এলবুমিন কি? যকৃত আৰু বৃক্ক ৰোগীৰ এলবুমিনৰ অভাৱ কিয় হয়?
(অপূৰ্ব দাস)
এই লেখাটো আপোনাৰ বাবে সৰলকৈ চিকিৎসা বিজ্ঞানৰ ভিত্তিত লিখা হৈছে।
এলবুমিন আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য প্ৰটিন। ই প্ৰধানকৈ যকৃতত উৎপন্ন হয় আৰু তেজত পোৱা যায়। এলবুমিনে তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, পুষ্টিকৰ পদাৰ্থ পৰিবহণ কৰে আৰু বহু অংগক সঠিকভাৱে কাম কৰাত সহায় কৰে।
তেজত এলবুমিন কমি গ'লে - দুৰ্বলতা, চুলি সৰা, দেহ গৰম হোৱা, টোপনিৰ সমস্যা, যৌন দুৰ্বলতা, পেটৰ সমস্যা - হজম শক্তি কমি যোৱা, গেছ গঠন হোৱা, দেহত পানী জমা হোৱা ইত্যাদি সমস্যা হ'ব পাৰে।
এলবুমিনৰ মাত্ৰা কম হ’লে ইয়াক হাইপ’এলবুমিনেমিয়া বুলি কোৱা হয়। বিশেষকৈ যকৃত আৰু বৃক্ক ৰোগীৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে।
(১) এলবুমিন কি?
এলবুমিন হৈছে এক প্ৰকাৰৰ প্লাজমা প্ৰটিন যিয়ে আমাৰ তেজত পোৱা মুঠ প্ৰটিনৰ প্ৰায় ৬০% যোগান ধৰে। ইয়াক শৰীৰৰ "সহায়ক প্ৰ'টিন" বুলিও ক'ব পাৰি।
সাধাৰণ পৰিমাণ: 3.5 – 5.5 g/dL ( গ্ৰাম/ডেচিলিটাৰ )
এই মাত্ৰা কমি গলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
(২) এলবুমিনে শৰীৰত কি কৰে?
এলবুমিনে শৰীৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰে:
(২.১) শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰে
এলবুমিনে ৰক্তবাহী নলীত পানী ধৰি ৰাখে। যদি এলবুমিন কম হয়, তেন্তে শিৰাৰ পৰা পানী ওলাই যায়, যাৰ ফলত:
পেটত জলন বা গেছ , ভৰিত পানী জমা হোৱা (এডিমা), আৰু মুখ ফুলা, দীৰ্ঘদিন ধৰি সৌচ কঠিন হৈ থকা ইত্যাদি।
(২.২) পুষ্টিকৰ পদাৰ্থ পৰিবহণ কৰে
এলবুমিনে সমগ্ৰ শৰীৰত বহুতো প্ৰয়োজনীয় পদাৰ্থ পৰিবহণ কৰে: কেলচিয়াম, হৰম’ন, ভিটামিন ইত্যাদি।
(২.৩) অংগসমূহৰ বাবে শক্তি আৰু সুৰক্ষা
ই কোষক পুষ্টি প্ৰদান কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।
(৩) এলবুমিন কম হোৱাৰ ফলত পেটত গেছ আৰু পেট ফুলা কিয় হয়?
এলবুমিন কম হ’লে তেজত পানী ধৰি ৰাখিব নোৱাৰে।
পেটৰ বিভিন্ন অংশত পানী জমা হব পাৰে।
ইয়াৰ ফলত - পেট ফুলা অনুভৱ হয়, গেছ জমা হোৱাৰ অনুভৱ, গধুৰতা, উশাহ লোৱাত অসুবিধা হ'ব পাৰে।
(৪) বৃক্ক সমস্যাত ভুগি থাকিলে এলবুমিন প্ৰস্ৰাৱত কিয় নিঃসৰণ হয়?
যেতিয়া কিডনীৰ ফিল্টাৰ চিষ্টেম (glomeruli) ক্ষতিগ্ৰস্ত হয় তেতিয়া এলবুমিন প্ৰস্ৰাৱত নিৰ্গত হয়।
বৃক্কৰ প্ৰধান ৰোগ:
• নেফ্ৰটিক চিনড্ৰম
• ডায়েবেটিক নেফ্ৰপেথী
• দীৰ্ঘদিনীয়া বৃক্ক ৰোগ (CKD)
• গ্ল’মেৰুলোনেফ্ৰাইটিছ
ইয়াক এলবুমিনুৰিয়া (Proteinuria) বোলা হয়।
লক্ষণ:
• ফেনাযুক্ত প্ৰস্ৰাৱ
• ভৰি আৰু চকুত ফুলা
• দুৰ্বলতা
• তেজত এলবুমিন দ্ৰুতভাৱে হ্ৰাস পায়
(৫) যকৃতৰ সমস্যাত এলবুমিন কিয় কমি যায়?
