ক'লা ডাৱৰ আঁতৰি গ'ল
( গল্প - অপূৰ্ব দাস )
বাহিৰত নেৰানেপেৰা ধাৰাসাৰ বৰষুণ। বতৰটো আজি পুৱাৰে পৰা বৰ বেয়া, ক’লা ডাৱৰে সমগ্ৰ আকাশখন ঢাকি ৰাখিছে। মাজে মাজে অহা বিজুলীৰ ঢেৰেকনি আৰু বতাহৰ সোঁ সোঁৱনিত পৰিৱেশটো আৰু অধিক সেমেকা হৈ পৰিছে। এনে বতৰত সাধাৰণতে মানুহে ঘৰৰ উম লৈ বিচনাত পৰি থাকিবলৈ ভাল পায়, কিন্তু অনুৰাধাৰ মনটো আজি বতৰটোৰ দৰেই ডাৱৰীয়া হৈ আছে। বৰষুণৰ বাবে তাই আজি কলেজলৈ যোৱা নাই।
মাকৰ কঁকালৰ বিষটোৱে আজি কেইবাদিনো ধৰি বৰকৈ আমনি কৰিছে। প্ৰায় এমাহমানৰ পৰাই মাকে বিষত বিচনাত পৰি ছটফটাই থাকে। ডাক্তৰক দেখুৱাবলৈ যাব লাগে, কিন্তু হাতত যে এটকাও নাই! দাৰিদ্ৰ্যৰ কৰাল গ্ৰাসত পৰি অনুৰাধাহঁতৰ পৰিয়ালটোৱে নিতৌ সংগ্ৰাম কৰিবলগীয়া হৈছে। দেউতাকে পুৱাই উঠি যিকোনো প্ৰকাৰে শাক-পাচলিৰ ভাৰখন লৈ বজাৰলৈ ওলাই যায়। বৰষুণ হওক বা ৰ'দ, দেউতাকৰ জিৰণি নাই। এৰাহ! দেউতাকৰ এই শাক-পাচলিৰ সৰু ব্যৱসায়টো নাথাকিলে যে পৰিয়ালটোৰ কি অৱস্থা হ’লহেঁতেন, সেয়া ভাবিলেই অনুৰাধাৰ বুকুখন কঁপি উঠে।দুবেলা দুসাঁজ ভাত মুঠিৰ বাবে দেউতাকে দিন-ৰাতি একাকাৰ কৰি পেলাইছে।
অনুৰাধাই বাৰান্দাত থিয় হৈ ওচৰ-চুবুৰীয়াৰ ঘৰবোৰলৈ লক্ষ্য কৰিলে। লোকৰ ঘৰবোৰ দেখিলে কিমান সুন্দৰ লাগে! পকী বেৰ, আটকধুনীয়া ৰং, আধুনিক ডিজাইনৰ ঘৰ। কিন্তু অনুৰাধাহঁতৰ ঘৰখন এতিয়াও সেই পুৰণি ইকৰা আৰু বাঁহৰ। বৰষুণ আহিলে চালৰ ফুটাৰে পানী সৰকি পৰে, বতাহ আহিলে বেৰবোৰ কঁপি উঠে। তথাপিও এইখন ঘৰতেই তাইৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছে।
পঢ়া-শুনাত অনুৰাধা সৰুৰে পৰাই বৰ চোকা। মেধাৱী ছাত্ৰী হিচাপে গোটেই গাঁৱতে তাইৰ সুনাম আছে। তাই মেট্ৰিক পৰীক্ষাত ৫ টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। সেইদিনা তাইৰ দেউতাকৰ চকুত যি আনন্দৰ চকুলো তাই দেখিছিল, সেয়া তাই জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। গাঁৱখনলৈ তাই কিমান যে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল! গাঁৱৰ মানুহে তাইক লৈ গৰ্ব কৰিছিল। তাৰ পিছত আহে হায়াৰ ছেকেণ্ডাৰীৰ দেওনা। তাতো তাই নিজৰ মেধাৰ প্ৰমাণ দি ৯১.৫৩ শতাংশ নম্বৰ লাভ কৰি সকলোকে আচৰিত কৰি তুলিছিল। সুখ্যাতিৰে উত্তীৰ্ণ হৈ তাই ওচৰৰে চহৰৰ এখন নামজ্বলা কলেজত নামভৰ্তি কৰিলে।
