Scrolling text

Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

✅ Ads 900×250

📂 menu and search by Hide

🌍 Flash Screen

Welcome Logo

🌍 মেইন মেনু ছাৰ্চ বাৰ

🧲 স্লাইডাৰ ব্ৰেকিং

✅ মাজে মাজে দেখা পোৱা বিজ্ঞাপন

🔴 Text Copy off

ওপৰৰ logo ঘূৰি থকা

👉Slider Menu

👉Slider Menu

🔴E-Magazine Old

চাইবাৰ প্ৰতাৰণাৰ নতুন জাল: ফেচবুকত ফটো চোৱাই কাল হ’ল, মোবাইল গৰম হৈ বেংক একাউণ্টৰ পৰা উধাও ৭০ হাজাৰ টকা




চাইবাৰ প্ৰতাৰণাৰ নতুন জাল: ফেচবুকত ফটো চোৱাই কাল হ’ল, মোবাইল গৰম হৈ বেংক একাউণ্টৰ পৰা উধাও ৭০ হাজাৰ টকা


( অপূৰ্ব দাস )

ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ যুগত হেকৰসকলে প্ৰতিদিনে সাধাৰণ লোকক প্ৰতাৰণা কৰিবলৈ নতুন নতুন কৌশল অৱলম্বন কৰিছে। অলপতে মুম্বাইৰ পৰা এনে এক আচৰিত কৰা ঘটনা পোহৰলৈ আহিছে, য’ত এজন ৩২ বছৰীয়া যুৱকে ফেচবুকত এখন ফটো ক্লিক কৰাৰ বাবেই ভয়াৱহ বিপদত পৰিবলগীয়া হ’ল। মাত্ৰ এটা ক্লিকেই তেওঁৰ ফোনটো হেক কৰিলে আৰু চকুৰ পচাৰতে বেংক একাউণ্টৰ পৰা ৭০,০০০ টকা নোহোৱা হৈ গ’ল।

🔴 কেনেকৈ সংঘটিত হ’ল এই ভয়ংকৰ স্কাম?

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, এই ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া ভুক্তভোগী যুৱকজনে নিজৰ স্মাৰ্টফোনত ফেচবুক ব্যৱহাৰ কৰি আছিল।

◽ বিপদজ্জনক লিংকৰ জাল: ফেচবুক স্ক্ৰ’ল কৰি থকাৰ সময়তে তেওঁ মহিলাৰ কিছুমান আকৰ্ষণীয় ছবি দেখিবলৈ পায়। তেওঁ ছবিবোৰ চোৱাৰ উদ্দেশ্যে ক্লিক কৰাৰ লগে লগে আচলতে ছবিখনৰ আঁৰত থকা এটা বিপদজ্জনক লিংকহে সক্ৰিয় হৈ পৰে।




◽ ফোনটো অতিমাত্ৰা গৰম হৈ পৰিল: লিংকটোত ক্লিক কৰাৰ লগে লগে ফোনটোৰ ব্যাকগ্ৰাউণ্ডত অজানিতে এটা ক্ষতিকাৰক ভাইৰাছ ডাউনলোড হ’বলৈ ধৰে আৰু হেকৰসকলে তেওঁৰ ফোনটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে। এই প্ৰক্ৰিয়াটো চলি থকাৰ বাবে যুৱকজনৰ স্মাৰ্টফোনটো হঠাতে অতিমাত্ৰা গৰম হ’বলৈ ধৰে, কিন্তু তেওঁ ইয়াক এক সাধাৰণ কথা বুলি ভাবি আওকাণ কৰিলে।

◽ খালি হ’ল বেংক একাউণ্ট: ইয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ বেংক একাউণ্টৰ পৰা অবৈধভাৱে ধনৰ লেনদেন আৰম্ভ হয় আৰু চাবিনো পাওঁতেই মুঠ ৭০ হাজাৰ টকা কাটি লৈ যোৱা হয়। বৰ্তমান ভুক্তভোগী যুৱকজনে চাইবাৰ ক্ৰাইম আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।


🔴 আপোনাৰ স্মাৰ্টফোনটো হেক হৈছে নেকি কেনেকৈ জানিব?

