্য। এই অনুষ্ঠানসমূহে অসমীয়া সমাজক একগোট কৰাত, কলা-কৃষ্টিৰ চৰ্চা কৰাত আৰু আধ্যাত্মিক চেতনা জাগ্ৰত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।


◽ ধৰ্মৰ বিস্তাৰ আৰু সংগঠন: শংকৰদেৱৰ মহপ্ৰয়াণৰ পিছত নৱবৈষ্ণৱ ধৰ্মৰ সম্পূৰ্ণ দায়িত্ব মাধৱদেৱৰ ওপৰত পৰে। তেওঁ অতি সুনিপুণভাৱে ধৰ্মীয় সমাজখনক পৰিচালনা কৰে আৰু একশৰণ নাম ধৰ্মক অসমৰ চুকে-কোণে বিয়পাই দিয়ে। তেওঁৰ বলিষ্ঠ নেতৃত্বৰ বাবেই এই ধৰ্মই এক সুসংগঠিত আৰু গণতান্ত্ৰিক ৰূপ লাভ কৰিবলৈ সক্ষম হয়।


◽ সমাজ সংস্কাৰক হিচাপে ভূমিকা: মাধৱদেৱে কেৱল ধৰ্ম প্ৰচাৰেই কৰা নাছিল, বৰঞ্চ সমাজৰ পৰা অন্ধবিশ্বাস, বলিবিধান আৰু কঠোৰ জাতিভেদ প্ৰথা আঁতৰোৱাত অগ্ৰণী ভূমিকা লৈছিল। তেওঁ সকলো শ্ৰেণীৰ মানুহক নামঘৰত একেলগে প্ৰৱেশ কৰা আৰু একেলগে নাম-প্ৰসংগ কৰাৰ অধিকাৰ প্ৰদান কৰি সামাজিক সমতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছিল।


 শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ যুগলবন্দীয়ে অসমীয়া জাতিৰ ভেটি সুদৃঢ় কৰিলে। মাধৱদেৱৰ অবিহনে শংকৰদেৱৰ ধৰ্মীয় আন্দোলন হয়তো ইমান ব্যাপক আৰু প্ৰভাৱশালী নহ'লহেঁতেন। আজিৰ এই পৱিত্ৰ আৱিৰ্ভাৱ তিথিত মহাপুৰুষগৰাকীৰ মহান কৰ্মৰাজিক স্মৰণ কৰাৰ লগতে তেখেতে দেখুৱাই যোৱা ভক্তি, ত্যাগ আৰু মানৱতাবাদৰ পথত অগ্ৰসৰ হোৱাটোৱেই আমাৰ সকলোৰে পৰম কৰ্তব্য।







Today is the sacred birth anniversary (Aavirbhaav Tithi) of Mahapurush Srimanta Madhavdev.

( Apurba Das )

His unparalleled contributions to Assamese national life, literature, culture, and the spiritual world remain ever memorable. Mahapurush Madhavdev, the principal disciple of Srimanta Sankardev, was one of the key bearers and propagators of the Neo-Vaishnavite faith in Assam. His life, philosophy, and literary works continue to unite Assamese society even today.


◽ The Meeting of Sankar-Madhav and Acceptance of Vaishnavism


Mahapurush Madhavdev was born in 1489 AD at Letekupukhuri, under Narayanpur in present-day Lakhimpur district. His father's name was Gobindgiri Bhuyan and his mother's name was Manorama. From childhood, Madhavdev was exceptionally intelligent. After receiving education at Rajendra Adhyapak's tol (traditional school), he became a profound scholar in scriptures, grammar, logic, and other subjects. Initially, Madhavdev was a devout follower of Shaaktism. He firmly believed in offering animal sacrifices to the Goddess and favored the Pravritti Marga (path of ritualistic action) of Hinduism. Meanwhile, during that period, Srimanta Sankardev was propagating Eka-Sharana Nama Dharma or Nivritti Marga (path of devotion) in Assam.