কিন্তু কি হ’ব এইবোৰ মেধাৱী ফলাফলৰ? দুখীয়াৰ কেতিয়াও দুখ আঁতৰ নহয়। যিমানেই পঢ়াত চোকা নহওক কিয়, দৰিদ্ৰতাই সদায় তাইৰ সপোনবোৰৰ আগত প্ৰাচীৰ হৈ থিয় দিয়ে। ভালকৈ এসাঁজ পুষ্টিকৰ খাদ্য খাবলৈ, মন গ’লেই নতুন কাপোৰ পিন্ধিবলৈ, আৰু ঘৰত কাৰোবাৰ অসুখ-বিসুখ হ’লে ভাল ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰিবলৈ হাতত প্ৰয়োজনীয় টকা নাই। মাকে আজি এমাহৰ পৰাই কঁকালৰ বিষত বিচনাত পৰি কান্দি থাকে, কিন্তু এজনী অসহায় জীয়ৰী হৈ তাই মাথোঁ মাকৰ বিষৰ ঠাইখিনিত গৰম মিঠাতেল সানি মালিচ কৰি দিয়াৰ বাহিৰে একোৱেই কৰিব পৰা নাই।
জীৱনৰ এই আৰ্থিক সংগ্ৰামৰ মাজতে অনুৰাধাৰ বুকুত লুকাই আছে আন এক গভীৰ ক্ষত। যৌৱনৰ প্ৰথমটো খোজত তাইও আন দহজনী ছোৱালীৰ দৰেই ৰঙীন সপোন দেখিছিল। প্ৰেমৰ পৃথিৱীখন তাইৰ বাবেও আছিল অতি আকৰ্ষণীয়। তাইৰ ৰূপ আৰু যৌৱন দেখি অংকুৰ নামৰ এজন ডেকা পাগল হৈছিল। অংকুৰে তাইক নিজৰ প্ৰেমৰ জালত পেলাবলৈ কোনো সুযোগেই এৰা নাছিল। মিঠা মিঠা কথা, বিয়াৰ প্ৰতিশ্ৰুতি, আৰু এক সুন্দৰ ভৱিষ্যতৰ সপোন দেখুৱাই সি তাইৰ মন জয় কৰিছিল। সৰলমনা অনুৰাধাই তাৰ কথাবোৰ আখৰে আখৰে বিশ্বাস কৰিছিল। তাই ভাবিছিল, অংকুৰেই হয়তো সেইজন মানুহ যিয়ে তাইক এই দুখৰ পৃথিৱীখনৰ পৰা উদ্ধাৰ কৰিব।
কিন্তু বাস্তৱ আছিল অতি নিষ্ঠুৰ। অংকুৰৰ প্ৰেম আছিল কেৱল এক ছলনা। সি কেৱল তাইৰ শৰীৰটোৰ প্ৰতিহে আকৰ্ষিত হৈছিল। যেতিয়া সি তাইৰ যৌৱন উপভোগ কৰিবলৈ পালে, সিহঁত দুটাৰ মাজত শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিল, তাৰ পিছতেই অংকুৰৰ আচল ৰূপ ওলাই পৰিল। লাহে লাহে সি তাইৰ পৰা আঁতৰি যাবলৈ ধৰিলে। ফোন কৰিবলৈ এৰিলে, মেছেজৰ ৰিপ্লাই নিদিয়া হ'ল। এদিন তাই গম পালে যে অংকুৰে বেলেগ এজনী ধনী ঘৰৰ ছোৱালীৰ লগত সম্পৰ্ক গঢ়ি তুলিছে।
কি ভুল আছিল অনুৰাধাৰ? তাইতো সঁচা অন্তৰেৰে তাক ভাল পাইছিল! সি তাইৰ শৰীৰটো বিচাৰিছিল, তাই বিশ্বাসত অন্ধ হৈ নিজকে অৰ্পণ কৰিছিল। বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি সি তাইক ঠগিলে। উপভোগ কৰি আঁতৰি গ'ল।
