গুৱাহাটীত জাপানীজ এনকেফেলাইটিছ (JE)ৰ প্ৰাদুৰ্ভাৱ: এজনৰ মৃত্যু ! কাৰণ, লক্ষণ, চিকিৎসা আৰু সাৱধানতা
( অপূৰ্ব দাস )
শেহতীয়াভাৱে ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ (Japanese Encephalitis) আৰু একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমৰ (AES) প্ৰাদুৰ্ভাৱ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আক্ৰান্ত আৰু মৃত্যুৰ খবৰে জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
বিশেষকৈ পানীখাইতীৰ যুৱক নৰ বাহাদুৰ চেত্ৰীৰ জিএমচিএইচত হোৱা মৃত্যুৰ ঘটনাই এই মাৰাত্মক ৰোগবিধৰ ভয়াৱহতা পুনৰ এবাৰ প্ৰমাণ কৰিলে। এই জটিল পৰিস্থিতিত ৰোগবিধৰ বিষয়ে বিতংভাৱে জনা আৰু সচেতন হোৱাটো অত্যন্ত জৰুৰী।
🔴 কেনেকৈ এই ৰোগ হয়?
জাপানীজ এনকেফেলাইটিছ হৈছে এবিধ মাৰাত্মক মহাবাহিত ভাইৰাছজনিত ৰোগ। এই ৰোগ মানুহৰ শৰীৰলৈ কেনেকৈ বিয়পে, তাৰ এক নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে:
◽ কিউলেক্স (Culex) নামৰ এবিধ বিশেষ প্ৰজাতিৰ মহৰ কামোৰৰ বাবে এই ৰোগ মানুহৰ শৰীৰত সংক্ৰমিত হয়।
◽ এই ভাইৰাছটোৰ মূল উৎস বা বাহক হৈছে বনৰীয়া চৰাই (বিশেষকৈ বগলী জাতীয় চৰাই) আৰু ঘৰচীয়া গাহৰি। যেতিয়া কোনো কিউলেক্স মহে এই ভাইৰাছযুক্ত পশুটোক কামোৰে, তেতিয়া ভাইৰাছটো মহটোৰ শৰীৰলৈ আহে।
◽ পৰৱৰ্তী সময়ত সেই একেটা মহে যেতিয়া সুস্থ মানুহক কামোৰে, তেতিয়া ভাইৰাছটো মানুহজনৰ তেজৰ প্ৰৱাহৰ সৈতে মিহলি হৈ পৰে।
◽ মন কৰিবলগীয়া কথা যে এই ৰোগ এজন মানুহৰ শৰীৰৰ পৰা আন এজন মানুহৰ শৰীৰলৈ পোনপটীয়াভাৱে নিবিয়পে। অৰ্থাৎ ই কোনো ছোঁয়াচেচ ৰোগ নহয়।
◽ সাধাৰণতে বাৰিষা কালত, ধাৰাষাৰ বৰষুণৰ পিছত জমা হোৱা পানী আৰু খেতি পথাৰত এই কিউলেক্স মহৰ বংশবৃদ্ধি অতি দ্ৰুত গতিত হয়। ফলত এই সময়ছোৱাত ৰোগৰ প্ৰকোপ আটাইতকৈ বেছি হোৱা দেখা যায়।
🔴 ইয়াৰ লক্ষণসমূহ
জাপানীজ এনকেফেলাইটিছ ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ ৫ ৰ পৰা ১৫ দিনৰ ভিতৰত লক্ষণসমূহে দেখা দিয়ে। এই ৰোগে পোনপটীয়াকৈ মানুহৰ মগজু আৰু স্নায়ুতন্ত্ৰ আক্ৰমণ কৰে। ইয়াৰ প্ৰধান লক্ষণসমূহ তলত দিয়া ধৰণৰ:
◽ প্ৰাৰম্ভিক অৱস্থাত তীব্ৰ জ্বৰ উঠা আৰু ইয়াৰ সৈতে অসহ্যকৰ মূৰৰ বিষ হোৱাটো এই ৰোগৰ প্ৰথম আৰু প্ৰধান লক্ষণ।
◽ ডিঙি জৰসদ বা টান হৈ পৰা (Neck rigidity) আৰু গাৰ গাঁঠি বা মাংসপেশী তীব্ৰভাৱে বিষোৱা।
◽ অত্যন্ত দুৰ্বলতা, বমি বমি ভাব হোৱা বা বমি হোৱা।
◽ ৰোগৰ মাত্ৰা বৃদ্ধি পালে ৰোগীজন মানসিক বিভ্ৰান্তিৰ চিকাৰ হয়, কথা-বতৰাত অসংলগ্নতা আহে আৰু বহুতৰে স্মৃতিশক্তিও হ্ৰাস পাব পাৰে।
◽ স্নায়ৱিক জটিলতা বৃদ্ধি পোৱাৰ ফলত সমগ্ৰ শৰীৰ কঁপি উঠা (Tremors) বা মৃগী ৰোগীৰ দৰে কঁপনি (Seizures/Fits) উঠিব পাৰে। এই লক্ষণটো বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়।
◽ গুৰুতৰ পৰিস্থিতিত ৰোগী অজ্ঞান বা অচেতন (Coma) হৈ পৰিব পাৰে আৰু সময়মতে সঠিক চিকিৎসা নাপালে পক্ষাঘাত (Paralysis) পৰ্যন্ত হ'ব পাৰে।
🔴 ইয়াৰ চিকিৎসা
