🔴 বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু! আপুনিও সাৱধান হ'ব
( অপূৰ্ব দাস )
শেহতীয়াকৈ অসমত এক অতিশয় দুখজনক আৰু উদ্বেগজনক ঘটনা সংঘটিত হৈছে। বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত দুজনকৈ লোকৰ অকাল মৃত্যু ঘটিছে আৰু আন সাতজন লোক বৰ্তমান চিকিৎসালয়ত জীৱন-মৰণৰ সৈতে যুঁজি আছে।
এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজত কাঠফুলা খোৱাক লৈ এক ভয়, শংকা আৰু সংশয়ৰো সৃষ্টি কৰিছে।
অসমৰ গ্ৰামাঞ্চলত, বিশেষকৈ চাহ বাগিচা আৰু পাহাৰীয়া এলেকাসমূহত, প্ৰাকৃতিকভাৱে গজি উঠা বনৰীয়া কাঠফুলা সংগ্ৰহ কৰি খোৱাৰ এক পৰম্পৰা অতীতৰ পৰাই চলি আহিছে। কিন্তু সঠিক জ্ঞানৰ অভাৱত, কোনবিধ কাঠফুলা খাব পৰা আৰু কোনটো বিষাক্ত, সেই কথা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ ফলতেই এনেধৰণৰ শোকাবহ ঘটনা সঘনাই সংঘটিত হ’বলৈ পাইছে।
প্ৰকৃতিৰ বুকুত পোৱা সকলো বস্তুৱেই মানুহৰ খোৱাৰ উপযোগী নহয়, আৰু কাঠফুলাৰ ক্ষেত্ৰত এই কথাটো এশ শতাংশই প্ৰযোজ্য। এটা সৰু ভুলেই গোটেই পৰিয়ালটোলৈ চিৰদিনৰ বাবে অন্ধকাৰ নমাই আনিব পাৰে।
🔴 বিষাক্ত কাঠফুলাবোৰ কেনেধৰণৰ?
বৰ্তমান সময়ত বা বাৰিষাৰ সময়ত যতে য'তে তʼতে গজি উঠা এই বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পৰা সাৱধান হোৱাটো নিতান্তই প্ৰয়োজনীয়। বাৰিষাৰ সময়ত, বিশেষকৈ যেতিয়া বতৰ সেমেকা থাকে আৰু সঘনাই বৰষুণ হৈ থাকে, তেতিয়া আমাৰ চৌপাশে, বাৰীৰ চুকত, পঁচা গছৰ মূঢ়াত, বাহঁনিত, খেৰৰ দ'মত বা গোবৰৰ দ'মত য'তে-ত'তে বিভিন্ন প্ৰজাতিৰ কাঠফুলা গজি উঠা দেখা যায়। প্ৰকৃতিত হাজাৰ হাজাৰ প্ৰজাতিৰ কাঠফুলা আছে, যাৰ ভিতৰত মাত্ৰ কেইটামান প্ৰজাতিহে মানুহে খাব পাৰে। বাকী বেছিভাগেই বিষাক্ত আৰু মাৰাত্মক।
◽ এই বিষাক্ত কাঠফুলাবোৰ সাধাৰণতে দেখিবলৈ অতি ধুনীয়া, আকৰ্ষণীয় আৰু উজ্জ্বল ৰঙৰ হয়। ৰঙা, হালধীয়া, কমলা বা বেঙুনীয়া ৰঙৰ কাঠফুলাবোৰ প্ৰায়ে বিষাক্ত হোৱাৰ সম্ভাৱনা অতি বেছি থাকে।
◽ কিছুমান বিষাক্ত কাঠফুলাৰ পৰা এক প্ৰকাৰৰ উৎকট দুৰ্গন্ধ বা অপ্ৰীতিকৰ গোন্ধ ওলায়, যিটো খাব পৰা কাঠফুলাত সাধাৰণতে নাথাকে।
