Scrolling text

Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

✅ Ads 900×250

📂 menu and search by Hide

🌍 Flash Screen

Welcome Logo

🌍 মেইন মেনু ছাৰ্চ বাৰ

🧲 স্লাইডাৰ ব্ৰেকিং

✅ মাজে মাজে দেখা পোৱা বিজ্ঞাপন

🔴 Text Copy off

ওপৰৰ logo ঘূৰি থকা

👉Slider Menu

👉Slider Menu

🔴E-Magazine Old

অভিশপ্ত মানাহ প্ৰেত বাংলোৰ বিভীষিকা: এক ভয়ংকৰ নিশা




অভিশপ্ত মানাহ প্ৰেত বাংলোৰ বিভীষিকা: এক ভয়ংকৰ নিশা

( অপূৰ্ব দাস ) [ ভূতৰ গল্প ]

নিশাৰ গভীৰ অন্ধকাৰ ফালি এখন ক'লা ৰঙৰ এছ.ইউ.ভি. গাড়ী তীব্ৰ বেগেৰে আগবাঢ়ি গৈ আছে এখন জয়াল অৰণ্যৰ মাজেৰে। গাড়ীৰ ভিতৰত চাৰিজন যুৱক-যুৱতী। ৰাহুল, অৰ্ণৱ, ৰিয়া আৰু প্ৰিয়াঞ্জলী। আটাইকেইজনৰ বয়স পঁচিশ বছৰৰ আশে-পাশে আৰু সিহঁত পৰস্পৰৰ অতি অন্তৰংগ বন্ধু। সিহঁতৰ এটা অতি জনপ্ৰিয় ইউটিউব চেনেল আছে, যাৰ নাম 'ঘোষ্ট হাণ্টাৰ্ছ ইণ্ডিয়া' (Ghost Hunters India)। এই চেনেলটোত সিহঁতে সাধাৰণতে দেশৰ বিভিন্ন পেৰানৰ্মেল (paranormal) বা অতিপ্ৰাকৃতিক স্থানসমূহলৈ গৈ সেইবোৰৰ ৰহস্য ফাদিল কৰাৰ চেষ্টা কৰে।

আজিৰ সিহঁতৰ গন্তব্যস্থান হৈছে চহৰৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত থকা মানাহ অভয়াৰণ্যৰ ওচৰতে থকা এটি পুৰণি, পৰিত্যক্ত বাংলো যাৰ নাম হৈছে "মানাহ প্ৰেত বাংলো"। এই বাংলোটো মানাহ অভয়াৰণ্যৰ ওচৰতে অৱস্থিত। দশক দশক ধৰি মানুহৰ মুখে মুখে চলি অহা এক ভয়ানক কিংবদন্তি অনুসৰি সেই বাংলোটো অভিশপ্ত আৰু তাত অশুভ শক্তিৰ বাঁহ আছে। কোৱা হয় যে তালৈ যোৱা বহুতো মানুহ আজিলৈকে জীৱন্তে উভতি অহা নাই। কিন্তু এই চাৰিজনৰ উদ্দেশ্য একেবাৰে স্পষ্ট— মানুহৰ মনৰ পৰা এই অন্ধবিশ্বাস দূৰ কৰা আৰু লাইভ কেমেৰাত প্ৰমাণ কৰা যে ভূত-প্ৰেত বুলি একো নাই, সকলোবোৰ কেৱল মানুহৰ কল্পনা মাত্ৰ।



"অৰ্ণৱ, গাড়ীখন আৰু অলপ লাহে চলাব নোৱাৰনে? ৰাস্তাটো একেবাৰে বেয়া, তাতে চাৰিওফালে ইমান ডাঠ জংঘল। বাহিৰলৈ চালে মোৰ বুকু কঁপি উঠে," প্ৰিয়াঞ্জলীয়ে পিছফালৰ চিটৰ পৰা অলপ ভয় ভয়কৈ ক’লে। তাই চেনেলটোৰ ৰিচাৰ্চাৰ, কাহিনী বিচাৰি উলিওৱাত তাই পাকৈত যদিও স্বভাৱত তাই অলপ ভয়াতুৰ।

