Scrolling text

Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

🟢 মাজত দেখা পোৱা বিজ্ঞাপন

🟢 Only Facebook Full Screen Ads

অনুগ্ৰহ কৰি ৮ ছেকেণ্ড অপেক্ষা কৰক...
8

🟢 Only Browser Full Screen Ads

অনুগ্ৰহ কৰি ৮ ছেকেণ্ড অপেক্ষা কৰক...
8

📂 menu and search by Hide

🌍 Flash Screen

Welcome Logo

🌍 মেইন মেনু ছাৰ্চ বাৰ

🧲 স্লাইডাৰ ব্ৰেকিং

🟢🤞 মাজে মাজে দেখা পোৱা বিজ্ঞাপন

🔴 Text Copy off

ওপৰৰ logo ঘূৰি থকা

👉Slider Menu

👉Slider Menu

🔴 Ad blocker Detective

Ad Blocker Detected!
Ad Blocker ধৰা পৰিছে!

Please turn off your Ad blocker to view the website.

ৱেবছাইটটো চাবলৈ অনুগ্ৰহ কৰি আপোনাৰ Ad blocker বন্ধ কৰক।

🔴E-Magazine Old

এইবোৰ কাৰণতেই ভয়ংকৰ ভাৱে কৰ্কট ৰোগী বৃদ্ধি পাইছে



এইবোৰ কাৰণতেই ভয়ংকৰ ভাৱে কৰ্কট ৰোগী বৃদ্ধি পাইছে

( অপূৰ্ব দাস )

যদি আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ কেন্সাৰ হয়, তেন্তে তাৰ কষ্ট কেৱল সেই ৰোগীগৰাকীৰ মাজতেই আৱদ্ধ নাথাকে। ৰোগৰ দীঘলীয়া চিকিৎসা, শাৰীৰিক যন্ত্ৰণা, মানসিক চাপ, আৰু আৰ্থিক বোজাই সমগ্ৰ ঘৰখনকে বাৰুকৈয়ে প্ৰভাৱিত কৰে। এটা পৰিয়ালৰ এজন ব্যক্তিৰ কৰ্কট ৰোগ হ'লে গোটেই পৰিয়ালটোৱেই এক অভাৱনীয় সংগ্ৰামৰ মাজেৰে পাৰ হ'ব লগা হয়। 

ৰোগীজনৰ যন্ত্ৰণাৰ সমান্তৰালকৈ পৰিয়ালৰ অন্য সদস্যসকলেও মানসিক আৰু আৰ্থিকভাৱে ভাগি পৰে। বহু সময়ত সা-সম্পত্তি বিক্ৰী কৰি হ'লেও ৰোগীক বচাবলৈ চেষ্টা কৰা হয়, যিয়ে পৰিয়ালটোক এক দীৰ্ঘদিনীয়া অৰ্থনৈতিক সংকটৰ মাজলৈ ঠেলি দিয়ে।





এই বিষয়টোক লৈ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ডব্লিউ এইচ অ'য়ে শেহতীয়াকৈ প্ৰকাশ কৰা এখন প্ৰতিবেদনত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি, প্ৰতি পাঁচজন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে জীৱনত কেতিয়াবা নহয় কেতিয়াবা কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। যদি পৰিয়াল আৰু ঘনিষ্ঠ লোকসকলৰ ওপৰত পৰা প্ৰভাৱকো ইয়াত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে পৃথিৱীৰ প্ৰায় ৯২ শতাংশ লোকে নিজৰ জীৱনত কমেও এবাৰ হ'লেও কেন্সাৰৰ প্ৰভাৱৰ সন্মুখীন হ'ব। 

এই পৰিসংখ্যা কেৱল বেমাৰৰ পৰিসংখ্যা নহয়, বৰঞ্চ ই সেই সামাজিক আৰু আৰ্থিক প্ৰত্যাহ্বানৰ এক ভয়ংকৰ সংকেত যিটো আগন্তুক বছৰবোৰত আৰু অধিক জটিল হৈ পৰিব পাৰে। বৰ্তমান সময়ত কৰ্কট ৰোগে সমগ্ৰ বিশ্বতে এক নীৰৱ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।