◽ বিষাক্ত কাঠফুলাৰ ঠাৰিডালত প্ৰায়ে আঙঠিৰ দৰে দাগ বা আৱৰণ থাকে আৰু ছাতিটোৰ ওপৰত সৰু সৰু বগা বা বেলেগ ৰঙৰ দাগ, ফোঁট বা বাকলি থাকিব পাৰে।
◽ এই কাঠফুলাবোৰৰ ঠাৰি বা ছাতি ছিঙিলে বা কাটিলে তাৰ পৰা বগা আঠা, গাখীৰৰ দৰে তৰল পদাৰ্থ বা হালধীয়া ৰঙৰ ৰস ওলাব পাৰে, যিবোৰ মানুহৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।
◽ গ্ৰামাঞ্চলত এটা প্ৰচলিত ভ্ৰান্ত ধাৰণা আছে যে বিষাক্ত কাঠফুলা ৰান্ধিলে ৰূপালী চামুচ, নহৰু বা পিয়াঁজ দিলে তৰকাৰীখনৰ ৰং ক'লা বা বেয়া হৈ পৰে। কিন্তু বৈজ্ঞানিকভাৱে ই সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। এই অবৈজ্ঞানিক পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি বনৰীয়া কাঠফুলা খোৱাটো নিশ্চিত মৃত্যুক আমন্ত্ৰণ জনোৱাৰ সমকক্ষ।
বিষাক্ত কাঠফুলাত সাধাৰণতে 'আমাটক্সিন', 'ফেলোটক্সিন' আদিৰ দৰে ভয়ংকৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। এই বিষ ইমানেই শক্তিশালী যে ইয়াক ভালদৰে ৰান্ধিলেও, গৰম পানীত সিজাইলেও, ফ্ৰাই কৰিলেও বা ৰ'দত শুকুৱালেও নষ্ট নহয়। এই কাঠফুলা ভক্ষণ কৰাৰ কেইঘণ্টামানৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত মানুহৰ শৰীৰত বিষক্ৰিয়া আৰম্ভ হয়।
◽ প্ৰথম অৱস্থাত ৰোগীৰ বুকু জ্বলা-পোৰা কৰা, বমি ভাব অহা বা সঘনাই তীব্ৰ বমি হোৱা দেখা যায়।
◽ লগে লগে পেটৰ তীব্ৰ আৰু অসহ্যকৰ বিষ আৰম্ভ হয় আৰু ডায়েৰিয়া বা গ্ৰহণী ৰোগৰ দৰে সঘনাই শৌচ হ'বলৈ ধৰে, যাৰ ফলত শৰীৰত পানীৰ অভাৱ ঘটে।
◽ মূৰ ঘূৰোৱা, অত্যাধিক ঘাম ওলোৱা, মাংসপেশীৰ বিষ আৰু উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়।
◽ সময়মতে আৰু সঠিক চিকিৎসা নাপালে এই বিষে মানুহৰ যকৃৎ আৰু বৃক্ক তীব্ৰভাৱে আক্ৰমণ কৰি সম্পূৰ্ণৰূপে বিকল কৰি পেলায়। ইয়াৰ ফলত ৰোগী অজ্ঞান হৈ কমা অৱস্থালৈ গুচি যায় আৰু অৱশেষত কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেয়েহে বাৰিষা কালত য'তে-ত'তে গজা কাঠফুলা খোৱাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাই হৈছে একমাত্ৰ সুৰক্ষিত উপায়।
🔴 খেটি কৰা কাঠফুলাবোৰো বিষাক্ত নেকি?