অৰ্ণৱে ষ্টিয়েৰিং হুইলত ধৰি হাঁহি মাৰি ক’লে, "ভয় খাইছ নেকি প্ৰিয়াঞ্জলী? এতিয়াও সময় আছে, যদি বেছি ভয় লাগিছে তেন্তে তোক এই আন্ধাৰ ৰাস্তাতে নমাই থৈ যাওঁ। ভূতৰ ভিডিঅ' বনাবলৈ ওলাইছ, আৰু জংঘলৰ গছ দেখিলেই ভয় খাৱ! তই দেখোন নিজেই কৈছিলি যে এই বাংলোটোৰ কাহিনীটোৱে আমাক মিলিয়ন ভিউজ দিব।"

"ধেই, মই কিয় ভয় খাম! মই মাত্ৰ ৰাস্তাটোৰ বেয়া অৱস্থাৰ কথাহে কৈছো। গাড়ীখন গাঁতত পৰিলে কেমেৰাৰ লেন্স ভাঙিব," প্ৰিয়াঞ্জলীয়ে নিজৰ ভয় লুকুৱাবলৈ চেষ্টা কৰি মিছাকৈয়ে দাবী কৰিলে।

ৰিয়াই তাইৰ কাষতে বহি মেকআপ ঠিক কৰি আছিল। তাই চেনেলটোৰ মুখ্য হ'ষ্ট। তাই মাত লগালে, "অৰ্ণৱে ঠিক কৈছে প্ৰিয়াঞ্জলী। আজি আমি প্ৰমাণ কৰিমেই যে সেই বাংলোটোত একো নাই। আমাৰ এই ভিডিঅ'টো ভাইৰেল হ'ব, চাবা।
গাঁৱৰ মানুহে মিছাকৈয়ে ভয় খাই থাকে। মানুহ হেৰালে কয় ভূতে নিলে। আমি আজি সেই মিছা কাহিনীৰ পৰ্দাফাঁচ কৰিম।"

ৰাহুল গাড়ীৰ সন্মুখৰ চিটত বহি আছিল। তাৰ হাতত এটা সৰু হেণ্ডিক্যাম। সি বাহিৰৰ অন্ধকাৰলৈ চাই আছিল। তাৰ ডিঙিত জিলিকি আছিল এটা ৰঙা সুতাৰে বন্ধা হনুমান মন্দিৰৰ তাবিজ। সি ঘৰৰ পৰা ওলোৱাৰ সময়ত তাৰ মাকে জোৰকৈ এই তাবিজটো পিন্ধাই দিছিল। মাকৰ মতে এই তাবিজটোৱে তাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব।

"ৰাহুল, তই ইমান মনে মনে আছ যে? কিবা ভাবি আছ নেকি?" অৰ্ণৱে সুধিলে।

"একো নাই অ', জংঘলখনৰ পৰিৱেশটো চাই আছিলো। ঠাইখন সঁচাকৈয়ে বহুত নিমাওমাও আৰু আচৰিত ধৰণৰ। মানুহে যে কয় তালৈ যোৱা মানুহ ঘূৰি নাহে, কথাটো একেবাৰে উলাই কৰিব পৰা বিধৰ নহয়। কিজানি তাত সঁচাকৈয়ে কিবা বিপদ আছে," ৰাহুলে গম্ভীৰ সুৰত ক'লে।

"আৰে ৰাহুল, তয়ো এই গাঁৱলীয়া মানুহবোৰৰ কথাত বিশ্বাস কৰিবলৈ ল'লি নেকি? তই পিন্ধি অহা সেই তাবিজটো দেখিলেই মোৰ হাঁহি উঠে। আমি একবিংশ শতিকাত আছো, বিজ্ঞানৰ যুগত। ভূত বুলি একো নাই," অৰ্ণৱে আত্মবিশ্বাসৰে ক'লে।