সেইদিনাৰ পৰা এসপ্তাহলৈ অনুৰাধাই পগলাৰ দৰে আচৰণ কৰিছিল। তাই খাব-শুব পৰা নাছিল। ৰাতি ৰাতি গাৰুত মুখ গুজি উচুপিছিল। মাকৰ সন্মুখত এই কথা প্ৰকাশ কৰিবলৈ তাইৰ বহুত মন গৈছিল, ভাবিছিল মাকৰ কোলাত মূৰ থৈ সকলো কথা খুলি ক'ব। কিন্তু তাই মৌন হৈ থাকিল। কাৰণ তাই জানে, আমাৰ সমাজ ব্যৱস্থাত এনেবোৰ ক্ষেত্ৰত সদায় ছোৱালীজনীকেই দোষাৰোপ কৰা হয়। মাকে গম পালে হয়তো তাইকেই দোষ দিব, দেউতাকে হয়তো লাজত সমাজৰ আগত মুখ দেখুৱাব নোৱাৰা হ'ব। সেয়েহে সকলো দুখ তাই বুকুৰ ভিতৰতে লুকুৱাই ৰাখিলে।
সেই ঘাতক অভিজ্ঞতাই তাইৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সম্পূৰ্ণ সলনি কৰি পেলালে। এতিয়া কোনোবাই ভাল পাওঁ বুলি ক’লেও তাইৰ বিশ্বাস নহয়। প্ৰেম শব্দটোৰ প্ৰতিয়েই তাইৰ ঘৃণা উপজি গ'ল। তাই বুজি উঠিল যে আজিৰ পৃথিৱীৰ মানুহৰ দুখন মুখ। এইখন কেৱল ঠগ আৰু প্ৰৱঞ্চনাৰ পৃথিৱী।
হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰাৰ পিছত যেতিয়া তাই কলেজত নামভৰ্তি কৰিলে, তেতিয়া তাইৰ জীৱনলৈ অনুৰাগ নামৰ এজন ডেকাৰ লগত চিনাকি হয় । একেলগে পঢ়া অনুৰাগ এজন শান্ত আৰু অমায়িক ল'ৰা। প্ৰথম দিনাই সি অনুৰাধাৰ সৈতে চিনাকি হৈছিল। লাহে লাহে সি তাইৰ লগত বন্ধুত্ব গঢ়িব বিচাৰিছিল। এদিন সি তাইৰ ফোন নম্বৰটো বিচাৰিছিল, কিন্তু অনুৰাধাই পোনচাটেই নাকচ কৰি দিলে।
তাইৰ মনত অহৰহ সেই একেটাই ভয়— অংকুৰৰ দৰে যদি এইজনো শৰীৰ উপভোগ কৰি আঁতৰি যায়, তেতিয়া কি হ’ব? তাইৰ হৃদয়খন আৰু এবাৰ ভাঙি টুকুৰা-টুকুৰ হোৱাৰ জোখাৰে শক্তি তাইৰ নাই। নাই, তাই প্ৰেমত কেতিয়াও নপৰে। যি ভুল তাই এবাৰ কৰিলে, জীৱনত কেতিয়াও দ্বিতীয়বাৰ সেই ভুল নকৰে।
কলেজলৈ গ’লেই তাই অনুৰাগক লগ পায়। তাইৰ সৈতে সি কথা পাতিবলৈ বহুত বিচাৰে। কেতিয়াবা ক্লাছৰ নোটছৰ অজুহাতত, কেতিয়াবা কিতাপ বিচৰাৰ অজুহাতত সি তাইৰ কাষ চাপে। কিন্তু অনুৰাধাই তাক একেবাৰে পাত্তা নিদিয়ে। ৰুক্ষ ব্যৱহাৰ কৰে, কেতিয়াবা আওকাণ কৰি গুচি যায়।
লগৰবোৰে তাইক জোকায়, "সৌৱা চা, তোৰ প্ৰেমিক অনুৰাগ আহিছে। সি তোৰ ফোন নম্বৰটো দিবলৈ আমাকো অনুৰোধ কৰিছে।" এইবোৰ কথা শুনিলে অনুৰাধাৰ বৰ বিৰক্তি লাগে। তাইৰ কালৈকো বিশ্বাস নাই। তাই কেৱল নিজৰ পঢ়া-শুনা আৰু ঘৰখনৰ কথাহে চিন্তা কৰিব বিচাৰে।
