প্ৰায়ে পেট ফুলি থকাৰ সমস্যা: ই কেৱল কোষ্ঠকাঠিন্য নহয়, হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ
( অপূৰ্ব দাস )
খাদ্যপ্ৰণালী আৰু জীৱনশৈলীৰ খেলিমেলিৰ বাবে হজম প্ৰক্ৰিয়াত ব্যাঘাত জনাটো বৰ্তমান সময়ত এক সাধাৰণ কথা হৈ পৰিছে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, এচিডিটি বা বুকু জ্বলা-পোৰা কৰাৰ দৰে সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰিও বহু লোকে প্ৰায়েই পেট ফুলি থকা বা পেটটো গধুৰ হৈ থকা অনুভৱ কৰে।
সাধাৰণতে এই সমস্যাসমূহ খোৱা-বোৱাৰ অভ্যাস সলনি কৰিলে বা সাধাৰণ ঘৰুৱা উপায়েৰে ঠিক হৈ যায়। কিন্তু যদি আপোনাৰ পেট ফুলি থকাৰ সমস্যাটো দীৰ্ঘদিন ধৰি চলি থাকে আৰু কোনো উপায়েৰেই উপশম নহয়, তেন্তে আপুনি সাৱধান হোৱা উচিত। কাৰণ ই শৰীৰৰ ভিতৰত বাহঁ লোৱা কোনো গুৰুতৰ ৰোগৰ আগজাননী হ’ব পাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ব্লটিং বা পেট ফুলি উঠা সমস্যাটো ভাৰতীয়সকলৰ মাজত অতি সুলভ। ইয়াৰ প্ৰধান কাৰণ হিচাপে কোষ্ঠকাঠিন্যক গণ্য কৰা হয় যদিও প্ৰতিবাৰেই বা দীৰ্ঘসময়ৰ বাবে হোৱা ব্লটিঙৰ কাৰণ কেৱল কোষ্ঠকাঠিন্যই নহয়। বহু সময়ত ই অন্ত্ৰ, যকৃতৰ (লিভাৰ) ৰোগ বা হৰমনৰ পৰিৱৰ্তনৰ সংকেতো হ’ব পাৰে।
চিকিৎসকসকলৰ মতে, যদি পেট ফুলি থকাৰ লগতে শৰীৰৰ ওজন অস্বাভাৱিকভাৱে হ্ৰাস পাইছে, ভোক কমি গৈছে, বমি ভাব হৈছে, অহৰহ পেটৰ বিষ হৈছে বা শৌচ কৰাৰ নিয়ম সলনি হৈছে, তেন্তে ইয়াক সাধাৰণ গেছ বুলি ভাবি আওকাণ কৰিলে বিপদ হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত ডিম্বাশয়ৰ (ওভাৰী) সমস্যা আৰু পুৰুষৰ ক্ষেত্ৰত যকৃত বা অন্ত্ৰৰ ৰোগৰ বাবেও দীৰ্ঘদিন ধৰি পেট ফুলি থাকিব পাৰে।
🟢 কোষ্ঠকাঠিন্যৰ বাবে ব্লটিং বা পেট ফুলা:
কোষ্ঠকাঠিন্যক পেট ফুলি উঠাৰ আটাইতকৈ সাধাৰণ কাৰণ হিচাপে ধৰা হয়। যেতিয়া শৌচ দীৰ্ঘসময় ধৰি বৃহৎ অন্ত্ৰত জমা হৈ থাকে, তেতিয়া তাত থকা বেক্টেৰিয়াই ফাৰ্মেণ্টেচন (কিন্বন) প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ ফলত শৰীৰত গেছ উৎপন্ন হয় আৰু পেটটো বেলুনৰ দৰে ফুলি উঠা যেন অনুভৱ হয়।
◽ আমেৰিকান গেষ্ট্ৰ’এণ্টাৰ’লজিকেল এছ’চিয়েচনৰ মতে, কোষ্ঠকাঠিন্য হ’লে অন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা হ্ৰাস পায়। ইয়াৰ ফলত হজম শক্তি দুৰ্বল হয় আৰু ব্লটিঙৰ সৃষ্টি হয়। কম পৰিমাণে পানী খোৱা, খাদ্যত আঁহজাতীয় পদাৰ্থ বা ফাইবাৰৰ অভাৱ হোৱা আৰু দীৰ্ঘসময় ধৰি একে ঠাইতে বহি কাম কৰা অভ্যাসে কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যা বহুগুণে বৃদ্ধি কৰে।