◽ Behind this historic meeting of Sankardev and Madhavdev lay a special incident. One day, when Madhavdev's mother Manorama fell seriously ill, he vowed to sacrifice two goats before the Goddess for her recovery. With this intention, he sent his brother-in-law Ramdas to bring the goats. However, Ramdas did not bring the goats; instead, he went to Sankardev, took refuge in Vaishnavism, and became engrossed in Nama-kirtan (congregational chanting). Hearing this, Madhavdev became extremely angry and rebuked his brother-in-law. Then, Ramdas calmly persuaded him and took him to Sankardev at Dhuvahat Belguri. The purpose was to debate with Sankardev.

◽ At Dhuvahat Belguri, a prolonged and intense debate began between Sankardev and Madhavdev. Madhavdev presented various arguments in favor of Shaaktism and animal sacrifice. On the other hand, Sankardev put forth arguments supporting non-violence and the Eka-Sharana Nama Dharma. This debate continued for about nine hours. Finally, Sankardev recited a verse from the fourth canto of Srimad Bhagavatam—

"Yatha taror-mula nishhechhanena
Tripyanti tat-skandha-bhujopashakhah|
Pranopaharaccha yathendriyanam
Tatha sarvarchanam acyutejya||"

📌 Meaning: Just as watering the root of a tree nourishes all its branches, leaves, flowers, and fruits, and just as feeding the life force (body) satisfies all the senses, similarly, by worshipping the Supreme Being Sri Krishna, the worship of all other deities is automatically fulfilled. Therefore, there is no need to worship other gods separately or offer sacrifices.


This priceless verse left a deep impression on Madhavdev's heart. All his ego and delusions vanished instantly. Immediately, he took permanent refuge at Sankardev's feet and accepted the Eka-Sharana Nama Dharma. In Assam's history, this great union is called "Mani-Kanchan Sangyog" (the union of gem and gold). From then on, Madhavdev dedicated his entire life to serving his Guru and propagating the faith, remaining a lifelong Brahmachari (celibate).

📌 Contributions of Mahapurush Madhavdev

Madhavdev's contributions to Assamese literature, society, and culture are immeasurable. His valuable creations continue to provide a strong foundation to Assamese society even today. His major contributions are mentioned below—


◽ Namaghosha: Madhavdev's finest literary and philosophical creation is the 'Namaghosha'. It is also known as 'Hajari Ghosha' because it contains approximately one thousand ghoshas (verses). Namaghosha is an unparalleled text of devotional sentiment (Bhakti Rasa), where the essential truths of the Vedas, Upanishads, and Bhagavata are expressed in simple Assamese language. This text establishes the supremacy of the path of devotion and elucidates profound truths of human life.


◽ Borgeet: Following Sankardev's guidance, Madhavdev composed numerous Borgeets (classical devotional songs). Among the Borgeets available today, the majority are composed by Madhavdev. His Borgeets beautifully depict the childhood leelas (divine plays) of Krishna, the maternal affection of Yashoda, and emotions of separation and renunciation. Composed in Brajavali language, these songs have illuminated the treasure of Assamese classical music on the world stage.



◽ Naat and Jhumura: Just as Sankardev composed Ankia Naats, Madhavdev also wrote several Naats and Jhumuras. Among his notable plays are 'Arjun Bhanjan' (or Dadhimathan), 'Chor Dhora', 'Pimpra Gusowa', 'Bhumi Letowa', 'Bhojan Vihar', and 'Kotora Khela'. These plays depict the mischievous and childlike nature of young Krishna in a captivating manner, successfully enchanting the hearts of common people.


◽ Translation of Bhakti Ratnavali: Madhavdev skillfully translated the Sanskrit text 'Bhakti Ratnavali' by Vishnupuri Sannyasi into Assamese. This text holds immense importance in Assam's Vaishnavite community and is regarded with the highest reverence as one of the four sacred texts (Kirtan, Dasham, Namaghosha, Bhakti Ratnavali) of Assamese society.


