Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।

Type Here to Get Search Results !

Adstera Social bar

🔴 বেটুপাত‌

Ads Mondi Floting

Breking Tiger

Slider Post

Mandi Ads

👉Slider Menu

👉Slider Menu

Traffic Star Ads

E-Magazine Old

🔴 Movie Live

বিজ্ঞাপন

শীতৰ সৌন্দৰ্য্যৰ গোপন ৰহস্যঃ ছাল, ওঁঠ, গোৰোহা, চুলি, আৰু খাদ্যৰ দ্বাৰা সম্পূৰ্ণ যত্ন




শীতৰ সৌন্দৰ্য্যৰ গোপন ৰহস্যঃ ছাল, ওঁঠ, গোৰোহা, চুলি, আৰু খাদ্যৰ দ্বাৰা সম্পূৰ্ণ যত্ন



          
                        (লেখিকা : অনুৰাধা দাস)

শীতকালত শীতল পৰিৱেশ, কুঁৱলী আৰু শুকানতা আহি পৰে। এই ঋতুতে আমাৰ ছাল, ওঁঠ, চুলি আৰু শৰীৰক আটাইতকৈ বেছি যত্নৰ প্ৰয়োজন হয়। ঠাণ্ডা আৰু শুকান পৰিৱেশে ছালৰ আৰ্দ্ৰতা আঁতৰাই পেলায়, যাৰ ফলত শুকান হোৱা, ফাটি যোৱা, খজুৱতি আদি সমস্যাৰ সৃষ্টি হয়।

উপযুক্ত যত্ন ল’লে শীতকালতো আপোনাৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিব পাৰে। আহক শীতকালীন সৌন্দৰ্য্যৰ সম্পূৰ্ণ গোপন ৰহস্য আপোনাক জনাওঁ -

(১) কোমল আৰু মসৃণ ছালৰ বাবে টিপছ

শীতকালত ছাল প্ৰথমে শুকান হয়। শুকান ছাল দেখাত বেয়াই নহয়, বিৰক্তি আৰু খজুৱতিও হয়।




(১.১) সৰিয়হ বা নাৰিকল তেলৰ দ্বাৰা মালিচ

ৰাতি শুৱাৰ আগতে কুহুমীয়া সৰিয়হ আৰু নাৰিকল তেলৰ মিশ্ৰণেৰে শৰীৰ আৰু মুখখন মালিচ কৰক। ইয়াৰ ফলত আৰ্দ্ৰতা বজাই ৰখাত সহায় হয়। অলিভ অইলৰ লগত আলমণ্ড তেলো ব্যৱহাৰ কৰিব পাৰে।

(১.২) গাখীৰ আৰু মৌৰ ফেচ পেক

আধা চামুচ মৌৰ লগত এক চামুচ গাখীৰ মিহলাই মুখত লগাব। ১৫ মিনিটৰ পিছত ধুই পেলাওক।

(১.৩) এলোভেৰা জেল আৰু গ্লিচাৰিন

এলোভেৰা জেলে ছালখনক হাইড্ৰেট কৰি শুকানতা নাশ কৰে। এলোভেৰা জেল গ্লিচাৰিনৰ লগত মিহলাই মুখত লগাব পাৰে। ২০ মিনিটৰ পিছত ধুই পেলাব। যদি আপোনাৰ শালমইন থাকে তেন্তে মুখত ব্যৱহাৰ নকৰিব।

(১.৪) বেছিকৈ চাবোন ব্যৱহাৰ নকৰিব

দিনত বাৰে বাৰে চাবোন ব্যৱহাৰ কৰিলে ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা আঁতৰি যায়। ইয়াৰ সলনি বডি ৱাছ জেল ব্যৱহাৰ কৰিব।

(২) ফাটি যোৱা ওঁঠৰ প্ৰতিকাৰ

শীতকালত ওঁঠ ফাটি যোৱা এটা সাধাৰণ সমস্যা আৰু ইয়াৰ ফলত ওঁঠ বেয়া দেখাব পাৰে। ওঁঠ নিৰাময়ৰ প্ৰতিকাৰ:

(২.১) মৌ আৰু ঘিউ: শোৱাৰ আগতে ওঁঠত মৌৰ লগত ঘিউ মিহলি লগাব লাগে।

(২.২) নাৰিকল তেলঃ দিনে ২-৩ বাৰ নাৰিকল তেল লগাব লাগে।





(২.৩) চেনিৰে স্ক্ৰাব: অলপ চেনি আৰু মৌ মিহলাই ওঁঠ দুটা লাহে লাহে স্ক্ৰাব কৰক।

💋 লিপ বাম প্ৰয়োগৰ শুদ্ধ উপায়

• ওঁঠ পৰিষ্কাৰকৈ ধুব।

• লিপ বাম সামান্য পৰিমাণে লগাব লাগে।

• বাহিৰলৈ ওলোৱাৰ আগতে প্ৰয়োগ কৰক।

• ৰাতি শুৱাৰ আগতে ডাঠ তৰপ এটা লগাব লাগে।

(ওঁঠ চেলেকি থকাৰ অভ্যাস এৰি দিয়ক; ইয়াৰ ফলত ওঁঠ দুটা শুকান হৈ ফাটি যায়।)

