ক্ষণ গণি আছো মৃত্যুৰ ! অসীমত হেৰাল মোৰ জীৱন।
( গল্প লেখিকা : অনুৰাধা দাস )
তাই গান গাব খুবেই ভাল পায়। সৰুতে যেতিয়া ঘৰখনত ৰেডিঅ’ চলি থাকে, তেতিয়া তাই কাম-কাজ এৰি ৰেডিঅ’ৰ কাষতে বহি গান শুনে। মাকে তাইক কেতিয়াও সংগীতৰ স্কুলত পঠিয়াব পৰা নাই, তথাপি তাইৰ কণ্ঠত এটা স্বাভাৱিক মিঠাস্বাদ আছে। গাঁৱৰ বিহু মঞ্চ, স্কুলৰ অনুষ্ঠান, বিয়া বা জন্মদিন—য’তেই গান গাবৰ সুযোগ পায় তাতেই তাই গান গায়। সকলোৰে মুখত এটা কথাই শুনে, “অনুৰ মাতটো বৰ কুমলীয়া, বৰ মিঠা।”
অনু নিজেও নিজৰ কণ্ঠক লৈ অহংকাৰ নকৰে। তাই জানে, সংগীত শিকিবলৈ বহুত বাকী আছে । কিন্তু গান শুনিবলৈ আৰু গাবলৈ তাইৰ মনৰ উৎসাহ কেতিয়াও কম নহয়। বিশেষকৈ নতুন নতুন গায়কৰ গান শুনিবলৈ তাইৰ খুব আগ্ৰহ। কেৱল ডাঙৰ শিল্পী নহয়, নতুন উদীয়মান কণ্ঠবোৰো তাই মন দি শুনে।
এনেদৰে এদিন সন্ধিয়া ফেচবুকত অনলাইন হৈ থাকোঁতে অনুৱে হঠাৎ এজন নতুন যুৱক গায়কৰ প্ৰ’ফাইল দেখিলে। প্ৰ’ফাইলৰ ফটোখনত সি সাধাৰণ পোছাকত, হাতত গীটাৰ, মুখত মিঠা হাঁহি। অনুৰ মনত হঠাৎ এটা চিনাকি চিনাকি অনুভৱ হ’ল—এই ডেকাজনক ক’ৰবাত যেন দেখিছে!
তাই প্ৰ’ফাইলটো খুলি চালে। তাত বহুতো ক’ভাৰ গান আপলোড কৰা আছিল। অনুৱে এটা এটাকৈ সকলো শুনিবলৈ ধৰিলে। সি যি গান গায়, কণ্ঠত এক গভীৰ অনুভৱ আছিল। কেতিয়াবা দুখৰ গানত বেদনাৰ ছাঁ, কেতিয়াবা প্ৰেমৰ গানত মিঠা কোমলতা। অনুৰ মনটো লাহে লাহে সেই কণ্ঠৰ প্ৰতি আকৰ্ষিত হৈ পৰিব ধৰিলে।
দিনৰ পাছত দিন অনুৱে তাৰ গান শুনি থাকিল। কেতিয়াবা কমেণ্ট কৰে, কেতিয়াবা লাইক কৰে। এনেদৰে এদিন অনুৱে নিজকে ৰোধ কৰিব নোৱাৰিলে আৰু তাৰ প্ৰ’ফাইললৈ এটা ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠালে। অলপ সময়ৰ ভিতৰতে ৰিকুৱেষ্টটো গ্ৰহণ কৰিলে। অনুৰ বুকুৰ ভিতৰত এটা অজানা আনন্দৰ ঢৌ উঠিল।
অনুৱে প্ৰথমে মেছেজ পঠিয়ালে—
“হাই! তোমাৰ গান শুনি মোৰ খুবেই ভাল লাগে। তুমি এনেদৰে সদায়েই আপলোড কৰি থাকিবা। মইও গান গাই খুবেই ভাল পাওঁ।”
কিছু সময়ৰ পাছত উত্তৰ আহিল—
“আপোনাৰ মেছেজৰ বাবে ধন্যবাদ। নিশ্চয় গাই থাকিম। পিছে আপোনাক মই চিনি নাপাওঁ!”