◽ Establishment of Satras and Namghars: To propagate the Neo-Vaishnavite faith, Madhavdev established Satras (monastic institutions) and Namghars (prayer halls) in various places across Assam. Notable among them are Barpeta Satra, Dhekiaxova Bor Namghar, and Bheladanga Satra. These institutions have played a crucial role in uniting Assamese society, promoting art and culture, and awakening spiritual consciousness.


◽ Expansion and Organization of the Faith: After Sankardev's Mahaprayan (great departure), the complete responsibility of the Neo-Vaishnavite faith fell upon Madhavdev. He managed the religious community with great skill and spread the Eka-Sharana Nama Dharma to every corner of Assam. Due to his strong leadership, this faith was able to acquire a well-organized and democratic form.


◽ Role as a Social Reformer: Madhavdev did not merely propagate religion; he also played a pioneering role in removing blind faith, animal sacrifice, and rigid caste discrimination from society. By granting people of all classes the right to enter Namghars together and participate collectively in Nama-prasanga (devotional discourse), he set a unique example of social equality.


 The combined legacy of Srimanta Sankardev and Srimanta Madhavdev has strengthened the foundation of the Assamese nation. Without Madhavdev, Sankardev's religious movement might not have become so widespread and influential. On this sacred birth anniversary today, while remembering the great works of the Mahapurush, it is our supreme duty to advance on the path of devotion, sacrifice, and humanism that he showed us.







आज महापुरुष श्रीश्रीमाधवदेव की पवित्र आविर्भाव तिथि है।

( अपूर्ब दास )


असमिया राष्ट्रीय जीवन, साहित्य, संस्कृति और आध्यात्मिक जगत में उनका जो अद्वितीय योगदान रहा है, वह चिरस्मरणीय है। महापुरुष श्रीमंत शंकरदेव के प्रधान शिष्य माधवदेव असम के नववैष्णव धर्म के प्रमुख धारक और वाहक थे। उनका जीवन, दर्शन और साहित्यिक रचनाएं आज भी असमिया समाज को एकजुट किए हुए हैं।


◽ शंकर-माधव का साक्षात्कार और वैष्णव धर्म ग्रहण


महापुरुष माधवदेव का जन्म 1489 ईसवी में लखीमपुर जिले के नारायणपुर के अंतर्गत लेटेकुपुखुरी नामक स्थान पर हुआ था। उनके पिता का नाम गोबिंदगिरि भुयां और माता का नाम मनोरमा था। बचपन से ही माधवदेव अत्यंत मेधावी थे। राजेंद्र अध्यापक के टोल में शिक्षा ग्रहण कर उन्होंने शास्त्र, व्याकरण, तर्कविद्या आदि में सुपंडित बन गए। प्रारंभ में माधवदेव घोर शाक्त धर्म के उपासक थे। वे देवी के सामने जीव-जंतुओं की बलि देने में गहरा विश्वास रखते थे और हिंदू धर्म के प्रवृत्ति मार्ग (कर्मकांड) के पक्षपाती थे। दूसरी ओर, उस समय श्रीमंत शंकरदेव असम में एकशरण नाम धर्म या निवृत्ति मार्ग (भक्ति) का प्रचार कर रहे थे।


◽ शंकरदेव और माधवदेव के इस ऐतिहासिक साक्षात्कार के पीछे एक विशेष घटना थी। एक दिन माधवदेव की माता मनोरमा की गंभीर बीमारी होने पर, माता की स्वास्थ्य लाभ की कामना करते हुए उन्होंने देवी के सामने दो बकरों की बलि देने का संकल्प किया। इस उद्देश्य से उन्होंने अपने जीजा रामदास को बकरा लाने के लिए भेजा। लेकिन रामदास बकरा न लाकर शंकरदेव के पास गए, वैष्णव धर्म की शरण ली और नाम-कीर्तन में मग्न हो गए। इस बात से माधवदेव अत्यंत क्रोधित हुए और अपने जीजा को डांटा। तब रामदास ने उन्हें शांत किया, समझाया और धुवाहाट बेलगुड़ी में स्थित शंकरदेव के पास ले गए। उद्देश्य था शंकरदेव के साथ तर्क करना।