অসমত শেহতীয়াকৈ ঘটা এই শোকাৱহ ঘটনাৰ পিছত বহু মানুহৰ মনত এক গুৰুতৰ প্ৰশ্নৰ উদয় হৈছে যে— বজাৰত কিনিবলৈ পোৱা বা ঘৰত বৈজ্ঞানিক পদ্ধতিৰে খেটি কৰা কাঠফুলাবোৰো বিষাক্ত নেকি? ইয়াৰ উত্তৰ হৈছে— একেবাৰেই নহয়। খেটি কৰা কাঠফুলা সম্পূৰ্ণৰূপে নিৰাপদ, স্বাস্থ্যসন্মত আৰু ভয়মুক্ত। মানুহে বজাৰৰ পৰা কিনা কাঠফুলা নিৰ্ভয়ে গ্ৰহণ কৰিব পাৰে।
◽ বৈজ্ঞানিক পদ্ধতিৰে খেটি কৰা কাঠফুলা, যেনে- অয়েষ্টাৰ কাঠফুলা, বুটাম কাঠফুলা, মিল্কি কাঠফুলা বা ষ্ট্ৰ' কাঠফুলা আদি পৰীক্ষাগাৰত প্ৰস্তুত কৰা নিৰ্দিষ্ট আৰু এশ শতাংশ নিৰাপদ বীজৰ পৰাহে উৎপাদন কৰা হয়।
◽ এই কাঠফুলাবোৰ এক সুৰক্ষিত আৰু নিয়ন্ত্ৰিত পৰিৱেশত, আধুনিক বিজ্ঞানসন্মত প্ৰযুক্তি ব্যৱহাৰ কৰি, আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা কঠোৰভাৱে মানি চলি উৎপাদন কৰা হয়। এনে পৰিৱেশত বাহিৰৰ বিষাক্ত প্ৰজাতিৰ কাঠফুলাৰ বীজাণু সোমাই গজি উঠাৰ কোনোৱেই সম্ভাৱনা বা থল নাথাকে।
◽ খেটি কৰা কাঠফুলা সমগ্ৰ বিশ্বজুৰি এক অত্যন্ত জনপ্ৰিয়, সুস্বাদু আৰু পুষ্টিকৰ খাদ্য হিচাপে বহুলভাৱে পৰিচিত। ইয়াত প্ৰচুৰ পৰিমাণে উচ্চ মানদণ্ডৰ প্ৰটিন, প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু শৰীৰৰ বাবে লাগতিয়াল এণ্টি-অক্সিডেণ্ট পোৱা যায়।
◽ এই নিৰাপদ কাঠফুলাই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই হৃদযন্ত্ৰ সুস্থ ৰখাত, ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, ডায়েবেটিছ ৰোগীৰ বাবে সুৰক্ষিত খাদ্য হিচাপে আৰু শৰীৰৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰাতো অৱদান যোগায়।
গতিকে বজাৰৰ পৰা কিনি অনা বা ব্যৱসায়িক ভিত্তিত খেটি কৰা কাঠফুলা খোৱাত ৰাইজৰ কোনো ধৰণৰ ভয় বা শংকা থকা উচিত নহয়। অৱশ্যে বজাৰৰ পৰা কাঠফুলা কিনোতে সদায় সতেজ, পৰিষ্কাৰ আৰু পেকেটত থকা কাঠফুলাহে কিনিব লাগে। বেছি পুৰণি, পচি যোৱা, সেমেকা গোন্ধোৱা বা ৰং সলনি হোৱা কাঠফুলা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, সেয়ে তেনে কাঠফুলা পৰিহাৰ কৰা উচিত।
আমাৰ সমাজত সজাগতাৰ অভাৱেই এনে দুৰ্ঘটনাৰ প্ৰধান আৰু মূল কাৰণ। গ্ৰামাঞ্চলত বহু লোকে অকল নিজৰ বা পুৰণি প্ৰজন্মৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বনৰীয়া কাঠফুলা সংগ্ৰহ কৰে। কিন্তু খোৱাৰ উপযোগী আৰু বিষাক্ত কাঠফুলাৰ মাজত বাহ্যিক গঠনৰ ইমানেই আচৰিত মিল থাকে যে এজন সাধাৰণ মানুহে দূৰৰ কথা, কেতিয়াবা বিশেষজ্ঞয়ো খালী চকুৰে সেই পাৰ্থক্য উলিয়াবলৈ কঠিন পায়। সেয়েহে, "চিনাকি যেন লগা" বনৰীয়া কাঠফুলা এটাও কেতিয়াবা ভুল চিনাক্তকৰণৰ বাবে প্ৰাণঘাতী হ'ব পাৰে।