অনুৱে অলপ হাঁহিলে আৰু লিখিলে—
“কিন্তু মই তোমাক চিনি পোৱা যেন লাগিছে। বৰপেটা ৰাস মহোৎসৱত যেন তোমাক দেখিছিলোঁ।”
“হ’য় নেকি? ভাল বাৰু। মই আপোনাৰ নামটো জানিব পাৰিম নে? কাৰণ ফেচবুকত আপোনাৰ নামটো ‘গাওঁলীয়া ছোৱালী’ বুলিহে লিখা আছে।”
“নিশ্চয়। মোৰ নাম অনু বৰুৱা। মোৰ ঘৰো বৰপেটাতেই।”
“হ’য় নেকি?”—সি আচৰিত হ’ল।
“অ’, চিনাকি হৈ বৰ ভাল লাগিল।”
“মোৰো চিনাকি হৈ ভাল লাগিল। আপুনিও গান গায় নেকি?”
“হ’য়। মই বিহু ফাংচন বা সৰু সৰু অনুষ্ঠানত গান গাওঁ।”
“তেতিয়াহ’লে এটা গান অকণমান গাই শুনাব নেকি?”—প্ৰীতমেও তাইৰ গান শুনিবলৈ আগ্ৰহী হ’ল।
অনুৰ লাজতে বুকু কঁপি উঠিল। ফোনৰ আঁৰত বহি থাকিও তাই লাজ পালে। তথাপি তাই সাহস জোগালে আৰু ভয়েছ মেছেজত গাবলৈ আৰম্ভ কৰিলে— “শালিকী পুৱা ৰ’দালি দেখিলে তোমালৈয়ে মোৰ মনতে পৰে...”
কিছু মুহূৰ্তৰ পাছত প্ৰীতমৰ মেছেজ আহিল—
“ইমান মিঠা কণ্ঠ! আপুনি সচাঁকৈ বৰ সুন্দৰকৈ গায়।”
এনেদৰে দুয়ো দুয়োকে গান গাই শুনোৱা আৰু কথা বতৰাৰে দুয়োজনৰ মাজত বন্ধুত্ব বাঢ়ি গ’ল। গান, জীৱন, সপোন—সকলো বিষয়তে সিহঁতে কথা পাতিবলৈ ধৰিলে। দিনবোৰ যেন সুখেৰে পাৰ হ'বলৈ আৰম্ভ কৰিলে।
এদিন অনুলৈ হঠাৎ এটা ফোন কল আহিল। আচলতে তাই এমাহ আগতে গুৱাহাটীত এটা প্ৰাইভেট চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ গৈছিল। গাঁৱৰ পৰা ওলাই আহি ডাঙৰ চহৰত ইণ্টাৰভিউ দিবলৈ যোৱা অনুৰ বাবে সহজ নাছিল। মনত ভয়, বুকুত বহু আশা লৈ ইণ্টাৰভিউ দিবলৈ গৈছিল।
তাই ফোনটো ৰিচিভ কৰাৰ লগে লগে অন্য ফালৰ পৰা এজন পুৰুষে ক'লে , “ Congratulations ! আপুনি ইণ্টাৰভিউ পাছ কৰিছে। ১ তাৰিখৰ পৰা জইনিং কৰিবলৈ আহিব লাগে।”
অনুৰ দুচকুৰ পৰা চকু পানী নিগৰি আহিল । বহুদিনৰ অপেক্ষা, বহু ৰাতিৰ প্ৰাৰ্থনা আজি সফল হ’ল। দুখীয়া ঘৰখনত খোৱা-লোৱাৰ বাবে নাটনি। এসাঁজ খালে আন এসাঁজলৈ চিন্তা! তাইৰ M.A পঢ়িবলৈ মন আছিল, কিন্তু টকা-পইচা নাথাকিলে একোৱেই সম্ভৱ নহয়।
তাই ঘৰত মাক-দেউতাকক খবৰটো জনালে। মাক-দেউতাকে গৰ্ব অনুভৱ কৰিলে। চাকৰি পোৱা এই সুখবৰটো জনাবলৈ অনুৰ প্ৰীতমৰ কথা মনত পৰিল। তাই ফেচবুকত অনলাইন হৈ তাক মেছেজ পঠালে। বহুদিনৰ পাছত অনুৰ মেছেজ পাই প্ৰীতমো সুখী হ’ল। দুয়োৰে মাজত আকৌ আগৰ দৰে কথা বতৰা আৰম্ভ হ’ল।
