মোৰ গানত মাথো তুমি..... মই মাথো তোমাৰ
( গল্প : অনুৰাধা দাস )
অৰ্ণৱ আৰু ঋতু দুয়ো অষ্টম শ্ৰেণীত একেখন বিদ্যালয়তে পঢ়িছিল। বিদ্যালয়খন গাঁওখনৰ মাজমজিয়াত অৱস্থিত আছিল, য’ত বছৰত কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। যেতিয়াই বিদ্যালয়ত কোনো অনুষ্ঠান হ’য়, তেতিয়া অৰ্ণৱ আৰু ঋতু দুয়োয়ে গান গাই মঞ্চ জয় কৰিছিল। অৰ্ণৱৰ কণ্ঠত গভীৰতা আছিল, আনহাতে ঋতুৰ কণ্ঠত আছিল এক মধুৰ কোমলতা। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও দুয়োকে খুব মৰম কৰিছিল।
এবাৰ বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত ঋতুৱে একক সংগীত পৰিবেশন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। সেইদিনা মঞ্চৰ পৰা নামি আহোঁতেই অৰ্ণৱে ঋতুলৈ চাই কণ্ঠৰ প্ৰসংশা কৰে। সেই মিঠা হাঁহি আৰু চকুৰ চাওঁনিতে ঋতুৱে কিবা এটা বুজি পাইছিল। সেইদিনাৰ পৰাই অৰ্ণৱৰো মনত ঋতুৰ প্ৰতি এক অজান অনুভূতি জন্ম ল’বলৈ ধৰিছিল। এয়াই হয়তো বাৰিষাৰ প্ৰথমজাক বৰষুণ..... যাৰ নাম প্ৰেম..... এক পৱিত্ৰ অনুভূতি....
তেতিয়া দুয়ো অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। দুয়োৰে হাতত মোবাইল ফোন নাছিল। কিন্তু অনুভূতিবোৰ চুপচাপ থাকিব নোৱাৰিলে। সেয়ে অৰ্ণৱে কাগজ-কলম লৈ এখন চিঠি লিখিলে আৰু স্কুল ছুটীৰ পিছত ঘৰলৈ অহাৰ আগতে ঋতুক চিঠিখন হাততে দি ক'লে - "ঘৰলৈ গৈ পঢ়িবা আৰু সোনকালে উত্তৰ দিবা।" সেই চিঠিখনত সি লিখিছিল— “মই তোমাক বহুত ভাল পাওঁ। তুমিও মোক ভাল পাবা নে? তোমাৰ কণ্ঠই মোক আকৰ্ষণ কৰিছে। আশাকৰোঁ মোৰ চিঠিখনৰ উত্তৰ দিবা। ”
ঋতুৱে চিঠিখন পঢ়ি বহু সময়লৈকে নিশ্চুপ হৈ আছিল। তাইৰ মনটো এক সুখৰ অনুভূতিত কঁপি উঠিছিল। বহু ভাবি-চিন্তি তাইও এখন চিঠিৰ জৰিয়তে উত্তৰ দিলে— “মইয়ো তোমাক ভাল পাওঁ। তোমাৰো কণ্ঠ মোৰ বহুত ভাল লাগে। ”
এইদৰে চিঠিৰ মাজেৰে আৰম্ভ হ’ল দুজন কিশোৰ-কিশোৰীৰ নিস্পাপ প্ৰেম। দিন বাঢ়িল, অনুভূতিও বাঢ়িল। বিদ্যালয়ৰ কৰিডৰ, গছৰ তল, লাইব্ৰেৰীৰ কোণ—সকলো ঠাইতেই সিহঁতৰ স্মৃতি ৰৈ গ’ল।
অৰ্ণৱ পঢ়া-শুনাত বহুত ভাল। সি সদায় প্ৰথম শ্ৰেণীত স্থান লাভ কৰি আহিছে । শিক্ষকসকলেও কৈছিল— “এই ল’ৰাটো এদিন ডাঙৰ মানুহ হ’ব।” আনহাতে ঋতু চেষ্টা কৰিলেও পঢ়াত খুব আগবাঢ়িব নোৱাৰিলে। মেট্ৰিক পৰীক্ষাত অৰ্ণৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিলে। এই খবৰটো বিদ্যালয়ৰ লগতে গাঁওখনতো বিয়পি পৰিল।
