Good Assam is a new e-magazine and digital news platform. Read daily health tips, Vastu tips, various articles, stories, novels, and much more. To publish your writing, message our Facebook page or email us at goodassam@hotmail.com ◾ Available on Facebook: Facebook.com/GoodAssamLive | Instagram: GoodAssam24 | YouTube: @GoodAssam24 ◾ Website: www.GoodAssam.online ◾ Want to advertise with us? Contact us! ◾ Follow our Facebook page for daily updates.     🔴     Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা, বাস্তু-কিটিপ, বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প, উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook : Facebook.com/GoodAssamLive / Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam.online ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব। ◾প্ৰতিদিনৰ অতিৰিক্ত আপডেট সমূহ ফেচবুক পেজত উপলব্ধ। সেয়েহে আমাৰ ফেচবুক পেজখনো Follow কৰিবলৈ নাপাহৰিব।
Type Here to Get Search Results !

Zar Ads

Zer Ads

🔴Ai

AI Image
Generator
AI Image Generator

Flash Screen

Welcome Logo

ওপৰৰ Logo Animation

স্লাইডাৰ ব্ৰেকিং

🤞 মাজে মাজে দেখা পোৱা বিজ্ঞাপন

🔴 Text Copy off

Adstera

👉Slider Menu

👉Slider Menu

🔴 Ad blocker Detective

Ad Blocker Detected!
Ad Blocker ধৰা পৰিছে!

Please turn off your Ad blocker to view the website.

ৱেবছাইটটো চাবলৈ অনুগ্ৰহ কৰি আপোনাৰ Ad blocker বন্ধ কৰক।

🔴E-Magazine Old

যৌনতাৰ সোৱাদ! নৰপিশাচৰ কামনা


যৌনতাৰ সোৱাদ! নৰপিশাচৰ কামনা

(অপূৰ্ব দাস)

ৰমেন— বাহিৰৰ পৰা চালে এজন সফল, সুদৰ্শন আৰু অমায়িক যুৱক। চহৰৰ মাজমজিয়াত তাৰ এখন বিশাল ফাৰ্মাছী আৰু এখন অতিকৈ জনপ্ৰিয় বিউটি পাৰ্লাৰ আছে। মানুহৰ চকুত সি এজন আদৰ্শ ব্যৱসায়ী, যাৰ ব্যৱহাৰ আৰু আতিথ্যই সকলোকে মুগ্ধ কৰে। কিন্তু এই ভদ্ৰতাৰ মুখাখনৰ আঁৰত লুকাই আছিল এক ভয়ংকৰ পিশাচ। ৰমেনৰ আচল নিচা আছিল নাৰীৰ শৰীৰ। ধন আৰু প্ৰতিপত্তিৰ অহংকাৰত অন্ধ হৈ সি সদায় নতুন নতুন নাৰীৰ স’তে যৌন সম্পৰ্ক স্থাপন কৰিছিল।

সামাজিক মাধ্যম তাৰ বাবে আছিল চিকাৰ ধৰা এক বৃহৎ জাল। ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে সি নিৰীহ ছোৱালী বা অসুখী মহিলাসকলক টাৰ্গেট কৰিছিল। মিঠা মিঠা কথাৰে প্ৰেমৰ ভুৱা প্ৰতিশ্ৰুতি দি সিহঁতক নিজৰ জালত পেলাইছিল আৰু তাৰ পিছত বিভিন্ন হোটেল বা গোপন স্থানলৈ নি নিজৰ কামনা চৰিতাৰ্থ কৰিছিল। তাৰ এই কদৰ্য খেলখনৰ কথা কোনেও জনা নাছিল, কাৰণ কাম শেষ হোৱাৰ পিছত সি বৰ চতুৰালিৰে সেই নাৰীসকলৰ জীৱনৰ পৰা আঁতৰি গৈছিল।