ঘড়ীৰ কাঁটাই নিশা ঠিক ১১ বজাৰ সংকেত দিলে। গাড়ীখন গৈ এটা বিশাল, মামৰে ধৰা গেটৰ সন্মুখত ৰ'ল। গেটখনৰ ওপৰত বনৰীয়া লতা বগাই আছে। ভিতৰত এটা প্ৰকাণ্ড পুৰণি ব্ৰিটিছ আমোলৰ বাংলো, যিটোৰ ৰং সম্পূৰ্ণৰূপে এৰাই গৈছে আৰু দেৱালত ডাঙৰ ডাঙৰ ফাট মেলিছে। চাৰিওফালে ডাঙৰ ডাঙৰ গছ, যিবোৰে বাংলোটোক চাৰিওফালৰ পৰা ছাঁ দি ৰাখিছে। জোনৰ শেঁতা পোহৰ গছৰ পাতৰ মাজেৰে সৰকি আহি বাংলোটোৰ ওপৰত পৰি এক অস্বাভাৱিক আৰু ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে।



"আমি পালোঁহি। এইটোৱেই সেই বিখ্যাত মানাহৰ প্ৰেত থকা অভিশপ্ত বাংলো," অৰ্ণৱে গাড়ীৰ ইঞ্জিন বন্ধ কৰি ক'লে। চাৰিওফালে এক গভীৰ নিস্তব্ধতা। কেৱল ঝিলীৰ মাত আৰু মাজে মাজে ভাহি অহা ফেঁচাৰ কুৰুলিয়ে নিস্তব্ধতা ভাঙিছিল।

চাৰিওজন গাড়ীৰ পৰা নামিল। অৰ্ণৱে ডিকিৰ পৰা ডাঙৰ কেমেৰা, ট্ৰাইপড আৰু লাইটবোৰ উলিয়ালে। ৰিয়াই হাতত এটা ডাঙৰ টৰ্চলাইট ল'লে।

"ব'লা, পলম নকৰি ভিতৰলৈ সোমাওঁ। যিমান সোনকালে শ্বুটিং শেষ হ'ব, সিমান সোনকালে আমি উভতিব পাৰিম," ৰিয়াই ক'লে।

সিহঁতে গেটখন ঠেলি ভিতৰলৈ সোমাল। গেটখন খোল খাওঁতে হোৱা 'কেৰৰৰ' শব্দটোৱে নিশাৰ নিস্তব্ধতাত এক ভয়াৱহ অনুভৱৰ সৃষ্টি কৰিলে। শুকান পাতবোৰৰ ওপৰেৰে খোজ কাঢ়ি সিহঁতে বাংলোটোৰ মূল দুৱাৰৰ সন্মুখ পালেহি। কাঠৰ বিশাল দুৱাৰখন আধা খোলা অৱস্থাত আছিল। ভিতৰভাগ সম্পূৰ্ণ অন্ধকাৰ।

"প্ৰিয়াঞ্জলী, লাইটবোৰ অন কৰ," অৰ্ণৱে নিৰ্দেশ দিলে।

প্ৰিয়াঞ্জলীয়ে দুটা ডাঙৰ এল.ই.ডি. লাইট জ্বলাই দিলে। পোহৰত বাংলোটোৰ ভিতৰভাগ স্পষ্ট হৈ পৰিল। মকৰাজাল আৰু ধূলিৰে ভৰি থকা এটা বিশাল ড্ৰয়িং ৰুম। পুৰণি আচবাববোৰ ভাঙি-ছিঙি পৰি আছে। ওপৰত ওলমি থকা ঝাৰবাতিটোৰ কাঁচবোৰ সৰি পৰিছে।