🔴 দৰিদ্ৰ আৰু ধনী দেশৰ মাজত কৰ্কট ৰোগৰ পৰীক্ষা আৰু চিকিৎসাত বৃহৎ ব্যৱধান

বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্টাৰনেশ্যনেল এজেন্সী ফৰ ৰিচাৰ্ছ অন কেন্সাৰ চমুকৈ আই এ আৰ চিৰ যুটীয়া প্ৰতিবেদনখনে কৰ্কট ৰোগৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত সমগ্ৰ বিশ্বকে সতৰ্ক কৰি দিছে। প্ৰতিবেদন অনুসৰি, কৰ্কট ৰোগৰ লগত জড়িত অভিজ্ঞতা সকলো লোকৰ বাবে সমান নহয়। দৰিদ্ৰ আৰু ধনী দেশসমূহৰ মাজত চিকিৎসা, পৰীক্ষা আৰু ঔষধৰ উপলব্ধতাৰ ক্ষেত্ৰত এক বৃহৎ পাৰ্থক্য দেখা গৈছে। উন্নত দেশসমূহত যিমান সোনকালে ৰোগ নিৰ্ণয় হয়, দুখীয়া দেশসমূহত সিমান সোনকালে নহয়।

🔴 পৰিসংখ্যা অনুসৰি:

◽ প্ৰতিদিনে পৃথিৱীত ২৬ হাজাৰতকৈও অধিক লোকৰ কৰ্কট ৰোগৰ ফলত মৃত্যু হয়।

◽ প্ৰতি বছৰে প্ৰায় ২.০৬ কোটি নতুন ৰোগী ধৰা পৰে, আনহাতে প্ৰায় এক কোটি লোকৰ এই ৰোগৰ ফলত অকাল মৃত্যু হয়।

◽ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পিছতেই কৰ্কট ৰোগ হৈছে পৃথিৱীত মৃত্যুৰ দ্বিতীয় সৰ্ববৃহৎ কাৰণ।

◽ উচ্চ আয়ৰ দেশসমূহত স্তন কৰ্কট ৰোগত আক্ৰান্ত ৮৭ শতাংশ মহিলাই পাঁচ বছৰলৈকে জীয়াই থাকে, আনহাতে নিম্ন আয়ৰ বা দৰিদ্ৰ দেশসমূহত এই পৰিসংখ্যা মাত্ৰ ৪২ শতাংশ।

ইয়াৰ উপৰিও, পৃথিৱীৰ প্ৰতি তিনিখন দেশৰ ভিতৰত মাত্ৰ এখন দেশেহে কৰ্কট ৰোগৰ চিকিৎসাক নিজৰ সাৰ্বজনীন স্বাস্থ্য আৱৰণ বা ইউনিভাৰ্ছেল হেল্থ কভাৰেজৰ অংশ কৰি তুলিছে। সাৰ্বজনীন স্বাস্থ্য আৱৰণৰ অৰ্থ হৈছে প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰয়োজনীয় চিকিৎসা সুলভ আৰু কম খৰচতে লাভ কৰিব পৰা এক উন্নত ব্যৱস্থা।


🔴 কৰ্কট ৰোগৰ বৰ্ধিত ভাবুকিৰ প্ৰধান কাৰণসমূহ আৰু প্ৰতিৰোধৰ উপায়

প্ৰতিবেদনখনত এই কথাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে যে কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ দেশসমূহে কিমান দূৰ অগ্ৰসৰ হৈছে। ইয়াত চৰকাৰৰ নীতি, কৰ্কট ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা, ধঁপাত নিয়ন্ত্ৰণ, টিকাকৰণ কাৰ্যসূচী আৰু চিকিৎসাত বিনিয়োগৰ দৰে দিশসমূহৰ গভীৰ বিশ্লেষণ কৰা হৈছে।