এই ক'লা জগতখনলৈ এদিন সোমাই আহিল চয়নিকা নামৰ এগৰাকী সৰল, নিৰীহ ছোৱালী। চয়নিকাৰ জীৱনটো আছিল দুখ আৰু অৱহেলাৰে ভৰা। সৰুতে মাক-দেউতাকক হেৰুৱাই তাই খুড়াকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। খুড়াক দূৰৈৰ চহৰত চাকৰি কৰিছিল আৰু ঘৰত থকা চতুৰ খুড়ীয়েকে তাইক কেতিয়াও নিজৰ সন্তানৰ দৰে মৰম কৰা নাছিল। দিন-ৰাতি কেৱল কামৰ বোজা আৰু গালি-গালাজ শুনি তাইৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছিল। মৰমৰ ভোকত থকা চয়নিকাৰ বাবে ৰমেনৰ ভুৱা প্ৰেমৰ কথাবোৰ আছিল মৰুভূমিত পানী পোৱাৰ দৰে।

ৰমেনে খুব কম দিনৰ ভিতৰতেই তাইৰ মন জয় কৰিলে। তাই ভাবিছিল ৰমেনে হয়তো তাইক এই নৰক সদৃশ জীৱনৰ পৰা উদ্ধাৰ কৰিব। এদিন ৰমেনে বিয়াৰ প্ৰতিশ্ৰুতি দি তাইক এখন বিলাসী হোটেললৈ লৈ গৈছিল। আৱেগ আৰু বিশ্বাসত অন্ধ হৈ চয়নিকাই সেই ৰাতি নিজৰ সৰ্বস্ব ৰমেনক অৰ্পণ কৰিলে। দুয়ো সহবাসত লিপ্ত হ'ল। চয়নিকাই সপোন দেখিছিল এখন নতুন ঘৰৰ, কিন্তু ৰমেনৰ বাবে তাই আছিল কেৱল আন এক চিকাৰ।



সময় বাগৰি গ'ল। লাহে লাহে চয়নিকাই ৰমেনৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন দেখিবলৈ পালে। সি তাইক আওকাণ কৰিবলৈ আৰম্ভ কৰিলে। তাইৰ মনত সন্দেহৰ বীজ অংকুৰিত হ'ল। এদিন ৰমেনৰ আচল চৰিত্ৰৰ বিষয়ে তাইৰ কাণত কিছু কথা পৰিল। নিজৰ চকুৰে সত্যটো চাবলৈ চয়নিকাই এদিন এটা ডাঙৰ সিদ্ধান্ত ল'লে।




সেইদিনা দেওবাৰ। চয়নিকাই ৰমেনক কোনো খবৰ নিদিয়াকৈ তাক 'চাৰপ্ৰাইজ' দিবলৈ বুলি তাৰ ঘৰলৈ গ'ল। ঘৰৰ মূল দুৱাৰখন খোলা আছিল। তাই লাহে লাহে সোমাই গৈ ৰমেনৰ বেডৰুমৰ কাষ পালে। ভিতৰৰ পৰা অহা অদ্ভুত শব্দবোৰ শুনি তাইৰ বুকুখন চিৰিংকৈ গ'ল। দুৱাৰখন সামান্য ফাঁক কৰি তাই যি দৃশ্য দেখিলে, সেয়া তাইৰ কল্পনাৰো অগোচৰ আছিল। বিছনাত ৰমেন দুগৰাকী অচিনাকি বিবাহিত মহিলাৰ সৈতে সম্পূৰ্ণ নগ্ন অৱস্থাত যৌনতাত লিপ্ত হৈ আছিল।

