Scrolling text

Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

📂 menu and search by Hide

🌍 Flash Screen

Welcome Logo

🌍 মেইন মেনু ছাৰ্চ বাৰ

🧲 স্লাইডাৰ ব্ৰেকিং

🔴 Text Copy off

ওপৰৰ logo ঘূৰি থকা

👉Slider Menu

👉Slider Menu

🔴 Ad blocker Detective

Ad Blocker Detected!
Ad Blocker ধৰা পৰিছে!

Please turn off your Ad blocker to view the website.

ৱেবছাইটটো চাবলৈ অনুগ্ৰহ কৰি আপোনাৰ Ad blocker বন্ধ কৰক।

🔴E-Magazine Old

বাস্তু শাস্ত্ৰৰ মতে চন্দন গছ আৰু চন্দন কাঠৰ গুড়ি ৰখাৰ শুদ্ধ দিশ কি আৰু কিয় এই দিশবোৰ গুৰুত্বপূৰ্ণ? জানিবলৈ পঢ়িব



বাস্তু শাস্ত্ৰৰ মতে চন্দন গছ আৰু চন্দন কাঠৰ গুড়ি ৰখাৰ শুদ্ধ দিশ কি আৰু কিয় এই দিশবোৰ গুৰুত্বপূৰ্ণ? জানিবলৈ পঢ়িব।


( অপূৰ্ব দাস )


বাস্তু শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰত প্ৰকৃতিৰ বিভিন্ন উপাদানৰ বিশেষ গুৰুত্ব থকা দেখিবলৈ পোৱা যায়। গছ গছনিৰ ভিতৰত চন্দন গছ আৰু চন্দন কাঠৰ গুড়িক অত্যন্ত পৱিত্ৰ অতি শুভ আৰু ঐশ্বৰিক গুণসম্পন্ন বুলি গণ্য কৰা হয়। চন্দনৰ সুগন্ধি আৰু ইয়াৰ আধ্যাত্মিক গুণাগুণে মানৱ জীৱনত গভীৰ প্ৰভাৱ পেলায়। প্ৰাচীন কালৰে পৰা হিন্দু ধৰ্মত দেৱ দেৱীৰ পূজাত চন্দনৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ আহিছে। ঈশ্বৰৰ আৰাধনা যজ্ঞ আৰু মাংগলিক কাৰ্যত চন্দনৰ তিলক লগোৱাটো এক পৱিত্ৰ পৰম্পৰা। কিন্তু বাস্তু আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি চন্দনৰ গছ ৰোৱা বা ঘৰত চন্দন কাঠৰ গুড়ি ৰখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু দিশ নিৰ্ধাৰণ কৰা আছে। সঠিক দিশত ইয়াক ৰাখিলে যিদৰে জীৱনলৈ অপাৰ সুখ শান্তি আৰু সমৃদ্ধি আহে ভুল দিশত ৰাখিলে তেনেদৰে নানাধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰ এখনৰ উন্নতিৰ বাবে এই নিয়মবোৰ জনাটো অতি প্ৰয়োজনীয়।




প্ৰথমে জানো আহক চন্দন গছ আৰু চন্দন কাঠৰ গুড়ি ৰখাৰ শুদ্ধ দিশ কি আৰু কিয় এই দিশবোৰ গুৰুত্বপূৰ্ণ।


🟢 বাস্তু শাস্ত্ৰৰ মতে চন্দন গছ সদায় ঘৰৰ উত্তৰ দিশ পূব দিশ বা উত্তৰ পূব দিশত ৰুব লাগে। উত্তৰ পূব দিশক ঈশান কোণ বুলি কোৱা হয় আৰু এই বিশেষ কোণত সাক্ষাৎ দেৱতাৰ বাস বুলি বিশ্বাস কৰা হয়। এই দিশত চন্দন গছ থাকিলে ঘৰলৈ পৱিত্ৰ বতাহ আহে।

🟢 ঘৰৰ ভিতৰত চন্দন কাঠ বা গুড়ি ৰাখিবলৈ হ'লেও
সদায় ঈশান কোণ বা উত্তৰ দিশ নিৰ্বাচন কৰিব লাগে। ঘৰৰ পূজাৰ স্থান সাধাৰণতে এই দিশতে থাকে সেয়েহে পূজাৰ স্থানত চন্দনৰ গুড়ি সযতনে ৰখাটো আটাইতকৈ উত্তম বুলি মনা হয়।





📌 শুদ্ধ দিশত চন্দন ৰাখিলে কি কি চমৎকাৰী উপকাৰ পোৱা যায় সেই বিষয়ে তলত বিতংভাৱে উল্লেখ কৰা হ'ল।

