Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Adstera Social bar

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

🔴E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

শকুন্তলাৰ জীৱন ( দ্বিতীয় খণ্ড)




শকুন্তলাৰ জীৱন ( দ্বিতীয় খণ্ড)

( অপূৰ্ব দাস )


হিমালয়ৰ পাদদেশত অৱস্থিত মহৰ্ষি কণ্বৰ আশ্ৰম। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু শান্তিৰ এই আলয়ত শকুন্তলা লাহে লাহে যৌৱনত ভৰি দিছিল। আশ্ৰমৰ গছ-লতা, পহু পোৱালি আৰু সখীসকলৰ সৈতে তাইৰ দিনবোৰ হাঁহি-ধেমালিৰে পাৰ হৈছিল। কিন্তু নিয়তিয়ে তাইৰ বাবে এক নতুন অধ্যায় লিখি থৈছিল। আশ্ৰমৰ সেই শান্ত পৰিৱেশত প্ৰৱেশ ঘটিল হস্তিনাপুৰৰ শক্তিশালী ৰজা দুষ্যন্তৰ।

• মৃগয়া আৰু তপোবনত ৰজাৰ প্ৰৱেশ

হস্তিনাপুৰৰ অধিপতি মহাৰাজ দুষ্যন্ত আছিল পৰাক্ৰমী বীৰ। এদিন তেওঁ বিশাল সৈন্যবাহিনী লৈ চিকাৰ বা মৃগয়া কৰিবলৈ অৰণ্যলৈ ওলাল। বনৰীয়া জন্তুৰ পিছে পিছে খেদি ফুৰোঁতে তেওঁ সৈন্যবাহিনীৰ পৰা অলপ বিচ্ছিন্ন হৈ পৰিল। তেওঁৰ ৰথৰ সাৰথিয়ে অতি ক্ষিপ্ৰতাৰে ৰথ চলাই আছিল। ৰজাৰ হাতত ধনু-শৰ, লক্ষ্য এটা পলাই যোৱা কৃষ্ণসাৰ হৰিণ।

হৰিণটোৱে প্ৰাণৰ মমতাৰে লৰ মাৰিছিল আৰু ৰজাই তাৰ পিছে পিছে খেদি গৈছিল। হঠাত হৰিণটোৱে এক আশ্ৰমৰ সীমাত প্ৰৱেশ কৰিলে। ৰজাই শৰ মাৰিবলৈ উদ্যত হওঁতেই হঠাত বনৰ মাজৰ পৰা দুজন তপস্বীয়ে চিঞৰি উঠিল—
"মহাৰাজ! নহন্তব্যম! নহন্তব্যম! এইটো আশ্ৰমৰ হৰিণ, ইয়াক বধ কৰা অনুচিত।"

তপস্বীৰ মাত শুনি ৰজাই লগে লগে সাৰথিক ৰথ ৰখাবলৈ আদেশ দিলে। ৰজা দুষ্যন্ত যদিও চিকাৰৰ নিচাত আছিল, তথাপি তেওঁ আছিল ধৰ্মপৰায়ণ আৰু ঋষি-মুনিসকলৰ প্ৰতি শ্ৰদ্ধাশীল। তেওঁ ধনুৰ পৰা শৰ নমাই থ’লে আৰু তপস্বীসকলক প্ৰণাম জনালে।

তপস্বীসকলে ৰজাৰ বিনয়ত মুগ্ধ হৈ আশীৰ্বাদ দিলে আৰু ক’লে, "হে ৰাজন, আপোনাৰ এই বিনয় আপোনাৰ বংশৰ বাবে গৌৰৱৰ বিষয়। আপুনি চক্ৰৱৰ্তী পুত্ৰ লাভ কৰিব। 
এইয়া মহৰ্ষি কণ্বৰ আশ্ৰম। কুলপতি কণ্ব বৰ্তমান আশ্ৰমত নাই, তেওঁ কন্যা শকুন্তলাৰ দুৰ্ভাগ্য খণ্ডনৰ বাবে সোমতীৰ্থলৈ গৈছে। কিন্তু তেওঁৰ কন্যা শকুন্তলাই অতিথি সৰ্কাৰৰ দায়িত্বত আছে। আপুনি আশ্ৰমত প্ৰৱেশ কৰি আমাৰ আতিথ্য গ্ৰহণ কৰক।"