কিন্তু ঋতুৱে মাত্ৰ দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হ’ল। ফলাফলটো দেখি তাইৰ মনটো ভাঙি গ’ল। দুখতে তাই ঘৰৰ পৰা ওলাই অহা নাছিল। নিজকে অসফল বুলি ভাবিবলৈ ধৰিলে। মাকেও খং কৰিলে, গালি-শপনিও দিলে। ঋতুৰ মনত গভীৰ আঘাত লাগিল।
ঋতু এটি দুখীয়া পৰিয়ালৰ জীয়ৰী। তাইৰ দেউতাক এজন কাপোৰৰ দোকানী আছিল। ঋতুৰ দেউতাকে বহুত মদ খাইছিল। কিন্তু যেতিয়া তাইৰ ৮ বছৰ বয়স হৈছিল সেই সময়তেই লিভাৰ বিকল হৈ দেউতাকৰ মৃত্যু হৈছিল। মাকে ঘৰে ঘৰে কাম কৰি পৰিয়ালটো কেনেবাকৈ চলাই আছে। দিনটোত মাত্ৰ দুবাৰ খাবলৈ পায় । ঋতুৰ কিতাপ কিনিবলৈও টকাৰ অভাৱ। ঋতুৰ এটা সৰু ভায়েক আছে, তাকো মাকে কোনোমতে পঢ়াই ৰাখিছে।
এই সকলো দুখ-কষ্টৰ মাজতো ঋতুৱে অৰ্ণৱৰ সাফল্যৰ কথা শুনি আনন্দ পালে। তাই ভাবিলে— “মই যিমানেই দুখত থাকিলেও একো নাই, অৰ্ণৱে যে পঢ়া শুনাত বৰ ভাল কৰিছে, সেইটোতে মই আনন্দিত। এদিন অৰ্ণৱে তাইক বিয়া কৰাই নিজৰ কৰি ল'ব, আস! কি সুখৰ অনুভূতি.....”
সেয়ে তাই সিদ্ধান্ত ল’লে—অৰ্ণৱক শুভেচ্ছা দিবলৈ যাব। সন্ধিয়া ছয় বাজিছিল। তাই এখন চিঠি লিখিলে—
“মোৰ প্ৰিয় অৰ্ণৱ,
প্ৰথমে মোৰ মৰম ল’বা।
তুমি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছা শুনি মই বহুত সুখী হৈছোঁ। সদায় এইদৰে পঢ়া-শুনা কৰি আগবাঢ়ি যাবা। গান গাবলৈ নাপাহৰিবা। কিন্তু মোকো কেতিয়াও নাপাহৰিবা। কিয়নো তোমাৰ মৰম মোৰ বাবে বহুত মূল্যৱান।
মই প্ৰথম বিভাগ পাব নোৱাৰিলোঁ, সেয়ে বহুত দুখ পাইছোঁ।
তোমাৰ জীৱন সুখেৰে ভৰি থাকক। সকলো সুখ তোমাকেই ভগৱানে দিয়ক। এই চিঠিখনৰ উত্তৰ পাম বুলি আশা কৰিছোঁ।
- ইতি-
তোমাৰ ঋতু”
ঘৰৰ দুৰাৱস্থাৰ কথাৰ বিষয়ে চিঠিখনত লিখিব বিচাৰিছিল যদিও নিলিখিলে। চিঠিখন ভালকৈ এনভেলপত ভৰাই তাই পঞ্চাশ টকা খৰচ কৰি এটা চক’লেট কিনিলে। সেই পঞ্চাশ টকাটো তাইৰ বাবে ডাঙৰ টকা। তাৰ পিছত তাই অৰ্ণৱৰ ঘৰলৈ গ’ল।
অৰ্ণৱ সেই সময়ত বহুত ব্যস্ত আছিল। বহু মানুহে তাক শুভেচ্ছা দিবলৈ আহিছে। সেয়ে সি ঋতুৰ সৈতে ভালকৈ কথা পাতিব নোৱাৰিলে। ঋতুৱে অৰ্ণৱৰ হাতত চিঠিখন আৰু চক’লেটো দি এটি মিঠা হাঁহি মাৰি ক’লে— “Best Of Luck।”
অৰ্ণৱে তাইক খাবলৈ মাতিছিল, কিন্তু ঋতুৱে নোখোৱাকৈ ঘৰলৈ উভতি আহিল।
ঘৰ পাই ঋতুৱে বহুত কান্দিলে। দ্বিতীয় বিভাগ পোৱাৰ দুখ, জীৱনৰ দৰিদ্ৰতা , ভৱিষ্যতৰ অনিশ্চয়তা—সকলো একেলগে মনত ভিৰ কৰিলে। তাই ভাবিবলৈ ধৰিলে— “অৰ্ণৱ এতিয়া এজন সফল ছাত্ৰ। সি মোক আগৰ দৰে ভাল পাব নে?”
ৰাতিৰ সেই নীৰৱতাত ঋতুৰ চকুপানী বৈ থাকিল । কিন্তু তাৰ মাজতো তাইৰ মনত এটা সৰু আশাৰ পোহৰ আছিল— প্ৰেম যদি সঁচা হয়, তেন্তে কোনো দৰিদ্ৰতা বা অন্য কোণো কাৰণতে ভাঙি নাযায়!"
সেইদিনা অৰ্ণৱৰ খবৰটো শুনিয়েই ঋতুৰ বুকুখন যেন হঠাতে শূন্য হৈ পৰিল। বুকুৰ মাজত কিবা এটা ভাঙি যোৱাৰ দৰে লাগিল। বান্ধৱী নন্দিতাই যেতিয়া কথাটো ক’লে, ঋতুৱে প্ৰথমে বিশ্বাস কৰিবই নোৱাৰিলে।
“নন্দিতা, এই কথা সঁচা নেকি?”
ঋতুৰ কণ্ঠ কঁপি উঠিছিল।
“হয় ঋতু,” নন্দিতাই ধীৰ স্বৰে ক’লে। “মই নিজেই অৰ্ণৱক শুভেচ্ছা দিবলৈ গৈছিলোঁ। তেতিয়া তাৰ মাক-দেউতাকে গাঁৱৰ মানুহবোৰক কৈ আছিল —এই মাহতেই বেংগালুৰুলৈ যাম। অৰ্ণৱৰ দেউতাক এজন অভিযন্তা , তাতেই চাকৰি কৰে। এতিয়া তাতেই থাকিব।”
এই কথা শুনিয়েই ঋতুৰ চকুৰ আগত অন্ধকাৰ নামি আহিল। বুকুৰ ধপধপনি বাঢ়ি গ’ল। গাটো কঁপিবলৈ ধৰিলে।
“নন্দিতা,” ঋতুৱে কষ্টেৰে ক’লে, “মোৰ হাতততো মোবাইল নাই। মই এতিয়া কি কৰিম? মই তাক কেনেকৈ লগ পাম? তুমি এটা উপকাৰ কৰিবা নে? মই এখন চিঠি লিখিম, তুমি তাক দি দিবা।”
“ঠিক আছে,” নন্দিতাই ক’লে। “মই নিশ্চয় দি দিম।”
এই বুলি কৈ নন্দিতা গুচি গ’ল। কিন্তু ঋতুৰ মনত যেন ধুমুহা আহিব ধৰিল।
অৰ্ণৱ দূৰলৈ যাব? বেংগালুৰু? ইমান দূৰ?
তাই নিজকে প্ৰশ্ন কৰিলে—
“সি মোক পাহৰি যাব নেকি? আকৌ কেতিয়াবা লগ পাব নে? নে এইয়াই আমাৰ শেষ?”
ৰাতি বহু হ’ল। ঋতুৰ চকু দুটা কান্দি কান্দি ৰঙা হৈ পৰিল। ভোক নলগা হ'ল, খাবলৈ শুবলৈ মন নোযোৱা হ'ল। গোটেই ৰাতিটো তাই উজাগৰে কটালে। শেষত মনৰ সকলো দুখ এখন চিঠিত উজাৰি দি তালৈ লিখিলে—
মোৰ মৰমৰ অৰ্ণৱ,
মোৰ মৰম ল’বা।
তুমি গাঁও এৰি বেংগালুৰু যাবা বুলি শুনি বুকুখন বৰ বেয়াকৈ কঁপি উঠিল। তাত তুমি পঢ়ি-শুনি এজন ডাঙৰ মানুহ হ’ব পাৰিবা—এইটো মোৰ বাবে গৌৰৱৰ কথা। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব।
কিন্তু তালৈ গৈ মোক পাহৰি যাবা নেকি?
তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম?