কোষ্ঠকাঠিন্যৰ বাহিৰেও আন কি কি গুৰুতৰ কাৰণত পেট ফুলিব পাৰে, তলত সেই বিষয়ে আলোচনা কৰা হ’ল:
🟢 ইৰিটেবল বাৱেল চিনড্ৰম (IBS) ৰ আশংকা:
প্ৰায়েই পেট ফুলি থকাটো বহু সময়ত ‘ইৰিটেবল বাৱেল চিনড্ৰম’ৰ দৰে জটিল ৰোগৰ লক্ষণ হ’ব পাৰে। ই এবিধ পাচন তন্ত্ৰৰ সমস্যা, য’ত আমাৰ অন্ত্ৰই সঠিকভাৱে কাম কৰিব নোৱাৰা হয়।
◽ এই ৰোগৰ ফলত পেট ফুলা, গেছ হোৱা, তীব্ৰ পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু কেতিয়াবা ডায়েৰীয়া বা পাতল শৌচ হ’ব পাৰে। অত্যধিক মানসিক চাপ বা চিন্তা, বেছি মচলাযুক্ত খাদ্য খোৱা, কেফেইনৰ ব্যৱহাৰ আৰু অনিয়মীয়া জীৱনশৈলীৰ বাবে এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
🟢 খাদ্যৰ প্ৰতি এলাৰ্জী বা ফুড ইনটলাৰেন্স:
যদি আপোনাৰ শৰীৰত কোনো বিশেষ খাদ্যবস্তুৰ প্ৰতি এলাৰ্জী থাকে, তেন্তে তাৰ বাবেও পেট ফুলি উঠাৰ সমস্যাই দেখা দিব পাৰে।
◽ যিসকল লোকৰ গাখীৰ, গ্লুটেন (ঘেঁহুৰ পৰা তৈয়াৰী সামগ্ৰী), বিন বা দাইলজাতীয় খাদ্য সহজে হজম নহয়, তেওঁলোকৰ পেট ফুলিব পাৰে। খাদ্য সঠিকভাৱে হজম নহ’লে অন্ত্ৰত সেইবোৰ বহু সময় পেটতে থাকি যায় গেছ সৃষ্টি কৰে। বিশেষকৈ লেক্ট’জ ইনটলাৰেন্স থকা লোকসকলৰ ক্ষেত্ৰত গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী বস্তু খোৱাৰ পিছত পেট ফুলা, গেছ হোৱা আৰু পেট চলিব পাৰে।
🟢 যকৃত বা লিভাৰৰ ৰোগ:
যদি আপোনাৰ ফেটি লিভাৰ বা যকৃতৰ অন্য কোনো সমস্যা আছে, তেন্তে পেট ফুলি থকাৰ লক্ষণ দেখা পোৱাটো স্বাভাৱিক। লিভাৰ দুৰ্বল হ’লে শৰীৰৰ সামগ্ৰিক পাচন প্ৰক্ৰিয়া ব্যাহত হয়, যাৰ ফলত পেটত গধুৰতা আৰু গেছ বৃদ্ধি পায়।
🟢 মহিলাৰ ডিম্বাশয়ৰ সমস্যা:
মহিলাসকলৰ ক্ষেত্ৰত ডিম্বাশয়ৰ বিভিন্ন সমস্যা বা ওভেৰিয়ান কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ প্ৰাথমিক লক্ষণ হিচাপে দীৰ্ঘদিন ধৰি ব্লটিং বা পেট ফুলি থকাৰ সমস্যা দেখা যাব পাৰে। গতিকে ইয়াক সাধাৰণ গেছ বুলি অবহেলা কৰাটো অনুচিত।
🟢 অন্ত্ৰৰ সংক্ৰমণ বা টিউমাৰ:
আমাৰ পেটৰ অন্ত্ৰত হোৱা যিকোনো ধৰণৰ প্ৰদাহ (Inflammation), সংক্ৰমণ বা টিউমাৰৰ বাবেও পেট ফুলি উঠিব পাৰে। ই হজম নোহোৱাকৈ খাদ্য আৰু গেছ ভিতৰতে আৱদ্ধ কৰি ৰাখে।
যদি আপোনাৰ পেট ফুলাৰ সমস্যাটো বহুত দিন ধৰি একেৰাহে চলি আছে, ইয়াৰ সৈতে শৰীৰৰ ওজন বহুখিনি কমি গৈছে আৰু শৌচৰ সৈতে তেজ ওলাইছে, তেন্তে পলম নকৰি লগে লগে বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিব লাগে। সঠিক সময়ত কৰা পৰীক্ষা-নিৰীক্ষাই আপোনাক এক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।