চয়নিকাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। বুকুৰ ভিতৰত জ্বলি উঠা ক্ৰোধ আৰু প্ৰতাৰণাৰ জুইকুৰাই তাইক নিৰ্ভীক কৰি তুলিলে। তাই নিজৰ মোবাইলটো উলিয়াই লৈ সেই জঘন্য দৃশ্যৰ এটা ভিডিঅ' ৰেকৰ্ডিং কৰিলে। তাৰ পিছত তাই দুৱাৰখন জোৰেৰে ঠেলি ভিতৰলৈ সোমাই গ'ল।
হঠাতে চয়নিকাক দেখি ৰমেন আৰু মহিলা দুগৰাকী উচপ খাই উঠিল। চয়নিকাই চকুত জুই লৈ ৰমেনক কঠোৰ ভাষাৰে ক'লে, "ইমান দিনে মোৰ সৈতে প্ৰেমৰ নামত খেল খেলি আছিলা! আজি তোৰ আচল চৰিত্ৰ মোৰ আগত ওলাই পৰিছে ৰমেন। মই এই ভিডিঅ' লৈ পোনে পোনে পুলিচ থানালৈ যাম। মোৰ জীৱনটো ধ্বংস কৰাৰ ভয়ংকৰ পৰিণাম তই ভুগিব লাগিব।"

এইবুলি কৈ তাই ঘূৰি খোজ ল'লে। ৰমেনৰ মনত তেতিয়া ভয় আৰু ক্ৰোধৰ ধুমুহা। তাৰ সন্মান, ব্যৱসায়, স্বাধীনতা সকলো শেষ হৈ যোৱাৰ উপক্ৰম। সি লৰালৰিকৈ বিছনাৰ পৰা উঠি এটা চুকত পৰি থকা গধুৰ লোহাৰ মাৰি এডাল হাতত তুলি ল'লে আৰু পিছফালৰ পৰা চয়নিকাৰ মূৰত প্ৰচণ্ড আঘাত কৰিলে।

"আঃ..." বুলি এটা আৰ্তনাদ কৰি চয়নিকা মাটিত লুটি খাই পৰিল। তাইৰ মূৰ ফালি তেজৰ ঢল বৈ গ'ল। মূহূৰ্তৰ ভিতৰতে তাইৰ প্ৰাণবায়ু উৰি গ'ল। ৰমেনে উশাহ ঘূৰাই লৈ মৃতদেহটোৰ ফালে চালে। তাৰ চকুত কোনো অনুশোচনা নাছিল।

নিশাৰ অন্ধকাৰত সি এক পিশাচৰ ৰূপ ল'লে। ধৰা পৰাৰ ভয়ত সি চয়নিকাৰ শৰীৰটো চোকা অস্ত্ৰৰে টুকুৰা-টুকুৰকৈ কাটি পেলালে। তেজৰ চেঁকুৰাবোৰ মচি পেলালে। শৰীৰৰ টুকুৰাবোৰ কেইটামান ডাঙৰ বস্তাত ভৰাই সি নিজৰ গাড়ীত তুলিলে। চহৰৰ পৰা বহু দূৰত, মানুহৰ আহ-জাঁহ নোহোৱা এখন নিৰ্জন হাবিত এটা দ খাৱৈ খান্দি সি বস্তাবোৰ পুতি থ'লে আৰু তাৰ ওপৰত মাটি জাপি দিলে।



চয়নিকা নিৰুদ্দেশ হোৱাৰ খবৰে সমাজত বিশেষ খলকনি তুলিব নোৱাৰিলে। কাষৰ মানুহে তাই ক'লৈ গ'ল বুলি সোধা-পোচা কৰিছিল যদিও, তাইৰ চতুৰ আৰু স্বাৰ্থপৰ খুড়ীয়েকে কথাটো ঢাকি ধৰিলে। খুড়ীয়েকে ওলোটাই তাইৰ চৰিত্ৰত দাগ সানি মানুহক ক'লে, "তাইৰ চৰিত্ৰ আগৰ পৰাই বেয়া আছিল। কোনোবা এজন ল'ৰাৰ সৈতে বাঙ্গালোৰলৈ পলাই গ'ল। আমাৰ মান-সন্মান সকলো শেষ কৰিলে।" খুড়াক-খুড়ীয়েকৰ মনত বৰঞ্চ শান্তিহে আছিল, কাৰণ এটা ডাঙৰ বোজা আতৰিছিল।