জাপানীজ এনকেফেলাইটিছৰ বাবে বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট এণ্টিভাইৰেল ঔষধ আৱিষ্কাৰ হোৱা নাই। গতিকে ইয়াৰ চিকিৎসা সম্পূৰ্ণৰূপে লক্ষণভিত্তিক আৰু সহযোগী (Supportive care):
◽ তেজ পৰীক্ষাৰ জৰিয়তে ৰোগ নিশ্চিত হোৱাৰ লগে লগে ৰোগীক পলম নকৰি জৰুৰীকালীনভাৱে হস্পিতাল বা আইচিইউত (ICU) ভৰ্তি কৰাব লাগে।
◽ ৰোগীৰ শৰীৰৰ উচ্চ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ আৰু তীব্ৰ বিষ উপশম কৰিবলৈ প্ৰয়োজনীয় ঔষধ চিকিৎসকে প্ৰয়োগ কৰে।
◽ শৰীৰত পানীৰ নাটনি হ'বলৈ নিদিবৰ বাবে চেলাইন আৰু প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰা হয়।
◽ মগজুৰ ফুলি উঠা বা প্ৰদাহ (Brain swelling) হ্ৰাস কৰিবলৈ আৰু কঁপনি বা মূৰ্ছা যোৱা বন্ধ কৰিবলৈ বিশেষ ঔষধ দিয়া হয়।
◽ শ্বাস-প্ৰশ্বাসৰ জনিত গুৰুতৰ সমস্যা হ'লে ৰোগীক কৃত্ৰিম ভেণ্টিলেটৰৰ সহায় লৈ সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা হয়।
🔴 ল'বলগীয়া সাৱধানতা আৰু প্ৰতিৰোধ
যিহেতু এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই, সেয়েহে সাৱধানতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাই হৈছে ইয়াৰ পৰা বাচি থকাৰ একমাত্ৰ উপায়:
◽ প্ৰতিষেধক টিকাকৰণ: জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হ'ল ইয়াৰ ভেকচিন বা টিকা গ্ৰহণ কৰা। চৰকাৰী নিয়ম অনুসায়ী শিশুসকলক নিৰ্দিষ্ট সময়ত এই ভেকচিন প্ৰদান কৰাটো বাধ্যতামূলক। বয়োজ্যেষ্ঠ বা টিকাকৰণ নোহোৱা লোকসকলেও চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি এই ভেকচিন লৈ লোৱা উচিত।
◽ মহৰ কামোৰৰ পৰা সুৰক্ষা: কিউলেক্স মহে সাধাৰণতে গধূলি আৰু ৰাতিৰ ভাগত কামোৰে। গতিকে এই সময়ত ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ ৰখা বা মহ খেদা নেট ব্যৱহাৰ কৰিব লাগে। শোৱাৰ সময়ত সদায় আঠুৱা ব্যৱহাৰ কৰাটো অতি জৰুৰী।
◽ উপযুক্ত পোছাক: বাহিৰলৈ ওলাই যাওঁতে বা কাম কৰোঁতে শৰীৰ সম্পূৰ্ণৰূপে ঢাকি ৰখা দীঘল হাতৰ চোলা আৰু লংপেণ্ট পৰিধান কৰিব লাগে, যাতে মহে কামুৰিব নোৱাৰে। শৰীৰৰ খোলা অংশত মহ খেদা ক্ৰীম বা তেল ব্যৱহাৰ কৰিব পাৰি।
◽ পৰিৱেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা: ঘৰৰ আশে-পাশে থকা নলা-নৰ্দমা পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে পানী জমা হ'ব নোৱাৰে। ব্যৱহৃত পাত্ৰ, টায়াৰ, ফুলৰ টাব আদিত জমা হোৱা পানী নিয়মিতভাৱে পেলাই দিব লাগে, কাৰণ এনে ঠাইতে কিউলেক্স মহে কণী পাৰে।
◽ গাহৰি ফাৰ্মৰ দূৰত্ব: ঘৰচীয়া গাহৰি এই ভাইৰাছৰ প্ৰধান উৎস হোৱাৰ বাবে গাহৰিৰ গঁৰাল বা ফাৰ্মসমূহ মানুহ থকা বসতিস্থলৰ পৰা অন্ততঃ ৪-৫ কিলোমিটাৰ দূৰত স্থাপন কৰিব লাগে।
◽ সজাগতা: সমাজত এই ৰোগক লৈ সজাগতা বৃদ্ধি কৰাটো প্ৰয়োজন। কোনো ব্যক্তিৰ গাত জৰ বা মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিলে ঘৰুৱা চিকিৎসাৰ বাবে অপেক্ষা নকৰি লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে। সময়মতে কৰা পৰীক্ষা আৰু চিকিৎসায়ে এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে।