Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

Adstera Banner

Adstera Social bar

🔴 Exo click Video, Sticy , push

Ads

🔴 Video Banner Exo click

🔴Ai

AI Image
Generator
AI Image Generator

Flash Screen

Welcome Logo

ওপৰৰ Logo Animation

স্লাইডাৰ ব্ৰেকিং

🤞 মাজে মাজে দেখা পোৱা বিজ্ঞাপন

🔴 Text Copy off

🔴 Onclika video

🎈Monatag Push

👉Slider Menu

👉Slider Menu

🔴 Ad blocker Detective

Ad Blocker Detected!
Ad Blocker ধৰা পৰিছে!

Please turn off your Ad blocker to view the website.

ৱেবছাইটটো চাবলৈ অনুগ্ৰহ কৰি আপোনাৰ Ad blocker বন্ধ কৰক।

🔴E-Magazine Old

নিজকে শিৱৰ অৱতাৰ বুলি কোৱা ভণ্ড ধৰ্মগুৰুৱে এগৰাকী মহিলাক ধৰ্ষণ! বেছিভাগ ধৰ্মগুৰুৱে কিয় এই যৌনাচাৰ কৰে?



নিজকে শিৱৰ অৱতাৰ বুলি কোৱা ভণ্ড ধৰ্মগুৰুৱে এগৰাকী মহিলাক ধৰ্ষণ! বেছিভাগ ধৰ্মগুৰুৱে কিয় এই যৌনাচাৰ কৰে?

By Good Assam || 28/03/2026


মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত এজন ভণ্ড ধৰ্মগুৰুৱে এগৰাকী ৩৫ বছৰীয়া মহিলাক ধৰ্ষণ কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ তথ্য অনুসৰি এই অভিযুক্ত ব্যক্তিজনৰ নাম ঋষিকেশ বৈদ্য। ৪০ বছৰীয়া ঋষিকেশে নিজক ভগৱান শিৱৰ অৱতাৰ বুলি দাবী কৰি মহিলাগৰাকীক প্ৰতাৰণা কৰিছিল। 

শেহতীয়াকৈ নাচিকত অশোক খাৰাট নামৰ আন এজন ভণ্ড ধৰ্মগুৰু গ্ৰেপ্তাৰ হোৱাৰ পিছত এই ভুক্তভোগী মহিলাগৰাকীয়ে সাহস গোটাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি পুনেৰ বাসিন্দা মহিলাগৰাকীয়ে ২০২৩ চনত ফেচবুকৰ জৰিয়তে ঋষিকেশ বৈদ্যৰ সৈতে চিনাকি হৈছিল। সেই বছৰৰে ডিচেম্বৰ মাহত ঋষিকেশে মহিলাগৰাকীক লগ কৰিবলৈ পুনেলৈ আহে। এজাহাৰত উল্লেখ কৰা অনুসৰি ঋষিকেশে তেওঁক বিশ্বাস জন্মাইছিল যে তেওঁ স্বয়ং মহাদেৱৰ অৱতাৰ আৰু মহিলাগৰাকী তেওঁৰ পাৰ্বতী। এই আধ্যাত্মিক প্ৰতাৰণাৰ জালত পেলাই অভিযুক্তই মহিলাগৰাকীক পুনেৰ মাঞ্জাৰী অঞ্চলৰ এটা লজ লৈ লৈ যায়।



তাত ঋষিকেশে মহিলাগৰাকীক কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰি পেলায় আৰু তেওঁক ধৰ্ষণ কৰে। কেৱল সিমানেই নহয় মহিলাগৰাকীৰ অজ্ঞাতে তেওঁ কিছুমান আপত্তিজনক ফটোও তুলি ৰাখে। পৰৱৰ্তী সময়ত ঋষিকেশে এই ফটোবোৰৰ সহায়ত মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। যোৱা বছৰৰ মে' মাহত তেওঁ মহিলাগৰাকীক পালঘৰৰ ওচৰৰ ভাছাইৰ এখন হোটেললৈ মাতি আনি পুনৰ যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে ঋষিকেশে পালঘৰ জিলাত এখন সামাজিক সংস্থাও চলাই আছিল। ধৰ্ম আৰু আধ্যাত্মিকতাৰ দোহাই দি মহিলাক এনেদৰে শোষণ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বৰ্তমান এই সমগ্ৰ গোচৰটোৰ তদন্ত চলাই আছে আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ধৰ্মীয় বিশ্বাসক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কৰা এনে জঘন্য অপৰাধে সমাজত এক নেতিবাচক প্ৰভাৱ পেলাইছে।

ভণ্ড ধৰ্মগুৰুৱে আচলতে টকা আৰু সুনাম উপাৰ্জন কৰিবলৈ ধৰ্মৰ সহায় ল'য়। মহিলা বা ছোৱালীবোৰ দেখিলে সিহঁতৰ যৌন উত্তেজনা বৃদ্ধি পায়। সেয়েহে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। অৱশেষত চৰিত্ৰ পোহৰলৈ ওলাই আহে। ধৰ্মৰ নামত কলংক সনা আৰু পৱিত্ৰ ধৰ্মক কলুষিত কৰা এনে ভণ্ড আৰু লম্পট বাবা নাইবা ধৰ্মগুৰু সকলক কঠোৰ শাস্তি প্ৰদান কৰা উচিত।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.