কিন্তু প্ৰকৃতিৰ বিচাৰ বেলেগ আছিল। যি ঠাইত চয়নিকাৰ মৃতদেহ পুতি থোৱা হৈছিল, সেই নিৰ্জন পথটো লাহে লাহে অভিশপ্ত হৈ পৰিল। সেই ৰাস্তাৰে নিশা গ'লে মানুহে অদ্ভুত অদ্ভুত ঘটনাৰ সন্মুখীন হ'বলৈ ধৰিলে। নিশাৰ অন্ধকাৰ ফালি হঠাতে এগৰাকী মহিলা ৰাস্তাৰ মাজলৈ ওলাই আহে, তাইৰ মুখমণ্ডল তেজেৰে লুতুৰি-পুতুৰি। তাই বিকট চিঞৰ মাৰে আৰু মূহূৰ্তৰ ভিতৰতে বতাহত মিলি যায়। সেই স্থানত নিশা সঘনাই ভয়ংকৰ পথ দুৰ্ঘটনা হ'বলৈ ধৰিলে। মানুহে সেই ৰাস্তাৰে নিশা যাতায়ত কৰাই বন্ধ কৰি দিলে।



ইফালে ৰমেনৰ জীৱন স্বাভাৱিক ছন্দত চলি আছিল। তাৰ ব্যৱসায় আৰু অধিক প্ৰসাৰিত হ'ল। চয়নিকাক হত্যা কৰাৰ পিছতো তাৰ মনত তিলমাত্ৰও ভয় বা অনুশোচনা নাছিল। বৰঞ্চ সি আগতকৈ বেছি বেপৰোৱা হৈ পৰিছিল আৰু বিভিন্ন নাৰীৰ সৈতে তাৰ কদৰ্য যৌন লীলা অব্যাহত ৰাখিছিল।

এদিন নিশা ৰমেন নিজৰ কোঠাত বহি আছিল। হঠাতে তাৰ মোবাইলটো বাজি উঠিল। স্ক্ৰীণত এটা অচিনাকি নম্বৰ। সি ফোনটো ৰিচিভ কৰিলে।

"হেল্লো, তুমি ৰমেন নে?" সিপাৰৰ পৰা অহা মাতটো আছিল অতি সুমধুৰ আৰু আবেদনময়ী।

"হয়, ময়েই। কোনে ক'লে?" ৰমেনে সুধিলে।

"মই মিনাক্ষী! তোমাৰ বিষয়ে মোৰ বান্ধৱী পাপৰিৰ পৰা জানিব পাৰিলো।"

"ওহ, কোৱা। মই কি সহায় কৰিব পাৰো?"

"মই এগৰাকী বিবাহিতা মহিলা। মোৰ স্বামী চাকৰি সূত্ৰে মুম্বাইত থাকে, ঘৰত প্ৰায়েই নাথাকে। মই বৰ অকলশৰীয়া... মোক সদায় যৌন সুখ লাগে। তুমি মোক যৌন সুখ দিব পাৰিবানে?" মহিলাগৰাকীৰ মাতত আছিল স্পষ্ট বাসনা।

ৰমেনৰ চকু দুটা জিলিকি উঠিল। তাৰ বাবে এয়া আন এক সহজ চিকাৰ। সি লগে লগে সন্মতি দি ক'লে, "হয়, নিশ্চয় পাৰিম। তোমাৰ ঠিকনাটো জনোৱা।"

"গুৱাহাটী, হাতীগাঁও চাৰিআলিৰ..." মিনাক্ষীয়ে এটা নিৰ্দিষ্ট ঠিকনা দিলে।

"কিন্তু, এৰাতিত কিমান টকা লোৱা তুমি?" মিনাক্ষীয়ে সুধিলে।

ৰমেনে অলপ ভাবি ক'লে, "৩০০০ টকা।"

"ঠিক আছে। ঠিকনাটো দিয়া মতে তুমি এতিয়াই মোৰ ঘৰলৈ গুচি আহা।"

"Okay, Sweetheart... wait কৰা, মই গৈ আছোঁ।"

