'ভিলেজ ৰকষ্টাৰছ ২'ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে ৰীমা দাসে। অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰছ ২'ৰ কাহিনী।
(অপূৰ্ব দাস)
বাস্তৱসন্মত কাহিনী আৰু "ভিলেজ ৰকষ্টাৰছ"ৰ দৰে ছবিৰ বাবে পৰিচিত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসক শেহতীয়াকৈ নিউয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিছন (NYWIFT) ৰ দ্বাৰা 'এক্সেলেন্স ইন নেৰেটিভ ফিল্মমেকিং'ৰ বাবে সন্মানিত কৰা হয়, লগতে তেওঁৰ চিনেমাৰ যাত্ৰা আৰু ইয়াৰ প্ৰতি থকা দায়বদ্ধতাক স্বীকৃতি দি নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাও প্ৰদান কৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰশংসিত অসমীয়া ছবি "ভিলেজ ৰকষ্টাৰছ" (২০১৭)ৰ পিছত পৰিচালক ৰীমা দাসে ভিলেজ ৰকষ্টাৰছ ২ ৰ জৰিয়তে এইখন স্পৰ্শকাতৰ পৃথিৱীক অন্বেষণ কৰি আছে। এই ছবিখন কেৱল ছিকুৱেল নহয়, সময়ৰ লগে লগে সলনি হোৱা সপোন, দায়িত্ব, সংগ্ৰামৰ গভীৰ, বাস্তৱিক কাহিনী। এই ছবিখনে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ এনে এখন মুখ প্ৰদৰ্শন কৰিছে যিটোক সততে ডাঙৰ পৰ্দাত উপেক্ষা কৰা হয়।
• কাহিনীৰ পটভূমি
ভিলেজ ৰকষ্টাৰছ ২ ৰ কাহিনী অসমৰ এখন সৰু গাঁৱত বাস কৰা ধুনু নামৰ কণমানি ছোৱালীক কেন্দ্ৰ কৰিয়েই আবদ্ধ। প্ৰথমখন ছবিত ধুনু আছিল সংগীত আৰু গীটাৰ বজোৱাৰ সপোন দেখা এগৰাকী কণমানি ছোৱালী। বন্ধু-বান্ধৱীৰ সৈতে "ভিলেজ ৰকষ্টাৰছ" নামৰ এটা বেণ্ড গঠন কৰে। সেই ছবিখনে শৈশৱৰ নিৰ্দোষতা, দৰিদ্ৰতাৰ মাজত ফুলি উঠা সপোন আৰু প্ৰকৃতিৰ সৈতে জড়িত জীৱনক ধৰি ৰাখিছিল।
দ্বিতীয়খন ছবিত সময় আগবাঢ়িছে। ধুনুই কৈশোৰত প্ৰৱেশ কৰিছে। তাইৰ সপোনবোৰ ৰৈ গৈছে যদিও জীৱনটো আগতকৈ কঠিন হৈ পৰিছে। শৈশৱৰ খেলা-ধূলা আৰু খেলনাবোৰ এৰি এতিয়া দায়িত্বৰ ঠাই লৈছে।
• ধুনুৰ সংগ্ৰাম
ধুনুৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল। মাকে পথাৰত কাম কৰে আৰু ঘৰখন পোহপাল দিবলৈ কঠোৰ পৰিশ্ৰম কৰে। ধুনুই মাকক কামত সহায় কৰে। তাইৰ সংগীতত যেন পথাৰত কাম কৰা, ঘৰুৱা দায়িত্ব, সমাজৰ আশা-আকাংক্ষাৰ ছাঁ পৰিছে।
প্ৰথমখন ছবিত সংগীতে স্বাধীনতা আৰু আনন্দৰ প্ৰতীক আছিল যদিও ভিলেজ ৰকষ্টাৰছ ২ত সেই একেটা সংগীতেই ধুনুৰ বাবে এটা প্ৰশ্ন হৈ পৰে:
সপোনৰ বাবে জীৱনত যুঁজ দিয়াটো ( সংগ্ৰাম কৰা ) উচিত নে ? যেতিয়া পেট ভৰাবলৈ ( জীয়াই থাকিবলৈ ) চিন্তা সন্মুখন আহে ?