যেতিয়া হেকৰসকলে আপোনাৰ ফোনটো নিজৰ অধীনলৈ নিয়ে, তেতিয়া মোবাইলটোৱে কিছুমান অস্বাভাৱিক লক্ষণ দেখুৱায়। যদি আপোনাৰ ফোনটোতো এই লক্ষণবোৰ দেখা দিছে, তেন্তে লগে লগে সতৰ্ক হওক:

◽ হঠাতে ওভাৰহিটিং: কোনো গেম নেখেলাকৈ বা গধূৰ এপ ব্যৱহাৰ নকৰাকৈও ফোনটো হঠাতে বহুত গৰম হৈ পৰা।

◽ দ্ৰুতগতিত বেটাৰী শেষ হোৱা: ব্যাকগ্ৰাউণ্ডত ভাইৰাছ চলি থকাৰ বাবে ফোনৰ বেটাৰী অতি সোনকালে শেষ হৈ যায়।

◽ ইণ্টাৰনেট ডাটাৰ অতিমাত্ৰা ব্যৱহাৰ: নিজে ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈও ডাটা পেক হঠাতে শেষ হৈ যোৱা।

◽ অচিনাকি এপ্পছ: ফোনৰ মেনুত আপুনি ডাউনলোড নকৰা কিছুমান অচিনাকি এপ্লিকেচন দৃশ্যমান হোৱা।

◽ পপ-আপ বিজ্ঞাপন: মোবাইলৰ স্ক্ৰীণত বাৰে বাৰে আচৰিত ধৰণৰ বিজ্ঞাপন ওলাই থকা।

◽ লেহেমীয়া কাৰ্যক্ষমতা: ফোনটোৱে হঠাতে কাম কৰা লেহেমীয়া কৰি দিয়া বা সঘনাই হেং হোৱা।

◽ কেমেৰা আৰু মাইক সক্ৰিয় হোৱা: ফোনৰ স্ক্ৰীণৰ ওপৰৰ অংশত কেমেৰা বা মাইক্ৰ’ফোনৰ সেউজীয়া বিন্দু (Green Dot) নিজাববীয়াকৈ অন হৈ থকা।

🔴 ফোন হেক হোৱাৰ সন্দেহ হ’লে লগে লগে লওক এই পদক্ষেপসমূহ

যদি আপোনাৰ কেতিয়াবা অনুভৱ হয় যে আপোনাৰ ফোনটো হেক হৈছে বা অন্য কোনোবাই ইয়াক নিয়ন্ত্ৰণ কৰিছে, তেন্তে আতংকিত নহৈ লগে লগে এই প্ৰতিৰক্ষামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰক:

◽ ইণ্টাৰনেট লগে লগে বন্ধ কৰক: সৰ্বপ্ৰথম আপোনাৰ ফোনৰ ম’বাইল ডাটা আৰু ৱাই-ফাই অফ কৰি দিয়ক।

◽ ফ্লাইট মোড অন কৰক: আটাইতকৈ সুৰক্ষিত উপায়টো হ’ল ফোনটো লগে লগে ফ্লাইট মোডত দিয়া, যাতে হেকৰৰ সৈতে ডিভাইচটোৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

◽ বেংকিং এপছ আঁতৰাওক: ফোনত থকা সকলো ধৰণৰ বেংকিং আৰু ইউ পি আই (UPI) এপ্লিকেচন লগে লগে আনইনষ্টল কৰক।

◽ বেংকক অৱগত কৰক: আন এটা ফোন ব্যৱহাৰ কৰি আপোনাৰ বেংকৰ ক্ৰেডিট বা ডেবিট কাৰ্ড আৰু একাউণ্টসমূহ লগে লগে ফ্ৰীজ (বন্ধ) কৰিবলৈ অনুৰোধ জনাওক।

◽ গোচৰ ৰুজু কৰক: চাইবাৰ ক্ৰাইমৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১৯৩০ ত কল কৰক বা ওচৰৰ আৰক্ষী থানালৈ গৈ আপোনাৰ অভিযোগ দাখিল কৰক।

◽ প্ৰযুক্তিগত পৰামৰ্শ: ছ’চিয়েল মিডিয়াত দেখা যিকোনো অচিনাকি, আকৰ্ষণীয় লিংক বা সন্দেহজনক ফটোত ক্লিক কৰাৰ পৰা সদায় বিৰত থাকক। আপোনাৰ এটা সৰু সতৰ্কতাই আপোনাক এক বৃহৎ আৰ্থিক লোকচানৰ পৰা ৰক্ষা কৰিব পাৰে।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Post Bottom Ads

Old Magazine

কেটেগৰী