ৰমেনৰ শৰীৰত তেতিয়া কামুকতাৰ উত্তেজনা। সি দৌৰাদৌৰিকৈ কাপোৰ পিন্ধি ওলাই গ'ল। নিশা তেতিয়া ১১ বাজি ২০ মিনিট। ৰাস্তাত মানুহৰ সমাগম একেবাৰেই পাতল। সি নিজৰ বিলাসী গাড়ীখন ষ্টাৰ্ট কৰি হাতীগাঁৱৰ দিশে তীব্ৰ বেগত আগবাঢ়িল।





ৰাস্তাৰে গৈ থাকোঁতে হঠাতে ৰমেনৰ গাড়ীত এক অদ্ভুত পৰিৱৰ্তন ঘটিল। এচি চলি থকাৰ পিছতো গাড়ীৰ ভিতৰত এটা লেতেৰা, ভেকেটা-ভেকেটা গোন্ধ বিয়পি পৰিল। মৰাশ গেলিলে যিদৰে গোন্ধায়, ঠিক তেনেকুৱা। ৰমেনে নাকত সোপা দি ইফালে-সিফালে চালে। "কিহৰ গোন্ধ এইটো?" সি বিৰক্তিৰে ভোৰভোৰালে।

হঠাতে তাৰ চকু গ'ল কাষৰ চিটটোৰ তললৈ। তাৰ বুকুখন চিৰিংকৈ গ'ল। চিটৰ তলত পৰি আছে এখন মানুহৰ কটা হাত! হাতখনৰ পৰা তেতিয়াও কেঁচা তেজ টোপাটোপে সৰি আছে।

"আহহহ!" ৰমেনে ভয়তে বিকট চিঞৰ মাৰি গাড়ীখনৰ ব্ৰেক মাৰি দিলে। টায়াৰৰ তীব্ৰ শব্দ কৰি গাড়ীখন ৰাস্তাৰ কাষত ৰৈ গ'ল।

ৰমেনে কঁপিবলৈ ধৰিলে। সি খৰখেদাকৈ চাৰিওফালে চালে। ৰাস্তাত কোনো নাই। দূৰৈত কেইখনমান বন্ধ দোকানৰ বাহিৰে কোনো জনপ্ৰাণীৰ চিনমোকাম নাই। সি বুকুৰ ধপধপনি কমাই লাহেকৈ ভয় ভয় কৰি আকৌ চিটৰ তললৈ চালে। 

নাই, তাত একো নাই! সম্পূৰ্ণ খালী।
ৰমেনে দীঘলকৈ উশাহ ল'লে। ঘামচি মচি সি নিজকে সান্ত্বনা দিলে, "ধেই, মোৰ মনৰ ভ্ৰম। বেছিকৈ চিন্তা কৰাৰ কাৰণে এনেকুৱা হৈছে।" সি পুনৰ গাড়ী ষ্টাৰ্ট দিলে আৰু নিৰ্দিষ্ট ঠিকনাটো বিচাৰি আগবাঢ়িল।


অৱশেষত সি হাতীগাঁৱৰ নিৰ্দিষ্ট স্থান পালেহি। গলিটোৰ শেষৰ ফালে থকা ঘৰটো আছিল এটা সুন্দৰ, ডাঙৰ অসম আৰ্হিৰ (Assam Type) ঘৰ। বাহিৰৰ পৰা ঘৰটো নিস্তব্ধ যেন লাগিলেও, ঘৰটোৰ চৌপাশে এক অদ্ভুত চেঁচা বতাহ বলি আছিল।

ৰমেনে গাড়ীখন ৰখাই গেট খুলি ভিতৰলৈ সোমাল। সি লাহেকৈ গৈ দুৱাৰৰ কলিং বেলটো বজালে। টিং-টং...
কিছু সময়ৰ নিস্তব্ধতাৰ পিছত দুৱাৰখন কেৰেককৈ খোল খালে। সন্মুখত থিয় হৈ আছিল এগৰাকী অপৰূপা সুন্দৰী মহিলা। তাইৰ পিন্ধনত এটি ৰঙা ৰঙৰ পাতল নাইটী, যি তাইৰ শৰীৰৰ ভাঁজবোৰ স্পষ্টকৈ ফুটাই তুলিছিল। মুখত এক ৰহস্যময় হাঁহি লৈ তাই তাক সম্ভাষণ জনালে।