তোমাৰ অবিহনে মোৰ সপোনবোৰ যেন মৰহি যাব।
মই গাই থকা গানৰ সুৰ যেন হেৰাই যাব।
তোমাক লৈ মই বহু সপোন দেখিছোঁ। সেয়ে তুমি য’লৈয়ে নাযোৱা কিয়, মোক যেন পাহৰি নোযোৱা। বৰ্তমান মোৰ ফোন নাই, সেয়ে নম্বৰ দিব নোৱাৰিলোঁ।
সদায় ভালে থাকা। আগবাঢ়ি যোৱা।
মোক কেতিয়াও পাহৰি নোযোৱা যেন।
ইতি — তোমাৰ ঋতু
পুৱা সোনকালে উঠি ঋতুৱে গা ধুই নন্দিতাৰ ঘৰলৈ গ’ল। চিঠিখন দি ক’লে—
“এইখন আজিয়েই অৰ্ণৱক দি দিবা।” নন্দিতাই চিঠিখন ল’লে।
দুদিন পাৰ হ’ল। সেইদিনা ঋতু ঘৰত কাম কৰি আছিল। হঠাতে দুৱাৰত মাত এটা শুনিলে—
“ঋতু…”
তাই আচৰিত হৈ ঘূৰি চালে। অৰ্ণৱ!
তাই বিশ্বাসেই কৰিব নোৱাৰিলে। অৰ্ণৱ কেতিয়াও সিহঁতৰ ঘৰলৈ অহা নাছিল।
“অৰ্ণৱ তুমি? আজি আমাৰ ঘৰলৈ?”
ঋতু অবাক হৈ ক’লে।
“কিয়? মই আহিব নোৱাৰো নেকি?” অৰ্ণৱে হাঁহি ক’লে।
“নাই…মানে…”
“কি মানে-মানে কৈছা?”
“আমাৰ দুখীয়া ঘৰলৈ তুমি আহিবা বুলি মই ভবাই নাছিলোঁ।”
অৰ্ণৱে শান্ত স্বৰে ক’লে—
“ধনী-দুখীয়াৰ কি কথা আছে? মনটোহে ভাল হ’ব লাগে।”
এই কথা শুনি ঋতুৰ মনটো অলপ হ’লেও ভাল লাগি গ'ল।
“খুড়ীদেউ নাই নেকি?” অৰ্ণৱে সুধিলে।
“মা, নাই। গাঁৱৰ এঘৰত কাপোৰ ধোৱাৰ কামত গৈছে।”
“অ’ হয় নেকি? তেন্তে মই বেছি দেৰি নকৰোঁ। কালি আমাৰ ঘৰত ডাঙৰকৈ খানা পাতিছোঁ। সকলোৱে যাবি।”
“হ’ব,” ঋতুৱে লাজ লাজকৈ ক’লে - “এটা কথা…”
“কি কথা?”
“মোৰ চিঠিখন পালা নে?”
“পাইছোঁ,” অৰ্ণৱে ক’লে। “তই মিছাতে চিন্তা কৰি আছা। মই পঢ়িবলৈহে যাম। তোক কেনেকৈ পাহৰিম ক’?”
তাৰ পাছত সি ক’লে—
“এটা মোবাইল ফোন লৈ ল’বা। আমি সদায় কথা পাতিম। মই এতিয়া যাওঁ, বহুত মানুহ মাতিব লগা আছে।”
ঋতুৱে সি যোৱালৈ একেথিৰে চাই থাকিল। বুকুত অজান শূন্যতা নামি আহিল।
দ্বিতীয় দিনা গাঁওখনৰ সকলো মানুহ খানা খাবলৈ গ’ল। ঋতু, তাৰ মাক আৰু ভায়েকো গ’ল। ভাত, পঠাৰ মাংস, ৰসগোল্লা, দৈ—সকলো আছিল। গাঁওৰ বয়োজ্যেষ্ঠসকলে অৰ্ণৱক আশীৰ্বাদ দিলে।
সেইদিনা বতৰটো গোমা আছিল। বৰষুণ অহা যেন লাগিছিল। খবৰ আহিল—অৰ্ণৱ বেংগালুৰু যাবলৈ ওলাল।
গাঁওৰ সকলোকে সেৱা আৰু নমস্কাৰ জনাই সি বিদায় ল’বলৈ আৰম্ভ কৰিলে । যাবৰ সময়ত সি ঋতুৰ ওচৰলৈ আহি ক’লে—
“ভালকৈ পঢ়িবা। গান গাই থাকিবা। যেতিয়া মোবাইল ল’বা মোক কল কৰিবা। এইটো মোৰ নম্বৰ।”
এটুকুৰা কাগজ তাইৰ হাতত দিলে।