◽ ঘৰৰ পৰিৱেশ সম্পূৰ্ণৰূপে শুদ্ধ কৰাত চন্দনৰ সুগন্ধিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শুদ্ধ দিশত চন্দন ৰাখিলে ঘৰত ইতিবাচক শক্তিৰ প্ৰবাহ বৃদ্ধি পায় আৰু সকলো ধৰণৰ ঋণাত্মক বা বেয়া শক্তি দূৰ হয়।

◽ জ্যোতিষ শাস্ত্ৰৰ মতে চন্দনে ৰাহু গ্ৰহৰ ভয়ংকৰ অশুভ প্ৰভাৱ খণ্ডন কৰে। ৰাহুৰ দোষ থাকিলে ঘৰত অশান্তি হয় কিন্তু চন্দনে এই দোষ নিবাৰণ কৰি পাৰিবাৰিক শান্তি ঘূৰাই আনে। লগতে ই বৃহস্পতি গ্ৰহকো শক্তিশালী কৰে।

◽ উত্তৰ দিশ হৈছে ধন আৰু ঐশ্বৰ্যৰ দেৱতা কুবেৰৰ মূল স্থান। এই দিশত পৱিত্ৰ চন্দন কাঠ বা গুড়ি ৰাখিলে ঘৰলৈ বিপুল আৰ্থিক সমৃদ্ধি আহে আৰু পৰিয়ালৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে টনকিয়াল হৈ পৰে।

◽ চন্দনৰ শান্তিদায়ক সুগন্ধিয়ে মগজুৰ স্নায়ুবোৰ শান্ত কৰে আৰু মানসিক চাপ দূৰ কৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বৃদ্ধি কৰাত আৰু মনলৈ গভীৰ প্ৰশান্তি অনাত ই যথেষ্ট সহায় কৰে।


📌 ভুল দিশত চন্দন থাকিলে কি কি মাৰাত্মক ক্ষতি হ'ব পাৰে সেই বিষয়ে তলত আলোচনা কৰা হ'ল।

🟢 যদি ঘৰৰ দক্ষিণ দিশত বা দক্ষিণ পশ্চিম অৰ্থাৎ নৈৰ্ঋত কোণত ভুলবশতঃ চন্দন গছ ৰোৱা হয় বা চন্দনৰ গুড়ি ৰখা হয় তেন্তে ই অত্যন্ত গুৰুতৰ বাস্তু দোষৰ সৃষ্টি কৰে।

🟢 দক্ষিণ দিশক যমৰ দিশ বা মৃত্যুৰ দিশ বুলি ধৰা হয়। পৱিত্ৰ চন্দন এই অশুভ দিশত ৰাখিলে ইয়াৰ সকলো শুভ ফল লগে লগে নষ্ট হয় আৰু ঘৰলৈ অপ্ৰত্যাশিত ডাঙৰ বিপদ বা আৰ্থিক সংকট নামি আহিব পাৰে।

🟢 ভুল দিশত চন্দন থাকিলে পৰিয়ালৰ সদস্যসকলৰ মাজত অকাৰণতে দিনক দিনে কাজিয়া পেচাল আৰু তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত ঘৰৰ শান্তি চিৰদিনৰ বাবে বিঘ্নিত হয়।

🟢 কৰ্মক্ষেত্ৰত পদে পদে বাধা আহিব পাৰে আৰু উপাৰ্জনৰ সকলো বাটত হেঙাৰ পৰিব পাৰে। ইয়াৰ উপৰিও স্বাস্থ্যজনিত সমস্যা বিশেষকৈ মানসিক অশান্তি অনিদ্ৰা আৰু তীব্ৰ মূৰৰ বিষৰ দৰে জটিল সমস্যাই দেখা দিব পাৰে।

সেয়েহে চন্দনৰ দৰে অতি পৱিত্ৰ আৰু শক্তিশালী প্ৰাকৃতিক উপাদান এটা ঘৰত ব্যৱহাৰ কৰাৰ আগতে বাস্তু আৰু জ্যোতিষ শাস্ত্ৰৰ নিৰ্দেশনাসমূহ আখৰে আখৰে মানি চলাটো অতিশয় জৰুৰী। সঠিক নিয়মেৰে আৰু শুদ্ধ দিশত ইয়াক ব্যৱহাৰ কৰিলে জীৱনলৈ কঢ়িয়াই আনিব পাৰি অফুৰন্ত সুখ আৰু সফলতা।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

কেটেগৰী