যিকোনো বনৰীয়া কাঠফুলা এডোখৰ মুখলৈ নিয়াৰ পূৰ্বে আমি প্ৰতিজনে নিজকে প্ৰশ্ন কৰা উচিত— জিভাৰ ক্ষন্তেকীয়া তৃপ্তিৰ বাবে নিজৰ আৰু নিজৰ মৰমৰ পৰিয়ালৰ অমূল্য জীৱনটো এনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো উচিত নে? নিশ্চয় নহয়।
যদি দুৰ্ভাগ্যৱশতঃ কোনোবাই ভুলবশতঃ বনৰীয়া বা সন্দেহজনক কাঠফুলা খায় আৰু বিষক্ৰিয়াৰ সামান্যতম লক্ষণো দেখা দিয়ে, তেন্তে লগে লগে তলত দিয়া জৰুৰী পদক্ষেপসমূহ গ্ৰহণ কৰা উচিত:
◽ ৰোগীক ঘৰত পেলাই নথৈ কোনো পলম নকৰাকৈ ওচৰৰ চৰকাৰী চিকিৎসালয় বা উন্নত স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাব লাগে। ঘৰুৱা চিকিৎসা, জৰা-ফুকা বা বেজৰ নামত অমূল্য সময় নষ্ট কৰিলে ৰোগীৰ মৃত্যু অনিবাৰ্য হৈ পৰিব পাৰে।
◽ যদি সম্ভৱ হয়, ৰোগীয়ে খোৱা কাঠফুলাৰ অৱশিষ্ট অংশ বা ৰান্ধি থোৱা তৰকাৰী অলপ পলিথিনত ভৰাই চিকিৎসালয়লৈ লৈ যাব লাগে। ইয়াৰ দ্বাৰা চিকিৎসকে কাঠফুলাৰ প্ৰকাৰ আৰু বিষৰ তীব্ৰতা চিনাক্ত কৰি সঠিক আৰু দ্ৰুত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হয়।
◽ ৰোগীক পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ দিব লাগে, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে ডাক্তৰ হৈ কোনো ধৰণৰ ঔষধ বা বমি কৰোৱা দৰব খুৱাব নালাগে।
অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে এই স্পৰ্শকাতৰ বিষয়টোত গাঁৱে-ভূঁয়ে, চাহ বাগিচাসমূহত ব্যাপক সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰাটো বৰ্তমান সময়ৰ এক জৰুৰী আহ্বান। পঞ্চায়ত পৰ্যায়ত সভা অনুষ্ঠিত কৰি, বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰি আৰু সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে বনৰীয়া কাঠফুলাৰ ভয়াবহতাৰ বিষয়ে ৰাইজক অৱগত কৰিব লাগিব।
বিষাক্ত কাঠফুলা ভক্ষণ কৰি অকালতে প্ৰাণ হেৰুৱাই পৰিয়াললৈ চিৰদিনৰ বাবে অন্ধকাৰ নমাই অনাৰ এই শোকাবহ ঘটনাসমূহৰ যাতে অসমৰ বুকুত পুনৰাবৃত্তি নঘটে, তাৰ বাবে আমি সকলোৱেই সচেতন আৰু দায়িত্বশীল হ'ব লাগিব।
আপোনালৈ অনুৰোধ— কেৱল বজাৰত উপলব্ধ বৈজ্ঞানিক পদ্ধতিৰে খেটি কৰা নিৰাপদ কাঠফুলাহে খাদ্য হিচাপে গ্ৰহণ কৰক। বাৰিষাৰ বতৰত আপোনাৰ বাৰীত, হাবিত বা য'তে-ত'তে গজি উঠা অচিনাকি বনৰীয়া কাঠফুলা সম্পূৰ্ণৰূপে পৰিহাৰ কৰক আৰু নিজৰ লগতে পৰিয়ালক সুৰক্ষিত ৰাখক। সাৱধানতা আৰু সজাগতাতেই নিহিত হৈ আছে জীৱন ৰক্ষাৰ একমাত্ৰ আৰু শ্ৰেষ্ঠ উপায়।