গুৱাহাটীত চাকৰি আৰম্ভ কৰাৰ পাছত অনুৰ জীৱন ব্যস্ত হৈ পৰিল। অফিচ Reception, নতুন মানুহ—সকলো নতুন।
তথাপি নিশা হ’লে তাই আৰু প্ৰীতম কথা পাতে। কেতিয়াবা গান শুনায়, কেতিয়াবা মনৰ কথা কয়। দূৰত্ব থাকিলেও দুয়োৰে মন যেন ওচৰলৈ আহি থাকিল।
সেইদিনা ঘৰৰ পৰা পোনপটীয়াকৈ গৈয়েই অনুই চাকৰিটোত জইন কৰিছিল। ৰাতিপুৱা একেবাৰে ৫ বজাতে উঠি গা-পা ধুই নতুন কাপোৰ পিন্ধি তাই দেউতাকৰ লগত গুৱাহাটী অভিমুখী প্ৰথমখন ৰেল মানাহ ৰাইনো পেচেঞ্জাৰত উঠি গুৱাহাটী পাইছিল। দেউতাকে তাইক নিৰ্দিষ্ট ঠাইত থৈ ৰেষ্টুৰেণ্ট এখনত কিবা এটা খাই আকৌ সেইদিনাই গুৱাহাটীৰ পৰা ঘৰলৈ উভতিল।
প্ৰথম যেতিয়া গুৱাহাটীলৈ তাই গৈছিল তেতিয়া তাই এটা ভাড়া ৰূম বিচাৰি পাবলৈ খুব চিন্তাত পৰিল। ফেচবুকতে চিনাকি আন এজন ডেকা যি গুৱাহাটীৰ এপলো হাস্পতালত চাকৰি কৰি আছিল, তাক অনুই এটা ৰূম ভাড়া বিচাৰি দিবলৈ অনুৰোধ কৰিলে। ডেকাজনে গুৱাহাটী ৰূপনগৰ বুলি কোৱা ঠাইত এটি ভাড়াঘৰ বিচাৰি দিলে। লগতে ৰূমটোৰ লোকেচন WhatsApp ত পঠিয়াই দিয়ে। ভাড়াঘৰটিৰ দাম চাৰি হাজাৰ টকা বুলি অনুক জনালে। যিয়েই নহওঁক অনুই স্বস্তিৰ নিশ্বাস ত্যাগ কৰিলে, কাৰণ গুৱাহাটীত ভাড়া ৰূম বিচাৰি পাবলৈ খুবেই টান। ৰূম ভাড়া বিচাৰি দিয়াৰ বিনিময়ত ডেকাজনে অনুৰ পৰা ২০০ টকা বিচাৰিলে। অনুই কোনো দ্বিধাবোধ নকৰাকৈ তাক ২০০ টকা গুগল ইউ পি আই পে কৰি দিলে।
এনেদৰে তাই চাকৰিটো কৰি ১৫ দিন পাৰ কৰিলে। ইফালে ৰূমৰ ভাড়া তাই মাথোঁ দুহেজাৰ টকা দি থৈছিল। ৰূমৰ মালিকিনীয়ে সদায়েই তাইক কেটেৰা মাত দি থকা হ'ল- "বাকী খিনি টকা যদি দিব নোৱাৰা ৰুম খালি কৰিব লাগিব। কাৰণ মোৰ বেলেগ ভাড়াতীয়া আছে । " - এইদৰে তাইক টান কথা শুনাই থাকিল।
তাই অনুৰোধ কৰিলে " বাইদেউ, মই দৰমহা পালে নিশ্চয় আগতেই আপোনাক দুহেজাৰ টকাটো দিম। এইকেইদিন মোৰ টান পৰিছে। গেছ কিনা, পাচলি কিনা, বিভিন্ন সামগ্ৰী কিনা কাৰণে হাতত মাথো অহা-যোৱাৰ খৰচটো ৰাখিছো।
অহা-যোৱাৰ কাৰণে মোক দেওবাৰৰ বাহিৰে বাকীকেইটা দিনত ২০ টকাকৈ লাগে। বাইদেউ, সেয়েহে মোক ক্ষমা কৰিব।"
নাই, অনুৰ কোনো কথাই নামানিলে। মুঠতে দিবই লাগিব নহ'লে ৰূম খালি কৰিব লাগিব। তাই বহুত চিন্তাত পৰিল।
তাই ১৭ দিনৰ দিনা দেওবাৰৰ চুটিত ঘৰলৈ আহিল। মাক-দেউতাকক কথাটো জনালে। দুখীয়া ঘৰখনত ৫০০ টকা উলিওৱা বহুত টান। মাকে মহিলা আত্মসহায়ক গোট এটাৰ পৰা ২৫০০ টকা আনি তাইৰ হাতত দিয়ে। সোমবাৰৰ ৰাতিপুৱা তাই আকৌ গুৱাহাটীলৈ ৰাওনা হ'ল। গৈয়েই ডিউটি কৰিলে। অফিচৰ ছুটি সন্ধিয়া ৭:৩০ বজাত হ'য় যদিও কেতিয়াবা মিটিং থাকিলে নিশা ৮ বাজিব পাৰে। ছুটিৰ হোৱাৰ পিছত ৰূমলৈ গৈয়েই মালিকিনীক ২০০০ টকাটো দি দিলে। মালিকিনীয়ে তাইক থাকিবলৈ দিয়া বিচনাখনো লৈ গ'ল । এতিয়া তাইৰ আকৌ চিন্তা লাগিল- "এই ঠাণ্ডাত এতিয়া কেলেকৈ মজিয়াত শুব?" দুদিন তেনেদৰেই মজিয়াতে প্লাষ্টিকৰ পাটি এখন পাৰি শুই থাকিল। তাই ভাবিলে- হায়, জীৱন! গুৱাহাটীৰ মানুহ ইমান নিষ্ঠুৰ নে? মালিকিনীয়ে কৈছিল - " যেতিয়া তই দৰমহা পাবা তেতিয়ালৈ বিচনাখনত থাকিবা। দৰমহা পালে নিজেই এখন কিনি ল'বা।"
কিন্তু এতিয়াচোন লৈ গ'ল সম্পূৰ্ণ এমাহ নোহোৱাতেই! তাই মাকক এই কথা জনালে। লগতে জনালে তাইৰ বন্ধু প্ৰীতমকো।
২০ দিনৰ দিনা তাই চুটিৰ পিছত অলপ বজাৰ কৰো বুলি খোজকাঢ়ি গৈ আছিল। এনেতে ভাড়া ৰূম দেখুৱাই দিয়া ডেকাজনক তাই লগ পালে। সিও পাচলি কিনিবলৈ ওলাই আহিছিল। তাইৰ সমস্যাৰ কথাটো তাক কোৱাত সি ক'লে
- "মোৰ লগতেই থাকিবা। মোক ৰূম ভাড়া মাথোঁ ২০০০ দিলেই হ'ব। মইও চাৰিহেজাৰ টকীয়া ৰূমতেই থাকো। সকলো সমস্যা দূৰ হ'ব। আৰু এটা কথা- মোক যদি সদাই কৰিবলৈ দিয়া তেতিয়া ১০০০ দিলেই হ'ব।"
অনুৰ খং উঠি গ'ল। তাই ক'লে," মই সমস্যাত পৰিছো হ'য়, কিন্তু তুমি ভবাৰ দৰে চৰিত্ৰ হীন নহ'য়! নালাগে মোক তোমাৰ সহায়। মই নিজেই কম দামৰ ৰূম বিচাৰি লম।"
ৰাতি অনুক বিভিন্ন প্ৰলোভন দেখুৱাই মেছেজ দিবলৈ ধৰিল। কিন্তু তাই তাক ব্লক কৰি থলে। দ্বিতীয় দিনা অফিচ ছুটিৰ শেষত তাই নিজেই ৰূম বিচৰাত লাগিল। ভাগ্য ভাল, এটা ২৫০০ টকাত ৰূম বিচাৰি পালে। থকাৰ কাৰণে সৰু বিচনাও এখন আছে। কিন্তু কিছু ভঙা। হ'লেও তাইৰ বাবে চলি যাব। যিহেতু তাই সাৱধানে শুব!