যকৃতত এলবুমিন উৎপন্ন হয়, গতিকে যকৃতৰ ক্ষতি হ’লে এলবুমিন উৎপাদন কমি যাব।
যকৃতৰ মূল ৰোগ:
• ফেটি লিভাৰ (NAFLD/AFLD)
• হেপাটাইটিছ বি, চি
• লিভাৰ চিৰ’ছিছ
• মদ্যপান কৰা যকৃতৰ ৰোগ
কাৰণসমূহ: এনে ক্ষেত্ৰত যকৃতৰ কোষবোৰে এলবুমিন উৎপাদন কৰিবলৈ সক্ষম নহয়। যকৃতৰ দীৰ্ঘদিনীয়া ক্ষতিৰ লগে লগে এলবুমিনৰ মাত্ৰা ক্ৰমাগতভাৱে হ্ৰাস পায়।
পৰিণতি: তৰল পদাৰ্থ জমা হোৱা, ভৰি ফুলা, দুৰ্বলতা, আৰু সঘনাই সংক্ৰমণ হোৱা দেখা যায়।
(৬) এলবুমিন কেনেকৈ পৰীক্ষা কৰিব?
(৬.১) Blood Test – Serum Albumin
আটাইতকৈ সাধাৰণ পৰীক্ষা। খালী পেটত কৰাটোৱেই উত্তম।
(৬.২) Urine Test – Urine Albumin
বৃক্কৰ ৰোগ নিৰ্ণয় কৰিবলৈ।
(৬.৩) ACR Test (Albumin-Creatinine Ratio)
ডায়েবেটিছ আৰু কিডনী ৰোগীৰ বাবে গুৰুত্বপূৰ্ণ।
(৬.৪) Liver Function Test (LFT)
যকৃতৰ কাৰ্য্যক্ষমতা মূল্যায়ন কৰিবলৈ।
(৭) এলবুমিনৰ অভাৱ কেনেকৈ পুনৰ পূৰণ কৰিব পাৰি?
(ক) খাদ্য
নিৰামিষজাতীয় খাদ্য : দালি (মগু, ৰহৰ, মচুৰ দাইল), পনিৰ,গাখীৰ, দৈ, সৰিয়হ, বাদাম ইত্যাদি।
আমিষ ভোজীৰ খাদ্য: কণীৰ বগা অংশ, মাছ, কুকুৰাৰ মাংস।
মনত ৰাখিব: বৃক্ক ৰোগীয়ে খাদ্যৰ প্ৰটিন গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
(খ) এলবুমিন বেজী / IV এলবুমিন
• গুৰুতৰ যকৃতৰ চিৰ’ছিছ।
• দেহত পানীৰ অভাৱ হ'লে।
• আই চি ইউ ৰোগীক কেৱল চিকিৎসকৰ তত্বাৱধানতহে দিব লাগে।
(গ) এলবুমিন কিয় কম ইয়াৰ কাৰণ জানি চিকিৎসা কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। কেৱল এলবুমিন দিলেই যথেষ্ট নহয়; ৰোগ নিৰাময় কৰাটো অতি প্ৰয়োজনীয়।
(৮) লিভাৰ ৰোগীয়ে কি কৰা উচিত?
• মদ সম্পূৰ্ণৰূপে খোৱা বন্ধ কৰক।
• চৰ্বিযুক্ত আৰু তেলত ভজা খাদ্য কমাব লাগে।
• খোজকঢ়া ব্যায়াম, যোগাসন আদি কৰা অতি প্ৰয়োজন।
• নিমখৰ পৰিমাণ কমাব।
• নিয়মিতভাৱে চিকিৎসকৰ নিৰ্ধাৰিত ঔষধ গ্ৰহণ কৰক।
• সময়ে সময়ে লিভাৰৰ আৰু এলবুমিন পৰীক্ষা কৰা উচিত।
(৯) বৃক্ক ৰোগীৰ বাবে গুৰুত্বপূৰ্ণ সাৱধানতা
• নিমখ পৰিমাণ কমাই খোৱা উচিত। দেহত পানী নিয়ন্ত্ৰণত ৰখা দৰকাৰ । একেবাৰে কমকৈ বা অতি বেছিকৈ পানী খোৱা ক্ষতিকাৰক।
• অত্যধিক প্ৰ’টিন ( মাছ, মাংস ,কণী ) গ্ৰহণৰ পৰা বিৰত থাকিব লাগে।
• ৰক্তচাপ নিয়ন্ত্ৰণ ৰখা উচিত আৰু তেজৰ চেনি নিয়ন্ত্ৰণ ৰাখা অতি দৰকাৰ।
• নিয়মিত প্ৰস্ৰাৱৰ এলবুমিন পৰীক্ষা কৰিব লাগে।
• নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজনীয়।
(১০) আন্য কি কি ৰোগত এলবুমিনৰ মাত্ৰা কম হ’ব পাৰে?
• পুষ্টিহীনতা
• কৰ্কট ৰোগ
• গুৰুতৰ সংক্ৰমণ
• জুইত জ্বলা-পোৰাৰ আঘাত
• দীৰ্ঘদিনীয়া ডায়েৰিয়া ইত্যাদি।
এলবুমিন কেৱল প্ৰটিন নহয়, শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ এক মূল স্তম্ভ। যকৃত আৰু বৃক্ক ৰোগীৰ এলবুমিনৰ অভাৱ এটা গুৰুতৰ সতৰ্কবাণী যিটোক আওকাণ কৰা উচিত নহয়।
সময়মতে পৰীক্ষা কৰা, অন্তৰ্নিহিত ৰোগৰ কাৰণৰ চিকিৎসা,
সুষম খাদ্য খোৱা, চিকিৎসকৰ পৰামৰ্শ - এইবোৰে এলবুমিন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু জীৱনৰ মান উন্নত কৰিব পাৰে।