"আহা, ভিতৰলৈ।" মাতটোত আছিল সন্মোহনৰ যাদু।
ৰমেন ভিতৰলৈ সোমাই গ'ল। ঘৰটোৰ ভিতৰখন আন্ধাৰ আন্ধাৰ, কেৱল এটা শেতা পোহৰ পৰি আছিল। হঠাতে ৰমেনৰ কাণত পৰিল বহুতো ছোৱালীৰ গুণগুণনি আৰু হাঁহিৰ শব্দ।

সি আচৰিত হৈ সুধিলে, "ইয়াত দেখোন বহুত ছোৱালীৰ মাত শুনিছো যে!"

মহিলাগৰাকীয়ে মিচিকিয়াই হাঁহি ক'লে, "অ', বহুত ছোৱালী ৰৈ আছে তোমাৰ বাবে।"

ৰমেনৰ মনত বিভ্ৰান্তি আৰু উত্তেজনাই একেলগে ক্ৰিয়া কৰিলে। "ইমানবোৰ ছোৱালীৰ লগত? মই ভাবিছিলো তুমি অকলে..." সি চিন্তাত পৰিল। ইমানবোৰ নাৰীৰ লগত একেলগে কেনেকৈ যৌন সম্পৰ্ক স্থাপন কৰিব?

মহিলাগৰাকীয়ে তাৰ হাতখনত ধৰি টানি নিবলৈ ধৰিলে, "কি ভাবি আছা? আহানা ভিতৰলৈ, ৰাতিটো এতিয়াহে আৰম্ভ হৈছে।"


তাই ৰমেনক এটা ডাঙৰ কোঠাৰ ভিতৰলৈ লৈ গৈ দুৱাৰখন বন্ধ কৰি দিলে। কোঠাটোৰ দৃশ্য দেখি ৰমেনৰ চকু থৰ হৈ গ'ল। সেই শেতা পোহৰত সি দেখিলে, কোঠাটোত প্ৰায় ১৫ গৰাকী মহিলা সম্পূৰ্ণ নগ্ন অৱস্থাত থিয় হৈ আছে।
তাৰ শৰীৰৰ প্ৰতিটো শিৰাই শিৰাই বিদ্যুৎ প্ৰৱাহ বৈ গ'ল। সি কিছু বুজি পোৱাৰ আগতেই গোটেই কেইগৰাকী মহিলাই তাক আৱৰি ধৰিলে। সিহঁতৰ স্পৰ্শবোৰ বৰফৰ দৰে চেঁচা আছিল। সিহঁতে তাৰ শৰীৰৰ সকলো কাপোৰ এখন এখনকৈ ফালি-ছিঙি খুলি পেলালে। ৰমেনৰ মনত তেতিয়া ভয় আৰু কামবাসনাৰ এক অদ্ভূত সংমিশ্ৰণ।

হঠাতে... 'টক' কৰে শব্দ এটা হৈ কোঠাটোৰ লাইটটো সম্পূৰ্ণৰূপে অফ হৈ গ'ল। ঘিটমিটিয়া আন্ধাৰে আৱৰি ধৰিলে চাৰিওফাল।

ৰমেনে অলপ ভয় খালে। "কি হ'ল? লাইটটো কিয় অফ কৰি দিলা?" সি চিঞৰি সুধিলে। তাৰ প্ৰশ্নৰ উত্তৰত আৰম্ভ হ'ল এক ভয়ংকৰ কোলাহল। 

ছোৱালীকেইজনীয়ে একেলগে যৌনতাৰ এক বীভৎস আৰু দানৱীয় চিঞৰ মাৰিবলৈ ধৰিলে। সেই শব্দবোৰ কোনো মানুহৰ মাত নাছিল, সেয়া আছিল নৰকৰ পৰা ভাঁহি অহা অতৃপ্ত আত্মাৰ আৰ্তনাদ। ৰমেনৰ কাণৰ পৰ্দা ফাটি যোৱাৰ উপক্ৰম হ'ল। সি দুই হাত কাণত দি মাটিত বহি পৰিল।