ৰজাই সন্মত হ’ল। কিন্তু তপোবনৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ তেওঁ নিজৰ ৰাজকীয় পোছাক, অলংকাৰ আৰু অস্ত্ৰ-শস্ত্ৰ সাৰথিৰ হাতত জমা দি, সাধাৰণ ভদ্ৰৱেশে আশ্ৰমত প্ৰৱেশ কৰিলে। তেওঁৰ মনত এক অজান শিহৰণ জাগি উঠিল, যিয়ে ইংগিত দিছিল যে এই আশ্ৰমত তেওঁৰ বাবে কিবা শুভ সংবাদ অপেক্ষা কৰি আছে।

প্ৰথম দৰ্শন: সখীসকলৰ সৈতে শকুন্তলা
আশ্ৰমত প্ৰৱেশ কৰি ৰজাই দেখিলে কিছুমান গছৰ তলত তিনজনী সুন্দৰী যুৱতীয়ে সৰু কলহ লৈ গছৰ গুৰিত পানী দি আছে। সিহঁত আছিল শকুন্তলা আৰু তাইৰ দুই সখী— অনসূয়া আৰু প্ৰিয়ম্বদা। গছৰ বাকলিৰ সাজ (বল্কল) পিন্ধি থকাৰ পাছতো শকুন্তলাৰ সৌন্দৰ্যই ৰজাৰ চকু কপালত তুলিলে।

ৰজাই নিজকে লুকুৱাই গছৰ আঁৰৰ পৰা সিহঁতৰ কথা-বতৰা শুনিবলৈ ধৰিলে। সখীসকলে ধেমালি কৰি শকুন্তলাক জোকাই আছিল। প্ৰিয়ম্বদাই কৈছিল, "শকুন্তলা, তোমাৰ দেহাটো ইমানেই কোমল যে এই গছৰ গুৰিত পানী দিয়া কামটো তোমাৰ বাবে কষ্টকৰ হৈছে। তোমাৰ যৌৱনৰ ভৰত তোমাৰ বুকুৰ কাপোৰ টান হৈ পৰিছে।"

শকুন্তলাই লাজ পাই উত্তৰ দিলে, "প্ৰিয়ম্বদা, তুমি বৰ দুষ্ট হৈছা।"

ঠিক সেই সময়তে এটা ভোমোৰাই ফুলৰ মধু বিচাৰি আহি শকুন্তলাৰ মুখমণ্ডলত আমনি কৰিবলৈ ধৰিলে। শকুন্তলাই ভয় খাই চিঞৰি উঠিল, "উহ! এই দুষ্ট ভোমোৰাটোৱে মোক বৰ আমনি কৰিছে। সখী, মোক বচোৱা।"

সখীসকলে হাঁহি মাৰি ক’লে, "আমি তোমাক কি বচাম? দুষ্যন্ত ৰজাক মাতিব লাগিব। তপোবনৰ ৰক্ষা কৰা ৰজাৰহে দায়িত্ব।"

এই সুযোগতে ৰজা দুষ্যন্তই গছৰ আঁৰৰ পৰা ওলাই আহি গহীন স্বৰেৰে ক’লে, "পুৰু বংশৰ ৰজা শাসনত থাকোঁতে কাৰ সাধ্য আছে যে এই তপোবনত মুনি কন্যাক আমনি কৰিব পাৰে?"

ৰজাৰ আকস্মিক আৱিৰ্ভাৱত তিনিও সখী চক্ৰবাক চৰাইৰ দৰে তবধ মানিলে। ৰজাৰ সুঠাম দেহ, ৰাজকীয় আভা আৰু গাম্ভীৰ্য দেখি তেওঁলোকে বুজি পালে যে এওঁ কোনো সাধাৰণ ব্যক্তি নহয়। কিন্তু লাজতে শকুন্তলাই এটাও কথা ক’ব নোৱাৰিলে। অনসূয়া আৰু প্ৰিয়ম্বদাই ৰজাক আদৰ-সাদৰ কৰি বহিবলৈ দিলে।