তাৰে পিছদিনা অফিচ ছুটিৰ পিছত সকলো ৰূমৰ মাল-বস্তু এখন ই-ৰিক্সাত উঠাই লৈ সেই নতুন ভাড়া ৰূমটোলৈ গ'ল। তাইৰ মাল বস্তু কঢ়িয়াই নিয়া ই-ৰিক্সা খনৰ ড্ৰাইভাৰ জনে ২৫০ টকা ললে। নতুন ৰূমটো ভালেই লাগিছে। আধা পকী কৰা আৰু আধা তৰ্জাৰ বেৰ। থাকিবলৈ বেয়া নালাগিল।
ৰূমটোৰ ভাড়াৰ কাৰণে তাই আগতিয়াকৈ মাথোঁ ৫০০ টকা দি থম বুলি ক'লে। মালিক জন খুবেই ভাল, বড়ো মানুহ। গতিকে অনুৰ কথা মানি ল'লে। অনুই হাতত থকা ৭০০ টকাৰ ৫০০ টকা মালিক জনক দি দিলে।
অফিচলৈ অহা-যোৱা কৰাত এতিয়া তাইৰ সমস্যা হ'ল, কাৰণ হাতত মাথো ২০০ টকা থাকিল। তাই অফিচলৈ যাওঁতে ই-ৰিক্সাত যায় আৰু আহোতে খোজকাঢ়ি আহে। এনেদৰে কিছুদিন পাৰ কৰিলে। নতুনকৈ লোৱা ৰূমৰ মালিক জনৰ বুঢ়ী মাক আছে । তাই অনুক কিন্তু ৰূমৰ ভাড়া বিচাৰিবলৈ ধৰিলে-
" অনু, মোৰ বেমাৰ হৈ থাকে। চিকিৎসা কৰিবলৈ টকা লাগে। গতিকে ৰূম ভাড়া দিব লগাখিনি ২০০০ টকাটো কালিয়েই দিবা।"
" আইতা, মোৰ বহুত সমস্যা হৈছে। আগৰ ৰূমটোত এমাহ নহওতেই চাৰি হাজাৰ দিলোঁ। গতিকে দৰমহা পালে নিশ্চয় দিম। " - অনুই নিজৰ সমস্যাৰ কথা বুঢ়ী গৰাকীক জনালে।
কিন্তু বুঢ়ী গৰাকীয়ে নামানিলে।
"নহ'ব, আগৰ এজন ভাড়াতীয়া আছিল, ঠগিলে। তইও দিম বুলি ঠগিবা। মোক কালিয়েই লাগিব। নহ'লে ৰূম খালি কৰি গুছি যাবি। " - এনেদৰে আইতা গৰাকীয়ে কঠোৰ ভাৱে ক'লে।
তাই পুনৰ সমস্যাত পৰিল। ইফালে অফিচতো সমস্যা! তাই ৰাতিলৈ ডিউটি কৰিব লগা হ'ল। AC বেয়া হ'লে তাই গালি খাব লাগে। অফিচৰ বস্তু শেষ হ'লে তাই নিজৰ টকাৰে কিনি আনিব লাগে, হাউচকিপিং জনীয়ে পৰিষ্কাৰ নকৰিলেও গালি খাব লাগে। হাউচকিপিং জনী কেতিয়াবা নাহিলেও তাই বেয়াকৈ গালি খাব লগা হয়। অফিচৰ সকলো দায়িত্ব তাই পালন কৰিব লগাত পৰিল, কাৰণ মেনেজাৰ জন নাথাকে, তেওঁ বেলেগ এটা অফিচত কাম কৰে।
অফিচৰে এজন চৰিত্ৰহীন বিবাহিত পুৰুষেও তাইক ৰাতি ৰাতি ফোন কৰি আমনি কৰিছিল। তাই ফোন ৰিচিভ নকৰিলেই ভয় খুৱাইছিল - " মোৰ ফোন কি কাৰণত ৰিচিভ নকৰা? যদি ৰিচিভ নকৰা তেন্তে অফিচত অভিযোগ দিম। তোক মই মৰমহে কৰিম। মই ভাল চাকৰি বিচাৰি দিম নহয়। মাথো মোৰ ৰূমত মোৰ লগত শুবলৈ আহা।"
: চিঃ , আপুনি ইমান চৰিত্ৰহীন! নিজৰ ঘৈনীয়েক থাকোতে, লাজ নালাগে এইবোৰ কৰিবলৈ। মই দুখীয়া ঘৰৰ ছোৱালী হ'য়, কিন্তু মনৰ দুখীয়া নহয়।
: তোক মই সহায় কৰিম তাৰ বিনিময়ত। আহি যোৱা মোৰ ৰূমত।
তাই অৱশেষত উপাই নাপাই তাৰ নম্বৰটোও ব্লক কৰি থলে। এনেদৰে তাইৰ দেহৰ সোৱাদ ল'বলৈ বিচাৰিছিল সেইজন লম্পট চৰিত্ৰৰ বিবাহিত লোকজনে । কিন্তু সেই লোকজনে এদিন মেনেজাৰৰ আগত অভিযোগ উত্থাপন কৰিলে যে সহায়ৰ বাবে ফোন কৰিলে তাই ফোন ৰিচিভ নকৰে।
