সেউজীয়া কেঁচা জলকীয়া খাদ্যৰ লগত কিয় খাব লাগে, আৰু ৰঙা জলকীয়া কিয় খাব নালাগে?
(অপূৰ্ব দাস)
ভাৰতীয় খাদ্যত জলকীয়াৰ বিশেষ স্থান আছে। বেছিভাগ মানুহেই খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে সেউজীয়া কেঁচা জলকীয়া বা ৰঙা জলকীয়া বা ইয়াৰ গুড়ি ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে সেউজীয়া জলকীয়া আৰু ৰঙা জলকীয়া শৰীৰৰ ওপৰত প্ৰভাৱ একে নহয়?
আয়ুৰ্বেদ আৰু আধুনিক পুষ্টি বিজ্ঞান দুয়োটাৰে মতে খাদ্যৰ সৈতে সেউজীয়া কেঁচা জলকীয়া খোৱাটো অধিক উপকাৰী বুলি গণ্য কৰে, আনহাতে অত্যধিক পৰিমাণৰ ৰঙা জলকীয়া বা ৰঙা জলকীয়াৰ গুড়িয়ে বহু অংগৰ ক্ষতি কৰিব পাৰে।
🟢 সেউজীয়া জলকীয়া খোৱাৰ উপকাৰিতা
(১) হজম শক্তি শক্তিশালী কৰে
সেউজীয়া জলকীয়াই পেটত থকা পাচন এনজাইম সক্ৰিয় কৰে, যাৰ ফলত খাদ্য হজম হোৱাত সহজ হয়। ইয়াৰ ফলত গেছ, বদহজম, পেটৰ গধুৰতা হ্ৰাস পায়।
(২) ওজন কমাবলৈ সহায় কৰে
সেউজীয়া জলকীয়াত থকা কেপচাইচিনে শৰীৰৰ বিপাকীয় ক্ৰিয়া ত্বৰান্বিত কৰে, যাৰ ফলত বেয়া চৰ্বি সোনকালে জ্বলোৱাত সহায় কৰে। এই কাৰণেই ওজন কমাবলৈ চেষ্টা কৰাসকলৰ বাবে সেউজীয়া কেঁচা জলকীয়া উপকাৰী বুলি গণ্য কৰা হয়।
(৩) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
সেউজীয়া জলকীয়াত নেমুতকৈ বেছি ভিটামিন চি থাকে। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু চৰ্দি আৰু ফ্লুৰ পৰা ৰক্ষা পৰে।
(৪) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে
সেউজীয়া জলকীয়াই বেড কলেষ্টেৰল (LDL) কমোৱাত সহায় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
(৫) ছাল আৰু চুলিৰ বাবে উপকাৰী
সেউজীয়া জলকীয়াত থকা এন্টিঅক্সিডেন্টে ছালখন যৌৱন কৰি ৰাখে আৰু চুলিৰ গুৰ শক্তিশালী কৰে।
🟢 সেউজীয়া জলকীয়াত পোৱা পুষ্টিকৰ উপাদান
সেউজীয়া জলকীয়াত বহু পুষ্টিকৰ উপাদান আছে যি শুকান জলকীয়াৰ গুড়িত পোৱা নাযায়। কেঁচা জলকীয়াত আছে -
• ভিটামিন চি
• ভিটামিন এ
• ভিটামিন বি ৬
• লো
• পটাছিয়াম
• মেগনেছিয়াম
• আঁহ
• এন্টিঅক্সিডেন্ট
• কেপচাইচিন
এই সকলোবোৰ উপাদান মিলি শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰে আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে।
🌶️ ৰঙা জলকীয়া আৰু ৰঙা জলকীয়াৰ গুড়ি কিয় ক্ষতিকাৰক?