"ঠিক আছে গাইজ, ৰেডী? লাইটচ, কেমেৰা, একচন!" অৰ্ণৱে কেমেৰা অন কৰি নিৰ্দেশ দিলে।

ৰিয়াই কেমেৰাৰ সন্মুখত থিয় হৈ অতি আত্মবিশ্বাসেৰে ক'বলৈ আৰম্ভ কৰিলে, "নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ চেনেলৰ আন এটা নতুন আৰু ৰোমাঞ্চকৰ খণ্ডলৈ। আজি আমি উপস্থিত আছো মানাহৰ গভীৰ অৰণ্যৰ মাজত অৱস্থিত সেই বিখ্যাত, বা কুখ্যাত 'অভিশপ্ত প্ৰেত বাংলো'ত। আপোনালোকে নিশ্চয় এই বাংলোটোৰ বিষয়ে বহু ভয়ংকৰ কাহিনী শুনিছে। কোৱা হয় যে ইয়াত আত্মাই বিচৰণ কৰে, আৰু যিয়েই আহে, সি কেতিয়াও জীৱন্তে ঘূৰি নাযায়। কিন্তু আজি আমি আপোনালোকক সঁচা কথাটো দেখুৱাম। আমি গোটেই ৰাতি এই বাংলোটোত কটাম আৰু প্ৰমাণ কৰিম যে এইবোৰ কেৱল মনে সজা কাহিনী।"

প্ৰায় এঘণ্টা ধৰি শ্বুটিং চলিল। সিহঁতে বাংলোটোৰ প্ৰতিটো কোঠা ঘূৰি ঘূৰি চালে। পাকঘৰ, শোৱনি কোঠা, বাথৰুম— সকলো ঠাইতে সিহঁতে কেমেৰা লৈ গ'ল। ৰিয়াই মাজে মাজে ধেমালি কৰি চিঞৰিছিল, "হেই ভূত! ক'ত আছা তুমি? ওলাই আহা, আমাৰ চাবস্ক্ৰাইবাৰসকলক হাই কোৱা!"

সকলো ঠিকেই আছিল। ভিডিঅ' তৈয়াৰ কৰাত সিহঁতৰ একো বিঘিনি নঘটিল। কোনো অস্বাভাৱিক শব্দ নাই, কোনো ছাঁ নাই। সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে আৰু পৰস্পৰৰ ফালে চাই হাঁহিলে।

"মই কোৱা নাছিলোনে? ইয়াত একো নাই। গোটেইবোৰ মিছা কথা," অৰ্ণৱে কেমেৰাৰ পিছফালৰ পৰা ক'লে।

"হয়, আমাৰ আজিৰ কাম শেষ। পাৰফেক্ট শ্বট আহিছে। আজিৰ বাবে ইমানেই যথেষ্ঠ। পেকেপ কৰোঁ বলক," ৰিয়াই হাঁহি মাৰি ক'লে।


অৰ্ণৱে কেমেৰাৰ ৰেকৰ্ডিং বুটামটো অফ কৰিলে। "কাট! বঢ়িয়া হৈছে ভিডিঅ'টো। এইটোৱে নিশ্চিতভাৱে ট্ৰেণ্ডিঙত যাব।"

কিন্তু, যি মুহূৰ্তত অৰ্ণৱে ভিডিঅ' শ্বুটিং কৰা বন্ধ কৰিলে, ঠিক সেই মুহূৰ্ততেই পৰিৱেশটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। কোঠাটোৰ ভিতৰত চলি থকা সিহঁতৰ হাঁহি-ধেমালি হঠাতে স্তব্ধ হৈ পৰিল। মুহূৰ্তৰ ভিতৰতে কোঠাটোৰ উষ্ণতা অস্বাভাৱিকভাৱে কমি গ'ল। হাড় কঁপোৱা এক শীতল বতাহ এজাক বাংলোটোৰ ভিতৰেৰে বৈ গ'ল।

"অৰ্ণৱ, হঠাতে ইমান ঠাণ্ডা লাগিছে কিয়?" প্ৰিয়াঞ্জলীয়ে দুয়োহাতেৰে নিজকে সাৱটি ধৰি কঁপি কঁপি সুধিলে।

তাইৰ কথা শেষ নৌহওঁতেই সমগ্ৰ বাংলোটো কঁপাই এটা তীক্ষ্ণ, বুকু কঁপোৱা নাৰীৰ চিঞৰ ভাঁহি আহিল।
"আআআআহহহহহহহহহ!"