ঋতুৰ দুচকুৰ পৰা অশ্ৰুধাৰা বৈ আহিল। সি গাড়ীত উঠাত সকলোৰে চকু চলচলীয়া হৈ উঠিল। ঘৰলৈ আহি ঋতুৱে কোনেও নেদেখাকৈ বহুত কান্দিলে।
****************
দিনবোৰ পাৰ হ’ল। বহু বছৰ পাৰ হ’ল। আজি ঋতু ২৫ বছৰীয়া। তাই এতিয়া অসমৰ এগৰাকী বিখ্যাত গায়িকা। বিহু মঞ্চে মঞ্চে তাইৰ নাম। তাই নিজা এলবাম উলিয়াইছে। লাখ লাখ মানুহে তাইৰ গান শুনে। তাইৰ জনপ্ৰিয়তা বৃদ্ধি হ'ল। লগতে তাই এখন চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰীও।
কিন্তু এই সকলো সফলতাৰ মাজতো তাইৰ হৃদয় খালি।
আজিও তাই অৰ্ণৱলৈ অপেক্ষা কৰে।
এদিন যে মোবাইল নম্বৰটো অৰ্ণৱে দিছিল—সেইটো ক’ত যে হেৰাল, বিচাৰিও নাপালে।
ফেচবুকত বহুদিন বিচাৰ কৰাৰ পিছত তাই অৰ্ণৱক পাই গ’ল। কিন্তু সেই প্ৰফাইলটো দেখি তাই থমকি গ’ল—
অৰ্ণৱ—বিবাহিত। মুম্বাইৰ এগৰাকী ছোৱালীৰ সৈতে।
চকুৰ পৰা নিস্তব্ধভাৱে দুধাৰি চকুপানী বৈ পৰিল।
তাই বুজি পালে— কিছুমান প্ৰেম গন্তব্যলৈ নাযায়, কিন্তু জীৱনজুৰি সংগীত হৈ ৰৈ যায়।
ঋতুৱে মঞ্চত উঠি গান গায়… গানত আজি অৰ্ণৱৰ নাম নাছিল,কিন্তু সুৰত অৰ্ণৱ আছিল। নিজে লিখা দুখ বেদনাৰ গানেৰে তাই বুজাই দিয়ে - প্ৰেম কেৱল দুখৰ নৈ..... গোলাপ ফুলৰ দৰে কোমল, ধুনীয়া , মিঠা.... কিন্তু কাঁইটীয়া.... যি বেনাদায়ক....
*****************
এইফালে ঋতুক বিয়া দিবলৈ মাকে জোৰ কৰি আছে। চাবলৈ ভাল ভাল, ধুনীয়া ধুনীয়া দৰা আহি আছে। কিন্তু তাই বিয়াত নবহে। তাই কয়-"মোৰ বিয়া হ'বলৈ মন নাই! মই এনেদৰে থাকি সুখ পাওঁ। মোক বিয়া নিদিবা, মা।"
: তোৰ কি বিয়া হ'বলৈ মন নাই? এনেদৰে ঘৰতে বুঢ়ি হৈ থাক! ( মাকে খঙতে তাইক এনেদৰে সদায়েই গালি পাৰি থকা হ'ল।)
তাই যে আজিও অৰ্ণৱৰ ছবিখন হৃদয়ৰ পৰা মচি পেলাব পৰা নাই। তাই আনৰ লগত বিয়া হ'বলৈ বহু চেষ্টা কৰিছিল, কিন্তু তাই নোৱাৰে। তাই আনৰ লগত বিয়া হ'লে বেছিকৈ দুখ যন্ত্ৰণা পাব। তাতকৈ এনেদৰে বিয়া নোহোৱাকৈ থকাই ভাল।
বহু দিনৰ পিছত তাই ফেচবুকটো অন কৰি অনলাইন গ'ল। মেছেজেৰে ভৰি আছে ফেচবুকৰ ইনবক্স! কিছুমানে ভাল পাবলৈ বিচাৰি আছে.... কিছুমানে ব্যক্তিগত নম্বৰ বিচাৰি আছে কথা পাতিবলৈ।
তাই মেছেজবোৰ ওপৰে ওপৰে চাই গ'ল, হঠাৎ এটা মেচেজ দেখি তাই ৰৈ গ'ল - এইটো দেখোন অৰ্ণৱৰ মেছেজ!
