অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৬ ৰ
ফলাফল ঘোষণা || Assam HSLC Result 2026 Announcement
By Good Assam || 10 April, 2026
মাধ্যমিক শিক্ষা পৰিষদ, অসম (SEBA) অৰ্থাৎ বৰ্তমানৰ 'ASSEB'-এ আজি, ১০ এপ্ৰিল, ২০২৬ তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (মেট্ৰিক) ফলাফল ঘোষণা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। এই বৰ্ষত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ফলাফলসমূহ বিভিন্ন চৰকাৰী ৱেবছাইটৰ জৰিয়তে অতি সহজেই চাব পাৰিব। এই ফলাফলসমূহ পুৱা ১০:৩০ বজাৰ পৰা অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব।
ফলাফল ঘোষণাৰ সময়ত ৱেবছাইটত হ'ব পৰা অত্যাধিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে অসম চৰকাৰ আৰু শিক্ষা পৰিষদে কেইবাটাও বিকল্প ৱেবছাইট মুকলি কৰিছে।
ফলাফল উপলব্ধ হ'বলগীয়া চৰকাৰী ৱেবছাইটসমূহ:
◽ asseb.in
অনলাইনযোগে ফলাফল কেনেদৰে চাব:
◽ প্ৰথমতে, আপোনাৰ ম'বাইল বা কম্পিউটাৰৰ ব্ৰাউজাৰ মুকলি কৰি ওপৰত উল্লেখ কৰা যিকোনো এটা চৰকাৰী ৱেবছাইটলৈ যাওক।
◽ ৱেবছাইটটোৰ মূল পৃষ্ঠাত থকা "Assam HSLC Result 2026" লিংকটোত ক্লিক কৰক।
◽ ইয়াৰ পিছত আপোনাৰ প্ৰৱেশ পত্ৰত (Admit Card) থকা ৰোল (Roll) আৰু নম্বৰ (Number) লগতে কেপচা (Captcha) ক'ড সঠিকভাৱে পূৰণ কৰক।
◽ সকলো তথ্য দিয়াৰ পিছত 'Submit' বুটামত ক্লিক কৰক।
◽ লগে লগে আপোনাৰ ফলাফল আৰু মাৰ্কশ্বীট কম্পিউটাৰ বা ম'বাইলৰ স্ক্ৰীনত প্ৰদৰ্শিত হ'ব।
◽ ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে আপোনাৰ ফলাফলৰ পিডিএফ (PDF) ডাউনলোড কৰি লওক আৰু এটা প্ৰিণ্টআউট উলিয়াই নিজৰ হাতত ৰাখক।
ইয়াৰ উপৰিও, ছাত্ৰ-ছাত্ৰীসকলে 'ASSEB Results' নামৰ চৰকাৰী ম'বাইল এপ্লিকেচন আৰু 'DigiLocker' (ডিজিলকাৰ)ৰ জৰিয়তেও নিজৰ ফলাফল আৰু ডিজিটেল মাৰ্কশ্বীট চাব আৰু নিৰাপদভাৱে ডাউনলোড কৰিব পাৰিব। ফলাফলৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ
By Good Assam
🟢 প্রথম স্থানত বজালীৰ জ্যোতিৰ্ময় দাস পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ছাত্র জ্যোতির্ময়। ৯৮.৫০ শতাংশৰে প্ৰথম স্থানপ্ৰাপ্ত জ্যোতিৰ্ময় দাস।
🟢 দ্বিতীয় স্থানত বিশ্বনাথৰ আকাংক্ষা ভূঞা। অম্বিকাগীৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা। ৯৮.১৬ শতাংশৰে ২য় স্থানপ্ৰাপ্ত আকাংক্ষা ভূঞা
🟢 তৃতীয় স্থানত ডিব্ৰুগড় জিয়া ফাৰাহ ইছলাম।ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ শিক্ষার্থী জিয়া।
৯৮ শতাংশৰে ৩ য় স্থানত উজলিল জিয়া ফাৰাহ ইছলাম।
🟢 চতুৰ্থ স্থানত সুৰজিত আখতাৰ, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী। ৯৮ শতাংশৰে ৪ নম্বৰ স্থানত নলবাৰীৰ সুৰজিৎ।
◽প্ৰথম বিভাগত উত্তীৰ্ণ ৮৫,১৮৯ গৰাকী পৰীক্ষাৰ্থী
◽দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৫০,১৬৭ গৰাকী পৰীক্ষাৰ্থী
◽তৃতীয় বিভাগত উত্তীৰ্ণ ৪৬,৩৪৫ গৰাকী পৰীক্ষাৰ্থী
◽উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ
Assam HSLC Result 2026 Announcement
The Board of Secondary Education, Assam (SEBA), now functioning under ASSEB, is set to declare the High School Leaving Certificate (HSLC) Class 10 examination results today, April 10, 2026. Students who appeared for the matriculation exams can easily access their results through various official online portals. The results will be officially available from 10:30 AM onwards.
To ensure a smooth experience and avoid heavy web traffic, the Assam Government and the education board have provided multiple platforms to check the digital scorecards.
Official Websites to Check the Results:
◽ asseb.in
How to Check the Results Online:
◽ Open your internet browser and visit any of the official websites mentioned above.
◽ Look for the link that says "Assam HSLC Result 2026" on the homepage and click on it.
◽ Enter your Roll and Number exactly as printed on your official admit card, along with any required captcha code.
◽ Click on the 'Submit' button to successfully view your marks.
◽ Your digital scorecard and subject-wise marks will be displayed on the screen.
◽ Download the scorecard and take a physical printout for your future academic references.
Alternatively, students can also use the 'ASSEB Results' official mobile application or check via DigiLocker to view and securely download their digital marksheets. We wish all the hard-working students the very best for their results!