ৰাতিৰ আহাৰ কোনে এৰাই চলিব লাগে আৰু কিয়? (চিকিৎসা প্ৰতিবেদনৰ ভিত্তিত)
( অপূৰ্ব দাস )
আজিকালি স্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসা গৱেষণাই বাৰে বাৰে আঙুলিয়াই দিছে যে ৰাতিৰ আহাৰ সকলোৰে বাবে উপকাৰী নহয়। বিশেষকৈ কিছুমান বিশেষ ৰোগ আৰু শাৰীৰিক অৱস্থাৰ বাবে ৰাতিৰ আহাৰ এৰি দিয়া বা অতি লঘু আহাৰ খোৱাটো স্বাস্থ্যৰ বাবে উত্তম বুলি বিবেচিত হয়। আধুনিক চিকিৎসা প্ৰতিবেদন অনুসৰি তলত উল্লেখ কৰা লোকসকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰাতিৰ আহাৰ পৰিহাৰ কৰিব লাগে বা সীমিত কৰিব লাগে।
(১) মেদবহুলতাত আক্ৰান্ত লোক
মেডিকেল জাৰ্নেল দ্য লেন্সেট আৰু হাৰ্ভাৰ্ড হেল্থ পাব্লিছিঙৰ মতে ৰাতিৰ আহাৰ খোৱাৰ ফলত শৰীৰৰ চৰ্বি জ্বলোৱা প্ৰক্ৰিয়াটো লেহেমীয়া হয়। ৰাতি বিপাকীয় ক্ৰিয়াৰ গতি লেহেমীয়া হয়, যাৰ ফলত খাদ্য শক্তিলৈ ৰূপান্তৰিত হোৱাৰ পৰিৱৰ্তে চৰ্বি হিচাপে জমা হৈ থাকে।
◽কিয় খাব নালাগে?
• দ্ৰুত ওজন বৃদ্ধি
• পেট আৰু কঁকালত চৰ্বি জমা হয়
• হৰম’নৰ ভাৰসাম্যহীনতা
(২) ডায়েবেটিছ ৰোগী
আমেৰিকান ডায়েবেটিছ এছ’চিয়েশ্যনৰ মতে, নিশা খাদ্য গ্ৰহণ কৰিলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণহীন হৈ পৰে। ৰাতি ইনচুলিনৰ ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত উচ্চ তেজৰ চেনিৰ সম্ভাৱনা বৃদ্ধি পায়।
◽এনে ৰোগীয়ে কিয় খাব নালাগে?
• তেজত চেনি বৃদ্ধি পায়
• ইনচুলিন ক্ষমতা কমি যায়
• হৃদৰোগৰ আশংকা থাকে
(৩) এচিডিটি, গেছ, আৰু (Gastroesophageal Reflux Disease (GERD) ৰোগী
স্বাস্থ্য আলোচনী হেল্থলাইনৰ মতে, ৰাতিৰ আহাৰ খোৱাৰ পাছতে লগে লগে শুই থাকিলে এচিড ৰিফ্লাক্স হ’ব পাৰে। লগতে এনে ৰোগীয়ে ৰাতি আহাৰ গ্ৰহণ কৰিব নালাগে।
◽এনে ৰোগীয়ে কিয় খাব নালাগে?
• হৃদৰোগ বৃদ্ধি পায়
• টেঙা ওলোৱা বা বমি বা গেছ
• টোপনিৰ অসুবিধা ইত্যাদি।
চিকিৎসকে কয় যে ৰাতিৰ আহাৰ এৰি দিলে বা সূৰ্যাস্তৰ আগতে খাদ্য খালে হজম শক্তি উন্নত হয়।
(৪) ফেটি লিভাৰ আৰু লিভাৰ ৰোগী
চিকিৎসাৰ প্ৰতিবেদন অনুসৰি ৰাতি খাদ্য গ্ৰহণ কৰিলে লিভাৰত অতিৰিক্ত চাপ পৰে। ৰাতি যকৃতে শৰীৰক বিষমুক্ত কৰে যদিও খাদ্য খোৱাৰ সময়ত এই প্ৰক্ৰিয়াটো বিঘ্নিত হয়।
◽এনে ৰোগীয়ে কিয় খাব নালাগে ?
• চৰ্বিযুক্ত যকৃত বৃদ্ধি পায়
• বিষ, প্ৰদাহ আৰু ক্লান্তি বৃদ্ধি পায়
• যকৃতৰ এনজাইম বৃদ্ধি হৈ সমস্যাৰ সৃষ্টি কৰে।
(৫) অনিদ্ৰা ৰোগী
নেচনেল স্লিপ ফাউণ্ডেচনৰ তথ্য অনুসৰি ৰাতি খাদ্য গ্ৰহণ কৰিলে মেলাটনিন হৰম’নৰ নিঃসৰণত প্ৰভাৱ পৰে।
◽এই ৰোগীয়ে কিয় খাব নালাগে?
• টোপনি দেৰিকৈ আহে
• টোপনি সঘনাই বাধাপ্ৰাপ্ত হয়
• ৰাতিপুৱাৰ আৰু দিনটো ভাগৰুৱা হয়
(৬) উচ্চ ৰক্তচাপ থকা ৰোগী
ৰাতি নিমখ, তেল, চৰ্বি যুক্ত খাদ্য বা গধুৰ খাদ্য খালে ৰক্তচাপৰ ভাৰসাম্যহীনতা হ’ব পাৰে।
◽এনে ৰোগীয়ে কিয় খাব নালাগে?
• হাৰ্ট ষ্ট্ৰোকৰ আশংকা
• হৃদস্পন্দন বৃদ্ধি
• ৰাতিপুৱাৰ মূৰৰ বিষ
(৭) আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা কি কি পৰিহাৰ কৰিব লাগে
আয়ুৰ্বেদৰ মতে দুৰ্বল পাচন শক্তি থকা লোকে ৰাতিৰ আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। চৰক সংহিতাত উল্লেখ আছে, "সন্ধিয়াৰ পিছত খাদ্য খোৱাৰ ফলত কিছুমান ৰোগ বেছি হয়।"
চিকিৎসা বিজ্ঞানে এই কথাত একমত যে ৰাতিৰ আহাৰ সকলোৰে বাবে প্ৰয়োজনীয় নহয়। মেদবহুলতা, ডায়েবেটিছ, এচিডিটি, ফেটি লিভাৰ, উচ্চ ৰক্তচাপ আৰু টোপনিৰ সমস্যা থকা লোকসকলে ৰাতিৰ আহাৰ এৰি দিব লাগে বা অতি লঘু খাদ্য খাব লাগে।
ৰাতি যদি আপুনি অতি ভোক অনুভৱ কৰে তেন্তে চিকিৎসকে পৰামৰ্শ লৈ: সহজে হজম হোৱা ফলমূল, কুহুমীয়া গাখীৰ, চূপ বা সামান্য লঘু আহাৰ গ্ৰহণ কৰিব পাৰে।