তেনেতে কোঠাটোৰ দুৱাৰখন পুনৰ খোল খালে। হাতত এডাল জ্বলন্ত মমবাতি লৈ সেই ধুনীয়া মহিলাগৰাকী লাহে লাহে ভিতৰলৈ সোমাই আহিল। মমবাতিৰ শেতা হালধীয়া পোহৰত ৰমেনে তাইৰ মুখলৈ চালে।

মূহূৰ্তৰ ভিতৰতে সেই অপৰূপা মুখমণ্ডল সলনি হ'বলৈ ধৰিলে। ছালবোৰ খহি পৰিল, চকু দুটা ৰঙা তেজৰ দৰে জিলিকি উঠিল... তাইৰ মুখখন ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিল।
ৰমেনৰ বুকুৰ ধপধপনি স্তব্ধ হৈ গ'ল। তাৰ চকু ফাটি ওলাই আহিব খুজিছে । সেইগৰাকী আন কোনো নাছিল... সেয়া আছিল চয়নিকা! তাইৰ কপালৰ পৰা তেতিয়াও কেঁচা তেজ বৈ আছিল, য'ত ৰমেনে লোহাৰ ৰডেৰে আঘাত কৰিছিল।
চয়নিকাই এক বিকট, অমানুষিক চিঞৰ মাৰিলে আৰু দানৱীয় স্বৰত অট্টহাস্য কৰিবলৈ ধৰিলে। "হাঃ হাঃ হাঃ... তই ভাবিছিলি তই সাৰি যাবি?"

ৰমেনে ভয়ত কঁপি কঁপি পিছলৈ ঘূৰি চালে। মমবাতিৰ পোহৰত সি এতিয়া বাকী নাৰীকেইগৰাকীৰ মুখবোৰো স্পষ্টকৈ দেখা পালে। সিহঁতৰ মুখবোৰ পচি গৈছিল, শৰীৰত ক্ষত-বিক্ষত চিন। সেই সকলোবোৰ আছিল ৰমেনৰ পুৰণি চিকাৰ। যিসকল নিৰীহ নাৰীক সি নিজৰ কামনাৰ বলি সজাই, যৌন সম্পৰ্ক স্থাপন কৰি নিৰ্মমভাৱে হত্যা কৰিছিল, আজি সিহঁত সকলো একগোট হৈছে প্ৰতিশোধ ল'বলৈ।
আজি ৰমেন সিহঁতৰ জালত আৱদ্ধ। তাৰ পৰা পলাই যোৱাৰ কোনো পথ নাই।

"মোক এৰি দে... মোক মাফ কৰি দে..." ৰমেনে হাত যোৰ কৰি কান্দি কান্দি চিঞৰিলে।
কিন্তু আত্মাৰ কোনো দয়া নাথাকে। চয়নিকাৰ নিৰ্দেশত গোটেই কেইগৰাকী আত্মাই তাৰ ওপৰত জঁপিয়াই পৰিল। সিহঁতৰ আঙুলিৰ দীঘল, চোকা নখবোৰেৰে ৰমেনৰ সৰ্বশৰীৰ আঁচোৰিবলৈ ধৰিলে। ছাল-মাংস এৰাই তেজৰ ধাৰা বৈ গ'ল। ৰমেনৰ চিঞৰত গোটেই ঘৰটো কঁপি উঠিল।
এগৰাকী আত্মাই তাৰ বুকুৰ ওপৰত উঠি তাৰ ডিঙিটো চেপি ধৰিলে, আৰু আন এগৰাকীয়ে নিৰ্মমভাৱে তাৰ যৌনাংগটো দাঁতেৰে কামুৰি চিঙি পেলালে।