(৩) ফাটি যোৱা গোৰোহা ভাল কৰাৰ উপায় : গোৰোহা ফাটিলে বেয়া দেখাই নহয় বিষো হয়।

(৩.১) ভৰি দুখন কুহুমীয়া গমৰ পানীত তিয়াই থওক: ১০-১৫ মিনিট তিয়াই থওক।

(৩.২) পিউমিচ ষ্টোনেৰে পৰিষ্কাৰ কৰক: মৰা ছাল আঁতৰাবলৈ পিউমিচ ষ্টোন ব্যৱহাৰ কৰক।

(৩.৩) গ্লিচাৰিন + গোলাপ জল + নেমু এই তিনিও বিধ মিহলাই গোৰোহাত লগাওক, তাৰ পিছত মোজা পিন্ধি শুই থাকক।

(৪) প্ৰতি নিশা ভেচেলিন বা কুহুমীয়া নাৰিকল তেল লগাব লাগে।


(৪) শীতকালত গা ধোৱাৰ টিপছ

🟢 গা ধোৱাৰ আগতে

• ছালত পাতল তেল লগাওক।

• বৰ ঠাণ্ডা পানীৰছ গা ধুব নালাগে।

• বেছি সময় পানীত গা ধুই নাথাকিব।

🟢 গা ধোৱাৰ পিছত

• লগে লগে মইশ্ব’ৰাইজাৰ লগাওক।

• শৰীৰ শুকান হ'বলৈ নিদিব।

• তিতা কাপোৰ পিন্ধি বেছি সময় নাথাকিব।

(প্ৰতিদিনে চাবোনেৰে গা ধুব নালাগে; ঠাণ্ডাৰ দিনত কুহুমীয়া গৰম পানীৰে গা ধোৱাটোও উপকাৰী আৰু চাবনৰ সলনি গা ধোৱা জেল ব্যৱহাৰ কৰা ভাল।


(৫) শীতকালত চুলিৰ যত্ন কেনেকৈ লব লাগে

শীতকালত আপোনাৰ চুলি শুকান, নিৰ্জীৱ আৰু আগ ফটা কৰি তুলিব পাৰে। তলত চুলিৰ যত্নৰ টিপছ দিয়া হ'ল -

(৫.১) সপ্তাহত দুবাৰকৈ চুলি কুহুমীয়া তেলেৰে ৫-১০ মিনিট মালিচ কৰিব লাগে। নাৰিকল, সৰিয়হ বা আলমণ্ডৰ তেল ব্যৱহাৰ কৰক।

(৫.২) মৃদু চেম্পু ব্যৱহাৰ কৰক। অত্যধিক ৰাসায়নিক পদাৰ্থ থকা শ্বেম্পু ব্যৱহাৰ নকৰিব।

(৫.৩) তিতা চুলি ফনিয়াব নালখগে । ইয়াৰ ফলত চুলি অধিক সৰি পাৰে বা ফাটি যোৱাৰ সম্ভাৱনা থাকে।

(৫.৪) দৈ আৰু কণীৰ চুলিৰ পেক: চুলিক পুষ্টি প্ৰদান কৰে। দৈ আৰু কণী মিহলাই চুলিত লগাওক ১৫ -২০ মিনিট।

(৫.৫) টুপী বা স্কাৰ্ফ পিন্ধক। ই আপোনাৰ চুলিক ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰে। ইয়াৰ ফলত চুলি সৰা আৰু ফাটি যোৱাৰ ভয় নাথাকে।




(৬) শীতকালত কি খাব লাগে

ভিতৰৰ পৰা সুন্দৰ আৰু সুস্থ হৈ থাকিবলৈ সঠিক খাদ্যাভ্যাস অতি প্ৰয়োজনীয়।

• শীতকালত খাব পৰা খাদ্য 

(৬.১) তিল আৰু গুড়ে শৰীৰক উষ্ণতা আৰু শক্তি প্ৰদান কৰে।

(৬.২) বাদাম, আখৰোট, কাজু আদি শুকান ফল ছাল আৰু চুলিৰ বাবে উপকাৰী।

(৬.৩) পালেং শাক , লাই শাক, বিলাহী, মেথি, বুটৰ দাইল, গাজৰ, নেমুৰ লগতে অন্যান্য সেউজীয়া শাক-পাচলি খাব লাগে।

(৬.৪) চূপ আৰু হালধি যুক্ত গৰম গাখীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

(৬.৫) পানী খাবলৈ নাপাহৰিব। শীতকালত পিয়াহ কম হয় যদিও কুহুমীয়া পানী খোৱা অতি প্ৰয়োজনীয়।

(৭) শীতকালীন সৌন্দৰ্য্যৰ কিছুমান অত্যাৱশ্যকীয় টিপছ

• ৰাতিপুৱাৰ ৰ’দত বহিব (ভিটামিন ডিৰ বাবে)।

• অতিৰিক্ত কেফেইন (চাহ-কফি) পৰিহাৰ কৰক্

• ধূমপান আৰু মদ্যপান সীমিত কৰক।

• পৰ্যাপ্ত পৰিমাণে টোপনি লওক।

• ব্যায়াম আৰু যোগাসন কৰা অতি প্ৰয়োজন।

শীতকালীন সৌন্দৰ্য্যৰ ৰহস্য কেৱল দামী সামগ্ৰীতে নহয়, নিয়মীয়া যত্ন, স্বাস্থ্যসন্মত খাদ্য আৰু ঘৰুৱা উপায়ত নিহিত হৈ আছে। এই সহজ টিপছবোৰ মানি চলিলে এই শীতকালতো আপোনাৰ ছালখন জিলিকি উঠিব, ওঁঠ কোমল হ’ব, গোৰোহা নাফাটিব আৰু চুলি মজবুত হ’ব।








Bottom Post Ad