আজি বতৰটো সঁচাকৈয়ে বৰ বেয়া, ধাৰাসাৰে বৰষুণ আহিবলৈ ধৰিলে। মাকৰ কোঠালৈ গৈ তাই দেখিলে মাকে বিষত কেঁকাই আছে। তাই সৰিয়হৰ তেল অলপ গৰম কৰি আনি মাকৰ কঁকালটোত কুহুমীয়া গৰম তেলেৰে লাহে লাহে মালিচ কৰি দিলে। মাকৰ মুখখন কিছু শান্ত হোৱা যেন দেখি তাই পাকঘৰলৈ গৈ পুৱাৰ ভাত কেইটা ৰান্ধিবলৈ যোগাৰ কৰিলে। চৰকাৰী গেছটো পোৱাৰ পৰা ঘৰখনৰ বহুত সুবিধা হৈছে, আগৰ দৰে খৰিৰ ধোঁৱাত চকু জ্বলা-কলা কৰিবলগীয়া নহয়। ভাতকেইটা ৰান্ধি তাই মাকক বিচনাৰ পৰা লাহেকৈ উঠাই দিলে আৰু নিজৰ হাতেৰে ভাতখিনি খুৱাই দিলে। তাৰ পিছত তাই নিজেও দুগৰাহমান খাই ল'লে।
ঘৰৰ গাই গৰুটো গোহালিতে আছে। বৰষুণৰ বতৰৰ কাৰণে তাই তাক পথাৰলৈ নিব পৰা নাই, সেয়ে গোহালিতে থৈ দিলে। খাবলৈ কিছু খেৰ আৰু পানী দিলে। ঘৰৰ গোটেই কামখিনি সুকলমে কৰি লৈ তাই ভাবিলে, বতৰটো যিহেতু বেয়া, আজৰি সময়কণত তাঁত শালখনতে বহোঁ। কেইবাখনো গামোচা লগাই থোৱা আছে, সেইখনেই বৈ শেষ কৰোঁ। কিন্তু তাঁতশালত বহিবলৈ লওঁতেই বাহিৰত কাৰোবাৰ ভৰিৰ শব্দ শুনি তাই থমকি ৰ'ল।
হঠাতে পদূলিমুখত অনুৰাগক দেখি তাই আচৰিত হ’ল। বৰষুণত তিতি-বুৰি সি একেবাৰে জুৰুলা হৈ পৰিছে। হাতত এটা সৰু ছাতি, কিন্তু ধাৰাসাৰ বৰষুণৰ আগত সেই ছাতিটোৱে তাক বিশেষ ৰক্ষা কৰিব পৰা নাই।
"অনুৰাগ! তুমি?" - তাইৰ মুখৰ পৰা অজান্তেই ওলাই গ'ল।
"বিচাৰি বিচাৰি অৱশেষত তোমাৰ ঘৰটো উলিয়ালোঁ।" - অনুৰাগে সেমেকা হাঁহি এটা মাৰি ক'লে।
"কিয় আহিলা আমাৰ ঘৰলৈ? আৰু এই বৰষুণৰ মাজত?" - অনুৰাধাৰ মাতত এক মিশ্ৰিত আৱেগ, খং নে আচৰিত হোৱাৰ ভাৱ সেয়া তাই নিজেই ধৰিব নোৱাৰিলে।
"আহিব নালাগিছিল নেকি?" - অনুৰাগৰ মনটো তাইৰ প্ৰশ্নত সেমেকি উঠিল। তাৰ চকুত এক গভীৰ বিষাদৰ ছাঁ ফুটি উঠিল।
অনুৰাধাই বুজি পালে যে তাইৰ ব্যৱহাৰটো বৰ ৰুক্ষ হৈ গৈছে। ল'ৰাটো ইমান বৰষুণত তিতি আহিছে, এনেদৰে কোৱাটো উচিত হোৱা নাই।
"আহিলা যেতিয়া ভালেই কৰিলা।" - তাই কথাৰ সুৰ সলনি কৰি অলপ কোমল মাতেৰে ক'লে, "আহা, বাৰান্দাতে বহা।" তাই প্লাষ্টিকৰ চকী এখন আগবঢ়াই দিলে।
"ৰবা, তোমাৰ বাবে একাপ গৰম চাহ বনাই আনো। তিতি আহিছা যেতিয়া, চাহকাপ খালে ভাল লাগিব।" - তাই ভিতৰলৈ যাবলৈ ওলাল।