◽ धुवाहाट बेलगुड़ी में शंकरदेव और माधवदेव के बीच एक लंबा और तीव्र तर्कयुद्ध शुरू हुआ। माधवदेव ने शाक्त धर्म और बलि विधान के पक्ष में विभिन्न तर्क प्रस्तुत किए। दूसरी ओर, शंकरदेव ने अहिंसा और एकशरण नाम धर्म के पक्ष में तर्क दिए। यह तर्कयुद्ध लगभग नौ घंटे तक चला। अंततः शंकरदेव ने श्रीमद्भागवत के चतुर्थ स्कंध से एक श्लोक उच्चारित किया—

"यथा तरोर्मूल निषेचेनेन
तृप्यन्ति तत्स्कन्धभुजोपशाखाः।
प्राणोपहाराच्च यथेंद्रियाणां
तथा सर्वार्चनमच्युतेज्या॥"

📌 अर्थात्, जैसे वृक्ष की जड़ में पानी देने से उसकी शाखाएं, पत्तियां, फूल, फल सभी पोषित हो जाते हैं, और जैसे प्राण (शरीर) को आहार देने से सभी इंद्रियां संतुष्ट हो जाती हैं, ठीक उसी प्रकार परमपुरुष श्रीकृष्ण की अर्चना करने से अन्य सभी देव-देवियों की पूजा स्वतः ही संपन्न हो जाती है। इसके लिए अलग से अन्य देवताओं की पूजा करने या बलि देने की आवश्यकता नहीं है।


इस अमूल्य श्लोक ने माधवदेव के हृदय पर गहरा प्रभाव डाला। उनके मन का सारा अहंकार और भ्रम क्षण भर में दूर हो गया। तुरंत, उन्होंने शंकरदेव के चरणों में स्थायी शरण ली और एकशरण नाम धर्म ग्रहण किया। असम के इतिहास में इस महान मिलन को "मणि-कांचन संयोग" कहा जाता है। इसके बाद से माधवदेव ने अपने संपूर्ण जीवन को गुरु की सेवा और धर्म प्रचार के लिए समर्पित कर दिया और आजीवन ब्रह्मचारी बने रहे।

📌 महापुरुष माधवदेव के योगदान

असमिया साहित्य, समाज और संस्कृति में माधवदेव का योगदान अपार है। उनकी बहुमूल्य रचनाओं ने आज भी असमिया समाज को एक मजबूत आधार प्रदान किया है। उनके प्रमुख योगदान निम्नलिखित हैं—


◽ नामघोषा: माधवदेव की श्रेष्ठ साहित्यिक और दार्शनिक कृति है 'नामघोषा'। इसे 'हजारी घोषा' भी कहा जाता है क्योंकि इसमें लगभग एक हजार घोषा (श्लोक) संग्रहित हैं। नामघोषा भक्ति रस का एक अतुलनीय ग्रंथ है, जहां वेद, उपनिषद और भागवत के मूल तत्वों को अत्यंत सरल असमिया भाषा में व्यक्त किया गया है। यह ग्रंथ भक्ति मार्ग की श्रेष्ठता को स्थापित करता है और मानव जीवन के गहन तत्वों को स्पष्ट करता है।