চিঞৰটো ইমানেই ভয়ংকৰ আৰু কৰুণ আছিল যে চাৰিওজনৰ কাণৰ পৰ্দা ফাটি যোৱা যেন লাগিল। সেই চিঞৰটো কোনো মানুহৰ হ'ব নোৱাৰে। সেয়া আছিল সীমাহীন যন্ত্ৰণা আৰু ক্ৰোধত ফাটি পৰা এক অশুভ শক্তিৰ আৰ্তনাদ।

"সেইটো কিহৰ শব্দ আছিল?" ৰাহুলৰ মাতটো ভয়ত সৰু হৈ গ'ল। তাৰ বুকুখন ঢিপঢিপাবলৈ ধৰিলে।

তাৰ পিছতেই গোটেই বাংলোটো হঠাতে কঁপিবলৈ ধৰিলে। গোটেই কেইজনে হঠাতে এক প্ৰচণ্ড ধুমুহা আৰু ভূমিকম্প অহাৰ দৰে অনুভৱ কৰিলে। মজিয়াখন সিহঁতৰ ভৰিৰ তলত লৰিবলৈ ধৰিলে। দেৱালৰ পৰা পুৰণি প্লাষ্টাৰ আৰু ইটা সৰি পৰিবলৈ ধৰিলে। দুৱাৰ আৰু খিৰিকীবোৰ প্ৰচণ্ড জোৰেৰে খোল খাবলৈ আৰু বন্ধ হ'বলৈ ধৰিলে। বাহিৰত কোনো বতাহ নাছিল, কিন্তু বাংলোটোৰ ভিতৰত এক অদেখা ঘূৰ্ণী বতাহে সকলো বস্তু থানবান কৰিবলৈ ধৰিলে।

"কি হৈছে এইবোৰ! আমি ইয়াৰ পৰা ওলাই যাব লাগে!" ৰিয়াই আতংকিত হৈ চিঞৰিলে।


সিহঁতে দুৱাৰৰ ফালে দৌৰিবলৈ চেষ্টা কৰোঁতেই আৰম্ভ হ'ল আচল তাণ্ডৱ। ছাদৰ আন্ধাৰ চুকবোৰৰ পৰা জাকে জাকে বাদুলি উৰি আহিল। সিহঁতৰ চকুবিলাক ৰঙা আৰু দাঁতবিলাক তীক্ষ্ণ আছিল। বাদুলিবোৰে চাৰিওজনৰ মূৰৰ ওপৰত ঘূৰিবলৈ ধৰিলে আৰু তীব্ৰ বেগেৰে আহি সিহঁতৰ মুখত, ডিঙিত আৰু হাতত আঁচুৰিবলৈ ধৰিলে।

"আহ! বচাওক! কোনে আঁচুৰিছে মোক!" প্ৰিয়াঞ্জলীয়ে নিজৰ মুখখন ঢাকি মাটিত বহি পৰি চিঞৰি উঠিল। বাদুলিৰ নখৰ আঁচোৰত তাইৰ মুখৰ পৰা তেজ ওলাই আহিল।
অৰ্ণৱে হাতৰ কেমেৰাটোৰে বাদুলিবোৰক খেদিবলৈ চেষ্টা কৰিলে, কিন্তু সিহঁতৰ সংখ্যা আছিল অগণন। ৰাহুল আৰু ৰিয়ায়েও নিজকে বচাবলৈ হাত-ভৰি আচাৰিবলৈ ধৰিলে।
ঠিক তেনেতে, পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰিল।

কিছু সময়ৰ পিছতে বাংলোটোৰ চাৰিওফালে শূন্যৰ পৰা জুইৰ দৰে ডাঙৰ ডাঙৰ শিখা উৎপন্ন হ'ল। সেইবোৰ সাধাৰণ জুই নাছিল। সেই জুইৰ ৰং আছিল অস্বাভাৱিক নীলা আৰু কমলা, আৰু সেইবোৰে যেন কোনো জীৱন্ত প্ৰাণীৰ দৰে আচৰণ কৰিছিল। জুইৰ শিখাবোৰে কোঠাটো আগুৰি ধৰিলে আৰু এটা ভয়ংকৰ গোঁ গোঁ শব্দ কৰি সিহঁতক খেদি আহিল।