ধুনুই গীটাৰ বজাব বিচাৰে, কিন্তু পৰিস্থিতিয়ে বাৰে বাৰে তাইক সোঁৱৰাই দিয়ে যে জীৱন সপোনেৰে সজাব নোৱাৰি। বহুত সংগ্ৰাম কৰিবলগীয়া হ'য়। এই সংগ্ৰামেই হৈছে ছবিখনৰ মূল আত্মা।
• গাঁও আৰু প্ৰকৃতিৰ পৰিৱৰ্তিত মুখ
ছবিখনত অসমৰ গাঁৱৰ সুন্দৰ অথচ কঠোৰ বাস্তৱক চিত্ৰিত কৰা হৈছে। বৰষুণ, বানপানী, শুকান পথাৰ, খেৰৰ ঘৰ—এইবোৰ কেৱল দৃশ্যই নহয়, কাহিনীৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰকৃতি ইয়াত বন্ধু আৰু শত্ৰু দুয়োটাও ।
জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগে গ্ৰাম্য জীৱনত কেনে প্ৰভাৱ পেলায় ৰীমা দাসে সৰলভাৱে চিত্ৰিত কৰিছে। ধুনুৰ পৰিয়ালটোও এই পৰিৱৰ্তনৰ সৈতে যুঁজিছে। ঘৰত খাদ্যৰ অভাৱ হ'বলৈ আৰম্ভ কৰে আৰু সংগীতক যেন "বিলাসীতা" মানুহৰ বাবেহে বুলি অনুভৱ কৰিবলৈ আৰম্ভ কৰে।
• বন্ধুত্ব আৰু নিসংগতা
প্ৰথমখন ছবিত ধুনুৰ বন্ধু-বান্ধৱী আছিল তাইৰ শক্তি। দ্বিতীয়খন ছবিত সেই একেখিনি বন্ধুৱে বেলেগ বেলেগ পথ গ্ৰহণ কৰা দেখা গৈছে। কোনোবাই কামৰ সন্ধানত গাঁও এৰি যায়, কোনোবাই দায়িত্বত জড়িত হৈ পৰে।
লাহে লাহে ধুনুই নিজকে অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে।
এই নিসংগতাক গভীৰভাৱে চিত্ৰিত কৰা হৈছে – বিশেষ সংলাপ নোহোৱাকৈ, কেৱল ধুনুৰ মুখ, তাইৰ মৌনতা আৰু তাইৰ চকুৰ মাজেৰে। ছবিখনে দেখুৱাইছে যে সৰুৰ পৰা ডাঙৰ হ'লে নিসংগতাই আৱৰি ধৰে আৰু আপোন মানুহবোৰ হেৰাই যাব ধৰে।
• মাতৃ-কন্যাৰ সম্পৰ্ক
ভিলেজ ৰকষ্টাৰছ ২ৰ আটাইতকৈ শক্তিশালী দিশটো হ’ল ধুনু আৰু তাইৰ মাকৰ মাজৰ সম্পৰ্ক। মাক কঠোৰ, কিন্তু নিৰ্দয় নহয়। তাই জানে যে সপোনবোৰ গুৰুত্বপূৰ্ণ, কিন্তু ভোক যেন বেছি গুৰুত্বপূৰ্ণ।
মাতৃয়ে বিচাৰে ধুনু সুৰক্ষিত থাকক, কঠোৰ পৰিশ্ৰম কৰক, জীৱনৰ বাস্তৱতা বুজি পাওক। ইফালে ধুনুই নিজৰ সংগীতৰ জৰিয়তে নিজকে জীৱন্ত অনুভৱ কৰে । এই সংঘাতৰ ফলত আশা আৰু সপোন যেন লাহে লাহে হেৰাই যাবলৈ ধৰে.....
টকা বা চাকৰি নাথাকিলে যেন সপোনবোৰ সপোন হৈয়ে ৰৈ যায়....
• ছবিখনৰ কিছু কথা
এই ছবিখনত কোনো ডাঙৰ তাৰকা নাই, কোনো গধুৰ সংলাপ নাই, কোনো নাটকীয় টুইষ্ট নাই। ইয়াৰ শক্তি ইয়াৰ প্ৰামাণ্যতাত নিহিত হৈ আছে।
ৰীমা দাসে সাধাৰণ অভিনেতাৰ সৈতে কাম কৰি প্ৰতিটো দৃশ্যকেই প্ৰামাণিক অনুভৱ কৰাইছে। কেমেৰাই গাঁৱৰ জীৱনটো এনেদৰে বন্দী কৰিছে যেন দৰ্শকজন অসমৰ গাঁওতে আছে।
সংগীত অতি সীমিত যদিও যেতিয়াই দেখা দিয়ে তেতিয়াই হৃদয় স্পৰ্শ কৰে। ধুনুৰ গীটাৰ কেৱল বাদ্যযন্ত্ৰ নহয়, তেওঁৰ কণ্ঠ— সমাজে প্ৰায়ে শুনিব নিবিচৰা কণ্ঠ।
◽বাৰ্তা
ভিলেজ ৰকষ্টাৰছ ২ য়ে প্ৰশ্ন উত্থাপন কৰিছে: প্ৰতিটো সপোন পূৰণ কৰা প্ৰয়োজনীয় নে? নে কিছুমান সপোন কেৱল আমাক জীয়াই ৰাখিবৰ বাবেহে ? যেন পূৰণ কৰিবলৈ নহয়.....
সহজ উত্তৰ দি চিনেমাখন শেষ হোৱা নাই। ই দৰ্শকক চিন্তা কৰিবলৈ বাধ্য কৰায়। ধুনুৰ কাহিনী কেৱল তাইৰ নহয়, সপোন দেখা কিন্তু পৰিস্থিতিৰ দ্বাৰা বান্ধ খোৱা লাখ লাখ গ্ৰাম্য শিশুৰ কাহিনী।
ভিলেজ ৰকষ্টাৰছ ২ এখন নিস্তব্ধ, লেহেমীয়া, আৰু আৱেগিক ছবি। মনোৰঞ্জনতকৈ অভিজ্ঞতা বেছি। যদি আপুনি বাস্তৱিক চিনেমা, গ্ৰাম্য জীৱন, আৰু মানুহৰ আৱেগৰ সত্য কাহিনী উপভোগ কৰে তেন্তে এই ছবিখন চাব লাগিব। এই ছবিখনে আধুনিক জাক জমকতাৰ আনন্দ নিনিব , বৰঞ্চ মনে মনে হৃদয় স্পৰ্শ কৰে– ঠিক ধুনুৰ সংগীতৰ দৰেই।