কথাবতৰাৰ মাজেৰে ৰজাই নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখিলে আৰু ক’লে যে তেওঁ ৰজাৰ এজন ধৰ্মাধিকাৰী বিষয়া, আশ্ৰমৰ খা-খবৰ ল’বলৈ আহিছে। কথাৰ মাজতে ৰজাই শকুন্তলাৰ জন্ম-বৃত্তান্ত সখীসকলৰ পৰা জানিলে— কেনেকৈ তাই ঋষি বিশ্বামিত্ৰ আৰু অপ্সৰা মেনকাৰ সন্তান আৰু কেনেকৈ মহৰ্ষি কণ্বই তেওঁক তুলি তালি ডাঙৰ কৰিছে।
এই কথা জনাৰ পাছত ৰজাৰ মনৰ সংকোচ দূৰ হ’ল। কাৰণ শকুন্তলা ব্ৰাহ্মণ কন্যা নহয়, ক্ষত্ৰিয় ঋষিৰ কন্যা হোৱা বাবে তেওঁৰ লগত বিবাহ হোৱাত কোনো ধৰ্মীয় বাধা নাছিল। ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ চকুৱে চকুৱে মিলন হ’ল। দুয়োৰে হৃদয়ত প্ৰেমৰ অংকুৰণ ঘটিল। প্ৰথম দৰ্শনতে দুয়ো দুয়োৰে প্ৰতি আসক্ত হৈ পৰিল।

• ৰাজকীয় আতিথ্য আৰু প্ৰেমৰ গভীৰতা

ৰজাৰ সৈন্যবাহিনীয়ে যাতে আশ্ৰমৰ শান্তি ভংগ নকৰে, তাৰ বাবে ৰজাই আদেশ দিলে। ঋষিসকলে ৰজাক অনুৰোধ কৰিলে যে যিহেতু আশ্ৰমত ৰাক্ষসৰ উপদ্ৰৱ বাঢ়িছে আৰু মহৰ্ষি কণ্ব উপস্থিত নাই, সেয়েহে যজ্ঞ ৰক্ষাৰ বাবে ৰজা কিছুদিন আশ্ৰমত থাকিব লাগে। এই প্ৰস্তাৱটো ৰজাৰ বাবে বৰদানৰ দৰে হ’ল। শকুন্তলাৰ সান্নিধ্য পোৱাৰ ই এক সুৱৰ্ণ সুযোগ।

দিনবোৰ পাৰ হ’ল। ৰজাই দিনে ৰাক্ষসৰ পৰা যজ্ঞ ৰক্ষা কৰে আৰু সুযোগ পালেই শকুন্তলাৰ কথা ভাবে। ইফালে শকুন্তলাৰ অৱস্থা আৰু বেছি শোচনীয়। প্ৰেমৰ জ্বালাই তাইক দগ্ধ কৰিবলৈ ধৰিলে। তাইৰ দেহ দুৰ্বল হৈ পৰিল, খোৱা-বোৱাত মন নবহিল। তাই কেৱল দুষ্যন্তৰ কথাই ভাবি থকা হ'ল।

সখী অনসূয়া আৰু প্ৰিয়ম্বদাই শকুন্তলাৰ মনৰ কথা বুজি পালে। এদিন দুপৰীয়া বেতৰ কুঞ্জবনত শকুন্তলাই শিলাখণ্ডত শুই আছিল। সখীসকলে তাইক পদুম পাতৰ বিচনীৰে বতাহ দি আছিল। শকুন্তলাই লাজ লাজকৈ স্বীকাৰ কৰিলে যে তাইৰ এই অৱস্থাৰ কাৰণ সেই অতিথিজন।

প্ৰিয়ম্বদাই বুদ্ধি দিলে, "সখী, তুমি তেওঁলৈ এখন প্ৰেম-পত্ৰ লিখা। আমি সেইখন ফুলৰ মাজত লুকুৱাই তেওঁক দিম।"

শকুন্তলাই ক’লে, "কিন্তু তেওঁ যদি মোক প্ৰত্যাখ্যান কৰে?"

সখীয়ে ক’লে, "যিজনে তোমাৰ প্ৰতি ইমান আগ্ৰহ দেখুৱাইছে, তেওঁ তোমাক কেতিয়াও প্ৰত্যাখ্যান নকৰে।"

তেতিয়া শকুন্তলাই এখন পদুম পাতত নখৰে আঁচোৰ মাৰি নিজৰ মনৰ কথা কবিতাৰ আকাৰে লিখিলে—
"তোমাৰ হৃদয় মই নাজানো, কিন্তু হে নিৰ্দয়, মোৰ হৃদয় দিন-ৰাতি কেৱল তোমাৰ কামনাত দগ্ধ হৈছে।"

হঠাত জোপোহাৰ আঁৰৰ পৰা ৰজা ওলাই আহিল। তেওঁ শকুন্তলাৰ এই কথা শুনিছিল। তেওঁ আহি ক’লে, "হে সুন্দৰী, কামদেৱে তোমাক কেৱল তাপ দিছে, কিন্তু মোক একেবাৰে দগ্ধ কৰি পেলাইছে।"

এইদৰে দুয়োৰে মাজত প্ৰেমৰ স্বীকাৰোক্তি হ’ল। সখীসকলে কৌশলেৰে দুয়োকো অকলে এৰি থৈ আঁতৰি গ’ল। প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত দুষ্যন্ত আৰু শকুন্তলাৰ যৌন মিলন হ’ল।





• গন্ধৰ্ব বিবাহ

প্ৰাচীন ভাৰতীয় ৰীতি অনুসৰি, ক্ষত্ৰিয়সকলৰ বাবে 'গন্ধৰ্ব বিবাহ' বৈধ আছিল। এই বিবাহত পিতৃ-মাতৃৰ অনুমতি বা অগ্নি সাক্ষীৰ প্ৰয়োজন নহয়, বৰং দৰা আৰু কইনাৰ পাৰস্পৰিক সন্মতিয়েই যথেষ্ট।

ৰজা দুষ্যন্তই শকুন্তলাক প্ৰতিশ্ৰুতি দিলে যে তাইক তেওঁৰ প্ৰধান ৰাণী বা পটেশ্বৰী কৰিব। শকুন্তলা প্ৰথমে শংকিত আছিল পিতৃৰ অনুপস্থিতিৰ বাবে, কিন্তু দুষ্যন্তৰ বুজনি আৰু প্ৰেমৰ গভীৰতাত তাই সন্মত হ’ল। বনৰ গছ-লতা, আকাশ-বতাহক সাক্ষী কৰি দুয়ো গন্ধৰ্ব বিবাহত আৱদ্ধ হ’ল। দুয়োৰে মাজত দৈহিক আৰু মানসিক মিলন ঘটিল।

ৰজাই কিছুদিন আশ্ৰমত কটালে। এই সময়খিনি আছিল শকুন্তলাৰ জীৱনৰ আটাইতকৈ মধুৰ সময়। কিন্তু ৰাজকীয় দায়িত্বই ৰজাক পুনৰ মাতি পঠিয়ালে। ৰাজধানীৰ পৰা খবৰ আহিল যে ৰাজমাতাৰ এক ব্ৰত উদযাপনৰ বাবে ৰজাৰ উপস্থিতি একান্ত প্ৰয়োজনীয়।




• বিদায়ৰ ক্ষণ আৰু ৰাজকীয় আঙুঠি

বিদায়ৰ সময়ত শকুন্তলাৰ চকু চলচলীয়া হৈ পৰিল। তাই ৰজাক সুধিলে, "আপুনি গৈয়েই মোক পাহৰি নাযাব!"

ৰজা দুষ্যন্তই শকুন্তলাৰ চকুলো মচি দি নিজৰ নাম খোদিত কৰা ৰাজকীয় আঙুঠিটো (নামাংকিত আঙঠি) শকুন্তলাৰ আঙুলিত পিন্ধাই দিলে। তেওঁ ক’লে, "প্ৰিয়ে, এই আঙঠিটোত মোৰ নামৰ আখৰ আছে, তুমি প্ৰতিদিনে আঙুঠিটো চাই মনত শান্তি লভিবা। যেতিয়া সময় আহিব, মোৰ অন্তঃপুৰৰ পৰা মানুহ আহি তোমাক সসন্মানে ৰাজপ্ৰাসাদলৈ লৈ যাব।"

এই প্ৰতিশ্ৰুতি দি ৰজা দুষ্যন্তই দুখ মনেৰে আশ্ৰম ত্যাগ কৰিলে। শকুন্তলাৰ মনটোও ৰজাৰ লগত গুচি গ’ল, শৰীৰটো কেৱল আশ্ৰমত পৰি থকাৰ নিচিনা হ'ল।




• শকুন্তলাৰ অন্যমনস্কতা আৰু দুৰ্বাসাৰ আগমন

ৰজা গুচি যোৱাৰ পাছত শকুন্তলাৰ অৱস্থা তেনেই কাহিল হৈ পৰিল। তাই দিনৰাতি কেৱল স্বামীৰ চিন্তাত মগ্ন হৈ থকা হ'ল। আশ্ৰমৰ কাম-কাজ, সখীসকলৰ কথা-বতৰা একোৱেই তাইৰ কাণত নোসোমায়। তাইৰ শৰীৰ আশ্ৰমত আছিল যদিও মনটো আছিল হস্তিনাপুৰৰ ৰজাত লগত।

এদিন দুপৰীয়া শকুন্তলা কুটীৰৰ দুৱাৰমুখত বহি গভীৰ চিন্তাত মগ্ন হৈ আছিল। তাইৰ ধ্যান কেৱল দুষ্যন্তৰ ওপৰত নিবদ্ধ আছিল। ঠিক সেই সময়তে আশ্ৰমত উপস্থিত হ’ল মহৰ্ষি দুৰ্বাসা। দুৰ্বাসা মুনি আছিল তেওঁৰ ক্ৰোধ বা খঙৰ বাবে জগত বিখ্যাত। তেওঁক সামান্য অৱজ্ঞা কৰিলেই তেওঁ ভয়ংকৰ অভিশাপ দিয়ে।

দুৰ্বাসা মুনিয়ে দুৱাৰমুখত ৰৈ চিঞৰিলে, "অয়মহং ভোঃ!" (মই উপস্থিত হৈছোঁ!)। তেওঁ আতিথ্য বিচাৰিছিল।

কিন্তু শকুন্তলা ইমানেই গভীৰ চিন্তাত মগ্ন আছিল যে তাই ঋষিৰ সেই গম্ভীৰ মাত শুনা নাপলে। তাই আনকি ঋষিৰ উপস্থিতিও অনুভৱ কৰিব নোৱাৰিলে। অতিথি সৎকাৰ গৃহস্থৰ ধৰ্ম, বিশেষকৈ আশ্ৰমবাসীৰ বাবে ই এক পৱিত্ৰ দায়িত্ব। কিন্তু প্ৰেমৰ চিন্তাত বিভোৰ শকুন্তলাই সেই দায়িত্ব পালনত ব্যৰ্থ হ’ল।

নিজক অৱজ্ঞা কৰা দেখি দুৰ্বাসা মুনিৰ খং জ্বলি উঠিল। তেওঁ ভাবিলে, "মই এজন ব্ৰহ্মৰ্ষি উপস্থিত থকাৰ পাছতো এই সামান্য নাৰীয়ে মোক উপেক্ষা কৰি কাৰ চিন্তাত মগ্ন হৈ আছে?"

ক্ৰোধত জলি-পকি দুৰ্বাসা মুনিয়ে ভয়ংকৰ অভিশাপ দিলে—
"অতিথিক অৱজ্ঞা কৰা নাৰী! যাৰ চিন্তাত মগ্ন হৈ তুমি মোৰ দৰে তপোধনক (তপস্বীক) অৱজ্ঞা কৰিছা, মই অভিশাপ দিছোঁ— সেই ব্যক্তিয়ে তোমাক পাহৰি যাব। উন্মাদ ব্যক্তিয়ে যেনেকৈ আগতে কোৱা কথা পিছত পাহৰি যায়, ঠিক তেনেকৈয়ে তেওঁ তোমাক আৰু তোমাৰ প্ৰেমক সম্পূৰ্ণৰূপে পাহৰি যাব।"

দুৰ্বাসাৰ সেই বজ্ৰগম্ভীৰ কণ্ঠস্বৰ গোটেই তপোবনত প্ৰতিধ্বনিত হ’ল। শকুন্তলাই কিন্তু তেতিয়াও একো শুনা নাছিল, তাই তেতিয়াও সপোনৰ জগতত আছিল।