সীমিত পৰিমাণত সেউজীয়া জলকীয়া উপকাৰী হ’লেও ৰঙা জলকীয়া, আৰু বিশেষকৈ ৰঙা জলকীয়াৰ গুড়ি অত্যধিক সেৱন কৰাটো বিপদজনক হ’ব পাৰে।
◽ যকৃতত ৰঙা জলকীয়াৰ প্ৰভাৱ
• ৰঙা জলকীয়াৰ গুড়ি পেটত গৈ অত্যন্ত গৰম হ'য়। কিন্তু সেউজীয়া কেঁচা জলকীয়া খালে ইয়াৰ জ্বলা বহু পৰিমাণে গুণ কমি যায়। সেয়েহে কেঁচা জলকীয়া স্বাস্থ্যৰ বাবে ভাল। কিন্তু ইয়াকো বেছি খোৱা উচিত নহয়।
• ৰঙা জলকীয়াৰ গুড়িয়ে ই যকৃতত অতিৰিক্ত চাপ দিয়ে
• ৰঙা জলকীয়াৰ পৰা চৰ্বিযুক্ত যকৃতৰ সমস্যা আৰু বেছি ভয়াৱহ হ’ব পাৰে।
• ৰঙা জলকীয়াৰ গুড়িয়ে যকৃতৰ প্ৰদাহ আৰু বিষ কৰে।
• ৰঙা জলকীয়া বা ইয়াৰ গুড়ি দীৰ্ঘদিন ধৰি সেৱন কৰিলে যকৃতৰ কাৰ্য্যক্ষমতা হ্ৰাস পায়।
যিসকল লোকৰ ইতিমধ্যে চৰ্বিযুক্ত যকৃত, হেপাটাইটিছ, বা যকৃতৰ অক্ষমতা আছে তেওঁলোকে ৰঙা জলকীয়া বা ৰঙা জলকীয়াৰ গুড়ি পৰিহাৰ কৰিব লাগে।
🌶️ বৃক্কত ৰঙা জলকীয়াৰ পাৰ্শ্বক্ৰিয়া
• ৰঙা জলকীয়াত থকা জ্বলা পদাৰ্থই বৃক্কৰ ক্ষতি কৰে।
• প্ৰস্ৰাৱত জ্বলা-পোৰা হোৱা দেখা যায়।
• বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
• দেহত পানীৰ অভাৱ কৰে।
• ৰক্তচাপৰ ভাৰসাম্যহীনতা আনে।
ৰঙা জলকীয়াৰ গুড়ি সেৱনে বৃক্ক ৰোগীৰ বাবে অত্যন্ত ক্ষতিকাৰক ।
🌶️ ৰঙা জলকীয়া আৰু ইয়াৰ গুড়ি ক্ষুদ্ৰান্ত্ৰৰ বাবে বিপদ
• অন্ত্ৰৰ ভিতৰৰ আৱৰণৰ ক্ষতি কৰে
• এচিডিটি আৰু বুকু জ্বলায়
• আলচাৰৰ সমস্যা হ'য়
• ডায়েৰিয়া বা কোষ্ঠকাঠিন্য হ'য়
• পুষ্টিকৰ পদাৰ্থৰ শোষণত বাধা কৰে
এই কাৰণেই আয়ুৰ্বেদত ৰঙা জলকীয়াক অন্ত্ৰৰ বাবে উদ্দীপক হিচাপে গণ্য কৰা হয় আৰু একেবাৰে কমকৈ ব্যৱহাৰ কৰিবলৈ দিয়া হ'য়।
🌶️ ৰঙা জলকীয়াৰ ফলত হোৱা অন্যান্য সমস্যা
(১) এচিডিটি আৰু হাৰ্টবাৰ্ণ
ৰঙা জলকীয়াই পেটৰ এচিড বৃদ্ধি কৰে, যাৰ ফলত হাৰ্টবাৰ্ণ আৰু গেছ হয়।
(২) পাইলছ
ৰঙা জলকীয়াৰ অত্যধিক সেৱনৰ ফলত পাইলছ ৰোগ বঢ়ায়। এনে ৰোগত আক্ৰান্ত লোকৰ বাবে অত্যন্ত ক্ষতিকাৰক।
(৩) টোপনিৰ সমস্যা
ৰঙা জলকীয়াই পেটত বেছিকৈ এচিডৰ সৃষ্টি কৰে। অত্যধিক টেঙা আৰু জ্বলা খাদ্যই স্নায়ুতন্ত্ৰক উদ্দীপিত কৰে, যাৰ ফলত টোপনিৰ প্ৰভাৱ পৰে। মানসিক চাপ, উদ্বেগ বৃদ্ধি কৰে।
(৪) ছালৰ ৰোগ
ব্ৰণ, খজুৱতি, এলাৰ্জী, ছালৰ প্ৰদাহ বৃদ্ধি কৰে।
◽ সেউজীয়া জলকীয়া Vs ৰঙা জলকীয়াৰ গুড়ি
🟢 সেউজীয়া জলকীয়া
• ই প্ৰাকৃতিক
• হজম শক্তিত সহায় কৰে
• ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
• যকৃতৰ বাবে নিৰাপদ
• সীমিত পৰিমাণত খালে উপকাৰী।
🔴 ৰঙা জলকীয়াৰ আৰু গুড়ি
• গুড়িৰ ৰূপত মিশ্ৰণ থাকে যি ক্ষতিকাৰক
• পাচনত বাধা দিয়ে
• প্ৰদাহ বৃদ্ধি কৰে
• যকৃত , অন্ত্ৰ আৰু বৃক্কৰ বাবে ক্ষতিকাৰক
• দৈনিক সেৱন কৰিলে ক্ষতিকাৰক
যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে খাদ্যৰ লগত সেউজীয়া কেঁচা জলকীয়া পৰিমাণ সীমিত কৰি খাওক আৰু ৰঙা জলকীয়া বা শুকান জলকীয়াৰ গুড়িৰ ব্যৱহাৰ একেবাৰে কম কৰক। সেউজীয়া জলকীয়াই শক্তি, পুষ্টি আৰু সুৰক্ষা প্ৰদান কৰে যদিও ৰঙা জলকীয়া অত্যধিক সেৱনে যকৃত, বৃক্ক আৰু অন্ত্ৰৰ বাবে ক্ষতিকাৰক ।