"আআআআআহহহহহহহ...." ৰমেনৰ যন্ত্ৰণাকাতৰ আৰ্তনাদে নিশাৰ নিস্তব্ধতা ফালি পেলালে।
লগে লগে বাকী আত্মাকেইজনীয়ে তাৰ শৰীৰৰ মাংস জীৱন্তে দাঁতেৰে কামুৰি খাবলৈ ধৰিলে। ৰমেনৰ শৰীৰৰ পৰা ফিন্‌ফিনাই ৰক্ত নিগৰি ববলৈ ধৰিলে। চয়নিকাই তাৰ কাষত বহি তাৰ বৈ অহা তেজবোৰ নিজৰ হাতেৰে লৈ পিবলৈ ধৰিলে। তাইৰ চকুত আছিল প্ৰতিশোধ পূৰণৰ এক পৈশাচিক আনন্দ।

ৰমেনে যন্ত্ৰণাত চটফটাই থাকিল। তাৰ চকুৰ আগত নিজৰ মৃত্যুৰ বিভীষিকা দেখা পালে । লাহে লাহে তাৰ চকুৰ পোহৰ নুমাই আহিল, শৰীৰৰ স্পন্দন কমি গ'ল। এটা সময়ত তাৰ পাপী শৰীৰটোৰ পৰা প্ৰাণবায়ু চিৰদিনৰ বাবে উৰি গ'ল।


পিছদিনা ৰাতিপুৱা। সূৰ্যৰ পোহৰত হাতীগাঁও সেই ভয়ংকৰ ৰাস্তাটোত মানুহৰ ভিৰ জমা হ'ল। পথৰ কাষত, এখন দামী বিলাসী গাড়ীৰ ঠিক কাষতেই এটা মৃতদেহ পৰি আছিল।
দৃশ্যটো ইমানেই বীভৎস আছিল যে মানুহে তালৈ চাব পৰা নাছিল। মৃতদেহটোৰ ছাল-মাংস কোনেবাই যেন কামুৰি-আঁচোৰি খাই পেলাইছে। তাৰ যৌনাংগ ক্ষত-বিক্ষত, পেটৰ নাড়ী-ভুৰু ওলাই পৰিছে। মুখমণ্ডল ইমানেই বেয়াকৈ বিকৃত আৰু ক্ষত-বিক্ষত হৈ আছিল যে তাক কোনেও চিনাক্ত কৰিব পৰা নাছিল।

পুলিচ আহি মৃতদেহটো উদ্ধাৰ কৰিলে। গাড়ীৰ নম্বৰ প্লেটৰ পৰাহে গম পোৱা গ'ল যে সেই বিভৎস মাংসপিণ্ডটো আছিল চহৰৰ নামজ্বলা ব্যৱসায়ী ৰমেনৰ। কিন্তু কোনে, কিয় এই নৃশংস কাণ্ড সংঘটিত কৰিলে, সেয়া ৰহস্য হৈয়ে ৰৈ গ'ল। পুলিচৰ ডায়েৰীত সেয়া আছিল এক অন্ধকাৰ কেছ, কিন্তু প্ৰকৃতিৰ আদালতত সেয়া আছিল এক পাপীৰ পাপৰ উচিত প্ৰতিফল।




শেষত প্ৰতিগৰাকী নাৰীলৈ বিনম্ৰ অনুৰোধ: প্ৰেম কৰোঁতে সাৱধান! যৌনতা পৱিত্ৰ, কিন্তু বিবাহৰ দৰে পৱিত্ৰ বান্ধোনৰ পিছতহে। এনে পুৰুষৰ পৰা সাৱধান! যিয়ে কেৱল যৌনতাৰ কথা কয় বা যৌন সম্পৰ্ককহে অগ্ৰাধিকাৰ দিয়ে। সমাজত চয়নিকা আৰু আন কেইগৰাকী নাৰীক হত্যা কৰাৰ দৰে বহুতো নাৰীক হত্যা কৰিছে নৰপিশাবোৰে। সেয়েহে সতৰ্ক 
হওক, এনে পুৰুষৰ সৈতে সম্পৰ্ক গঢ়াৰ আগতে হাজাৰবাৰ ভাবক।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.