অভিশাপ মোচনৰ প্ৰয়াস শকুন্তলাই নুশুনিলে যদিও অলপ দূৰত ফুল তুলি থকা দুই সখী অনসূয়া আৰু প্ৰিয়ম্বদাই সেই অভিশাপ শুনিলে। সিহঁত দুজনীৰ বুকু কঁপি উঠিল। 

"হায় হায়! কি সৰ্বনাশ হ’ল!" বুলি চিঞৰি প্ৰিয়ম্বদাই ক’লে, "অনসূয়া, তেওঁ আন কোনো নহয়, স্বভাৱতে ক্ৰোধী দুৰ্বাসা ঋষি। শকুন্তলাৰ অন্যমনস্কতাৰ বাবে তেওঁ অভিশাপ দি গুচি গৈছে। বৰ্তমান শকুন্তলাৰ যি অৱস্থা, তাইক ৰজাই পাহৰি গ’লে তাই জীয়াই নাথাকিব। তুমি যোৱা, ঋষিক কিবা কৰি ওভতাই আনা, মই তেওঁৰ পূজাৰ ব্যৱস্থা কৰোঁ।"

প্ৰিয়ম্বদাই দৌৰি গৈ ঋষিৰ ভৰিত পৰিল। তাই কাকূতি-মিনতি কৰি ক’লে, "হে ভগৱান, আপুনি দয়াসাগৰ। মোৰ সখী অবলা, তাইৰ ভুল আপুনি ক্ষমা কৰক। তাই আপোনাৰ প্ৰভাৱ নাজানে। তাইৰ এই প্ৰথম অপৰাধ মাৰ্জনা কৰক।"

প্ৰিয়ম্বদাৰ কাতৰ অনুৰোধত দুৰ্বাসা মুনিৰ খং কিছু কমিল। তেওঁ ক’লে, "মোৰ বাক্য কেতিয়াও মিছা হ’ব নোৱাৰে। অভিশাপ ফলিয়াবই। কিন্তু, যদি তাই কোনো 'অভিজ্ঞান' বা চিনাকি বস্তু দেখুৱাব পাৰে, তেন্তে সেই ব্যক্তিৰ স্মৃতি ঘুৰি আহিব আৰু অভিশাপ দূৰ হ’ব।"

এইখিনি আশ্বাস দি ঋষি গুচি গ’ল। সখীসকলে উশাহ ললে। দুয়ো মনত পেলালে যে ৰজা দুষ্যন্তই যোৱাৰ সময়ত শকুন্তলাক নিজৰ নাম লিখা আঙঠিটো দি গৈছে। সেই আঙঠিটোৱেই হ’ব শকুন্তলাৰ ৰক্ষা কৱচ। যদি ৰজাই পাহৰিও যায়, আঙঠিটো দেখুৱালেই তেওঁৰ সকলো মনত পৰিব।

সখীসকলে আলোচনা কৰিলে যে এই অভিশাপৰ কথা শকুন্তলাক জানিবলৈ নিদিব। কাৰণ শকুন্তলা গৰ্ভৱতী আৰু স্বভাৱত কোমল। এই দুখবৰ তাই সহ্য কৰিব নোৱাৰিব। 
"গছৰ কোমল পাতত কোনেও গৰম পানী ঢালি নিদিয়ে"— এই নীতি মানি দুয়ো কথাটো গুপুত ৰাখিলে।



◽কণ্বৰ প্ৰত্যাৱৰ্তন আৰু শকুন্তলাৰ বিদায়ৰ আয়োজন

ইফালে কিছুদিনৰ পাছত মহৰ্ষি কণ্ব তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহিল। শকুন্তলা চিন্তিত হ’ল— পিতৃক কেনেকৈ নিজৰ বিবাহ আৰু গৰ্ভধাৰণৰ কথা ক’ব? কিন্তু দিব্যজ্ঞানী কণ্বই আশ্ৰমত ভৰি দিওঁতেই এটা আকাশবাণী শুনিলে। সেই বাণীত কোৱা হ’ল—
"হে ব্ৰাহ্মণ, আপোনাৰ কন্যা শকুন্তলাই ৰজা দুষ্যন্তৰ পৰা পৃথিৱীৰ কল্যাণৰ বাবে তেজ ধাৰণ কৰিছে।"

মহৰ্ষি কণ্ব এই বাতৰি পাই আনন্দিত হ’ল। তেওঁ শকুন্তলাৰ ওপৰত খং নকৰিলে, বৰং তেওঁ সুখী হ’ল যে তেওঁৰ কন্যাই এজন যোগ্য পাত্ৰক স্বামী হিচাপে পাইছে। তেওঁ শকুন্তলাক আশীৰ্বাদ দিলে আৰু ক’লে যে শীঘ্ৰেই তাইক পতিগৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰিব।

শকুন্তলাক পতিগৃহলৈ পঠোৱাৰ আয়োজন চলিল। আশ্ৰমৰ গছবোৰে যেন উপহাৰ দিলে— কোনোবাই পাটৰ কাপোৰ, কোনোবাই কাণফুলি, কোনোবাই অন্যান্য অলংকাৰ। বনৰ দেৱতাসকলে আশীৰ্বাদ দিলে।

বিদায়ৰ দিনা আশ্ৰমত এক কৰুণ দৃশ্যৰ সৃষ্টি হ’ল। কণ্ব মুনিৰ দৰে মহান ঋষিৰো চকু পানীৰে ভৰি পৰিল। তেওঁ ভাবিলে, "মই বনবাসী হৈও যদি কন্যাৰ বিদায়ত ইমান দুখ পাইছোঁ, তেন্তে গৃহস্থী মানুহে নাজানো কিমান বেদনা পায়!"

শকুন্তলাই আশ্ৰমৰ প্ৰতিটো বস্তুৰ পৰা বিদায় ল’লে। তাইৰ মৰমৰ লতা 'বনজ্যোৎস্না'ক তাই সখীসকলৰ হাতত সঁপি দিলে। তাই পানী খুৱাই ডাঙৰ কৰা হৰিণ পোৱালিটোৱে তাইৰ কাপোৰত কামুৰি ধৰি যাবলৈ বাধা দিলে । শকুন্তলাই হৰিণটোক মৰম কৰি বুজাই ক’লে, "বোপা, মই গৈ আছোঁ, তুমি দেউতাৰ লগত থাকিবা।"

কণ্ব মুনিয়ে গৌতমী (আশ্ৰমৰ জ্যেষ্ঠা তপস্বী) আৰু সাৰংগৰব আৰু সাৰদ্বত নামৰ দুজন শিষ্যৰ লগত শকুন্তলাক হস্তিনাপুৰলৈ পঠিয়াবলৈ সাজু কৰালে। 
যোৱাৰ আগতে সখীসকলে শকুন্তলাক সাৱটি ধৰি কাণে কাণে ক’লে, "সখী, যদি ৰজাই তোমাক চিনি পোৱাত পলম কৰে, তেন্তে তুমি সেই নামাংকিত আঙঠিটো তেওঁক দেখুৱাবা।"

শকুন্তলাই ভয় খাই সুধিলে, "তোমালোকে এনেকৈ কিয় কৈছা?"

সখীসকলে ক’লে, "একো নহয়, স্নেহৰ স্বভাৱেই এনেকুৱা যে ই অনিষ্টৰ আশংকা কৰে। তুমি সাৱধানে থাকিবা।"

এইদৰে গৰ্ভৱতী শকুন্তলাই চকুৰ পানী টুকি নিজৰ মৰমৰ তপোবন এৰি স্বামীৰ গৃহলৈ যাত্ৰা আৰম্ভ কৰিলে। তাই জনা নাছিল যে সন্মুখত কিমান ডাঙৰ ধুমুহা অপেক্ষা কৰি আছে। দুৰ্বাসাৰ অভিশাপৰ প্ৰভাৱত ৰজা দুষ্যন্তৰ স্মৃতিত শকুন্তলাৰ নাম মচি গৈছে। কেৱল আঙঠিটোৱেই এতিয়া তাইৰ একমাত্ৰ ভৰসা।

কিন্তু বিধাতাৰ নিষ্ঠুৰ পৰিহাস, বাটত নদী পাৰ হওঁতে শকুন্তলাৰ সেই আঙঠিটো পানীত খহি পৰিল, যাৰ কথা তাই গমকে নাপায়। আৰু এই ঘটনাই তাইৰ জীৱনলৈ নমাই আনিব চৰম দুৰ্দশা।

(দ্বিতীয় খণ্ড সমাপ্ত) আগলৈ পঢ়িবলৈ পাব......