"নাই, নালাগে অনুৰাধা। মই চাহ খাই বেয়া পাওঁ, তুমি জানা দেখোন।" - অনুৰাগে তাইক বাধা দি ক'লে, "মই মাথোঁ তোমাক এটা খবৰ দিবলৈহে আহিলোঁ।"
"কিনো খবৰ?" - তাই কিবা এটা অজান আশংকাত আগ্ৰহেৰে সুধিলে।
"মোৰ বিয়া... এইখন চিঠি লোৱা।" অনুৰাগে পকেটৰ পৰা সযতনে ৰখা এখন প্লাষ্টিকৰ কভাৰত থকা বিয়াৰ নিমন্ত্ৰণী চিঠি উলিয়াই তাইৰ হাতলৈ আগবঢ়াই দিলে। "বিয়াত কিন্তু তুমি যাবই লাগিব, নহ'লে মই বহুত বেয়া পাম। আহোঁ দেই।" - এইবুলি কৈ সি আৰু এক মুহূৰ্তও নৰৈ সেই ধাৰাসাৰ বৰষুণৰ মাজতেই ঘূৰি খোজ ল'লে।
অনুৰাধা শিল পৰা কপৌটোৰ দৰে থিয় হৈ ৰ'ল। তাইৰ বুকুত যেন কিহবাই প্ৰচণ্ড খুণ্ডা মাৰি ধৰিলে, তেনে এক অনুভৱ হ’ল। হাতত চিঠিখন লৈ তাই বাৰান্দাতে স্থবিৰ হৈ ৰ'ল।
চিঠিখন পোৱাৰ পিছত কিয় বাৰু তাইৰ মনত ইমান গভীৰ দুখ অনুভৱ হ’ল? অংকুৰে তাইক এৰি যোৱাৰ দিনা যিমান কষ্ট হৈছিল, তাতোকৈ যেন কেইবাগুণো বেছি কষ্ট আজি তাইৰ হৈছে। কিন্তু কিয়? তাইতো অনুৰাগক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল! তাইতো তাক প্ৰেম কৰা নাছিল! তেন্তে গোপনে গোপনে তাইও বাৰু অনুৰাগৰ প্ৰেমত পৰিছিল নেকি?
সেইদিনা গোটেই নিশা অনুৰাধাই ভালকৈ শুব পৰা নাছিল। বৰষুণৰ টোপালবোৰৰ দৰেই তাইৰ চকুৰ পৰাও নিৰন্তৰ চকুপানী বৈ আছিল। অনুৰাগে তাইক আগতে বহুবাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰেমৰ প্ৰস্তাৱ দিছিল। তাইৰ প্ৰতি তাৰ যত্ন, তাৰ মৰম, তাৰ সন্মান— সকলোবোৰ তাই দেখিছিল, কিন্তু অতীতৰ তিক্ত অভিজ্ঞতাই তাইক অন্ধ কৰি ৰাখিছিল। তাই বাৰে বাৰে তাক ৰুক্ষভাৱে নাকচ কৰিছিল।
তাই ভাবিছিল সিও আন ল'ৰাৰ দৰেই। কিন্তু এতিয়া, যেতিয়া সি চিৰদিনৰ বাবে আন কাৰোবাৰ হ’বলৈ গৈ আছে, তেতিয়া চোন তাইৰ হৃদয়খন বিষাদগ্ৰস্ত হৈ পৰিছে।
তাই বিচনাখনত বাগৰ সলাই নিজকে প্ৰশ্ন কৰিলে। হয়, তাই চাগৈ অনুৰাগক তলে তলে বহুত ভাল পাই পেলাইছিল। তাৰ শান্ত স্বভাৱ, তাইৰ প্ৰতি থকা তাৰ সন্মানবোধ, তাইক দূৰৰ পৰাই পহৰা দি ৰখাৰ প্ৰৱণতা— এই সকলোবোৰে তাইৰ অজানিতেই তাইৰ হৃদয়ত তাৰ বাবে এখন সুকীয়া আসন গঢ়ি তুলিছিল। এৰাহ! এয়াই সত্য। তাই অনুৰাগক ভালপায়। কিন্তু তাই বহুত পলম কৰি পেলালে। এতিয়া তাই বিচাৰিলেও যে অনুৰাগক আৰু নাপায়। সি আন কাৰোবাৰ লগত বিয়াত বহিব। তাইৰ নিজৰ জেদ আৰু ভয়ৰ বাবেই আজি তাই নিজৰ প্ৰকৃত ভালপোৱাক হেৰুৱালে।