প্ৰথমটো আক্ৰমণ হ'ল সিহঁতৰ সঁজুলিবোৰৰ ওপৰত। এটা ডাঙৰ জুইৰ শিখাই অৰ্ণৱৰ হাতত থকা দামী কেমেৰাটো আগুৰি ধৰিলে। চকুৰ পচাৰতে কেমেৰাটো জুইত জাহ গ'ল আৰু গলি প্লাষ্টিকৰ দৰে মাটিত সৰি পৰিল।





"মোৰ কেমেৰা! দৌৰ! ইয়াৰ পৰা পালা!" অৰ্ণৱে প্ৰাণৰ মমতাত চিঞৰিলে।

সিহঁত গোটেই কেইজনে ভয়ত আৰু আতংকত দুৱাৰৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলে। কিন্তু জুইৰ শিখাবোৰে যেন সিহঁতৰ পথ ভেটা দি ধৰিলে।

"প্ৰিয়াঞ্জলী, মোৰ হাত ধৰ!" ৰিয়াই দৌৰি গৈ প্ৰিয়াঞ্জলীক উঠাবলৈ চেষ্টা কৰিলে।

কিন্তু বৰ পলম হৈ গৈছিল। হঠাতে মজিয়াৰ পৰা ওলাই অহা এটা বিশাল জুইৰ শিখাই প্ৰিয়াঞ্জলীক চাৰিওফালৰ পৰা মেৰিয়াই ধৰিলে। তাইৰ যন্ত্ৰণাকাতৰ চিঞৰত বাংলোটোৰ বেৰবোৰ কঁপি উঠিল।

"ৰিয়া! অৰ্ণৱ! মোক বচোৱা! মই পুৰি গৈছো!" প্ৰিয়াঞ্জলীয়ে জুইৰ মাজৰ পৰা হাত বাউল দি চিঞৰিলে।

অৰ্ণৱে নিজৰ বন্ধুক বচাবলৈ বলিয়াৰ দৰে আগবাঢ়ি গ'ল। "প্ৰিয়াঞ্জলী! মই আহিছো!"

কিন্তু অৰ্ণৱে তাইক স্পৰ্শ কৰাৰ আগতেই আন এটা ভয়ংকৰ শিখাই তাকো ছাটি ধৰিলে। তাৰ শৰীৰত জুই জ্বলি উঠিল। সি মজিয়াত বাগৰি পৰি ছটফটাবলৈ ধৰিলে।

ৰিয়াই ভয়ত শিল পৰা কপৌৰ দৰে থিয় হৈ আছিল। তাইৰ চকুৰ সন্মুখতে তাইৰ দুজন প্ৰিয় বন্ধু জীৱন্তে জ্বলি আছিল। তাইৰ ভৰি দুখনে যেন লৰচৰ কৰাৰ শক্তি হেৰুৱাই পেলাইছিল। এটা দানৱীয় জুইৰ শিখা পিছফালৰ পৰা আহি তাইকো গ্ৰাস কৰিলে। তাইৰ মাতটো এটা চুটি আৰ্তনাদতে শেষ হৈ গ'ল।

ৰাহুলে দুৱাৰমুখৰ পৰা ঘূৰি চাই এই সমগ্ৰ ভয়ংকৰ দৃশ্য নিজৰ চকুৰ সন্মুখতে দেখিলে। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে তাৰ তিনিজন অন্তৰংগ বন্ধুক জুই শিখাই আগুৰি ধৰি পুৰি ছাই কৰি পেলালে। সিহঁতৰ মাংস পোৰা উৎকট গোন্ধ আৰু ভয়ংকৰ চিঞৰে ৰাহুলৰ মগজু খুলি খালে। সি বুজি পালে যে যদি সি আৰু এক ছেকেণ্ডও তাত ৰয়, তাৰ অৱস্থাও একেই হ'ব।