◽ পৃথিৱীত ধঁপাতৰ ব্যৱহাৰ প্ৰায় ২৭ শতাংশ হ্ৰাস পাইছে।

◽ লগতে ৮২ শতাংশ দেশে কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্দিষ্ট আঁচনি প্ৰস্তুত কৰিছে।

◽ বিশেষজ্ঞসকলৰ মতে, ইয়াৰ পিছতো এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱ মানুহৰ অমূল্য জীৱন ৰক্ষা কৰাৰ প্ৰকৃত স্তৰলৈ এতিয়াও উপনীত হ'ব পৰা নাই।


🔴 বৰ্তমান সময়ত কৰ্কট ৰোগ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ আন কিছুমান গুৰুতৰ কাৰণ আমাৰ দৈনন্দিন জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। অতি সোনকালে আমি তলত উল্লেখ কৰা ক্ষতিকাৰক অভ্যাস আৰু খাদ্যসমূহ ত্যাগ কৰা উচিত:

◽ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা চাউল বা অন্যান্য শস্য গ্ৰহণ কৰা।

◽ ৰিফাইন তেল আৰু অত্যাধিক বাহিৰৰ খাদ্য, ফাষ্ট ফুড বা পেকেটজাত খাদ্য খোৱা।

◽ ভিটামিন আৰু ইউৰিয়া সাৰ প্ৰয়োগ কৰি কৃত্ৰিমভাৱে ডাঙৰ কৰা মাছ বা ব্ৰইলাৰ মাংস গ্ৰহণ।

◽ অত্যাধিক মাত্ৰাত উচ্চ প্ৰ'টিন আৰু চেনিযুক্ত খাদ্য গ্ৰহণ কৰা।

◽ অতিমাত্ৰা ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা শাক-পাচলি বজাৰৰ পৰা কিনি খোৱা।

এই ক্ষতিকাৰক খাদ্যসমূহৰ পৰিৱৰ্তে আমি সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত সতেজ খাদ্য গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে। লগতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰাটো অতি প্ৰয়োজন। আধুনিক জীৱনশৈলীত মানুহৰ উচ্চ আকাংক্ষা, প্ৰবল প্ৰতিযোগিতা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা তীব্ৰ মানসিক চাপ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে। দীৰ্ঘদিনীয়া মানসিক চাপে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুখিনি হ্ৰাস কৰে। সেয়েহে মানসিক শান্তি বজাই ৰখাটো অতিশয় জৰুৰী।

🔴 ঔষধৰ উপলব্ধতাৰ ক্ষেত্ৰত বৃহৎ ব্যৱধান

প্ৰতিবেদনত এই কথাও পোহৰলৈ আহিছে যে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় ঔষধসমূহ আজিও বহুতো দৰিদ্ৰ দেশৰ ৰোগীৰ পৰিসৰৰ পৰা বহুত দূৰত অৱস্থান কৰিছে। কম আৰু নিম্ন-মধ্যম আয়ৰ দেশসমূহত কৰ্কট ৰোগৰ ২০ বিধ প্ৰধান ঔষধৰ উপলব্ধতা কেৱল ৯ ৰ পৰা ৫৪ শতাংশৰ ভিতৰত সীমিত হৈ আছে। আনহাতে উচ্চ আয়ৰ বা ধনী দেশসমূহত এই অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা ৬৮ ৰ পৰা ৯৪ শতাংশৰ ভিতৰত আছে।

এই ভয়ংকৰ পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে যে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে সমগ্ৰ বিশ্বই একগোট হৈ নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে সুলভ মূল্যত উন্নত চিকিৎসা আৰু জীৱনদায়িনী ঔষধ উপলব্ধ কৰোৱাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা। সঠিক জীৱনশৈলী গ্ৰহণ কৰিলেহে এই মাৰাত্মক ৰোগৰ পৰা ভৱিষ্যতে হাত সাৰিব পৰা যাব।





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Post Bottom Ads

   
   
   
   

Admolo

Old Magazine

🟢 Traffic Star


Advertise with us

🟢 Bidoola

Advertise Here

কেটেগৰী