পিছদিনা পুৱা। বৰষুণজাক কিছু কমিছে যদিও আকাশখন এতিয়াও গোমোঠা হৈয়ে আছে। অনুৰাধাৰ চকু দুটা কান্দি কান্দি ফুলি উঠিছে। দুখ আৰু চিন্তাতে কালি তাই চিঠিখন খুলিয়েই চোৱা নাছিল। মেজৰ ওপৰতে পৰি আছিল চিঠিখন। তাই লাহে লাহে খোজ কাঢ়ি মেজখনৰ ওচৰলৈ গ'ল। কঁপা কঁপা হাতেৰে তাই চিঠিৰ খামটো হাতত তুলি ল'লে। বুকুখন দুৰু দুৰুকৈ কঁপি আছে। চিঠিৰ খামটো খুলিলে। এখন ধুনীয়া বগা কাগজ খামটোৰ মাজত ভাঁজ কৰি ভৰাই থোৱা আছিল। কাগজখন উলিয়াই আনি, ভাঁজবোৰ লাহে লাহে খুলি তাই চকু ফুৰাই পঢ়ি চালে।
প্ৰথম শাৰীটো পঢ়িয়েই তাইৰ চকু কপালত উঠিল। আকৌ এবাৰ ভালকৈ পঢ়িলে।
কিন্তু এইয়া কি? এইখনতো অনুৰাগৰ বিয়াৰ চিঠি নহয়! চিঠিখনত স্পষ্টকৈ লিখা আছে অনুৰাগৰ বায়েক 'মিনাক্ষী'ৰ বিয়াৰ কথাহে! দৰাৰ নাম 'বিকাশ'। তলত নিমন্ত্ৰণকাৰীৰ স্থানত অনুৰাগৰ পৰিয়ালৰ নাম।
মুহূৰ্তৰ ভিতৰতে অনুৰাধাৰ মনৰ পৰা যোৱা নিশাৰ সকলো দুখ, সকলো বিষাদ যেন ক'ৰবালৈ উৰি গ'ল। এক অবৰ্ণনীয় সুখৰ অনুভূতিয়ে তাইৰ সমগ্ৰ দেহ-মন চুই গ'ল। যেন বহু দিনৰ মূৰত গ্ৰীষ্মৰ প্ৰখৰ ৰ'দত পোৰা মাটিত এজাক শীতল বৰষুণহে নামি আহিল! অনুৰাগে তাইক ধেমালি কৰিছিল নে তাইৰ মনৰ কথা বুজিবলৈ এইদৰে কৈছিল, সেয়া তাই নাজানে, কিন্তু এতিয়া তাইৰ বুকুৰ পৰা এটা বিশাল শিলগুটি আঁতৰি যোৱা যেন লাগিল।
তাই চিঠিখন বুকুত সাৱটি ধৰিলে। চকুৰে আনন্দৰ চকুলো বৈ আহিল। এইবাৰ তাই আৰু একো ভুল নকৰে। অতীতৰ ক'লা ছাঁই তাইৰ বৰ্তমান আৰু ভৱিষ্যতক আৰু ধ্বংস কৰিবলৈ তাই নিদিয়ে। তাই এইবাৰ পলম নকৰে। কলেজলৈ গৈয়েই তাই অনুৰাগক কৈ দিব যে তাইও তাক বহুত ভাল পায়। তাৰ অবিহনে তাইৰ জীৱনটো আধৰুৱা। তাই তাক বহুত বিচাৰে... তাই অনুৰাগক কোনো কাৰণতে হেৰুৱাব নোখোজে... কাৰণ সি বহুত ভাল। অংকুৰৰ দৰে সি প্ৰতাৰক নহয়, সি সঁচাকৈয়ে এজন দায়িত্বশীল আৰু মৰমিয়াল ল'ৰা, যিয়ে তাইৰ জীৱনৰ আন্ধাৰবোৰ দূৰ কৰি পোহৰৰ বাট দেখুৱাব পাৰিব। বৰষুণৰ চেঁচা বতাহজাকে তাইৰ মুখত স্পৰ্শ কৰিলেহি, আৰু অনুৰাধাৰ ওঁঠত বিৰিঙি উঠিল এক প্ৰশান্তিৰ হাঁহি।