মেনেজাৰ জনে তেতিয়া অনুক বেয়াকৈ গালি দিলে।
এই কথাত তীব্ৰ খং উঠি অফিচত থকা সময়তে তাই এদিন সেই লম্পট চৰিত্ৰৰ লোকজনক এটা কাণতলীয়া চৰ সোধালে। এনেধৰণৰ অফিচৰ পৰা বেয়া ব্যৱহাৰ তাইৰ অসহ্য লাগিল।
তাই মাকক ফোন কৰি সকলো সমস্যা জনালে। মাক-দেউতাকে অনুৰ বিপদৰ কথা বুজি পাই ক'লে - "তই কিছুদিন থাক, দৰমহা পোৱাৰ পিছতেই ঘৰলৈ ঘূৰি আহিবি। নালাগে তেনেকুৱা চাকৰি কৰিবলৈ।" দেউতাকে পুনৰ ক'লে - "দুখ নকৰিবি আই, মই আনিবলৈ যাম। দৰমহা পোৱালৈকে তাতেই থাক। ৰূমৰ ভাড়াৰ ২০০০ টকাটো কালি দিম, তই চিন্তা নকৰিবি। "
অনুৰ মাকে আগদিনা ২৫০০ টকা আকৌ আত্ম সহায়ক গোটৰ পৰা লৈ তাইৰ একাউণ্টত ভৰাই দিলে। টকাখিনি পাই তাইৰ কিছু চিন্তা কমিল। ২০০০ টকাটো উলিয়াই বুঢ়ী আইতা গৰাকীক দিলে। কিন্তু অনুৰ বাবে সেই ৰূমটোত থকা সহজ নাছিল। তাইক সৌচ কৰিলে সৌচাগাৰত চাৰি-পাঁছ বাল্টিকৈ পানী ঢালিব দিছিল। সৌচ কৰি উঠি কুঁৱাটো চুব মানা কৰিছিল। কাপোৰ ধুই দিব পৰা নাছিল , কাৰণ তাইক কাপোৰ মেলি দিবলৈ দিয়া নাছিল। ভাত ৰান্ধিলে মজিয়াত তেল পৰিব বুলি সদায়েই ৰূমটো মচিবলৈ দিছিল। লগতে তাই দেখিবলৈ বেয়া কাৰণে বেয়া বেয়া মন্তব্য আৰু ঠাট্টা কৰিছিল। তাই এইবোৰ দুখ লৈ ৰাতি হ'লে ৰূমৰ ভিতৰত কোনেও নেদেখাকৈ সদায় কান্দিছিল।
তাই ভাবিলে- "ভগৱানে মোক কি জনম দিলে? মই ধুনীয়াও নহলো। কি দুৰ্ভাগ্য মোৰ.... চাকৰিটো পোৱাৰ আগতে কিমান সুখী হৈছিলো। ঘৰখনৰ দুৰাৱস্থা দূৰ হ'ব বুলি, সপোনবোৰ পূৰণ হ'ব বুলি ভবাখিনি দেখোন একোৱেই নহ'ল! "
প্ৰীতম সদায় নিজৰ কামত ব্যস্ত। তাই নিজৰ দুখ-দুৰ্দশাৰ কথা মাজে মাজে কয়। সিও যিহেতু তাইতকৈ ৩-৪ বছৰ সৰু। কিনো উপদেশ দিব? এদিন প্ৰীতমে অনুক প্ৰপোজ কৰিলে, ক'লে - " অনু, মই তোৰ প্ৰেমত পৰিব ধৰিছোঁ। মোক ভাল পাবি নে"
: সচাঁকৈয়ে মোক ভাল লাগে নে? কিন্তু মই দেখোন ধুনীয়া নহয়। মই তোমাতকৈ ৩ বছৰ ডাঙৰ। মোক জানো ভাল পাবা? - অনুই বিষন্ন মনেৰে ক'লে।
: প্ৰেমত বয়সৰ কথা নাহে। প্ৰেমত ধুনীয়াৰ কথাও আহি নপৰে। মাথো দুখন হৃদয় এক হ'ব বিচাৰে। মই যে তোৰ প্ৰেমত পৰি গ'লো। কিবা দেখোন তোক ভাল লগা হৈ গ'ল।
: তেতিয়া হ'লে হ'ব বাৰু, তুমি যিহেতু মোক বিচৰা। জানানে? মইও তোমাক বিচাৰোঁ..... মোৰো তোমাক বহুত ভাল লাগে।
তোমাৰ কণ্ঠই মোকো আকৰ্ষণ কৰে। তুমি এনেদৰে সদায়েই গান গাই থাকিবা নে? মই বিচাৰো তুমি এজন বিখ্যাত গায়ক হিচাবে স্বীকৃতি লাভ কৰাতো।
: অনু, মই আজি বহুত সুখী তোক পাই। সচাঁকৈ মোৰ জীৱন সংগী হ'বা নে?