ইয়ান বছৰৰ মূৰত সি তাইলৈ মেছেজ দিছে। তাইৰ মনটো ভাল লাগি গ'ল! যিমান হ'লেও সি এতিয়া বিবাহিত। এতিয়া আৰু তাক পাবলৈ ইচ্ছা নাই। কিন্তু তাইৰ হৃদয়ত এতিয়াও তাৰ প্ৰতি প্ৰেম আছে গোপন কোণত।
মেছেজটো খুলি চাই দেখিলে - "তোমাৰ নম্বৰটো দিয়া মই তোমাক বহু কথা ক'বলৈ আছোঁ।"
বৰ্তমান সি অনলাইন অহা নাই। ঋতুৱে তাইৰ ফোন নম্বৰটো তালৈ মেচেজত পঠিয়াই দিলে। ৰাতি ভাত খাই তাই শুবলৈ ওলাইছিল, এনেতে এটা অচিনাকি নম্বৰৰ ফোন আহিল। তাই কʼলটো ৰিচিভ কৰি সুধিলে - " হেল্লো, কোনে কল কৰিছে?"
: মই, অৰ্ণব! - ফোনৰ সিটো ফালৰ পৰা অৰ্ণৱৰ মাত ভাহি আহিল।
: অৰ্ণৱ তুমি? - আসঃ কি এক সুখানুভূতি! আগৰ সেই যে অৰ্ণৱ তেনেকুৱা লাগিল তাইৰ।
: হ'য়, মই তোক বহুত কথা ক'ব লগীয়া আছে।
: কি কথানো? তুমিতো এতিয়া বিবাহিত, তেন্তে কি কথা থাকিব পাৰে?
: মোৰ জীৱনৰ বহু কথা আজি তোক কম । - অৰ্ণৱে সিফালৰ পৰা এক বিষাদগ্ৰস্ত কণ্ঠত ক'লে।
: কি কথা? কোৱা বাৰু মই শুনিম।
: তই বিয়া হোৱা নাই বুলি গম পালোঁ। আজিও মোলৈ ৰৈ আছা নে ? ভাবি বহুত ভাল লাগিছে।
: আচলতে মই তোমালৈ অপেক্ষা কৰা নাই। নিজৰে বিয়া হ'ব মন নগ'ল। সেয়েহে বিয়া হোৱা নাই। এতিয়া অকলে থাকি ভাল লগা হৈছে....... তাইৰো কণ্ঠত বিষাদ বিয়পি পৰিল।
: আচলতে মই তোকে বিয়া কৰাম বুলি ভাবি আছিলোঁ। কিন্তু মা-দেউতাই নামানে। মা-দেউতাই নিজেই ছোৱালী চাই মোৰ লগত জোৰকৈ বিয়া পাতি দিছিল। কিন্তু মই সুখী নাছিলোঁ। মোৰ এটা বেমাৰ আছে......
: কি বেমাৰ ? - তাই আচৰিত হৈ প্ৰশ্ন কৰিলে।
: মই কেতিয়াও সন্তান দিব নোৱাৰিম। মোৰ উত্তেজনা নোহোৱা বেমাৰ হৈছে। বহু চিকিৎসা কৰিও ভাল পোৱা নাই। এইটো কথা গম পাই মোৰ পত্নীয়ে এৰি থৈ গ'ল। তাই যোৱাৰ কাৰণে মই বেয়া পোৱা নাই। এতিয়া মই মুক্ত। মই এতিয়া বহুত হেপ্পী। কিন্তু এটা সচাঁ কথা কও - মই আজিও তোক বিচাৰোঁ..... হবানে তই মোৰ পত্নী? মোৰ সৈতে হ'ব পাৰিবানে সুখী? মই তোৰ উত্তৰৰ বাবে অপেক্ষা কৰিম গোটেই জীৱন.....
ঋতু কিছু সময় মৌন হৈ থাকিল...... সি সেইফালৰ পৰা
হেল্লো হেল্লো কৈ চিঞৰি থাকিল। এটা সময়ত কলটো নিজেই কাট খাই গ'ল।
ৰাতি বহুত কথা ভাবিলে তাই। তাই বাৰু অৰ্ণৱক এতিয়াও বিচাৰে নে ? কিয় বাৰু অৰ্ণৱক ইমান দিনে বিচাৰি আছিল ? হয়তো তাইৰ হৃদয়ৰ এটা কোণত আজিও গোপনে অৰ্ণৱলৈ সযতনে, আলফুলে ৰাখি থৈছে তাৰ ছবি...
তেতিয়া হ'লে আৰু পলম নকৰে.... ৰাতি পুৱাৰ লগে লগেই তাই ক'ব.... মই তোমাৰ আছিলোঁ.... তোমাৰেই হম আৰু তোমাৰেই হৈ থাকিম....
( সমাপ্ত )