◽ बरगीत: शंकरदेव के निर्देशानुसार माधवदेव ने अनेक बरगीत (शास्त्रीय भक्ति गीत) रचे। आज उपलब्ध बरगीतों में से अधिकांश माधवदेव की रचनाएं हैं। उनके बरगीतों में मुख्य रूप से बाल कृष्ण की लीलाएं, माता यशोदा का वात्सल्य प्रेम, विरह और वैराग्य के भाव सुंदर रूप से उभरे हैं। ब्रजावली भाषा में रचित इन गीतों ने असमिया शास्त्रीय संगीत के भंडार को विश्व दरबार में चमका दिया है।



◽ नाट और झुमुरा: जैसे शंकरदेव ने अंकिया नाट रचे, वैसे ही माधवदेव ने भी कई नाट और झुमुरा रचे। उनकी रचित नाटों में 'अर्जुन भंजन' (या दधिमंथन), 'चोर धरा', 'पिंपरा गुछोवा', 'भूमि लेटोवा', 'भोजन विहार' और 'कोटोरा खेल' आदि प्रमुख हैं। इन नाटकों में बाल कृष्ण की शरारतों और बालसुलभ स्वभाव को अत्यंत मनमोहक ढंग से प्रस्तुत किया गया है, जो साधारण लोगों के मन को मोहने में सक्षम रहा।


◽ भक्ति रत्नावली का अनुवाद: विष्णुपुरी संन्यासी के संस्कृत ग्रंथ 'भक्ति रत्नावली' का माधवदेव ने अत्यंत निपुणता से असमिया में अनुवाद किया। असम के वैष्णव समाज में इस ग्रंथ का महत्व अपार है और इसे असमिया समाज की चार पवित्र पुस्तकों (कीर्तन, दशम, नामघोषा, भक्ति रत्नावली) में से एक मानकर सर्वोच्च सम्मान दिया जाता है।


◽ सत्र और नामघर की स्थापना: नववैष्णव धर्म के प्रचार के लिए माधवदेव ने असम के विभिन्न स्थानों पर सत्र (मठ) और नामघर (प्रार्थना कक्ष) स्थापित किए। इनमें बरपेटा सत्र, ढेकियाखोवा बोर नामघर, भेलडंगा सत्र आदि उल्लेखनीय हैं। इन संस्थाओं ने असमिया समाज को एकजुट करने, कला-संस्कृति के विकास और आध्यात्मिक चेतना जगाने में महत्वपूर्ण भूमिका निभाई है।


◽ धर्म का विस्तार और संगठन: शंकरदेव के महाप्रयाण के बाद नववैष्णव धर्म की संपूर्ण जिम्मेदारी माधवदेव पर आ गई। उन्होंने अत्यंत कुशलता से धार्मिक समाज का संचालन किया और एकशरण नाम धर्म को असम के कोने-कोने में फैलाया। उनके दृढ़ नेतृत्व के कारण ही यह धर्म एक सुसंगठित और लोकतांत्रिक रूप ले सका।


◽ समाज सुधारक के रूप में भूमिका: माधवदेव ने केवल धर्म प्रचार ही नहीं किया, बल्कि समाज से अंधविश्वास, बलि प्रथा और कठोर जातिभेद को दूर करने में अग्रणी भूमिका निभाई। उन्होंने सभी वर्गों के लोगों को नामघर में एक साथ प्रवेश करने और एक साथ नाम-प्रसंग करने का अधिकार देकर सामाजिक समानता का एक अनूठा उदाहरण प्रस्तुत किया।


 श्रीमंत शंकरदेव और श्रीश्रीमाधवदेव की युगलबंदी ने असमिया जाति की नींव को सुदृढ़ किया। माधवदेव के बिना शंकरदेव का धार्मिक आंदोलन शायद इतना व्यापक और प्रभावशाली नहीं बन पाता। आज की इस पवित्र आविर्भाव तिथि पर महापुरुष की महान कृतियों को स्मरण करते हुए, उनके द्वारा दिखाए गए भक्ति, त्याग और मानवतावाद के मार्ग पर अग्रसर होना ही हम सभी का परम कर्तव्य है।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Post Bottom Ads

   
   
   
   

কেটেগৰী