: নিশ্চয় হ'ম। যদি বেগেল ধুনীয়া ছোৱালী পালে মোক নিথৰুৱা কৰি থৈ আঁতৰি যোৱা , তেতিয়া মোৰ কি হ'ব? কেনেকৈ মই জীয়াই থাকিম ?
: সেইবোৰ চিন্তা কৰিব নালাগে। মই তোক নিজৰ কৰিমেই।
এনেদৰেই অনু আৰু প্ৰীতমৰ সম্পৰ্ক বন্ধুত্বৰ পৰা প্ৰেমলৈ আৰম্ভ হ'ল। এতিয়া অনুক সি সদায়েই ফোন, মেছেজ কৰা হ'ল।
অৱশেষত অনুই দ্বিতীয় মাহৰ ১২ তাৰিখৰ দিনা দৰমহাটো পালে। দৰমহাটো পোৱাৰ পিছত তাই থিৰাং কৰিলে যে আৰু অফিচৰ চাকৰিটো নকৰে। তাই ভবা মতেই কাম কৰিলে ৰিজাইন লেটাৰখন লিখি মেনেজাৰলৈ পঠিয়াই দিলে। দেউতাকলৈও ফোন কৰি নিবলৈ আহিব ক'লে। কিন্তু মেনেজাৰ জনে কোনোপধ্যেই মানি নলʼলে। চাকৰিটো এৰিব নোৱাৰোঁ আৰু যদি চাকৰিটো এৰি দিয়া তেন্তে বাকী নতুনকৈ ১ তাৰিখৰ পৰা ১২ তাৰিখলৈ ডিউটি কৰা দৰমহা খিনি নোপোৱা বুলিও ক'লে। কিন্তু তাই নিৰূপায়! ইমান আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰে। ১৩ তাৰিখৰ দিনা দেউতাকে তাইক ঘৰলৈ লৈ আহিল।
ঘৰলৈ আহি অনুৰ মনটোৰ পৰা কিছু দুখ আৰু বোজা আঁতৰিল। এতিয়া নতুন এটা চাকৰিৰ বাবে তাই চিন্তা কৰিব লাগিব।
এদিন প্ৰীতমে অনুক ক'লে, " মই এতিয়া তোক ওচৰৰ পৰা চাব বিচাৰোঁ। এদিন লগ কৰিব বিচাৰো।"
: সচাঁকৈ নে? থিক আছে বাৰু এদিন লগ কৰিম। - অনুৰ ভয় লাগিল। জানোছা তাইৰ চেহেৰাটো দেখি সিও যদি আঁতৰি যায় ? তাই ৰাতি চিন্তাত পৰিল। গোটেই ৰাতি উজাগৰে কটাই দিলে।
নিৰ্দিষ্ট দিনা তাই কোৱা মতে লগ ধৰিবলৈ গ'ল। প্ৰথমে তাই তাৰ মুখলৈ চাবলৈ সাহস কৰা নাছিল। প্ৰীতমেও লাজ কৰিছিল। সি কেইটামান চকলেট কিনি তাইক উপহাৰ দিলে। তাইও তালৈ এখন বিহুৱান লৈ গৈছিল। একেলগে বহি একাপ চাহ খোৱাৰ বৰকৈ হেপাহ আছিল তাইৰ , কিন্তু সম্ভৱ নহ'ল। দেউতাকে প্ৰীতমক ফোন কৰি সোনকালে মাতিলে। প্ৰীতমে এই কথা ঘৰত গম পাব বুলি অনুক গাড়ীত উঠাই দি তাৰাতাৰি ঘৰলৈ উভতি আহিল।