ৰাহুলে অন্ধৰ দৰে বাহিৰলৈ দৌৰিবলৈ ধৰিলে। সি জংঘলৰ মাজলৈ দৌৰ দিলে। কিন্তু জুইৰ শিখাবোৰ ইমানতে ক্ষান্ত হোৱা নাছিল। দুটা ডাঙৰ জুইৰ শিখা বাংলোৰ পৰা ওলাই আহি জংঘলৰ মাজতো তাক খেদি আহিল।

ৰাহুল এটা গছৰ শিপাত উজুটি খাই মাটিত বাগৰি পৰিল। সি ঘূৰি চালে, জুইৰ শিখাটো তাৰ ফালে দ্ৰুতগতিত আহি আছে। সি চকু বন্ধ কৰি মৃত্যুৰ বাবে অপেক্ষা কৰিলে।
কিন্তু শিখাটোৱে তাক স্পৰ্শ কৰিব নোৱাৰিলে। কাৰণ ৰাহুলৰ গলত উলমি আছিল হনুমান মন্দিৰৰ এটা তাবিজ। মাকে আহিবৰ সময়ত তাক গলত পিন্ধাই দিছিল । জুইৰ শিখাটোৱে সেই তাবিজটোৰ ফলত লগে লগে পিছলৈ হুঁহকি গ'ল। যেন সেই পবিত্ৰ তাবিজটোৰ শক্তিত অশুভ শক্তিটোৱে হাৰ মানিলে। জুইৰ শিখাবোৰ শূন্যতে নাইকিয়া হৈ গ'ল।

ৰাহুলে উশাহ ঘূৰাই পালে। তাৰ গলত থকা হনুমান মন্দিৰৰ তাবিজ থকা বাবে সি সেই ভয়ংকৰ নিশা মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিল। সি যন্ত্ৰণা আৰু ভয়ত কঁপি কঁপি গোটেই ৰাতি জংঘলৰ মাজেৰে দৌৰি দৌৰি অৱশেষত মূল ৰাস্তা পালেহি।
পিছদিনা পুৱা, কাঠ-খৰিকটীয়া মানুহে ৰাহুলক ৰাস্তাৰ দাঁতিত অচেতন অৱস্থাত পৰি থকা দেখিলে। তেওঁলোকে তাক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ গ'ল আৰু আৰক্ষীক খবৰ দিলে।

শাৰীৰিকভাৱে ৰাহুল ঘৰলৈ উভতি আহিবলৈ সক্ষম হ'ল। তাৰ গাত জুইৰ কোনো দাগ নাছিল, কেৱল বাদুলিয়ে আঁচুৰা কেইটামান দাগহে আছিল। কিন্তু মানসিকভাবে সি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। চিকিৎসালয়ৰ বিচনাত বহি সি কেৱল শূন্যলৈ চাই থাকে। আৰক্ষীয়ে আৰু তাৰ পৰিয়ালে তাক বাৰে বাৰে সোধাৰ পিছতো সি একো কথা ক'ব নোৱাৰা হৈ পৰিল। তাৰ মাত চিৰদিনৰ বাবে হেৰাই গৈছিল।

তাৰ চকুৰ সন্মুখত অহৰহ ভাঁহি থাকে অৰ্ণৱ, ৰিয়া আৰু প্ৰিয়াঞ্জলীৰ পুৰি ছাই হৈ যোৱা দৃশ্য আৰু সিহঁতৰ যন্ত্ৰণাকাতৰ চিঞৰ। সি এতিয়া কাৰো লগতে কোনো সম্পৰ্ক নাৰাখে, কেৱল নিজৰ ডিঙিত থকা তাবিজটো খামুচি ধৰি পগলাৰ দৰে আচৰণ কৰে। মানুহে এতিয়া বিশ্বাস কৰিবলৈ বাধ্য হ'ল যে অৰণ্যৰ মাজৰ সেই বাংলোটোৰ কাহিনী কোনো কল্পনা নাছিল, সেয়া আছিল এক নিষ্ঠুৰ, জলন্ত সত্য।







Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Post Bottom Ads

Old Magazine

কেটেগৰী