আকৌ অনুৰ জীৱনত ভগৱানে এটা পৰীক্ষা ল'লে। তাইৰ জীৱনলৈ আকৌ অন্ধকাৰ নামি আহিল। মাঘৰ বিহুৰ দিনা যেতিয়া প্ৰীতমে মাকক ক'লে যে সি অনু নামৰ ছোৱালী এজনীক ভাল পায়। বয়সত ৩-৪ বছৰ ডাঙৰ হ'ব। সি মাকক তাইৰ ফটো এখনো দেখুৱালে। মাকে এই কথা শুনাৰ লগে লগে তাক বেয়াকৈ গালি দিলে।
: তোৰ ইমান সাহস! নিজতকৈ বয়স হোৱা ছোৱালী ভাল পাইছা। মই তাইক আমাৰ ঘৰৰ বোৱাৰী হিচাপে কেতিয়াও গ্ৰহণ নকৰোঁ। লগতে দেখিবলৈও বেয়া ! মই এজনী তোৰ কাৰণে ছোৱালী চাই থৈছো। তাই দেখিবলৈ ধুনীয়া। বহুত স্মাৰ্ট ছোৱালী। - মাকে কথাখিনি খঙত এনেদৰে কৈ উঠিল।
সি নিৰূপায় হৈ অনুক এই কথা জনালে। অনুৰ দুচকু চলচলীয়া হৈ দুধাৰি চকুলো বৈ আহিল। ফনটো কাটি দি তাই খুব কান্দিলে। আকৌ এবাৰ হৃদয় ভাঙি তাইৰ চূৰ্ণ -বিচূৰ্ণ হ'ল। আগতেও এনেদৰে এবাৰ হৃদয়ত আঘাত পাইছিল তাই। তাই হিয়া উজাৰি ভাল পাইছিল। টিউশ্যন কৰা টকাৰে বহুত সহায়ো কৰিছিল । কিন্তু আগৰ জনেও তাইক বহুত আঘাত দি আঁতৰি গৈছিল। সি মাথোঁ টকাৰ লোভৰ বাবেহে ভাল পাইছিল।
গোটেই ৰাতি তাই দুখত চটফটাই থাকিল।
WhatsApp টো অন কৰি তাই তালৈ লিখিলে -
মৰমৰ দেহা,
মোৰ মৰম ল'বা।
তুমি মা-দেউতাৰ কথা মানি চলিবা। তোমাৰ হ'ব লগীয়া পত্নীক গ্ৰহণ কৰিবা। এই জনমত তোমাক পোৱা সম্ভৱ নহ'ল। যদিহে তুমি মোক বিচৰা তেন্তে অহা জনমত মই তোমাক নিশ্চয় পাম। মই দেখিবলৈ ধুনীয়া নহয়, লগতে মোৰ বয়সো বেছি। তুমি দুখ নকৰিবা। মই তোমাক হৃদয়ত সদায়েই ৰাখিম। তোমাৰ বাহিৰে আনৰ হ'বও নোৱাৰিম।
মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব। তুমি তাইৰ লগত সুখী হোৱা, মোৰ শুভেচ্ছা থাকিল।
ইতি -
অভাগিনী অনু।
WhatsApp ত পঠিয়াই দি তাই বাথৰূমলৈ গ'ল। তাতে তাই বহু সময় ধৰি কান্দি থাকিল। অৱশেষত তাই তাৰ পৰা ওলাই আহি প্ৰতিজ্ঞা কৰিলে, "জীৱনত আৰু কাকো ভাল নাপাও, কাৰো সৈতে বিবাহপাশত আবদ্ধ নহও। এনেদৰেই তাৰ হৈ জীয়াই থাকিম।"
মানসিক চাপ আৰু চিন্তাৰ বাবে আকৌ পুৰণি বেমাৰটো উক দিলে। মেডিকেল ৰিপোৰ্টত গম পালে যে বেমাৰটো বহুখিনি আগবাঢ়ি গৈছে। এতিয়াই চিকিৎসা নকৰিলে হয়তো তাই আৰু বেছিদিন জীয়াই নাথাকে.....
( সমাপ্ত)